১/ অহা দশকৰ বাবে ভাৰত - জাপান যুটীয়া দৃষ্টিভংগী

 
• অৰ্থনৈতিক অংশীদাৰিত্ব, অৰ্থনৈতিক সুৰক্ষা, গতিশীলতা, পাৰিপাৰ্শ্বিক বহনক্ষমতা, প্ৰযুক্তি আৰু উদ্ভাৱন, স্বাস্থ্য, জনতাৰ পৰা জনতালৈ আৰু ৰাজ্য-প্ৰিফেকচাৰৰ সংযোগৰ ক্ষেত্ৰত অৰ্থনৈতিক আৰু কাৰ্য্যকৰী সহযোগিতাৰ বাবে ১০-বছৰীয়া কৌশলগত অগ্ৰাধিকাৰ


২/ নিৰাপত্তা সহযোগিতাৰ যুটীয়া ঘোষণা

 
• আমাৰ বিশেষ কৌশলগত আৰু বৈশ্বিক অংশীদাৰিত্বৰ সৈতে সংগতি ৰাখি সমসাময়িক নিৰাপত্তা প্ৰত্যাহ্বানসমূহৰ প্ৰতি সঁহাৰি জনাবলৈ আমাৰ প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতাক বিকশিতকৰণৰ বাবে এক বিস্তৃত কাঠামো


৩/ ভাৰত-জাপান মানৱ সম্পদ বিনিময়ৰ বাবে কাৰ্য্য পৰিকল্পনা


• ভাৰত আৰু জাপানৰ মাজত ৫ লাখ লোকৰ টু-ৱে’ আদান-প্ৰদান, বিশেষকৈ ভাৰতৰ পৰা জাপানলৈ ৫০,০০০ দক্ষ আৰু অৰ্ধ-দক্ষ কৰ্মীক আগন্তুক পাঁচ বছৰত টু-ৱে’ আদান-প্ৰদানৰ বাবে এক কাৰ্য্য পৰিকল্পনা


৪/ যুটীয়া ঋণ ব্যৱস্থা সন্দৰ্ভত সহযোগিতাৰ চুক্তি

 
• ডিকাৰ্বনাইজিং প্ৰযুক্তি, সামগ্ৰী, ব্যৱস্থা আৰু আন্তঃগাঁথনিৰ প্ৰসাৰ সহজ কৰি তোলাৰ বাবে এক মাধ্যম। যিয়ে ভাৰতৰ সেউজ গৃহ গেছৰ নিৰ্গমন হ্ৰাসৰ লক্ষ্যত অৰিহণা যোগাব, ভাৰতত জাপানী বিনিয়োগ আৰু ভাৰতৰ বহনক্ষম উন্নয়নক প্ৰসাৰিত কৰিব।


৫/ ভাৰত-জাপান ডিজিটেল অংশীদাৰিত্ব ২.০ সন্দৰ্ভত বুজাবুজিৰ চুক্তি


• ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, ডিজিটেল প্ৰতিভাৰ বিকাশ আৰু ভৱিষ্যতৰ প্ৰযুক্তিগত ক্ষেত্ৰ যেনেঃ এআই, আইঅ’টি, অৰ্ধপৰিবাহীত যৌথ গৱেষণা আৰু উন্নয়নৰ (R&D) ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাক আগুৱাই নিবলৈ এখন নথি


৬/ খনিজ সম্পদৰ ক্ষেত্ৰত সহযোগিতাৰ চুক্তি


• সংসাধন প্ৰযুক্তিৰ বিকাশ, অন্বেষণ আৰু খননৰ বাবে যৌথ বিনিয়োগ আৰু গুৰুত্বপূৰ্ণ খনিজ মজুত কৰাৰ প্ৰচেষ্টাকে প্ৰমুখ্য কৰি গুৰুত্বপূৰ্ণ খনিজসমূহৰ বাবে যোগান শৃংখলৰ স্থিতিস্থাপকতাৰ ক্ষেত্ৰত সহযোগিতাক আগবঢ়াই নিয়াৰ এক মাধ্যম।


৭/ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা আৰু জাপান মহাকাশ অন্বেষণ সংস্থাৰ মাজত যৌথ চন্দ্ৰ মেৰু অন্বেষণ অভিযান সম্পৰ্কীয় ব্যৱস্থা ৰূপায়ণ

 
• চন্দ্ৰযান ৫ অভিযানত ভাৰত আৰু জাপানৰ মাজত সহযোগিতাৰ চৰ্ত আৰু নিয়ম নিৰ্ধাৰণ কৰা এখন নথি

 
৮/ স্বচ্ছ হাইড্ৰজেন আৰু এমনিয়া সন্দৰ্ভত যৌথ উদ্দেশ্য ঘোষণা


• হাইড্ৰজেন/এমনিয়া সন্দৰ্ভত গৱেষণা, বিনিয়োগ আৰু প্ৰকল্প ৰূপায়ণক প্ৰসাৰিত কৰাৰ বাবে আৰু প্ৰযুক্তি বিকাশৰ বাবে অত্যাধুনিক গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত সহযোগিতা গভীৰ কৰাৰ বাবে এখন নথি


৯/ সাংস্কৃতিক বিনিময় সন্দৰ্ভত সহযোগিতাৰ চুক্তি

 

* প্ৰদৰ্শনী, সংগ্ৰহালয়ৰ সহযোগিতা আৰু সাংস্কৃতিক সংৰক্ষণৰ ক্ষেত্ৰত উত্তম পদ্ধতিৰ আদান-প্ৰদানৰ জৰিয়তে শিল্প আৰু সংস্কৃতিৰ ক্ষেত্ৰত সহযোগিতাক প্ৰসাৰিত কৰাৰ এক মাধ্যম

 

১০/ বিকেন্দ্ৰীকৃত ঘৰুৱা লেতেৰা পানী ব্যৱস্থাপনাৰ বুজাবুজিৰ চুক্তি৷

 

* লেতেৰা পানীৰ ফলপ্ৰসূ পুনৰ-ব্যৱহাৰ আৰু বিকেন্দ্ৰীকৃত লেতেৰা পানী ব্যৱস্থাপনাৰ ক্ষেত্ৰত সহযোগিতা প্রসাৰিত কৰাৰ বাবে এখন নথি যি জনস্বাস্থ্য, পৰিবেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নৰ বাবে অতি গুৰুত্বপূৰ্ণ

 

১১/ পৰিবেশ সহযোগিতাৰ ক্ষেত্ৰত সহযোগিতাৰ চুক্তি

 

* প্ৰদূষণ নিয়ন্ত্ৰণ, জলবায়ু পৰিৱৰ্তন, আৱৰ্জনা ব্যৱস্থাপনা, জৈৱ বৈচিত্ৰ্যৰ বহনক্ষম ব্যৱহাৰ আৰু পৰিবেশ প্ৰযুক্তিৰ দৰে পৰিবেশ সংৰক্ষণৰ সৈতে জড়িত ক্ষেত্ৰসমূহত সহযোগিতাৰ বাবে এক বিশেষ ব্যৱস্থা

 

১২/ সুষমা স্বৰাজ ইনষ্টিটিউট অৱ ফৰেইন চাৰ্ভিচ আৰু জাপানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মাজত বুজাবুজিৰ চুক্তি

 

* বৈদেশিক নীতিৰ ক্ষেত্ৰত পাৰস্পৰিক বুজাবুজি আগবঢ়াই নিবলৈ কূটনীতিবিদ, শিক্ষাবিদ, বিষয়া, বিশেষজ্ঞ আৰু গৱেষকৰ মাজত আদান-প্ৰদানক প্ৰসাৰিত কৰাৰ বাবে এক কাঠামো

 

১৩/ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয় আৰু জাপানৰ শিক্ষা, সংস্কৃতি, ক্ৰীড়া, বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয় (MEXT)-ৰ মাজত যৌথ উদ্দেশ্যৰ বিবৃতি

 

* বিজ্ঞানী আৰু গৱেষকসকলৰ আদান-প্ৰদানৰ জৰিয়তে বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতাক আগুৱাই নিয়াৰ কথা ঘোষণা, ষ্টাৰ্ট-আপ আৰু উদ্যোগৰে জড়িত হৈ দুয়োখন দেশৰ গৱেষণা আৰু বৈজ্ঞানিক প্ৰতিষ্ঠানৰ মাজৰ প্ৰতিষ্ঠানিক সহযোগিতাক সুদৃঢ়কৰণ

 

আন-আন উল্লেখযোগ্য ফলাফল

 

১/ অহা দশকৰ বাবে জাপানৰ পৰা ভাৰতলৈ ১০ ট্ৰিলিয়ন জেপিৱাই-ৰ ব্যক্তিগত বিনিয়োগৰ লক্ষ্য

 

২/ ভাৰত আৰু জাপানে অৰ্ধপৰিবাহী, স্বচ্ছ শক্তি, টেলিকম, ঔষধ, গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ লগতে নতুন আৰু উদীয়মান প্ৰযুক্তিৰ দৰে কৌশলগত খণ্ডত যোগান শৃংখলৰ স্থিতিস্থাপকতা বৃদ্ধিৰ বাবে অৰ্থনৈতিক সুৰক্ষা পদক্ষেপ আৰম্ভ কৰে

 

• এই ক্ষেত্ৰসমূহত প্ৰকৃত সহযোগিতাৰ দৃষ্টান্তমূলক তালিকা হিচাপে তেওঁলোকে অৰ্থনৈতিক সুৰক্ষা ফেক্ট শ্বীটো উন্মোচন কৰে।

 

৩/ ভাৰত - জাপান এআই ইনিচিয়েটিভৰ শুভাৰম্ভ

 

• বৃহৎ ভাষাৰ আৰ্হি, প্ৰশিক্ষণ, সামৰ্থ্য বিকাশ আৰু ব্যৱসায় আৰু ষ্টাৰ্ট-আপৰ সমৰ্থনত সহযোগিতাক আগবঢ়াই নিয়াৰ বাবে এক বিশ্বাসযোগ্য এআই বাতাবৰণ গঢ়ি তোলা হ’ব

 

৪/ নেক্সট-জেনেৰেল মবিলিটি পাৰ্টনাৰশ্বিপৰ শুভাৰম্ভ

 

• আন্তঃগাঁথনি, লজিষ্টিক আৰু গতিশীলতা খণ্ড বিশেষকৈ ৰেলৱে, বিমান পৰিবহণ, পথ, জাহাজ আৰু বন্দৰত জিটুজি আৰু বিটুবি অংশীদাৰিত্বক লাভান্বিত কৰা, মেক-ইন-ইণ্ডিয়া গতিশীলতা সামগ্ৰী আৰু সমাধানত গুৰুত্ব আৰোপ কৰা।

 

৫/ ভাৰত - জাপান ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ ফৰামৰ আৰম্ভণি, যিয়ে ভাৰত আৰু জাপানী ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ মাজত সহযোগিতা গভীৰ কৰিব। এইসমূহ হৈছে আমাৰ নিজ-নিজ অৰ্থনীতিৰ ইঞ্জিন

 

৬/ শক্তি সুৰক্ষা, কৃষকৰ জীৱিকা আৰু জৈৱ গেছ আৰু জৈৱ ইন্ধনৰ দৰে বহনক্ষম ইন্ধনৰ সৈতে জড়িত প্ৰযুক্তিৰ গৱেষণা আৰু উন্নয়নৰ বাবে বহনক্ষম ইন্ধন পদক্ষেপৰ শুভাৰম্ভ

 

৭/ বৈদেশিক কাৰ্য্যালয়সমূহে আয়োজন কৰিবলগীয়া প্ৰতিটো দিশত তিনিটাকৈ ভ্ৰমণকে প্ৰমুখ্য কৰি ৰাজ্য আৰু প্ৰিফেকচাৰৰ মাজত উচ্চ পৰ্য্যায়ৰ আদান-প্ৰদান

 

৮/ ব্যৱসায়, জনতা আৰু সাংস্কৃতিক সংযোগ বৃদ্ধি কৰিবলৈ ভাৰত আৰু কানছাই আৰু কিউছু অঞ্চল দুটাৰ মাজত ব্যৱসায়িক ফৰাম স্থাপন কৰা।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Auto PLI disbursals to reach Rs 4,000 crore in FY27

Media Coverage

Auto PLI disbursals to reach Rs 4,000 crore in FY27
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam applauding the effort and dedication of India's Youth
August 04, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam applauding the effort and dedication of India's Youth:

"न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।

तत्स्वयं योगसंसिद्ध: कालेनात्मनि विन्दति ॥"

Shri Modi said that through continuous effort and dedication, our talents are honed and refined, and our youth is imbibing these very qualities and bringing glory to India.

The Prime Minister posted on X:

निरंतर प्रयास और साधना से हमारी प्रतिभा और निखरती है। आज हमारे युवा इन्हीं गुणों को आत्मसात कर दुनियाभर में देश का नाम रोशन कर रहे हैं।

न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।

तत्स्वयं योगसंसिद्ध: कालेनात्मनि विन्दति ॥