ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে ২০২৬-ৰ ১৯ ​​জানুৱাৰীত সংযুক্ত আৰব আমিৰাতৰ ৰাষ্ট্ৰপতি মহামহিম শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানে ভাৰত ভ্ৰমণ কৰে। যোৱা দহ বছৰৰ ভিতৰত এয়া মহামহিম শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ পঞ্চমটো ভাৰত ভ্ৰমণ আৰু ইউএই-ৰ ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ তৃতীয়টো চৰকাৰী ভ্ৰমণ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি মহামহিম শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সহযোগিতা সম্পৰ্কে সম্পূৰ্ণৰূপে পৰ্য্যালোচনা কৰে। তেওঁলোকে বিগত দশকটোত ভাৰত-ইউএই ৰ সৰ্বাংগীন কৌশলগত অংশীদাৰিত্ব অধিক সুদৃঢ় হৈ পৰিছে বুলি ঐক্যমতত উপনীত হয়।

দুয়োগৰাকী নেতাই যোৱা দুবছৰত আবুধাবিৰ যুৱৰাজ মহামহিম শ্বেখ খালেদ বিন মহম্মদ বিন জায়েদ আল নাহিয়ান আৰু ডুবাইৰ যুৱৰাজ, ইউএই-ৰ উপ-প্ৰধানমন্ত্ৰী তথা প্ৰতিৰক্ষা মন্ত্ৰী মহামহিম শ্বেখ হামদান বিন মহম্মদ বিন ৰছিদ আল মাকতুমৰ ভাৰত ভ্ৰমণক আদৰণি জনাই এই ভ্ৰমণে দ্বিপাক্ষিক সম্পৰ্কৰ প্ৰজন্মগত ধাৰাবাহিকতাক সূচিত কৰিছে বুলি উল্লেখ কৰে।

উভয় নেতাই ২০২৫-ৰ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা ১৩ সংখ্যক বিনিয়োগ উচ্চ-পৰ্য্যায়ৰ টাস্ক ফ’ৰ্চ আৰু ২০২৫-ৰ ডিচেম্বৰত অনুষ্ঠিত হোৱা ১৬ সংখ্যক ভাৰত-ইউএই যুটীয়া আয়োগৰ বৈঠক তথা ৫ম কৌশলগত আলোচনাৰ ফলাফলক সমৰ্থন জনায়।

তেওঁলোকে ২০২২-ত বিস্তৃত অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি (CEPA) স্বাক্ষৰিত হোৱাৰ পিছত বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতাৰ ব্যাপক বৃদ্ধিক আদৰণি জনায়। ২০২৪-২৫ বিত্তীয় বৰ্ষত ১০০ বিলিয়ন মাৰ্কিন ডলাৰত উপনীত হোৱা দ্বিপাক্ষিক বাণিজ্যৰ দ্ৰুত বৰ্ধনৰ কথা উল্লেখ কৰে। দুয়োপক্ষৰ ব্যৱসায়িক সমাজৰ উৎসাহত উদ্বুদ্ধ হৈ তেওঁলোকে ২০৩২-ৰ ভিতৰত ২০০ বিলিয়ন মাৰ্কিন ডলাৰৰ লক্ষ্যৰে দ্বিপাক্ষিক বাণিজ্যক দুগুণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

তেওঁলোকে নিজ-নিজ টীমসমূহক দুয়োপক্ষৰ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া খণ্ডৰ উদ্যোগক (MSME) সংযোগ কৰাৰ দিশত কাম কৰিবলৈ নিৰ্দেশনা আগবঢ়ায়। এনে প্ৰেক্ষাপটত তেওঁলোকে সমগ্ৰ মধ্যপ্ৰাচ্য, পশ্চিম এছিয়া, আফ্ৰিকা আৰু ইউৰেছিয়া অঞ্চলত এমএছএমই-ৰ সামগ্ৰীসমূহৰ প্ৰচাৰৰ বাবে ‘ভাৰত মাৰ্ট’, ‘ভাৰ্চুৱেল ট্ৰেড কৰিডৰ’ আৰু ‘ভাৰত-আফ্ৰিকা সেতু’ৰ দৰে মূল পদক্ষেপসমূহক ক্ষীপ্ৰতাৰে ৰূপায়ণৰ আহ্বান জনায়।

নেতা দুজনে সন্তোষ প্ৰকাশেৰে কয় যে ২০২৪-ত স্বাক্ষৰিত দ্বিপাক্ষিক বিনিয়োগ চুক্তিয়ে দুয়োখন দেশৰ একাধিক খণ্ডলৈ বিনিয়োগৰ প্ৰবাহক অধিক শক্তিশালী কৰিছে। তেওঁলোকে গুজৰাটৰ ঢোলেৰাত বিশেষ বিনিয়োগ অঞ্চলৰ উন্নয়ন সাধনৰ বাবে ইউএই-ৰ সম্ভাৱ্য অংশীদাৰিত্বৰ আলোচনাক আদৰণি জনায়। কল্পনা কৰা অংশীদাৰিত্বৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, পাইলট প্ৰশিক্ষণ বিদ্যালয়, ৰক্ষণাবেক্ষণ, মেৰামতি আৰু অভাৰহ’ল (MRO) সুবিধা, গ্ৰীণফিল্ড বন্দৰ, স্মাৰ্ট নগৰীয়া চহৰ, ৰেলৱে সংযোগ আৰু শক্তি আন্তঃগাঁথনিকে প্ৰমুখ্য কৰি মূল কৌশলগত আন্তঃগাঁথনি উন্নয়ন অন্তৰ্ভুক্ত হ’ব। প্ৰথম এনআইআইএফ আন্তঃগাঁথনি পুঁজিৰ সফলতাৰ ওপৰত আলোকপাত কৰি ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ২০২৬-তে আৰম্ভ হ’বলগীয়া দ্বিতীয় আন্তঃগাঁথনি পুঁজিত অংশগ্ৰহণৰ কথা বিবেচনা কৰিবলৈ ইউএই-ৰ সাৰ্বভৌম সম্পদ পুঁজিক আহ্বান জনায়। দুয়োগৰাকী নেতাই ‘গিফ্ট চিটি’ত ডিপি ৱৰ্ল্ড আৰু ফাৰ্ষ্ট আবুধাবি বেংকৰ শাখা স্থাপনক আদৰণি জনায়, ফলশ্ৰুতিত ইয়াৰ আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় বিত্তীয় কেন্দ্ৰ হিচাপে উত্থান ঘটিছে। এফএবি-ৰ ‘গিফ্ট চিটি’ শাখাই এখন মূল সেতু হিচাপে কাম কৰিব, যিয়ে ভাৰতীয় কৰ্পৰেট আৰু বিনিয়োগকাৰীসকলক জিচিচি আৰু মেনা (MENA) বজাৰত ইয়াৰ বিশেষজ্ঞতা আৰু বিশ্বব্যাপী নেটৱৰ্কৰ সৈতে সংযোগ কৰিব।

বহনক্ষম যোগান শৃংখল আৰু দীৰ্ঘ-ম্যাদী স্থিতিস্থাপকতা নিশ্চিত কৰাৰ ক্ষেত্ৰত কৌশলগত গুৰুত্বক স্বীকাৰ কৰি দুয়োপক্ষই খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত ইউএই–ভাৰতৰ সহযোগিতা বৃদ্ধিৰ বাবে নিজ-নিজ দৃঢ় অংগীকাৰৰ কথা দোহাৰে। তেওঁলোকে দুয়োখন দেশৰ ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰৰাজিৰ সৈতে সংগতি ৰাখি বহনক্ষম কৃষি আৰু ৰাষ্ট্ৰীয় খাদ্য স্থিতিস্থাপকতা বৃদ্ধিৰ ক্ষেত্ৰত ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব, উদ্ভাৱন আৰু অভিজ্ঞতাৰ আদান-প্ৰদানৰ ভূমিকাত আলোকপাত কৰে।

দুয়োগৰাকী নেতাই মহাকাশ খণ্ডত সহযোগিতাক গভীৰ কৰাৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰে। এনে প্ৰেক্ষাপটত তেওঁলোকে মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তিৰ অগ্ৰগতি সাধনৰ জৰিয়তে খণ্ডটোৰ বাণিজ্যিকীকৰণক আগুৱাই নিয়াৰ লক্ষ্যৰে এক যৌথ পদক্ষেপত সহযোগিতা আগবঢ়াবলৈ হোৱা বুজাবুজিক আদৰণি জনায়। এই পদক্ষেপৰ লক্ষ্য হৈছে আদিৰ পৰা অন্তলৈ আন্তঃগাঁথনি আৰু শক্তিশালী ঔদ্যোগিক ভিত্তিৰে এক সংহত মহাকাশ বাতাবৰণ গঢ়ি তোলা। ইয়াৰ উদ্দেশ্য হৈছে হৈছে ভাৰত–ইউএই ৰ যৌথ অভিযান প্ৰশস্ত কৰা, বিশ্বব্যাপী বাণিজ্যিক সেৱাৰ সম্প্ৰসাৰণ, উচ্চ দক্ষতাসম্পন্ন নিয়োগ আৰু ষ্টাৰ্ট-আপ সৃষ্টি কৰা আৰু বহনক্ষম ব্যৱসায়িক আৰ্হিৰ জৰিয়তে দ্বিপাক্ষিক বিনিয়োগক সুদৃঢ় কৰা।

দুয়োগৰাকী নেতাই বিশেষকৈ কৃত্ৰিম বুদ্ধিমত্তা (AI) আৰু উদীয়মান প্ৰযুক্তিৰ ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তি তথা উদ্ভাৱন কেন্দ্ৰিক সহযোগিতাক সুদৃঢ় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ভাৰতত ছুপাৰ কম্পিউটিং ক্লাষ্টাৰ স্থাপনৰ ক্ষেত্ৰত সহযোগিতা স্থাপন কৰাৰ সিদ্ধান্তক আদৰণি জনাই তেওঁলোকে ভাৰতত ডাটা চেন্টাৰ স্থাপনৰ ক্ষেত্ৰত সহযোগিতাৰ অন্বেষণ কৰিবলৈয়ো সন্মতি প্ৰকাশ কৰে। দুয়োগৰাকী নেতাই নিজ-নিজ টীমসমূহক ইউএই আৰু ভাৰতৰ মাজত পাৰস্পৰিকভাৱে স্বীকৃতিপ্ৰাপ্ত সাৰ্বভৌমত্ব ব্যৱস্থাৰ অধীনত ‘ডিজিটেল এম্বেছী’ স্থাপনৰ সম্ভাৱনাৰ সন্ধান কৰিবলৈ নিৰ্দেশনা আগবঢ়ায়। ৰাষ্ট্ৰপতি মহামহিম শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানে ২০২৬-ৰ ফেব্ৰুৱাৰীত ভাৰতত অনুষ্ঠিতব্য এআই ইম্পেক্ট ছামিটলৈ সমৰ্থন প্ৰকাশ কৰে।

দুয়োগৰাকী নেতাই দ্বিপাক্ষিক শক্তি অংশীদাৰিত্বৰ সামৰ্থ্যক লৈ সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে ভাৰতৰ শক্তি সুৰক্ষাৰ ক্ষেত্ৰত ইউএই-ৰ অৱদানৰ ওপৰত আলোকপাত কৰে। ২০২৮-ৰ পৰা আৰম্ভ হ’বলগীয়া বছৰি ০.৫ নিযুত টন তৰলীকৃত প্ৰাকৃতিক গেছ ডেলিভাৰীৰ বাবে হিন্দুস্তান পেট্ৰলিয়াম কৰ্প’ৰেচন লিমিটেড (HPCL) আৰু এডিএনঅ’চি গেছৰ মাজৰ ১০-বছৰীয়া এলএনজি যোগান চুক্তি স্বাক্ষৰ কাৰ্য্যক তেওঁলোকে আদৰণি জনায়। নেতাদ্বয়ে ৰূপান্তৰিত ভাৰতৰ বাবে পাৰমাণৱিক শক্তিৰ বহনক্ষম ব্যৱহাৰ আৰু উন্নীতকৰণ (SHANTI) আইন প্ৰণয়নক আদৰণি জনাই কয় যে ইয়াৰ দ্বাৰা অসামৰিক পাৰমাণৱিক সহযোগিতাৰ ক্ষেত্ৰত বৰ্ধিত নতুন সুযোগৰ সৃষ্টি হ’ব। বৃহৎ পাৰমাণৱিক ৰিয়েক্টৰ আৰু ক্ষুদ্ৰ মডুলাৰ ৰিয়েক্টৰৰ (SMR) বিকাশ আৰু ব্যৱহাৰকে প্ৰমুখ্য কৰি উন্নত পাৰমাণৱিক প্ৰযুক্তিৰ ক্ষেত্ৰত অংশীদাৰিত্বৰ অন্বেষণ কৰাৰ লগতে উন্নত ৰিয়েক্টৰ ব্যৱস্থা, পাৰমাণৱিক শক্তি কেন্দ্ৰ পৰিচালনা আৰু ৰক্ষণাবেক্ষণ তথা পাৰমাণৱিক সুৰক্ষাৰ ক্ষেত্ৰত সহযোগিতাৰ অন্বেষণ কৰিবলৈ দুয়োপক্ষই সন্মতি প্ৰকাশ কৰে।

দুয়োগৰাকী নেতাই দুয়োখন দেশৰ মাজত বিত্তীয় খণ্ডৰ সহযোগিতা গভীৰ হৈ পৰা কাৰ্য্যৰ শলাগ লয়। তেওঁলোকে নিজ-নিজ টীমসমূহক ৰাষ্ট্ৰীয় পেমেন্ট প্লেটফৰ্মসমূহৰ আন্তঃসংযোগৰ দিশত কাম কৰিবলৈ নিৰ্দেশনা আগবঢ়ায়। ইয়াৰ ফলশ্ৰুতিত সীমান্ত-অতিক্ৰমি দক্ষ, দ্ৰুত আৰু ব্যয়-সাশ্ৰয়ী পেমেন্ট সম্ভৱ হৈ উঠিব।

দুয়োখন দেশৰ উমৈহতীয়া সাংস্কৃতিক আৰু ঐতিহাসিক ঐতিহ্যক স্বীকৃতি জনাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লোথালস্থিত ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য কমপ্লেক্সলৈ শিল্পকৰ্ম আগবঢ়াবলৈ ইউএই-এ গ্ৰহণ কৰা সিদ্ধান্তক আদৰণি জনায়। ভাৰত-ইউএই-ৰ বন্ধুত্বৰ স্থায়ী প্ৰতীক হিচাপে আবুধাবিত ‘হাউছ অৱ ইণ্ডিয়া’ প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে দুয়োগৰাকী নেতাই। সাংস্কৃতিক বুজাবুজিক অধিক গভীৰ কৰাৰ লক্ষ্যৰে যুৱ সমাজৰ আদান-প্ৰদানৰ জৰিয়তে জনসাধাৰণৰ মাজৰ স্পন্দনশীল সম্পৰ্কক লালন-পালন কৰি যাবলৈয়ো তেওঁলোকে সন্মতি প্ৰকাশ কৰে।

নেতা দুগৰাকীয়ে শিক্ষাক ভাৰত-ইউএই ৰ অংশীদাৰিত্বৰ মূল স্তম্ভ হিচাপে অভিহিত কৰে। ইউএই-ৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, দিল্লীৰ অফশ্ব’ৰ কেম্পাছ আৰু ইউএই-ৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেন্ট, আহমেদাবাদৰ চৌহদ মুকলিক কেন্দ্ৰ কৰি তেওঁলোকে দুয়োখন দেশৰ বিশ্ববিদ্যালয় আৰু শিক্ষানুষ্ঠানৰ মাজৰ সংযোগক প্ৰসাৰিত কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ বিনিময় কাৰ্য্যক সম্প্ৰসাৰণৰ বাবে অধিক প্ৰচেষ্টা গ্ৰহণক উৎসাহিত কৰে। এনে পদক্ষেপে দুয়োখন দেশৰ মাজত জ্ঞানৰ সেতু হিচাপে কাম কৰিব। ইয়াৰ ভিতৰত বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত উদ্ভাৱন আৰু টিংকাৰিং লেব সম্প্ৰসাৰণৰ ক্ষেত্ৰত সহযোগিতা অন্তৰ্ভুক্ত হ’ব। ভাৰতীয় শৈক্ষিক ডিগ্ৰী/ ডুকুমেন্টৰ নিৰৱচ্ছিন্ন প্ৰমাণীকৰণৰ বাবে ইউএই প্লেটফৰ্মৰ সৈতে ভাৰতৰ ডিজিলকাৰক একত্ৰিত কৰাৰ দিশত কাম কৰিবলৈ হোৱা বুজাবুজিক নেতা দুজনে আদৰণি জনায়। ইয়াৰ ফলশ্ৰুতিত অধিক অৰ্থনৈতিক আৰু শৈক্ষিক সুযোগ তথা ইজ অৱ লিভিঙৰ বৰ্ধন ঘটিব।

নেতাদ্বয়ে পাৰস্পৰিক সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাৰ প্ৰতি গভীৰ সন্মান প্ৰদৰ্শন তথা কৌশলগত স্বায়ত্তশাসনৰ গুৰুত্বত আলোকপাত কৰে। তেওঁলোকে ব্যাপক কৌশলগত অংশীদাৰিত্বৰ মূল স্তম্ভ হিচাপে সুস্থিৰ আৰু শক্তিশালী দ্বিপাক্ষিক প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতাৰ কথা স্বীকাৰ কৰে। শেহতীয়াকৈ দুয়োখন দেশৰ সেনা, নৌসেনা আৰু বায়ুসেনাৰ মুৰব্বী আৰু অধিনায়কৰ পাৰস্পৰিক ভ্ৰমণ তথা দ্বিপাক্ষিক সামৰিক অনুশীলনৰ সফল পৰিচালনা কাৰ্য্যক তেওঁলোকে আদৰণি জনায়। তেওঁলোকে কৌশলগত প্ৰতিৰক্ষা অংশীদাৰিত্বৰ সামৰণি স্বৰূপে লেটাৰ অৱ ইনটেন্ট স্বাক্ষৰ কৰা কাৰ্য্যক আদৰণি জনায়।

নেতা দুগৰাকীয়ে সীমান্ত-অতিক্ৰমি সন্ত্ৰাসবাদকে প্ৰমুখ্য কৰি ইয়াৰ সকলো ধৰণ আৰু প্ৰকাশক নিৰ্দ্বিধায় নিন্দা কৰি পুনৰ কয় যে সন্ত্ৰাসবাদীৰ কাৰ্য্য-কলাপলৈ বিত্তীয় সাহায্য যোগান, পৰিকল্পনা, সমৰ্থন বা সংঘটিত কৰাবোৰক কোনো দেশেই নিৰাপদ আশ্ৰয় প্ৰদান কৰিব নালাগে। সন্ত্ৰাসবাদৰ বিত্তীয় সাহায্যক প্ৰতিহত আৰু ধন সৰবৰাহ বিৰোধী প্ৰচেষ্টাক সুদৃঢ় কৰাৰ বাবে বিত্তীয় এক্সন টাস্ক ফ’ৰ্চৰ (FATF) পৰিকাঠামোৰ ভিতৰত সহযোগিতা অব্যাহত ৰাখিবলৈ সন্মতি প্ৰকাশ কৰে।

দুয়োগৰাকী নেতাই ২০২৩-ৰ ছেপ্টেম্বৰত দিল্লীত অনুষ্ঠিত হোৱা জি-২০ সন্মিলনৰ প্ৰান্তত ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰৰ (IMEC) শুভাৰম্ভ কৰাৰ কথা স্মৰণ কৰে।

দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়সমূহৰ সন্দৰ্ভত মত-বিনিময় কৰে। আঞ্চলিক শান্তি, নিৰাপত্তা আৰু সুস্থিৰতাৰ প্ৰতি তেওঁলোকৰ উমৈহতীয়া আগ্ৰহৰ ওপৰত আলোকপাত কৰে। বহুপক্ষীয় মঞ্চত তেওঁলোকে গভীৰ সহযোগিতা আৰু পাৰস্পৰিক সমৰ্থন আগবঢ়োৱাৰ কথা উল্লেখ কৰে। ২০২৬-ত ভাৰতৰ ব্ৰিকছৰ অধ্যক্ষতাৰ দায়িত্বৰ সফলতাৰ বাবে ইউএই পক্ষই পূৰ্ণ সমৰ্থন আগবঢ়ায়। ২০২৬-ৰ শেষলৈ ইউএই-ৰ সহযোগত আয়োজিত হ’বলগীয়া ৰাষ্ট্ৰসংঘৰ জল সন্মিলন, ২০২৬-ৰ বাবে ভাৰতীয় পক্ষই সমৰ্থন প্ৰকাশ কৰে। এই সন্মিলনত এছডিজি ৬-ৰ ৰূপায়ণক ত্বৰান্বিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব, যিয়ে সকলোৰে বাবে পানী আৰু অনাময় ব্যৱস্থাৰ উপলব্ধতা তথা বহনক্ষম ব্যৱস্থাপনা নিশ্চিত কৰিব।

দুয়োপক্ষই মেৰু বিজ্ঞানৰ ক্ষেত্ৰত তেওঁলোকৰ সহযোগিতাৰ ওপৰত আলোকপাত কৰে আৰু যুটীয়া অভিযান তথা প্ৰতিষ্ঠানিক সহযোগিতাৰ ইতিবাচক ফলাফলৰ কথা উল্লেখ কৰে। লক্ষ্য-ভিত্তিক বৈজ্ঞানিক পদক্ষেপ, সমন্বিত গৱেষণা পৰিকল্পনা আৰু ৰাষ্ট্ৰীয় মেৰু গৱেষণা প্ৰতিষ্ঠানসমূহৰ মাজত গভীৰ সহযোগিতাৰ জৰিয়তে এই অংশীদাৰিত্বক অধিক আগুৱাই নিবলৈ দুয়োপক্ষই সন্মতি প্ৰকাশ কৰে। তেওঁলোকে কয় যে মেৰু অঞ্চলসমূহত অবিৰত সহযোগিতাই প্ৰমাণ-ভিত্তিক জলবায়ু কাৰ্য্যক সমৰ্থন কৰিব আৰু বিশ্বব্যাপী বৈজ্ঞানিক প্ৰচেষ্টাত অৰিহণা যোগাব।

ৰাষ্ট্ৰপতি মহামহিম শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক তেওঁক জনোৱা উষ্ম আদৰণি আৰু সু আতিথ্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Cabinet approves Rs 4,415 crore upgrade of 233 km NH-347B in Madhya Pradesh

Media Coverage

Cabinet approves Rs 4,415 crore upgrade of 233 km NH-347B in Madhya Pradesh
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
UK Foreign Secretary meets Prime Minister
June 04, 2026

UK Foreign Secretary Yvette Cooper today met Prime Minister Shri Narendra Modi.

The Prime Minister expressed his pleasure upon the meeting and appreciated the deepening of the India-UK partnership in recent times which has unlocked unprecedented growth opportunities for both countries.

The Prime Minister affirmed that the India-UK Vision 2035 will continue to guide the partnership and strengthen joint efforts for the global good.

The Prime Minister posted on X:

"Pleased to meet UK Foreign Secretary Yvette Cooper. Appreciated the deepening of the India-UK partnership in recent times that has unlocked unprecedented growth opportunities for both our countries.

India-UK Vision 2035 will continue to guide our partnership and strengthen our joint efforts for global good.@YvetteCooperMP"