নতুন দিল্লীত জি-২০ শীৰ্ষ সন্মিলনৰ সমান্তৰালভাৱে ৯ ছেপ্টেম্বৰ, ২০২৩ত ছিংগাপুৰ, বাংলাদেশ, ইটালী, মাৰ্কিন যুক্তৰাষ্ট্ৰ, আৰ্জেণ্টিনা, মৰিচাছ আৰু সংযুক্ত আৰৱ এমিৰেটছৰ নেতৃবৰ্গৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বৈশ্বিক জৈৱ ইন্ধন মৈত্ৰীৰ শুভাৰম্ভ কৰে৷

বৈশ্বিক জৈৱ ইন্ধন মৈত্ৰী(জিবিএ) হৈছে জি-২০ অধ্যক্ষতাৰ সময়ত ভাৰতৰ এক প্ৰচেষ্টা৷ এই মৈত্ৰীয়ে প্ৰযুক্তিৰ উন্নতিৰ সুবিধা প্ৰদান, বহনক্ষম জৈৱ ইন্ধনৰ ব্যৱহাৰ তীব্ৰতৰ কৰি, অংশীদাৰসকলৰ এক ব্যাপক স্পেকট্ৰামৰ অংশগ্ৰহণৰ জৰিয়তে শক্তিশালী মানদণ্ড নিৰ্ধাৰণ আৰু প্ৰমাণপত্ৰ গঢ় দিয়াৰ জৰিয়তে জৈৱ ইন্ধনৰ বৈশ্বিক গ্ৰহণযোগ্যতা ক্ষিপ্ৰ কৰাৰ লক্ষ্য হাতত লৈছে। এই মৈত্ৰীয়ে জ্ঞানৰ কেন্দ্ৰীয় ভঁৰাল আৰু বিশেষজ্ঞৰ কেন্দ্ৰ হিচাপেও কাম কৰিব। জিবিএই জৈৱ ইন্ধনৰ উন্নতি আৰু ব্যাপক গ্ৰহণৰ বাবে বৈশ্বিক সহযোগিতাক লাভান্বিত কৰি অনুঘটকীয় মঞ্চ হিচাপে কাম কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Vikas Bhi, Virasat Bhi: How JATAN, AI and Digital Archives are revolutionising India’s cultural heritage preservation

Media Coverage

Vikas Bhi, Virasat Bhi: How JATAN, AI and Digital Archives are revolutionising India’s cultural heritage preservation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
ভাৰত ত্যাগ আন্দোলনৰ সাহসী অংশগ্ৰহণকাৰীসকলক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
August 09, 2026

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঐতিহাসিক ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰা সকলো কৰ্মীকে স্মৰণ কৰি ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেওঁলোকৰ সাহস আৰু দৃঢ়তাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে মহাত্মা গান্ধীৰ নেতৃত্বত অনুপ্ৰাণিত হৈ ভাৰত ত্যাগ আন্দোলনৰ সুদৃঢ় আহ্বানে স্বাধীনতা সংগ্ৰামত নতুন শক্তিৰ সঞ্চাৰ ঘটাইছিল আৰু ভাৰতৰ জনসাধাৰণৰ ঔপনিৱেশিক শাসনৰ পৰা মুক্তি লাভৰ অদম্য সংকল্পক প্ৰতিফলিত কৰিছিল।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত পোষ্ট কৰিছে :

ঐতিহাসিক ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰা সকলো কৰ্মীকে স্মৰণ কৰিছো। তেওঁলোকৰ সাহস প্ৰতিজন ভাৰতীয়ৰ বাবে সদায় প্ৰেৰণাৰ উৎস হৈ থাকিব। মহাত্মা গান্ধীজীৰ নেতৃত্বত অনুপ্ৰাণিত হৈ ভাৰত ত্যাগ কৰাৰ সুদৃঢ় আহ্বানে আমাৰ স্বাধীনতা সংগ্ৰামত নতুন শক্তিৰ সঞ্চাৰ ঘটাইছিল আৰু আমাৰ জনসাধাৰণৰ ঔপনিৱেশিক শাসনৰ পৰা মুক্তি লাভৰ অদম্য সংকল্পক প্ৰতিফলিত কৰিছিল।