জৰ্ডানৰ হাশ্বেমাইত সাম্ৰাজ্যৰ মহামহিম ৰজা দ্বিতীয় আব্দুল্লাহ ইবনে আল হুছেইনৰ আমন্ত্ৰণক্ৰমে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫-১৬ ডিচেম্বৰ, ২০২৫ত জৰ্ডানৰ হাশ্বেমাইত সাম্ৰাজ্য ভ্ৰমণ কৰে।

দুয়োগৰাকী নেতাই দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৭৫ বছৰীয়া জয়ন্তী উদযাপন কৰাৰ সময়তে প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ উল্লেখযোগ্য সময়ত হোৱা বুলি স্বীকাৰ কৰে।

দুয়োগৰাকী নেতাই দুয়োখন দেশৰ মাজত পাৰস্পৰিক বিশ্বাস, উষ্ম, সদিচ্ছাৰ বৈশিষ্ট্যসম্পন্ন দীৰ্ঘদিনীয়া সম্পৰ্কৰ প্ৰশংসা কৰে। তেওঁলোকে ৰাজনৈতিক, অৰ্থনৈতিক, প্ৰতিৰক্ষা, নিৰাপত্তা, সংস্কৃতি, শিক্ষাকে ধৰি বহুতো সহযোগিতাৰ ক্ষেত্ৰত সামৰি লোৱা বহুমুখী ভাৰত-জৰ্ডান সম্পৰ্কৰ ইতিবাচক মূল্যায়ন কৰে।


দ্বিপাক্ষিক পৰ্যায়ত আৰু বহুপক্ষীয় মঞ্চত দুয়োপক্ষৰ উৎকৃষ্ট সহযোগিতাৰ শলাগ লয় নেতাদ্বয়ে। তেওঁলোকে পূৰ্বৰ নিউয়ৰ্ক (ছেপ্টেম্বৰ ২০১৯), ৰিয়াধ (অক্টোবৰ ২০১৯), ডুবাই (ডিচেম্বৰ ২০২৩) আৰু ইটালী (জুন ২০২৪)ত হোৱা বৈঠকৰ স্মৰণ কৰে।

ৰাজনৈতিক সম্পৰ্ক

নেতাদ্বয়ে ২০২৫ চনৰ ১৫ ডিচেম্বৰত আম্মানত দ্বিপাক্ষিক লগতে সম্প্ৰসাৰিত আলোচনাত মিলিত হয়, য’ত তেওঁলোকে ভাৰত আৰু জৰ্ডানৰ মাজৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰে। পাৰস্পৰিক স্বাৰ্থৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত সহযোগিতা সম্প্ৰসাৰণ কৰাৰ লগতে নিজ নিজ উন্নয়নৰ আকাংক্ষা পূৰণৰ ক্ষেত্ৰত বিশ্বাসযোগ্য অংশীদাৰ হিচাপে একেলগে থিয় দিবলৈও সন্মতি প্ৰকাশ কৰে।

নেতাদ্বয়ে দুয়োখন দেশৰ মাজত নিয়মীয়াকৈ ৰাজনৈতিক আলোচনা আহ্বান কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰত বিভিন্ন যুটীয়া কৰ্মীগোটৰ বৈঠকসমূহক লৈ সন্তুষ্টি প্ৰকাশ কৰে। তদুপৰি, তেওঁলোকে দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে প্ৰতিষ্ঠিত ব্যৱস্থাসমূহ সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিবলৈ সন্মত হয়। এই সন্দৰ্ভত নেতাদ্বয়ে ২০২৫ চনৰ ২৯ এপ্ৰিলত আম্মানত অনুষ্ঠিত দুয়োটা বৈদেশিক মন্ত্ৰালয়ৰ মাজত ৰাজনৈতিক আলোচনাৰ চতুৰ্থ পৰ্যায়ৰ বৈঠকৰ ফলাফলক প্ৰশংসা কৰে।পঞ্চম পৰ্যায়ৰ বৈঠক নতুন দিল্লীত অনুষ্ঠিত হ’ব।

পৰৱৰ্তীয় সময়ত দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ ইতিবাচক সম্পৰ্ক বজাই ৰখা, উচ্চ পৰ্যায়ৰ পাৰস্পৰিক ক্ৰিয়া-কলাপক প্ৰসাৰিত কৰা আৰু ইখনে সিখন দেশৰ সৈতে সহযোগিতা আৰু সদ্ভাৱ অব্যাহত ৰখাৰ সংকল্প পুনৰ দৃঢ় কৰে।

অৰ্থনৈতিক সহযোগিতা

নেতাদ্বয়ে ভাৰত আৰু জৰ্ডানৰ মাজত শক্তিশালী দ্বিপাক্ষিক বাণিজ্যিক সংযোগৰ শলাগ লয়, যাৰ মূল্য বৰ্তমান ২০২৪ চনৰ বাবে ২.৩ বিলিয়ন মাৰ্কিন ডলাৰ, যাৰ ফলত ভাৰত জৰ্ডানৰ বাবে তৃতীয় বৃহত্তম বাণিজ্যিক অংশীদাৰ হিচাপে পৰিগণিত হৈছে। দ্বিপাক্ষিক বাণিজ্য আৰু অধিক বৃদ্ধিৰ বাবে বাণিজ্যিক টোপোলাত বৈচিত্ৰ্যপূৰ্ণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত তেওঁলোকে সহমত প্ৰকাশ কৰে। নেতাদ্বয়ে ২০২৬ চনৰ প্ৰথমাৰ্ধত একাদশ বাণিজ্য আৰু অৰ্থনৈতিক যৌথ সমিতিখন আগতীয়াকৈ আহ্বান কৰাৰ ক্ষেত্ৰতো একমত প্ৰকাশ কৰে, যাতে অৰ্থনৈতিক আৰু বাণিজ্যিক সম্পৰ্কৰ অগ্ৰগতি নিৰীক্ষণ কৰিব পৰা যায়।

২০২৫ চনৰ ১৬ ডিচেম্বৰত এই ভ্ৰমণৰ সমান্তৰালভাৱে জৰ্ডান-ভাৰত ব্যৱসায়িক মঞ্চৰ আহ্বানক নেতাদ্বয়ে আদৰণি জনায়।দুয়োখন দেশৰ উচ্চ পৰ্যায়ৰ ব্যৱসায়িক প্ৰতিনিধি দলে দুয়োখন দেশৰ মাজত বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতা আৰু অধিক শক্তিশালী আৰু সম্প্ৰসাৰণৰ উপায়সমূহৰ বিষয়ে আলোচনা কৰে।

নেতাদ্বয়ে শুল্ক বিভাগৰ ক্ষেত্ৰত সহযোগিতাৰ গুৰুত্ব স্বীকাৰ কৰে। তদুপৰি, তেওঁলোকে শুল্ক বিষয়ত সহযোগিতা আৰু পাৰস্পৰিক প্ৰশাসনিক সহায়ৰ চুক্তিখন সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিবলৈ সন্মত হয়। এই চুক্তিয়ে শুল্ক আইনসমূহৰ সঠিক প্ৰয়োগ আৰু শুল্ক অপৰাধৰ বিৰুদ্ধে যুঁজ নিশ্চিত কৰিবলৈ তথ্য বিনিময় কৰাত সুবিধা প্ৰদান কৰে। তদুপৰি, দুয়োখন দেশৰ মাজত ব্যৱসায় কৰা সামগ্ৰীৰ কাৰ্যক্ষম অনুমোদনৰ বাবে সৰলীকৃত শুল্ক পদ্ধতি গ্ৰহণ কৰি বাণিজ্যৰ সুবিধা প্ৰদান কৰে।

দুয়োগৰাকী নেতাই জৰ্ডানৰ কৌশলগত ভৌগোলিক অৱস্থান আৰু উন্নত লজিষ্টিক ক্ষমতাৰ প্ৰতি লক্ষ্য ৰাখি দুয়োখন দেশৰ মাজত অৰ্থনৈতিক সহযোগিতা বৃদ্ধিৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে। এনে প্ৰেক্ষাপটত দুয়োপক্ষই পৰিবহণ আৰু লজিষ্টিক সংযোগ শক্তিশালী কৰাৰ গুৰুত্ব পুনৰ দৃঢ় কৰে, য’ত জৰ্ডানৰ ট্ৰেনজিট আৰু লজিষ্টিক আন্তঃগাঁথনিৰ আঞ্চলিক সংহতিক উমৈহতীয়া অৰ্থনৈতিক স্বাৰ্থ আৰু ব্যক্তিগত খণ্ডৰ সহযোগিতাক আগুৱাই নিয়াৰ কৌশলগত সুযোগ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে।

প্ৰযুক্তি আৰু শিক্ষা

ডিজিটেল প্ৰযুক্তি আৰু শিক্ষাৰ ক্ষেত্ৰত দুয়োপক্ষই দ্বিপাক্ষিক সহযোগিতাৰ পৰ্যালোচনা কৰি ডিজিটেল ৰূপান্তৰত বিষয়াসকলৰ সামৰ্থ্য বিকাশ, ডিজিটেল ৰূপান্তৰ সমাধানৰ ৰূপায়ণৰ ক্ষেত্ৰত সাধ্যতা অধ্যয়নৰ বাবে প্ৰতিষ্ঠানিক সহযোগিতা প্ৰসাৰ কৰা আৰু অন্যান্য ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ সন্মত হয়। দুয়োখন দেশৰ ডিজিটেল ৰূপান্তৰৰ পদক্ষেপ ৰূপায়ণৰ ক্ষেত্ৰত সহযোগিতাৰ অধিক পথ অন্বেষণ কৰিবলৈও সন্মত হয়। আল হুছেইন কাৰিকৰী বিশ্ববিদ্যালয়ত আয়োজিত ভাৰত আৰু জৰ্ডান তথ্য প্ৰযুক্তিৰ উৎকৰ্ষ কেন্দ্ৰৰ আন্তঃগাঁথনি আৰু সামৰ্থ্য বিকাশৰ কাৰ্যসূচী সম্প্ৰসাৰণ আৰু উন্নীতকৰণৰ বাবে দুয়োপক্ষই আগ্ৰহ প্ৰকাশ কৰে।

ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি (ডিপিআই)ৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে ৰোড মেপ সন্দৰ্ভত দুয়োপক্ষই আলোচনা কৰে। এই প্ৰেক্ষাপটত দুয়োপক্ষই ডিপিআইৰ ভাৰতীয় অভিজ্ঞতা শ্বেয়াৰ কৰাৰ ক্ষেত্ৰত চুক্তিত স্বাক্ষৰ কৰাৰ উদ্দেশ্যে এখন অভিপ্ৰায় পত্ৰত স্বাক্ষৰ কৰাটো আদৰণি জনায়। দুয়োপক্ষই নিৰাপদ, সুৰক্ষিত, বিশ্বাসযোগ্য আৰু সৰ্বাংগীন ডিজিটেল পৰিৱেশ নিশ্চিত কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ সন্মত হয়।

শিক্ষা, অৰ্থনৈতিক বিকাশ আৰু সামাজিক উন্নয়নত প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকৃতি দি দুয়োপক্ষই ডিজিটেল ৰূপান্তৰ, শাসন আৰু সামৰ্থ্য বিকাশৰ ক্ষেত্ৰত অবিৰত সহযোগিতাৰ ওপৰত একমত প্ৰকাশ কৰে।

ভাৰতীয় পক্ষই বহনক্ষম উন্নয়নত সামৰ্থ্য বিকাশৰ গুৰুত্বপূৰ্ণ ভূমিকাক আলোকপাত কৰি তথ্য প্ৰযুক্তি, কৃষি, স্বাস্থ্যসেৱাকে ধৰি বিভিন্ন ক্ষেত্ৰত ভাৰতীয় কাৰিকৰী আৰু অৰ্থনৈতিক সহযোগিতা (আই টি ই চি) কাৰ্যসূচীৰ জৰিয়তে এই ক্ষেত্ৰত সহযোগিতা অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে। জৰ্ডানৰ দলটোৱে চলিত বছৰৰ পৰা কাৰ্যকৰী হোৱাকৈ আইটিইচিৰ শ্লট ৩৫ৰ পৰা ৫০লৈ বৃদ্ধিৰ শলাগ লয়।

স্বাস্থ্য

বিশেষকৈ স্বাস্থ্য কৰ্মশক্তিৰ প্ৰশিক্ষণত টেলি-মেডিচিন আৰু সামৰ্থ্য বিকাশৰ ক্ষেত্ৰত বিশেষজ্ঞতাৰ বিনিময়ৰ জৰিয়তে স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতিৰ ওপৰত নেতাদ্বয়ে গুৰুত্ব আৰোপ কৰে। তেওঁলোকে স্বাস্থ্য আৰু ঔষধৰ গুৰুত্বক দ্বিপাক্ষিক সহযোগিতাৰ এক মূল স্তম্ভ হিচাপে স্বীকাৰ কৰি তেওঁলোকৰ জনগোষ্ঠীৰ মংগলৰ প্ৰসাৰ আৰু বহনক্ষম উন্নয়ন লক্ষ্য (এছডিজি) আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ইয়াৰ ভূমিকাক আলোকপাত কৰে।

কৃষি

নেতাদ্বয়ে খাদ্য সুৰক্ষা আৰু পুষ্টিৰ উন্নতিৰ ক্ষেত্ৰত কৃষি খণ্ডৰ গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকাৰ কৰে আৰু এই খণ্ডত সহযোগিতা শক্তিশালী কৰাৰ বাবে এক উমৈহতীয়া প্ৰতিশ্ৰুতি প্ৰকাশ কৰে। এই প্ৰেক্ষাপটত তেওঁলোকে সাৰ বিশেষকৈ ফছফেটৰ ক্ষেত্ৰত দুয়োপক্ষৰ মাজত বৰ্তমানৰ সহযোগিতা পৰ্যালোচনা কৰে। কৃষি আৰু আনুষংগিক খণ্ডসমূহৰ দক্ষতা বৃদ্ধিৰ বাবে প্ৰযুক্তি আৰু বিশেষজ্ঞতাৰ বিনিময়ত সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰতো সহমত প্ৰকাশ কৰে।

জল সহযোগিতা

নেতাদ্বয়ে জলসম্পদ ব্যৱস্থাপনা আৰু উন্নয়নৰ ক্ষেত্ৰত সহযোগিতাৰ বুজাবুজি চুক্তি স্বাক্ষৰিত হোৱাটোক আদৰণি জনাই পানী ৰাহি কৰা কৃষি প্ৰযুক্তি, সামৰ্থ্য বিকাশ, জলবায়ু অভিযোজন আৰু পৰিকল্পনা আৰু জলধাৰা ব্যৱস্থাপনাৰ দৰে ক্ষেত্ৰত দুয়োপক্ষৰ মাজত সহযোগিতাৰ গুৰুত্ব স্বীকাৰ কৰে।

সেউজ আৰু বহনক্ষম উন্নয়ন

নেতাদ্বয়ে জলবায়ু পৰিৱৰ্তন, পৰিৱেশ, বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি আৰু নতুন আৰু নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰক উৎসাহিত কৰাৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰে। এই প্ৰেক্ষাপটতে তেওঁলোকে নতুন আৰু নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত কাৰিকৰী সহযোগিতাৰ বুজাবুজি চুক্তি স্বাক্ষৰিত হোৱাক আদৰণি জনায়। এই বুজাবুজি চুক্তি স্বাক্ষৰৰ জৰিয়তে তেওঁলোকে বৈজ্ঞানিক আৰু কাৰিকৰী কৰ্মীৰ আদান-প্ৰদান আৰু প্ৰশিক্ষণ, কৰ্মশালা, আলোচনা চক্ৰ আৰু কৰ্মীগোটৰ আয়োজন, অবাণিজ্যিক ভিত্তিত সঁজুলি, ন’-হাউ আৰু প্ৰযুক্তিৰ হস্তান্তৰ আৰু পাৰস্পৰিক আগ্ৰহৰ বিষয়সমূহৰ ওপৰত যৌথ গৱেষণা বা কাৰিকৰী প্ৰকল্পৰ বিকাশৰ ক্ষেত্ৰত সহমতত উপনীত হয়।

সাংস্কৃতিক সহযোগিতা

ভাৰত আৰু জৰ্ডানৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা সাংস্কৃতিক বিনিময়ৰ বাবে দুয়োপক্ষই শলাগ লয়, আৰু ২০২৫–২০২৯ চনৰ বাবে সাংস্কৃতিক বিনিময় কাৰ্যসূচীত স্বাক্ষৰ কৰাটো আদৰণি জনায়। সংগীত, নৃত্য, নাট্য, শিল্প, আৰ্কাইভ, পুথিভঁৰাল আৰু সাহিত্য, উৎসৱ আদিৰ ক্ষেত্ৰত সহযোগিতা সম্প্ৰসাৰণৰ ধাৰণাক তেওঁলোকে সমৰ্থন কৰে। প্ৰত্নতাত্ত্বিক স্থানসমূহৰ উন্নয়ন আৰু সামাজিক সম্পৰ্কৰ প্ৰসাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি চিটি অৱ পেট্ৰা আৰু এলোৰা কেভছ ছাইটৰ মাজত স্বাক্ষৰিত টুইনিং চুক্তিক আদৰণি জনায়।

সংযোগ ক্ষমতা

দুয়োপক্ষই দ্বিপাক্ষিক সম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰত প্ৰত্যক্ষ সংযোগৰ গুৰুত্ব স্বীকাৰ কৰে। বাণিজ্য, বিনিয়োগ, পৰ্যটন আৰু মানুহৰ মাজত আদান-প্ৰদানৰ প্ৰসাৰৰ বাবে ই এক গুৰুত্বপূৰ্ণ মূল আধাৰ আৰু ই গভীৰ পাৰস্পৰিক বুজাবুজি সৃষ্টি কৰাত সহায় কৰে। এই সন্দৰ্ভত তেওঁলোকে দুয়োখন দেশৰ মাজত প্ৰত্যক্ষ সংযোগ বৃদ্ধিৰ সম্ভাৱনা অন্বেষণ কৰিবলৈ সন্মত হয়।

বহুপক্ষীয় সহযোগিতা

মহামহিম ৰজা দ্বিতীয় আব্দুল্লাই আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰী (আইএছএ) আৰু ক’লিচন ফৰ ডিজাষ্টাৰ ৰেজিলিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ (চিডিআৰআই) আৰু গ্ল’বেল বায়’ফুৱেলছ এলায়েন্স (জিবিএ)ত ভাৰতৰ নেতৃত্বৰ প্ৰশংসা কৰে। আইএছএ, চিডিআৰআই আৰু জিবিএত যোগদানৰ বাবে জৰ্ডানৰ আগ্ৰহক ভাৰতে আদৰণি জনায়। দুয়োপক্ষই জৈৱ ইন্ধনক কাৰ্বন মুক্তকৰণৰ প্ৰতিশ্ৰুতি লাভ কৰাৰ লগতে দুয়োখন দেশৰ জনসাধাৰণৰ বাবে অধিক অৰ্থনৈতিক আৰু সামাজিক উন্নয়ন প্ৰদানৰ বাবে এক বহনক্ষম, কম কাৰ্বনযুক্ত বিকল্প হিচাপে স্বীকৃতি দিয়ে।

ভ্ৰমণৰ শেষভাগত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহামহিম ৰজা দ্বিতীয় আব্দুল্লাহ আৰু তেওঁৰ লগত অহা প্ৰতিনিধি দলটোক উষ্ম আদৰণি আৰু ভব্য আতিথ্যৰ বাবে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে তেওঁ জৰ্ডানৰ হাশ্বেমাইত সাম্ৰাজ্যৰ বন্ধুত্বপূৰ্ণ জনসাধাৰণৰ অবিৰত অগ্ৰগতি আৰু সমৃদ্ধিৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। তেওঁৰ ফালৰ পৰা মহামহিম ৰজাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰতৰ বন্ধুত্বপূৰ্ণ লোকসকলৰ অধিক প্ৰগতি আৰু সমৃদ্ধিৰ বাবে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Make in India' radar programme to help Tejas track targets gets Rs 2,205 crore boost

Media Coverage

'Make in India' radar programme to help Tejas track targets gets Rs 2,205 crore boost
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM to launch ‘Nasha Mukt Yuva for Viksit Bharat Sankalp Abhiyan’ on 2nd August
August 01, 2026
Launch to mark Beginning of 100-Week Nationwide Jan Bhagidari Campaign against Substance Abuse

Prime Minister Shri Narendra Modi will launch the ‘Nasha Mukt Yuva for Viksit Bharat Sankalp Abhiyan’ on 2nd August 2026 at 11 AM through video conferencing. The initiative aims to inspire youth to stay away from substance abuse and encourage them to become ambassadors of positive social change in their communities

The launch will mark the beginning of a 100-week nationwide Jan Bhagidari campaign against substance abuse. Under this campaign, weekly activities will be organised every Sunday across the country to promote awareness and encourage public participation in building a drug-free society. The activities will include sports events, walkathons, meditation sessions, cultural programmes, awareness campaigns, nukkad nataks, discussion forums, art competitions and community engagement programmes.

The initiative seeks to further strengthen community participation by bringing together educational institutions, youth organisations, civil society groups, industry bodies and spiritual organisations on a common platform to create a collective movement against substance abuse.

The programme will witness participation from youth across the country from over 10,000 locations. MY Bharat Volunteers, MY Bharat National Service Scheme volunteers, youth clubs, schools, colleges, universities, NGOs, youth wings of industry associations and more than 125 partner spiritual organisations will participate in the programme virtually.