1. স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তিৰ এই ঐতিহাসিক মুহূৰ্তত মোৰ প্ৰিয় দেশবাসীলৈ অভিবাদন জনাইছো। সকলোলৈকে বহুত বহুত অভিনন্দন! ভাৰতৰ প্ৰতিটো প্ৰান্তই কেৱল নহয়, বৰঞ্চ সমগ্ৰ পৃথিৱীতে বসবাস কৰা দেশক অতিকে ভালপোৱা ভাৰতীয়সকলৰ দ্বাৰা পৰম গৌৰৱ, সন্মান আৰু মৰ্যাদাৰে আমাৰ ত্ৰিৰংগা পতাকা উত্তোলিত হোৱা দেখি হৃদয় উদ্বেলিত হৈ উঠিছে।
  2. দেশৰ প্ৰতি কৰ্তব্য পথকে জীৱনৰ পথ হিচাপে অতিবাহিত কৰা পূজ্য বাপু, নেতাজী সুভাষ চন্দ্ৰ বসু, বাবা চাহেব আম্বেডকৰ, বীৰ সাৱৰকৰৰ দৰে মহান বিভূতিসকলৰ প্ৰতি প্ৰতিগৰাকী দেশবাসীয়েই গভীৰভাবে কৃতজ্ঞ।
  3. এইখন দেশ মংগল পাণ্ডে, তাঁতীয়া টোপী, ভগত সিং, সুখদেৱ, ৰাজগুৰু, চন্দ্ৰশেখৰ আজাদ, আছফাক উল্লা খাঁ, ৰাম প্ৰসাদ বিছমিলৰ দৰে আৰু আমাৰ অগণন বিপ্লৱীৰ প্ৰতিও এইখন দেশ কৃতজ্ঞ, যিসকলে ব্ৰিটিছৰ শাসনৰ ভেটি কঁপাই তুলিছিল। সেইসকল বীৰাংগণাৰ প্ৰতিও এইখন দেশ কৃতজ্ঞ, সেয়া লাগিলে ৰাণী লক্ষ্মীবায়েই হওক, ঝলকৰী বাই, দূৰ্গা ভাভী, ৰাণী গাইদিলু, ৰাণী চেন্নাম্মা, বেগম হজৰত মহল, বেলু নচিয়েৰেই হওক, যিসকলে ভাৰতীয় নাৰীশক্তিৰ পৰাকাষ্ঠা প্ৰদৰ্শন কৰিছিল।
  4. আজি ড০ ৰাজেন্দ্ৰ প্ৰসাদ জীয়েই হওক, নেহৰু জীয়েই হওক, চৰ্দাৰ বল্লভ ভাই  পেটেল, শ্যামা প্ৰসাদ মুখাৰ্জী, লাল বাহাদুৰ শাস্ত্ৰী, দীনদয়াল উপাধ্যায়, জয় প্ৰকাশ নাৰায়ণ, ৰাম মনোহৰ লোহীয়া, আচাৰ্য বিনোৱা ভাবে, নানাজী দেশমুখ, সুব্ৰমনিয়ম ভাৰতীৰ দৰে স্বাধীনতা সংগ্ৰামত অৱতীৰ্ণ হোৱাৰ লগতে স্বাধীনতাৰ পিচত দেশ-নিৰ্মাণতো অৱদান আগবঢ়োৱা সেইসকল মহান আত্মাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰো এক উপলক্ষ।
  5. আমি যেতিয়া স্বাধীনতা সংগ্ৰামৰ কথা কওঁ, আমি বনঞ্চলত বসবাস কৰা আমাৰ জনজাতীয় সমাজৰ গৌৰৱ কথা স্মৰণ কৰিবলৈ পাহৰিব নোৱাৰো। ভগবান বীৰছা মুণ্ডাই হওক, সিধু কানহু, আল্লুৰী সীতাৰামা ৰাজু, গোবিন্দ গুৰুৰ দৰে নেতাই স্বাধীনতা সংগ্ৰামৰ কণ্ঠস্বৰ হৈ দূৰ-দূৰণিৰ বনাঞ্চলত বসবাস কৰা মোৰ জনজাতীয় ভাই-ভনীসকলক, আই-ভাইসকলক মাতৃভূমিৰ বাবে জীয়াই থকাৰ মৃত্যুপণ কৰাৰ বাবে অনুপ্ৰাণিত কৰিছিল। এয়া দেশৰে সৌভাগ্য আছিল যে স্বাধীনতা সংগ্ৰামৰ বিভিন্ন দিশ আছিল।
  6. দেশে কেনেকৈ ‘অমৃত মহোত্সৱ’ উদযাপন কৰিছে সেয়া আমি যোৱাটো বছৰৰ পৰা আমি দেখি আহিছো। ২০২১ চনৰ ‘দাণ্ডী যাত্ৰা’ৰ দিনা আৰম্ভ এই মহোত্সৱ আৰম্ভ হৈছিল। দেশৰ প্ৰতিখন জিলাতে, প্ৰতিটো প্ৰান্ততে লক্ষাধিক কাৰ্যক্ৰম অনুষ্ঠিত কৰি ৰাইজে ‘স্বাধীনতাৰ অমৃত মহোত্সৱ’ৰ পৰিসৰ আক্ষৰিক অৰ্থতে সম্প্ৰসাৰিত কৰি তুলিছিল। হয়তো এটা মাথোঁ উদ্দেশ্যত ইমান বিশাল পৰিসৰত মহোত্সৱ উদযাপন কৰাতো ইতিহাসত এয়াই প্ৰথম।
  7. কিবা নহয় কিবা কাৰণত ইতিহাসৰ পাতত ঠাই নোপোৱা, অথবা যিসকলসক পাহৰি পেলোৱা হৈছিল সেইসকল মহাপুৰুষক স্মৰণ কৰাৰ বাবে ভাৰতৰ প্ৰতিটো প্ৰান্তত এক প্ৰয়াস চলোৱা হৈছিল। আজি দেশৰ বিভিন্ন কোনৰ পৰা সেই সকলো মহান ব্যক্তিক বিচাৰি বিচাৰি উলিয়াই আনি তেওঁলোকৰ প্ৰতি, তেওঁলোকৰ ত্যাগৰ কথা সুঁৱৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। ‘অমৃত মহোত্সৱ’-ৰ সময়ছোৱাত এইসকল মহামানৱলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদনৰ এয়া এক সুযোগ হিচাপেই পৰিগণিত হৈছে।
  8. আজি যেতিয়া আমি ‘স্বাধীনতাৰ অমৃত মহোত্সৱ’ উদযাপন কৰি আছো, বিগত ৭৫টা বছৰত যিসকলে দেশৰ বাবে তেওলোকৰ জীৱন উচৰ্গা কৰিলে, যিসকলে দেশৰ সুৰক্ষাৰ বাবে অহৰ্নিশে সেৱা কৰি আহিছে আৰু যিসকলে দেশৰ সংকল্প পূৰণ কৰাত জীৱনপাত কৰিছে, সেয়া লাগিলে সেনাবাহিনীৰ জোৱানেই হওক, আৰক্ষীৰ কৰ্মীয়েই হওক, আমোলা, ৰাইজৰ প্ৰতিনিধি, সকলো স্থানীয় প্ৰশাসন, ৰাজ্য প্ৰশাসন তথা কেন্দ্ৰীয় প্ৰশাসনৰ সকলো প্ৰশাসকেই হওক, এই সকলোৰে অৱদানক স্মৰণ কৰাৰ বাবে এয়া এক সুযোগ হৈ উঠিছে। আজি দেশক আগুৱাই নিয়াৰ ক্ষেত্ৰত যথা সম্ভৱ সকলো কৰাৰ লগতে বিগত ৭৫টা বছৰত দেশে সন্মুখীন হোৱা প্ৰতিটো প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা দেশৰ কোটি কোটি জনতাৰ অৱদানকো আমি সুঁৱৰিব লাগিব।
  9. ৭৫টা বছৰৰ এই যাত্ৰা উথ্থান-পতনৰে ভৰা আছিল। ভাল আৰু বেয়া সময়ৰ মাজতো আমাৰ দেশবাসীয়ে বহুবোৰ সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছিল, তেওঁলোকে প্ৰয়াস অব্যাহত ৰাখিছিল নিৰাশ হৈ কেতিয়াও এনে প্ৰয়াসৰ পৰা পিচ হোঁহকা নাছিল। তেওঁলোকে সংকল্পসমূহক বিফল হ’বলৈ এৰি দিয়া নাছিল।
  10. ভাৰতে যে মন-মস্তিষ্কত গভীৰ ভাবে সমাহিত এক সহজাত শক্তিশালী সংস্কৃতি আৰু মূল্যবোধ বহণ কৰি আহিছিল সেই কথা পৃথিৱীয়ে গমেই পোৱা নাছিল, আৰু সেয়া হৈছে- সকলো গণতন্ত্ৰৰে মাতৃ হৈছে ভাৰত। আৰু মনত গণতন্ত্ৰৰ চেতনা লৈ দৃঢ় সংকল্পৰ সৈতে কৰ্মত প্ৰবৃত্ত হ’ব খুজিলে পৃথিৱীৰ প্ৰবল শক্তিশালী শাসকৰ বাবেও ধ্বংসৰ সূচনা কৰিব পাৰে। গণতন্ত্ৰৰ এইখন মাতৃ দেশে সকলোৰে আগত এয়া প্ৰমাণিত কৰি দিছে যে আমাৰ হাতত  সেই অমূল্য সামৰ্থ্য আছে।
  11. ৭৫ বছৰৰ এই যাত্ৰাত, আশা-আকাংক্ষা, উত্তান-পতনৰ মাজতো আমি সকলোৰে প্ৰয়াসৰ সুবাদত এই পৰ্যন্ত আগবাঢ়ি আহিব পাৰিছো। আৰু ২০১৪ত যেতিয়া মোৰ দেশবাসীয়ে মোক এই গুৰু দায়িত্ব প্ৰদান কৰিছিল, ঐতিহাসিক লালকিল্লাৰ প্ৰাংগণৰ পৰা মোৰ প্ৰিয় দেশবাসীৰ গৌৰৱগাঁথাৰ গুণাণুকীৰ্তন কৰা স্বাধীন ভাৰতত ওপজা প্ৰথমগৰাকী ব্যক্তি হোৱাৰ মই সৌভাগ্য অৰ্জন কৰিছিলো।
  12. ভাৰতৰ পূবৰ পৰা পশ্চিমৰ, উত্তৰৰ পৰা দক্ষিণৰ অন্তিমতম আক্ষাংশ-দ্ৰাঘ্ৰিমাংশলৈ,  মহাসাগৰৰ গভীৰ তলৰ পৰা হিমালয়ৰ শিখৰলৈ প্ৰতিটো প্ৰান্ততে উপস্থিত হোৱৰ লগতে মহাত্মা গান্ধীৰ ‘সমাৱেশনৰ দৃষ্টিভংগী’ পূৰণ কৰাৰ বাবে সকলোধৰণৰ কচৰত্ নকৰাকৈ থকা নাছিলো। সমাজৰ শেষ পৰ্যায়ত থকা ব্যক্তিসকলক সামৰ্থ্যবান কৰা, তেওঁলোকক উন্নীত কৰাৰ বাবে তেওঁৰ দৃষ্টিভংগী পূৰণ কৰাৰ বাবে মই নিজকে দায়বদ্ধ কৰিছিলো।
  13. আজি আমি ‘অমৃত মহোতসৱ’ৰ গৌৰৱময় ৭৫বছৰ সম্পূৰ্ণ কৰিছো। ৭৬ সংখ্যক বছৰৰ প্ৰথমটো পুৱা মই ইমান এখন সমৃদ্ধ ৰাষ্ট্ৰক দেখি গৌৰৱ বোধ কৰিছো।
  14. দেশৰ প্ৰতিগৰাকী ব্যক্তিয়েই বস্তুবোৰৰ পৰিৱৰ্তন কামনা কৰিছে, কথাবোৰ সলনি হোৱাটো বিচাৰিছে, কিন্তু তাকে পাবলৈ অপেক্ষা কৰিব বিচৰা নাই। তেওঁলোকে তেওঁলোকৰ চকুৰ আগতে কথাবোৰৰ পৰিৱৰ্তন সাধন হোৱাটো বিচাৰিছে আৰু এয়া তেওঁলোকৰ কৰ্তব্যৰ অংশ হিচাপেই হোৱাটো বিচাৰিছে। আৰু মই ভাবো, সেয়া লাগিলে কেন্দ্ৰীয় চৰকাৰেই হওক, ৰাজ্য চৰকাৰেই হওক, স্থানীয় প্ৰশাসনৰ নিকায়সমূহেই হওক, সেয়া লাগিলে যি ধৰণৰ চৰকাৰী ব্যৱস্থাই নহওক কিয় সকলোৱে এই ‘আকাংক্ষী সমাজ’ৰ কামনা পূৰণ কৰিবই লাগিব আৰু তেওঁলোকৰ আশাবোৰ পূৰণৰ বাবে আমি আৰু দীঘলীয়া সময় অপেক্ষা কৰিব নোৱাৰো।
  15. আমাৰ ‘আকাংক্ষী সমাজে’ ইতিমধ্যেই দীঘলীয়া সময় অপেক্ষা কৰিলে। এতিয়া আৰু তেওঁলোকে তেওঁলোকৰ আগন্তুক প্ৰজন্মক অপেক্ষাৰে জীৱন কটাৱলৈ দিব খোজা নাই আৰু সেয়ে অমৃত কালৰ এই প্ৰথমটো পুৱাই সেই আকাংক্ষী সমাজৰ আশাবোৰ বাস্তৱায়িত কৰাৰ বাবে সোণালী সুযোগ কঢ়িয়াই আনিছে।
  16. শেহতীয়া ভাবে, আমি তেনে এটা বা দুটা শক্তি দেখিবলৈ পালো আৰু অভিজ্ঞতা অৰ্জন কৰিছিলো আৰু সেয়া হৈছে ভাৰতত সম্পাদিত হোৱা সংঘবদ্ধ নৱজাগৰণ। মই ভাবো চেতনাৰ এই জাগৰণ, এই নৱজাগৰণেই হৈছে আমাৰ পৰম সম্পদ। ১০ আগষ্ট পৰ্যন্ত, মানুহে আনকি দেশৰ অভ্যন্তৰৰ এই শক্তিৰ কথা জনাই নাছিল। পিচে, যোৱা তিনিটা দিনত, দেশে যেনেকৈ ত্ৰিৰংগ পতাকাৰ যাত্ৰা উদযাপন কৰিলে, সমাজ বিজ্ঞানৰ নেতৃস্থানীয় বিশেষজ্ঞসকলেও আনকি মোৰ দেশৰ অভ্যন্তৰৰ এই শক্তিৰ উমান পোৱা নাছিল যি শক্তি ত্ৰিৰংগাই প্ৰদৰ্শন কৰি দেখুৱালে।  
  17. পৃথিৱীয়ে আজি ভাৰতলৈ গৌৰৱৰে চাইছে আৰু পূৰ্বানুমানো কৰিছে। আজি পৃথিৱীয়ে ভাৰতৰ মাটিত সমস্যাৰ সমাধান বিচাৰিবলৈ ধৰিছে। পৃথিৱীত সংঘটিত হোৱা এই পৰিৱৰ্তন, পৃথিৱীৰ মনোভাৱলৈ অহা এই পৰিৱৰ্তন হৈছে বিগত ৭৫টা বছৰে আমি সম্পূৰ্ণ কৰা অভিজ্ঞ যাত্ৰাৰ পৰিণতি।
  18. পৃথিৱীয়ে আজি আশাবোৰ পূৰণ কৰিব পৰা শক্তিনো প্ৰকৃততে আছে নাই সেয়া গমি চাবলৈ ধৰিছে। মই এই শক্তিক ‘ত্ৰিশক্তি’ৰ ৰূপত দেখিবলৈ পাইছো, অৰ্থাত্ ‘আকাংক্ষা’, ‘পুনঃসচেতনতা’ আৰু ‘পৃথিৱীৰ আশা’। আমি জানো যে এয়া পূৰণ কৰাৰ বাবে, আজি বিশ্বৰ আশা জাগ্ৰত কৰাৰ ক্ষেত্ৰত মোৰ দেশবাসীৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে। 
  19. বহুকেইটা দশকৰ অভিজ্ঞতাৰ আধাৰত এখন সুস্থিৰ চৰকাৰৰ গুৰুত্ব, ৰাজনৈতিক সুস্থিৰতাৰ শক্তি, নীতি আৰু ৰাজনীতিত কেনেকৈ বিশ্বাসৰ বিকাশ সাধন কৰিব পাৰি সেই কথা আজি ১৩০ কোটি দেশবাসীয়ে পৃথিৱীক দেখুৱাইছে। আজি পৃথিৱীয়েও এই কথা বুজি উঠিছে। আৰু এতিয়া যেতিয়া ৰাজনৈতিক সুস্থিৰতা, ৰাজনীতিৰ গতিশীলতা, সিদ্ধান্ত গ্ৰহণত তত্পৰতা, সৰ্বব্যাপকতা আৰু সাৰ্বজনীন আস্থা বিদ্যমান, তেতিয়া সকলোৱেই উন্নয়ণৰ অংশীদাৰ হৈ উঠিছে।
  20. ‘সকলোৰে সৈতে সকলোৰে বিকাশ’ৰ মন্ত্ৰ আওৰাই আমি আমাৰ যাত্ৰা আৰম্ভ কৰিছিলো, পিচে পৰৱৰ্তি সময়ত দেশবাসীয়ে নিৰবিচ্চিন্ন ভাবে ইয়াত ‘সকলোৰে বিশ্বাস আৰু সকলোৰে প্ৰয়াস’ৰ আৰু অধিক ৰং সানিবলৈ ধৰিলে। ইয়াৰ জৰিয়তেই আমি আমাৰ সংঘবদ্ধ শক্তি আৰু সংঘবদ্ধ সম্ভাৱনাৰ শক্তিৰো উমান পালো।
  21. দেশৰ প্ৰতিখন জিলাত ৭৫টাকৈ ‘অমৃত সৰোৱৰ’ নিৰ্মাণৰ আহ্বানৰে ‘স্বাধীনতাৰ অমৃত মহোত্সৱ’ উদযাপনৰ ব্যৱস্থা কৰি হৈছিল। প্ৰতিখন গাঁৱৰ ৰাইজে আগবাঢ়ি আহি এই অভিযানৰে জড়িত হ’বলৈ ধৰিলে আৰু তেওঁলোকৰ সেৱা আগবঢ়ালৈ ল’লে। তেওঁলোকৰ প্ৰয়াসৰ জৰিয়তেই ৰাইজে তেওঁলোকৰ গাঁওসমূহত জল-সংৰক্ষণৰ ব্যাপক অভিযান অব্যাহত ৰাখিছে।
  22. আজি মই লালকিল্লাৰ প্ৰাংগণৰ পৰা ১৩০ কোটি দেশবাসীৰ সামৰ্থ্যৰ কথা কৈছো, তেওঁলোকৰ সপোন আৰু মনোভাৱৰ সাক্ষী হৈছো, মই ভাবো আগন্তুক ২৫ বছৰৰ বাবে আমি ‘পঞ্চপণ’ত গুৰুত্ব কেন্দ্ৰিত কৰিবই লাগিব। আপোনালোক সকলোৱে সংকল্প আৰু সামৰ্থ্যৰ ওপৰত মনোনিৱেশ কৰিব লাগিব। আৰু সেই ‘পঞ্চপণ’ক সাৰোগত কৰি ২০৪৭ চনত দেশে যেতিয়া স্বাধীনতাৰ ১০০ বছৰ পূৰ্ণ কৰিবগৈ তেতিয়ালৈ আমি সকলোৱে স্বাধীনতা সেনানীসকলৰ সপোনবোৰ পূৰ্ণ কৰাৰ দায়িত্ব গ্ৰহণ কৰিবই লাগিব।
  23. ‘অমৃত কাল’ৰ ‘পঞ্চপণ’ হৈছে- ‘বিকশিত ভাৰতৰ লক্ষ্য’, ‘পৰাধীনতাৰ মানসিকতা আঁতৰাই পেলোৱা’, ‘আমাৰ মূলক লৈ গৌৰৱৱান্বিত হোৱা’, ‘একতা’ আৰু ‘নাগৰিকসকলৰ মাজত কৰ্তব্য পৰায়নতাৰ মানসিকতা গঢ়ি তোলা’।
  24. ‘সমবায় ভিত্তিক প্ৰতিযোগিতামূলক যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা’ হৈছে বৰ্তমান সময়ৰ আহ্বান। বিভিন্ন খণ্ডত প্ৰগতি কৰাৰ ক্ষেত্ৰত ৰাজ্যসমূহৰ মাজত ইতিবাচক প্ৰতিযোগিতামূলক মনোভাৱৰ উন্মেষ ঘটোৱাৰ পৰিৱেশ ৰচনা হোৱাটো বাঞ্চনীয়।
  25. মোৰ প্ৰথমটো ভাষণত মই যেতিয়া প্ৰথমবাৰৰ বাবে ‘স্বচ্ছতা’ৰ কথা কৈছিলো, সমগ্ৰ দেশেই ইয়াক আদৰি লৈছিল। তেওঁলোকৰ সামৰ্থ্য অনুসৰি সকলোৱেই স্বচ্ছতাৰ বাবে আগবাঢ়ি আহিছিল, আৰু এতিয়ালৈ অপৰিচ্ছন্নতাৰ প্ৰতি সকলোৰে মনত বিদ্বেষ দেখিবলৈ পোৱা গৈছে। এয়া এইখন দেশে কৰি দেখুৱালে, এতিয়াও কৰি আছে আৰু আগলৈকো কৰি থাকিব। ভাৰতত আজি ‘মুকলিত শৌচৰ পৰা মুক্তি’ পোৱা সম্ভৱ হৈ উঠিছে।
  26. যেতিয়া পৃথিৱী দোদল্যমান অৱস্থাত আছিল, এইখন দেশে সময় সীমাৰ ভিতৰত, সকলো অভিলেখ ভংগ কৰি ২০০ কোটি পালি প্ৰতিষেধৰ প্ৰদানৰ লক্ষ্য অতিক্ৰম কৰি গৈছিল।
  27. আমি উপসাগৰীয় তেলৰ ওপৰত নিৰ্ভৰশীল আছিলো। আমি জৈৱিক-তেলৰ দিশত আগবাঢ়ি যোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিলো। ১০% ‘ইথানলৰ ব্লেণ্ডিং’-ৰ লক্ষ্য দেখাত অসম্ভৱ যেনেই লাগিবলৈ লৈছিল। পূৰ্ব অভিজ্ঞতাই এয়া সম্ভৱ নহব বুলিয়েই তথ্য দাঙি ধৰিছিল, পিচে দেশে ১০% ‘ইথানল ব্লেণ্ডিং’-ৰ লক্ষ্য নিৰ্দ্ধাৰিত সময়তকৈ আগতেই সম্ভৱ কৰি দেখুৱালে।
  28. ইমান কম সময়ৰ ভিতৰতে ২.৫ কোটি ৰাইজক বিদ্যুতৰ সংযোগ দিয়াটো তেনেই সৰু কথা নাছিল, পিচে দেশে সেয়া কৰি দেখুৱালে। আজি দেশে লাখ লাখ পৰিয়ালৰ ঘৰলৈ নলৰে পানীৰ যোগান নিশ্চিত কৰাৰ বাবে দ্ৰুত গতিত কাম কৰি আছে।
  29. আমি যেতিয়া দঢ় নিশ্চিত হৈ কোনো সংকল্প গ্ৰহণ কৰো তেতিয়া যে আমি লক্ষ্যত উপনীত হওঁৱেই সেয়া আমাক অভিজ্ঞতাই কৈ আহিছে। সেয়া লাগিলে নৱীকৰণযোগ্য শক্তিয়েই হওক, দেশত নতুন চিকিত্সা মহাবিদ্যালয় নিৰ্মাণেই হওক অথবা চিকিতসকৰ এক ক্ৰমবাহিনী গঠনেই হওক, আজি প্ৰতিটো ক্ষেত্ৰতে কামৰ গতিবেগ বহু পৰিমাণে বাঢ়িবলৈ ধৰিছে।
  30. ভাইসকল, আৰু কিমান দিনলৈ পৃথিৱীয়ে আমাক প্ৰমাণ পত্ৰ প্ৰদান কৰি থাকিব।! আৰু কিমান দিনলৈ আমি পৃথিবীৰ পৰা প্ৰমাণ পত্ৰ বিচাৰি থাকিব লাগিব! আমি বাৰু আমাৰ নিজাববীয়া মানক প্ৰতিস্থা কৰিব নোৱাৰোনে! ১৩০ কোটি জনতাৰ দেশ এখনে বাৰু ইয়াৰ মানক অতিক্ৰমণৰ প্ৰয়াসত প্ৰবৃত্ত হ’ব নোৱাৰেনে! কোনো পৰিস্থিতিতে আমি আনৰ দৰে দেখিবলৈ চেষ্টা কৰাটো উচিত নহ’ব। আমাৰ সামৰ্থ্য অনুসৰি আমি প্ৰগতি কৰাটো আমাৰ মনৰ দৃঢ়তা হোৱা উচিত হ’ব। আমি গোলামীৰ পৰা মুক্তি বিচাৰিছো। আমাৰ মন-মস্তিষ্কত সাত-সমুদ্ৰৰ সিপাৰেও গোলামীৰ কণ-কঠীয়া থকা উচিত নহ’ব।
  31. বিভিন্ন ধৰণৰ মানুহৰ দিহা-পৰামৰ্শৰ আধাৰত বহু চিন্তা-চৰ্চাৰ মূৰকত যিধৰণে নতুন শিক্ষা নীতি যুগুতাই উলিওৱা হৈছে সেয়া মই আশাৰে লক্ষ্য কৰিছো। দক্ষতা, যাক আমি গুৰুত্ব দিব খুজিছো, এনে ক্ষমতা আছে যিয়ে আম আমাক গোলামীৰ পৰা মুক্তি দিব পাৰিব।
  32. কেতিয়াবা আমাৰ প্ৰতিভা আশাৰ বান্ধোনত আবদ্ধ হৈ পৰা দেখিবলৈ পোৱা যায়। এয়া দৰাচলতে গোলামী মানসিকতাৰ পৰিণতি। আমি আমাৰ দেশৰ প্ৰতিটো ভাষাক লৈ গৌৰৱ বোধ কৰা উচিত। আমি সেই ভাষা জানোৱেই বা নাজানোৱেই, পিচে পিচে আমি সেই ভাষাসমূহক লৈ গৌৰৱবোধ কৰা উচিত কাৰণ এইবোৰ ভাষা আমাৰ পূৰ্বপুৰুষসকে পৃথিৱীক দি থৈ গৈছে।
  33. আজি আমি ‘ডিজিটেল ইণ্ডিয়া’ৰ পৰিকাঠামো প্ৰত্য৭ কৰিছো। আমি ষ্টাৰ্টআপসমূহলৈ দৃষ্টি দিছো। এইসকলনো কোন! এয়া প্ৰতিভাৰ স্বাক্ষৰ যিসকল ‘২-টিয়াৰ’, ‘৩-টিয়াৰ’ মহানগৰসমূহত অথবা গাঁওসমূহত বসবাস কৰে আৰু দৰিদ্ৰ পৰিয়ালসমূহৰ পৰা আহিছে। এইসকল আমাৰ যুৱ-প্ৰজন্মৰ লোক যিসকলে নতুন নতুন আৱিস্কাৰৰ সম্ভাৰ লৈ পৃথিৱীৰ সন্মুখলৈ আগবাঢ়ি আহিছে।
  34. আজি পৃথিৱীয়ে ‘হ’লিষ্টিক হেল্থকেয়াৰ’ৰ কথা চৰ্চা কৰিবলৈ লৈছে। পিচে, যেতিয়া ‘হ’লিষ্টিক হেল্থকেয়াৰ’ৰ কথা আলোচনা কৰা হয় পৃথিৱীয়ে ভাৰতৰ যোগলৈ দৃষ্টি নিক্ষেপ কৰে, ভাৰতৰ আয়ুৰ্বেদ আৰু ভাৰতৰ ‘হ’লিষ্টিক লাইফষ্টাইল’লৈ দৃষ্টি নিক্ষেপ কৰে। এয়াই আমাৰ উত্তৰাধিকাৰিত্ব যাক আমি পৃথিৱীলৈ আগবঢ়াইছো।
  35. আজি ইয়াৰে সমগ্ৰ পৃথিৱীয়েই প্ৰভাৱিত হৈছে। এতিয়া আমাৰ সামৰ্থলৈ চাওক। আমি প্ৰকৃতিৰে কেনেকৈ সহবাস কৰিব লাগে সেয়া জানো। ‘মোটা ধান’ আৰু ‘মিলেট’ আমাৰ ঘৰে ঘৰে উপলব্ধ হোৱা খাদ্যদ্ৰব্য। এই খাদ্যদ্ৰব্য আমাৰ ঐতিহ্য। আমাৰ ক্ষুদ্ৰ খেতিয়কসকলৰ কঠোৰ শ্ৰমৰ সুবাদত পথাৰৰ সৰু সৰু টুকুৰাবোৰত ধানবোৰ লহপহকৈ গজি উঠে। আজি পৃথিৱীয়ে সেই মিলেটকে উদযাপনৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ‘মিলেট বৰ্ষ’ পালন কৰিবলৈ আগবাঢ়ি আহিছে। অৰ্থাত্, আমাৰ ঐতিহ্য আজি সমগ্ৰ পৃথিৱী জুৰি প্ৰশংসিত হবলৈ ধৰিছে। ইয়াক লৈ গৌৰৱান্বিত হবলৈ শিকো আহক। পৃথিৱীক দিবলৈ আমাৰ হাতত বহুতেই আছে।
  36. আমি গছ-বিৰিখত স্বৰ্গীয় ৰূপ প্ৰত্যক্ষ কৰো। আমি নদীক আইৰ দৰে গণ্য কৰো। আমি প্ৰতিডোখৰ শিলতে শংকৰৰ দৰ্শন কৰো। এয়া আমাৰ শক্তি। আমি প্ৰতিখন নৈকে মাতৃৰূপত দৰ্শন কৰো। প্ৰকৃতিক লৈ আমাৰ এই বিশাল শ্ৰদ্ধা আমাৰ গৰ্ব। আমি যেতিয়া তেনে ঐতিহ্যক লৈ গৌৰৱ বোধ কৰো, পৃথিৱীয়েও তাক লৈ গৌৰৱবোধ কৰিব।
  37. সকলো উত্তেজনাৰ মূলতে থকা আনতকৈ শ্ৰেষ্ঠ বুলি জহোৱাৰ এক মানসিকতাৰ বাবেই আজি পৃথিৱীয়ে এক জটিল সংকটৰ সন্মুখীন হ’বলগীয়া হৈছে। আমি এই সংকটৰ সমাধানসূত্ৰ আমাৰ আছে। আমাৰ পণ্ডিতসকলে কৈছিল, ‘একম সত্ বিপ্ৰা বহুধা বদন্তি’, অৰ্থাত্ ‘পৰম সত্য এটাই, পিচে পণ্ডিতসকলে ইয়াক বিভিন্ন ধৰণে প্ৰকাশ কৰে’। এয়া আমাৰ গৌৰৱ।
  38. আমি সমগ্ৰ পৃথিৱীৰ কল্যাণৰ কথা চিন্তা কৰো, আমি আমাৰ মানুহৰ ভালৰ কথাই কেৱল কামনা নকৰো, বৰং সমগ্ৰ পৃথিৱীৰ ভালৰ কথা চিন্তা কৰি ‘সৰ্বে ভৱন্তু সুখীনঃ, সৰ্বে সন্তু নিৰাময়াঃ’-ক বিশ্বাস কৰি সামাজিক কল্যাণৰ পথৰে আগবাঢ়ি আহিছো। এয়া আমাৰ মূল্যবোধত সংপৃক্ত হৈ আহিছে, ‘আমি সকলোৰে সুখ-সমৃদ্ধি কামনা কৰো, সকলোকে অসুস্থতাৰ পৰা মুক্ত হোৱাৰ, সকলোৰে শুভ হোৱাৰ আৰু সকলোকে দুখ-কষ্টৰ পৰা মুক্তি পোৱাৰ কামনা’ কৰো।
  39. সেইদৰেই একতা আৰু ভাতৃত্ববোধ হৈছে আন এক গুৰুত্বপূৰ্ণ প্ৰসংগ। আমি আমাৰ বিশাল দেশখনৰ বৈচিত্ৰ্যক লৈ গৌৰৱান্বিত হোৱা উচিত। অগণিত পৰম্পৰা আৰু পন্থ আমাৰ গৌৰৱৰ সমল। আমাৰ বাবে সকলো সমান। কোনোৱেই নিম্ন নহয়, কোনোৱেই উচ্চও নহয়, সকলোৱেই আমাৰ আপোন। একতাৰ বাবে একাত্মবোধ অতিকে গুৰুত্বপূৰ্ণ।
  1. ভাই-ভনীসকল, লালকিল্লাৰ প্ৰাংগণৰ পৰা মোৰ মনৰ এক আক্ষেপৰ কথা আপোনাসৱক ক’ব বিচাৰিছো। মই যিটো কথা ক’ব বিচাৰিছো, সেয়া হৈছে আমি আমাৰ দৈনন্দিন কথা-বতৰাত, আমাৰ ব্যৱহাৰত এটা বিকৃতিৰ পয়োভৰ ঘটা দেখিবলৈ পাইছো। আমি আমাৰ মহিলাসকলৰ প্ৰতি নিতান্ত বেপৰোৱা ভাবে অশ্লীল আৰু কুত্চিত শব্দ প্ৰয়োগ কৰিবলৈ লৈছো, যিবোৰ নাৰীসমাজৰ বাবে নিতান্তই অপমানজনক। আমি এনে আচৰণৰ পৰা, এনে নাৰীসমাজক অপমানিত কৰিব পৰা দুষ্কৃতিৰ পৰা মুক্ত হোৱাৰ পণ লব নোৱাৰোনে বাৰু? ৰাষ্ট্ৰৰ সপোন পূৰ্ণ কৰাৰ ক্ষেত্ৰত নাৰীৰ গৌৰৱ এক বৃহত্ সম্পদ হ’বলৈ আগবঢ়িছে। মই সেই শক্তি দেখিবলৈ পাইছো আৰু সেয়ে মই ইয়াৰ বাবে জোৰ দিব খুজিছো।
  2. ২৪ ঘণ্টাই বিজুলীৰ যোগান ধৰাটো চৰকাৰৰ দায়িত্ব, কিন্তু সেই বিজুলীৰ বহু ‘ইউনিট’ ৰাহি কৰাটো, যিখিনি সম্ভৱ, নাগৰিসকলৰ কৰ্তব্য। প্ৰতিখন পথাৰলৈ পানীৰ যোগান ধৰাটো চৰকাৰৰ দায়িত্ব, কিন্তু ‘প্ৰতি টোপাল পানীত অধিক শস্য উত্পাদন’ৰ মন্ত্ৰ প্ৰতিখন পথাৰতে গুঞ্জৰিত হোৱা উচিত। ৰাসায়নিক সাৰ মুক্ত  খেতি, জৈৱিক কৃষি, আৰু প্ৰকৃতিক খেতিত মনোনিৱেশ কৰাটো আমাৰ কৰ্তব্য হোৱা উচিত।
  3. এয়া লাগিলে আৰক্ষীয়েই হওক কিম্বা জনতাই হওক, শাসক অতবা প্ৰশাসকেই হওক, নাগৰিকৰ কৰ্তব্যৰ পৰা কোনেও ৰেহাই নাপায়। যদি প্ৰতিগৰাকী ব্যক্তিয়েই নাগৰিকৰ কৰ্তব্য পৈালন কৰে, তেন্তে মই নিশ্চিত যে সময়তকৈ আগতেই আমি আমাৰ লক্ষ্যসমূহত উপনীত হ’বগৈ পাৰিম।
  4. আজি মহৰ্ষি অৰবিন্দৰ জন্ম জয়ন্তীও। সেইগৰাকী মহাত্মাৰ চৰণত মই প্ৰণিপাত কৰিছো। পিচে আমি সেইগৰাকী মহাত্মাই দিয়া ‘স্বদেশীৰে স্বৰাজ আৰু স্বৰাজৰে সূৰুজ’ৰ ধ্বনিকো স্মৰণ কৰিব লাগিব। এয়া তেওঁৰ মন্ত্ৰ আছিল। আৰু সেয়ে, ‘আত্মনিৰ্ভৰ ভাৰত’ প্ৰতিগৰাকী নাগৰিকৰ, প্ৰতিখন চৰকাৰ আৰু প্ৰতিটো সামাজিক সংস্থাৰে দায়িত্ব হৈ উঠিছে। ‘আত্মনিৰ্ভৰ ভাৰত’ এক চৰকাৰী কাৰ্যক্ৰমেই নহয়। এয়া সমাজৰ গণ আন্দোলন, যাক আমি আগুৱাই নিব লাগিব।
  5. মোৰ বন্ধুসকল, স্বাধীনতাৰ ৭৫ বছৰৰ পিচত আমি আজি  এই শব্দ শুনিবলৈ পাইছো, যিটো শব্দ শুনিবলৈ হয়তো আমাৰ কাণ থিয় হৈ আহিছিল। ৭৫ বছৰৰ পিচত এই প্ৰথমবাৰৰ বাবে লালকিল্লাৰ পৰা ত্ৰিৰংগ পতাকক আজি ‘মে’ড ইন ইণ্ডিয়া’ টোপে ‘চালামী’ দিলে। এই  শব্দই অনুপ্ৰাণিত নকৰা কোনোবা ভাৰতীয় বাৰু থাকিব পাৰিবনে?
  6. মোৰ প্ৰিয় ভাই-ভনীসকল, আজি মই মোৰ দেশৰ সেনাৰ জোৱানসকলক অভিনন্দন জনাইছো। মই যিধৰণে সেনা জোৱানসকলে সংঘবদ্ধ ভাবে আৰু সাহসেৰে এই স্ব-নিৰ্ভৰশীতাৰ গুৰু দায়িত্ব পালন কৰিলে তাৰ বাবে তেওঁলোকক মই অভিবাদন জনাইছো। যেতিয়া আমাৰ সেনাবাহিনীয়ে প্ৰতিৰক্ষা সংক্ৰান্তীয় ৩০০বিধ সামগ্ৰীৰ তালিকা প্ৰস্তুত কৰি সেইসমূহ সামগ্ৰী আমদানী নকৰাৰ সিদ্ধান্ত গ্ৰণ কৰিলে, দেশে গ্ৰহণ কৰা এই  সিদ্ধান্ত কিন্তু তেনেই সৰু নহয়।
  7. ‘পিএলআই আঁচনি’ৰ কথা কৈছো, আজি পৃথিৱীৰ মানুহে ভাৰতত তেওঁলোকৰ ভাগ্য উদয় কৰিবলৈ আহিবলৈ ধৰিছে। তেওঁলোকে তেওঁলোকৰ লগত নতুন প্ৰযুক্তিৰ সম্ভাৰ লৈ আহিছে। তেওঁলোকে নিয়োগৰ নতুন সম্ভাৱনীয়তা সৃষ্টি কৰিছে।  ভাৰত এতিয়া উত্পাদনৰ প্ৰণকেন্দ্ৰ হৈ উঠিচে। এই কাৰ্যই এখন ‘আত্মনিৰ্ভৰ ভাৰত’ৰ আধাৰ নিৰ্মাণ কৰিছে।
  8. ইলেক্ট্ৰিনিক সামগ্ৰীৰ উত্পাদনেই হওক অথবা মোবাইল ফোনেই হওক, আজি দেশে অতি দ্ৰুতগতিৰে আগবাঢ়িছে। আমাৰ ‘ব্ৰাহ্মোছ’ যেতিয়া পৃথিৱীলৈ ৰপ্টানী হয় তেতিয়া বাৰু কোন ভাৰতীয়ই গৌৰৱ নকৰাকৈ থাকিব পাৰে? আজি আমাৰ ‘বন্দে ভাৰত ৰে’লগাড়ী’ আৰু মেট্ৰো ৰে’লৰ ডবাসমূহ পৃথিৱীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ উঠিছে।
  9. আমি শক্তিখণ্ডত আত্মনিৰ্ভৰ হৈ উঠিব লাগিব। শক্তিৰ ক্ষেত্ৰখনত আমি আৰু কিমানদিনলৈ পৰৰ ওপৰত নিৰ্ভৰশীল থাকিম! আমি সৌৰশক্তি, বায়ুশক্তি, অন্যান্য নৱীকৰণযোগ্য শক্তিৰ উত্সসমূহৰ ক্ষেত্ৰত আমি আত্মনিৰ্ভৰশীল হবই লাগিব আৰু হাইড্ৰোজেন মিছন, জৈৱ ইন্ধন আৰু ইলেক্ট্ৰিক যানবাহণৰ ক্ষেত্ৰত আমি নেতৃত্ব বহণ কৰিব পাৰিবই লাগিব।
  10. আজি প্ৰাকৃতিক কৃষিও আত্মনিৰ্ভৰশীলতাৰ এক পথ হিচাপে পৰিগণিত হৈছে। আজি নেনো ফাৰ্টিলাইজাৰেও দেশলৈ এক নতুন আশাৰ বতৰা কঢ়িয়াই আনিছে। প্ৰকৃতিক কৃষি-ৰাসয়নিক সাৰ মুক্ত কৃষিয়ে স্ব-নিৰ্ভৰশীলতাক অধিক গতি প্ৰদান কৰিব পাৰে। আজিৰ তাৰিখত দেশত সেউজ-নিয়োগৰ ৰূপত নতুন নিয়োগ সম্ভাৱনীয়তাই দ্ৰুতগতিৰে পথৰ সন্ধান দিবলৈ ধৰিছে।
  11. নীতিৰ জৰিয়তে ভাৰতে ঠাই মুকলি কৰি দিছে। পৃথিৱীৰ ভতৰতে ভাৰতে ‘দ্ৰোন সন্দৰ্ভত অতিকে প্ৰগতিশীল নীতি গ্ৰহণ কৰিছে। আমি দেশৰ যুৱ-প্ৰজন্মৰ বাবে নতুনৰ দুৱাৰ মুকলি কৰি দিছো।
  12. মই ব্যক্তিগত খণ্ডকো আগুৱাই অহাৰ বাবে আহ্বান জনাইছো। আমি পৃথিৱীত দমনীয় স্থিতি গ্ৰহণ কৰিব পাৰিব লাগিব। ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ আন এটা উদ্দেশ্যই হৈছে যে পৃথিৱীৰ প্ৰয়োজনীয়তাসমূহ পূৰণৰ ক্ষেত্ৰত ভাৰত আনতকৈ পিচ পৰি কেতিয়াও নাথাকিব। সেয়া লাগিলে এমএছএমইয়েই হওক, আমি আমাৰ উত্পাদিত সসামগ্ৰীসমূহ ত্ৰুতিশূণ্য ভাবে, প্ৰভাৱশূণ্য ভাবে পৃথিৱীলৈ লৈ যাব পাৰিব লাগিব। আমি স্বদেশীক লৈ গৌৰৱবোধ কৰিব লাগিব।
  13. আজিও আমি আমাৰ পূজ্য লাল বাহাদুৰ শাস্ত্ৰী জীক স্মৰণ কৰো তেওঁৰ প্ৰেৰণাপ্ৰদায়িনী ‘জয় জোৱান জয় কিষাণ’ ধ্বনিৰ বাবে। পৰৱৰ্তি সময়ত অটল বিহাৰী বাজপেয়ী জীয়ে ইয়াৰ সৈতে ‘জয় বিজ্ঞান’ৰ ধ্বনি সংযোজিত কৰিছিল আৰু ইয়াক আমি সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছো। পিচে অমৃতকালৰ এই নতুন পৰ্বত এই ধ্বনিৰ সৈতে ‘অনুসন্ধান’কো সংযোজিত কৰাৰ প্ৰাসংগিকতা আহি পৰিছে। ‘জয়জোৱান, জয় কিষাণ, জয় বিজ্ঞান, জয় অনুসন্ধান’।
  14. আজি আমি ‘৫জি’ যুগৰ বাবে সম্পূৰ্ণ ৰূপে সাজু হৈছো। পৃথিৱীৰ খোজৰ সৈতে খোজ মিলাবলৈ আপোনালোকে আৰু দীঘলীয়া সময় অপেক্ষা কৰিব নালাগে। ‘অপ্টিকেল ফাইবাৰ’ এতিয়া প্ৰতিখন গাঁৱলৈকে, শেষখন গাঁও পৰ্যন্ত গৈ পোৱাটো আমি নিশ্চিত কৰিছো। মই সম্পূৰ্ণ ভাবেই অৱগত যে ‘ডিজিটেল ইণ্ডিয়া’ৰ সপোন সাৰ্থক হ’ব গ্ৰামীন ভাৰতৰ জৰিয়তে। আজি মই সুখী যে ভাৰতৰ চাৰিলাখ ‘উমৈহতীয়া সেৱা কেন্দ্ৰ’ আজি গাঁৱত বিকশিত হৈছে, যিসমূহ সেইবোৰ গাঁৱৰ যুৱক-যুৱতীৰ দ্বাৰা সঞ্চালিত হৈছে।
  1. ‘ছেমিকণ্ডাক্টৰৰ বিকাশ’, ‘৫জি’ যুগত প্ৰৱেশ, ‘অপ্টিকেল ফাইবাৰৰ নেটৱৰ্কৰ সম্প্ৰসাৰণ’ৰ এই ‘ডিজিটেল ইণ্ডিয়া’ই কেৱল আমাক আধুনিক আৰু বিকাশশীল কৰি নোতোলে, এয়া সম্ভৱ হ’ব তিনিটা অভিযানৰ সাফল্যৰ যোগেদিহে। ‘ডিজিটাইজেশ্যন’ৰ জৰিয়তহে শিক্ষা-ব্যৱস্থাৰ সম্পূৰ্ণ ৰূপান্তৰণ, স্বাস্থ্য আন্তঃগাঁথনিৰ বৈপ্লৱিক পৰিৱৰ্তন আৰু নাগৰিসকলৰ জীৱনশৈলীৰ মান উন্নয়ণ সম্ভৱ হব।
  1. বন্ধুসকল, ‘টেক-এজ ফৰ হিউমেনিটি’ বুলি প্ৰশংসিত হোৱা এইটো দশকত ভাৰতে লক্ষণীয় ভাবে আগবাঢ়ি যাব পাৰিব বুলি মই আগজাননী পাইছো। এইটো দশক প্ৰযুক্তিৰ দশক হ’ব। তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰত ভৰতে গোলকীয় প্ৰেক্ষাপটত এক নেতৃত্বপ্ৰদানকাৰী শক্তি হিচাপে পৰিচিতি বহণ কৰিবলৈ সক্ষম হৈছে। প্ৰযুক্তিৰ এইটো যুগত অৰিহণা আগবঢ়াব পৰাকৈ আমি সামৰ্থ্য অৰ্জন কৰিছো।
  2. আমাৰ অটল ইনভেশ্যন মিছন’, আমাৰ ‘ইনকুবেশ্যন চেণ্টাৰ’, আমাৰ ‘ষ্টাৰ্টআপ’সমূহে সম্পূৰ্ণ নতুন এটা খণ্ড গঢ়ি তুলিছে, যুৱ-প্ৰজন্মৰ বাবে নতুন সুযোগ সৃষ্টিৰ পথ প্ৰশস্থ কৰিছে। সেয়া লাগিলে মহাকাশেই হওক, সেয়া লাগিলে গভীৰ সমুদ্ৰতলিৰ অভিযানেই হওক, আমি লাগিলে সমুদ্ৰৰ গভীৰলৈয়ে যাওঁ অথবা আকাশখনকে চুব খোজো, এই সকলোবোৰেই নতুন ক্ষেত্ৰ, যিবোৰলৈ ক্ষেত্ৰলৈ আমি আগবাঢ়িবলৈ ধৰিছো।
  3. আমি আমাৰ ক্ষুদ্ৰ খেতিয়কসকল, উদ্যোগীসকলৰ, ক্ষুদ্ৰ আৰু মজলীয়া প্ৰতিষ্ঠানসমূহৰ, কুটীৰ উদ্যোগসমূহৰ, ক্ষুদ্ৰ উদ্যোগসমূহৰ, পথৰ দাঁতিৰ বেপাৰীসকলৰ, গাহস্থ-শ্ৰমিকসকলৰ, দিন-মজদুৰসকলৰ, অটোৰিক্সাচালকসকলৰ, বাছসেৱা আগবঢ়াওতাসকলৰ সামৰ্থ্য আৰু সম্ভাৱনীয়তাসমূহ স্বীকাৰ কৰিবই লাগিব। এইসকলেই সমাজৰ বৃহত্ অংশটো গঠন কৰে, সেয়ে এওঁলোকক সবল কৰি তোলাটো নিতান্তই প্ৰয়োজন।
  1. বিগত কেইটামান বছৰৰ অভিজ্ঞতাৰ পৰা মই কেইটামান কথা বিচাৰিছো। আপোনালোকেও হয়তো আদালতসমূহত ‘নাৰীশক্তি’ৰ সামৰ্থ্য প্ৰত্যক্ষ কৰিছে। গ্ৰামাঞ্চলত ৰাইজৰ প্ৰতিনিধিসকললৈ চাওকচোন। আমাৰ গাঁৱৰ সমস্যাৱলীৰ সমাধানসূত্ৰ আৱিষ্কাৰ কৰাত আমাৰ ‘নাৰীশক্তি’য়ে অন্তঃকৰণেৰে কাম কৰি আহিছে। জ্ঞানৰ ক্ষেত্ৰখনেই হওক কিম্বা বিজ্ঞানেই হওক আমাৰ দেশৰ ‘নাৰীশক্তি’ৰ উপস্থিতি বাৰুকৈয়ে দৃষ্টিগোচৰ হয়। আনকি  ‘নাৰীশক্তি’য়ে আজি ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ গুৰু দায়িত্ব গ্ৰহণ কৰিবলৈ লৈছে।
  1. জীৱনৰ সকলো ক্ষেত্ৰতে, সেয়া লাগিলে খেলা-ধূলাতে হওক কিম্বা যুদ্ধক্ষেত্ৰতে হওক, ভাৰতৰ ‘নাৰীশক্তি’ আজি নতুন শক্তি আৰু বিশ্বাস আগত লৈ আগবঢ়ি আহিছে। যোৱা ৭৫টা বছৰৰ তুলনাত আগন্তুক ২৫টা বছৰত আমাৰ আইসকলে, ভগ্নীসকলে, আমাৰ জীয়ৰীহঁতৰ ‘নাৰীশক্তি’য়ে আগবঢ়াব লগা বহুমুখী অৱদানৰ প্ৰাচুৰ্য মই দেখিবলৈ পাইছো। আমি যিমানেই বেছিকৈ এই ক্ষেত্ৰত গুৰুত্ব দিম, আমাৰ ছোৱালীহঁতক যিমানেই সুযোগ-সুবিধা আগবঢ়াম, তাতোকৈয়ো বেছিকৈ তেওঁলোকে আমাক ঘূৰাই দিব। তেওঁলোকে আমাৰ দেশক নতুন উচ্চতালৈ লৈ যাব।
  1. আমাৰ দেশত বহু ৰাজ্য আছে, যিবোৰে দেশক আগুৱাই নিয়াত,  নেতৃত্ব পৰ্দান কৰাত, আৰু বিভিন্ন ক্ষেত্ৰত নিদৰ্শনপূৰ্ণ ভাবে কাম কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ইয়ে আমাৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটোক সামৰ্থ্যবান কৰি তোলাত সহায় কৰিছে। পিচে আজিৰ প্ৰেক্ষাপটত আমাক ‘সহযোগিতামূলক যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা’ৰ লগতে ‘সহযোগিতাভিত্তিক প্ৰতিযোগিতামূলক যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা’ৰ প্ৰয়োজনীয়তা আছে। বিকাশৰ বাবেই আমাক প্ৰতিযোগিতাৰ প্ৰয়োজন।
  2. মই সকলো কথা আলোচনা কৰিব বিচৰা নাই, পিচে দুটা প্ৰসংগত নিশ্চয় গুৰুত্ব আৰোপ কৰিব বিচাৰিছো। সেয়া হৈছে দুৰ্নীতি আৰু আনটো হৈছে স্বজন-তোষণ। আমি আমাৰ সৰ্বশক্তি খটুৱাই দুৰ্নীতিৰ বিৰুদ্ধে যুঁজিবই লাগিব। শেহতীয়া আঠোটা বছৰত আমি প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থা, আধাৰ আৰু মোবাইল ফোনৰ দৰে আধুনিক ব্যৱস্থাৰ সদ্ব্যৱহাৰ কৰি দুইলাখ কোটি টকা অশুভ শক্তিৰ হাতলৈ যোৱাৰ পৰা ৰক্ষা কৰি দেশৰ উন্নয়ণৰ বাবে সফলতাৰে কাম কৰি আহিছো।
  3. বেংকৰ ধন লুটি লৈ বিগত চৰকাৰৰ কাৰ্যকালত যিসকলে দেশৰ পৰা পলায়ন কৰিছিল আমি তেওঁলোকৰ সা-সম্পত্তি বাজেয়াপ্ত কৰিছো আৰু তেওঁলোকক দেশলৈ ঘূৰাই অনাৰ বাবে চেষ্টা অব্যাহত ৰাখিছো। তেওঁলোকৰ একাংশক ইতিমধ্যে কাৰাবাসত আবদ্ধ হবলৈ বাধ্য কৰোৱা হৈছে। যিসকলে দেশ লুটিছিল আমি তেওঁলোকক উভতি আহিবলৈ বাধ্য কৰাব খুজিছো।
  4. ভাই-ভনীসকল, দুৰ্নীতিকাৰীহঁতে দেশক উঁইপোকৰ দৰে কুটি কুটি খাবলৈ ধৰিছে। মই ইয়াৰ বিৰুদ্ধে যুঁজিবই লাগিব, এই যুঁজক তীব্ৰতৰ কৰিবই লাগিব আৰু যুঁজখনক অন্তিম পৰিণতিলৈ লৈ যাবই লাগিব।সেয়ে মোৰ ১৩০ কোটি দেশবাসী, মোক আশীৰ্বাদ কৰক, মোক সহায়ৰ হাত আগবঢ়াওক। আজি মই আপোনালোকৰ সহায়-সহযোগিতা বিচাৰি আহিছো, যাতে মই এইখন যুদ্ধ সাহসেৰে যুঁজিব পাৰো। এইখন যুঁজত দেশে বিজয় সাব্যস্ত কৰিবই বুলি নিতান্তই আশাবাদী।
  5. এয়া নিতান্তই বেদনাদায়ক যে বহু সময়ত দুৰ্নীতিৰ অপৰাধত দেশৰ আদালতে দোষী সাব্যস্ত কৰি কাৰাবাসৰ শাস্তি প্ৰদান কৰা বহুতক আকৌ একাংশই বীৰ সেৱা কৰি মূৰত তুলি ফুৰিব বিচাৰে। সেয়ে, দুৰ্নীতিৰ বিৰুদ্ধে মানুহৰ মনত ঘৃণাৰ ভাব নহা পৰ্যন্ত এনে মানসিকতাৰ অৱসান নঘটে।
  6. আনহাতে, মই স্বজন-তোষণৰ কথা উল্লেখ কৰিব খুজিছো আৰু মই যেতিয়া সস্বজন-তোষনৰ কথা কৈছো মই ৰাজনৈতিক ক্ষেত্ৰত অব্যাহত থকা স্বজন-তোষনৰ কথা কৈছো, পিচে, সত্যটো হৈছে এই ব্যাধি দেশৰ সকলোবোৰ প্ৰতিষ্ঠানলৈকে বিয়পি পৰিছে, যিয়ে প্ৰতিভা আৰু সুযোগক নেতিবাচক ভাবে প্ৰভাৱিত কৰিছে। সেয়ে মই লাকিল্লাৰ প্ৰংগণৰ পৰা দেশৰ ৰাইজক আহ্বান জনাব খুজিছো, আহক আমি সকলোৱে স্বজন-তোষণৰ এই ব্যাধিৰ মূলোচ্ছেদ কৰি দেশৰ ৰাজনীতিৰ লগতে প্ৰতিটো প্ৰতিষ্ঠানকে সংবিধানৰ আদৰ্শ সাৰোগত কৰি শূচি কৰি তোলাৰ বাবে ত্ৰিৰংগ পতাকাৰ তলত পণ লওঁ আহক।
  7. নতুন সম্ভাৱনাক প্ৰতিপালন কৰি, নতুন সংকল্পক বাস্তৱায়িত কৰি আৰু সম্পূৰ্ণ আত্মবিশ্বাসেৰে আগুৱাই গৈ ‘অমৃত কাল’ৰ শুভাৰম্ভ কৰিবলৈ মই আজি দেশবাসীক আহ্বান জনাইছো। ‘স্বাধীনতাৰ অমৃত মহোত্সৱে’ এতিয়া ‘অমৃত কাল’ৰ দিশে মোৰ লৈছে আৰু সেয়ে এই ‘অমৃত কাল’ত ‘সকলোৰে প্ৰয়াস’-ৰ প্ৰয়োজন হ’ব। ‘টীম ইণ্ডিয়া’ৰ আবেগে দেশক আগুৱাই নিব। ১৩০ কোটি দেশবাসীৰে গঢ়া ‘টীম ইণ্ডিয়া’ই এটা দল হিচাপে আগবাঢ়ি গৈ সকলোৰে সপোনবোৰ বাস্তৱায়িত কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Since 2019, a total of 1,106 left wing extremists have been 'neutralised': MHA

Media Coverage

Since 2019, a total of 1,106 left wing extremists have been 'neutralised': MHA
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Welcomes Release of Commemorative Stamp Honouring Emperor Perumbidugu Mutharaiyar II
December 14, 2025

Prime Minister Shri Narendra Modi expressed delight at the release of a commemorative postal stamp in honour of Emperor Perumbidugu Mutharaiyar II (Suvaran Maran) by the Vice President of India, Thiru C.P. Radhakrishnan today.

Shri Modi noted that Emperor Perumbidugu Mutharaiyar II was a formidable administrator endowed with remarkable vision, foresight and strategic brilliance. He highlighted the Emperor’s unwavering commitment to justice and his distinguished role as a great patron of Tamil culture.

The Prime Minister called upon the nation—especially the youth—to learn more about the extraordinary life and legacy of the revered Emperor, whose contributions continue to inspire generations.

In separate posts on X, Shri Modi stated:

“Glad that the Vice President, Thiru CP Radhakrishnan Ji, released a stamp in honour of Emperor Perumbidugu Mutharaiyar II (Suvaran Maran). He was a formidable administrator blessed with remarkable vision, foresight and strategic brilliance. He was known for his commitment to justice. He was a great patron of Tamil culture as well. I call upon more youngsters to read about his extraordinary life.

@VPIndia

@CPR_VP”

“பேரரசர் இரண்டாம் பெரும்பிடுகு முத்தரையரை (சுவரன் மாறன்) கௌரவிக்கும் வகையில் சிறப்பு அஞ்சல் தலையைக் குடியரசு துணைத்தலைவர் திரு சி.பி. ராதாகிருஷ்ணன் அவர்கள் வெளியிட்டது மகிழ்ச்சி அளிக்கிறது. ஆற்றல்மிக்க நிர்வாகியான அவருக்குப் போற்றத்தக்க தொலைநோக்குப் பார்வையும், முன்னுணரும் திறனும், போர்த்தந்திர ஞானமும் இருந்தன. நீதியை நிலைநாட்டுவதில் அவர் உறுதியுடன் செயல்பட்டவர். அதேபோல் தமிழ் கலாச்சாரத்திற்கும் அவர் ஒரு மகத்தான பாதுகாவலராக இருந்தார். அவரது அசாதாரண வாழ்க்கையைப் பற்றி அதிகமான இளைஞர்கள் படிக்க வேண்டும் என்று நான் கேட்டுக்கொள்கிறேன்.

@VPIndia

@CPR_VP”