ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজৰ উপস্থিতিত ২০২৪ চনৰ ১৯ নৱেম্বৰত ৰিঅ’ ডি জেনেইৰ’ত গ্ৰুপ অফ ২০ (জি-২০) শীৰ্ষ সন্মিলনৰ সুযোগত দ্বিতীয় ভাৰত-অষ্ট্ৰেলিয়া বাৰ্ষিক শীৰ্ষ সন্মিলন অনুষ্ঠিত হয়। ২০২৫ চনত ভাৰত-অষ্ট্ৰেলিয়া সৰ্বাংগীন কৌশলগত অংশীদাৰিত্বৰ পঞ্চম বৰ্ষপূৰ্তিৰ পূৰ্বে দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীয়ে জলবায়ু পৰিৱৰ্তন আৰু নবীকৰণযোগ্য শক্তি, বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, শিক্ষা আৰু গৱেষণা, দক্ষতা, গতিশীলতা, বিজ্ঞান আৰু প্ৰযুক্তি, আদি আঞ্চলিক বিষয়সমূহৰ ওপৰত আলোচনা কৰে আৰু বহুপক্ষীয় সহযোগিতা, সামাজিক আৰু সাংস্কৃতিক সম্পৰ্ক আৰু জনসাধাৰণৰ মাজত সম্পৰ্ককে ধৰি কেইবাটাও মূল ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত মহত্বপূৰ্ণ অগ্ৰগতিৰ উল্লেখ কৰে।

দুয়োজন প্ৰধানমন্ত্ৰীয়ে দুয়োখন দেশৰ উমৈহতীয়া স্বাৰ্থ বিবেচনা কৰে আৰু এই কথাত সন্তুষ্টি প্ৰকাশ কৰে যে ঘনিষ্ঠ দ্বিপাক্ষিক সম্পৰ্কই দুয়োখন দেশৰ লগতে ব্যাপক অঞ্চলটোক উপকৃত কৰিছে। তেওঁলোকে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত নিৰন্তৰ উচ্চ পৰ্যায়ৰ যোগাযোগ আৰু মন্ত্ৰীস্তৰীয় ব্যস্ততাৰ কথা উল্লেখ কৰে। দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীয়ে চিৰস্থায়ী সহযোগিতাৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰে আৰু পাৰস্পৰিক লাভালাভৰ প্ৰচেষ্টাক কেন্দ্ৰীভূত কৰা আৰু ত্বৰান্বিত কৰাৰ লগতে অঞ্চলটোৰ শান্তি, স্থিতিশীলতা আৰু সমৃদ্ধিৰ প্ৰসাৰৰ বাবে পদক্ষেপ ঘোষণা কৰে।

অৰ্থনীতি, বাণিজ্য আৰু বিনিয়োগ

দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীয়ে ভাৰত-অষ্ট্ৰেলিয়া অৰ্থনৈতিক সহযোগিতা আৰু বাণিজ্য চুক্তি (ইচিটিএ)ৰ অধীনত সামৰি লোৱা সামগ্ৰী আৰু সেৱাৰ বাবে বৰ্ধিত দ্বিপাক্ষিক বাণিজ্য, বাণিজ্যিক সংযোগ আৰু বজাৰত প্ৰৱেশৰ ক্ষেত্ৰত সন্তুষ্টি প্ৰকাশ কৰে। তেওঁলোকে দ্বিপাক্ষিক অৰ্থনৈতিক সম্পৰ্কৰ সম্পূৰ্ণ সম্ভাৱনাক বাস্তৱায়িত কৰাৰ বাবে এক অভিলাষী, সুষম আৰু পাৰস্পৰিকভাৱে লাভজনক ব্যাপক অৰ্থনৈতিক সহযোগিতা চুক্তি (চিইচিএ)ৰ দিশত অধিক কামক আদৰণি জনায়।

দুয়োখন দেশৰ নেতাসকলে কয় যে ‘মেক ইন ইণ্ডিয়া’ আৰু ‘ফিউচাৰ মেড ইন অষ্ট্ৰেলিয়া’ৰ পৰিপূৰক আৰু সহযোগিতামূলক সম্ভাৱনা আছে আৰু ই নতুন চাকৰিৰ সৃষ্টি, অৰ্থনৈতিক বিকাশৰ প্ৰসাৰ আৰু পৰিৱৰ্তিত পৃথিৱীত আমাৰ ভৱিষ্যতৰ সমৃদ্ধি সুৰক্ষিত কৰাত সহায় কৰিব পাৰে। দুয়োগৰাকী নেতাই ব্যাপক কৌশলগত অংশীদাৰিত্বক প্ৰতিফলিত কৰি অধিক দুমুখীয়া বিনিয়োগৰ আহ্বান জনায় আৰু দুয়োখন দেশৰ অৰ্থনীতিৰ মাজত অধিক সহযোগিতা অৰ্জন কৰাৰ উপায় বিচাৰি উলিয়াবলৈ আৰু দুয়োখন দেশতে পাৰস্পৰিকভাৱে উপকাৰী বিনিয়োগক প্ৰসাৰিত কৰিবলৈ বিষয়াসকলক আহ্বান জনায়। প্ৰধানমন্ত্ৰীসকলে ২০২৪ চনৰ জুলাইৰ পৰা আৰু চাৰি বছৰৰ বাবে অষ্ট্ৰেলিয়া-ইণ্ডিয়া বিজনেছ এক্সচেঞ্জ (এআইবিএক্স) কাৰ্যসূচী সম্প্ৰসাৰণক আদৰণি জনায়। এআইবিএক্সে অষ্ট্ৰেলিয়া আৰু ভাৰতীয় ব্যৱসায়ীসকলৰ আস্থা আৰু সামৰ্থ্যক সংযোগ আৰু পাৰস্পৰিকভাৱে লাভজনক অংশীদাৰিত্ব গঢ়ি তোলাৰ বাবে প্ৰসাৰিত কৰি আহিছে।

শক্তি, বিজ্ঞান আৰু প্ৰযুক্তি, মহাকাশ

ভাৰত আৰু অষ্ট্ৰেলিয়াই আগুৱাই নিবলৈ, একেলগে কাম কৰিবলৈ আৰু জলবায়ু আন্দোলনক আগবঢ়াই নিবলৈ, নিজৰ পৰিপূৰক শক্তিক ব্যৱহাৰ কৰাৰ উমৈহতীয়া উচ্চাকাংক্ষাৰ ভাগ-বতৰা কৰে। প্ৰধানমন্ত্ৰীসকলে ভাৰত-অষ্ট্ৰেলিয়া নবীকৰণযোগ্য শক্তি অংশীদাৰিত্ব (আৰ ই পি) আৰম্ভ কৰাত আদৰণি জনায় যিয়ে সৌৰ পি ভি, সেউজ হাইড্ৰজেন, শক্তি সংৰক্ষণ, নবীকৰণযোগ্য শক্তি প্ৰকল্প আৰু সংশ্লিষ্ট খণ্ডত দুমুখীয়া বিনিয়োগ আদি অগ্ৰাধিকাৰৰ ক্ষেত্ৰসমূহত ব্যৱহাৰিক সহযোগিতাৰ কাঠামো প্ৰদান কৰিব। ইয়াৰ উপৰিও ভৱিষ্যতৰ নবীকৰণযোগ্য কৰ্মশক্তিৰ বাবে উন্নত দক্ষতা প্ৰশিক্ষণো প্ৰদান কৰা হ’ব।

প্ৰধানমন্ত্ৰীসকলে বাণিজ্যিক সম্পৰ্ক বৃদ্ধি কৰিবলৈ আৰু যোগান শৃংখল বিবিধকৰণৰ সুফলসমূহ আগবঢ়াই নিয়াৰ সুযোগ হিচাপে ভাৰতৰ খনিজ বিদেশ লিমিটেড (কেএবিআইএল) আৰু অষ্ট্ৰেলিয়াৰ ক্ৰিটিকেল মিনাৰেলছ অফিচৰ মাজত বুজাবুজি চুক্তিৰ অধীনত হোৱা অগ্ৰগতিৰ শলাগ লয়। দুয়োখন দেশৰ নেতাসকলে বিশ্বব্যাপী স্বচ্ছ শক্তি পৰিৱৰ্তনৰ সমৰ্থনত মূল খনিজ খণ্ডৰ বিকাশৰ ক্ষেত্ৰত বহনক্ষম পদ্ধতিত পৰস্পৰে পৰস্পৰৰ সন্মিলনত অংশগ্ৰহণকে ধৰি গৱেষণা আৰু উদ্ভাৱন, দক্ষতা বিকাশ আৰু পেছাদাৰী আদান-প্ৰদানৰ ভূমিকাত গুৰুত্ব আৰোপ কৰে। ইয়াৰ ভিতৰত বেটাৰী আৰু ছাদৰ ওপৰৰ সৌৰশক্তিৰ দৰে প্ৰযুক্তিও অন্তৰ্ভুক্ত।

প্ৰধানমন্ত্ৰীদ্বয়ে মহাকাশ সংস্থা আৰু মহাকাশ উদ্যোগ দুয়োটা পৰ্যায়তে দুয়োখন দেশৰ মাজত ক্ৰমবৰ্ধমান মহাকাশ অংশীদাৰিত্বক আদৰণি জনায়। গগনযান অভিযানসমূহক সমৰ্থন কৰাৰ বাবে সহযোগিতা, ২০২৬ চনত এক ভাৰতীয় উৎক্ষেপণ বাহনত অষ্ট্ৰেলিয়াৰ উপগ্ৰহৰ পৰিকল্পিত উৎক্ষেপণ আৰু আমাৰ নিজ নিজ মহাকাশ উদ্যোগৰ মাজত যৌথ প্ৰকল্পই এই চিৰস্থায়ী সহযোগিতাৰ উদাহৰণ দাঙি ধৰে।

প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ সহযোগিতা

দুগৰাকী প্ৰধানমন্ত্ৰীয়ে ব্যাপক কৌশলগত অংশীদাৰিত্বৰ প্ৰতিৰক্ষা আৰু নিৰাপত্তা স্তম্ভৰ অধীনত দীৰ্ঘস্থায়ী অগ্ৰগতিক আদৰণি জনায়। তেওঁলোকে ২০২৫ চনত প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতাৰ যুটীয়া ঘোষণাপত্ৰখন নবীকৰণ আৰু শক্তিশালী কৰাৰ উদ্দেশ্য প্ৰকাশ কৰে, যাৰ ফলত দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত অধিক অংশীদাৰিত্ব আৰু কৌশলগত সহযোগিতাৰ সৃষ্টি হ’ব। দুয়োখন দেশৰ মাজত সামূহিক ক্ষমতা বৃদ্ধি, দুয়োখন দেশৰ সুৰক্ষাত অৰিহণা যোগোৱা, আঞ্চলিক শান্তি আৰু নিৰাপত্তাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱাৰ বাবে প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতাৰ দীৰ্ঘম্যাদী দৃষ্টিভংগীৰ আশা প্ৰকাশ কৰে।

দুয়োখন দেশৰ নেতাসকলে প্ৰতিৰক্ষা অনুশীলন আৰু বিনিময়ৰ ক্ৰমবৰ্ধমান কম্পাঙ্ক আৰু জটিলতা আৰু পাৰস্পৰিক লজিষ্টিক সমৰ্থন ব্যৱস্থা ৰূপায়ণৰ জৰিয়তে বৃদ্ধি পোৱা আন্তঃকাৰ্য্যক্ষমতাৰ শলাগ লয়। প্ৰধানমন্ত্ৰীসকলে সামুদ্ৰিক ডমেইন সজাগতা বৃদ্ধি আৰু কাৰ্য্যকৰী প্ৰতিৰক্ষা সহযোগিতা বজাই ৰাখিবলৈ, ভাগ-বতৰা কৰা উদ্বেগ আৰু প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ, আৰু মুকলি, সৰ্বাংগীন, শান্তিপূৰ্ণ, সুস্থিৰ আৰু সমৃদ্ধিশালী ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ দিশত কাম কৰিবলৈ সন্মত হয়। যৌথ সামুদ্ৰিক সুৰক্ষা সহযোগিতাৰ ৰোড মেপ প্ৰস্তুত কৰিবলৈ সন্মত হয়। প্ৰধানমন্ত্ৰীসকলে ইজনে সিজনৰ ভূখণ্ডৰ পৰা বিমান নিয়োগ কৰি অপাৰেচনেল ব্রিফিং প্ৰদান কৰিবলৈ সন্মত হয়।

প্ৰধানমন্ত্ৰীসকলে সামুদ্ৰিককে ধৰি প্ৰতিৰক্ষা উদ্যোগ, গৱেষণা আৰু সামগ্ৰী সহযোগিতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে আৰু পাৰ্থত অনুষ্ঠিত ভাৰত মহাসাগৰৰ প্ৰতিৰক্ষা আৰু নিৰাপত্তা ২০২৪ সন্মিলন আৰু মেলবৰ্ণত অনুষ্ঠিত ভূমি বাহিনী প্ৰদৰ্শনীত ভাৰতীয় প্ৰতিৰক্ষা উদ্যোগসমূহে প্ৰথমবাৰৰ বাবে অংশগ্ৰহণৰ কথা উল্লেখ কৰে। তেওঁলোকে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ প্ৰতিৰক্ষা উদ্যোগ প্ৰতিষ্ঠান আৰু প্ৰতিৰক্ষা ষ্টাৰ্ট-আপৰ মাজত সম্পৰ্ক প্ৰসাৰিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে, য’ত পৰস্পৰে পৰস্পৰৰ প্ৰধান প্ৰতিৰক্ষা বাণিজ্যিক প্ৰদৰ্শনীত অংশগ্ৰহণৰ সুযোগো অন্তৰ্ভুক্ত। তেওঁলোকে অংশীদাৰিত্বৰ সুযোগৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি গঠনমূলক আলোচনা আগবঢ়াই নিবলৈ আৰু পৰৱৰ্তী পদক্ষেপ স্পষ্ট কৰিবলৈ অদূৰ ভৱিষ্যতে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত প্ৰতিৰক্ষা উদ্যোগৰ প্ৰতিনিধি দল এটাৰ ভ্ৰমণৰ কথাও প্ৰকাশ কৰে।

সংসদীয় সহযোগিতা

প্ৰধানমন্ত্ৰীদ্বয়ে পুনৰ কয় যে আন্তঃসংসদীয় সহযোগিতা ব্যাপক কৌশলগত অংশীদাৰিত্বৰ এক গুৰুত্বপূৰ্ণ উপাদান আৰু তেওঁলোক অবিৰত আদান-প্ৰদানৰ বাবে আগ্ৰহী।

শিক্ষা, ক্ৰীড়া আৰু জনসাধাৰণৰ মাজত সম্পৰ্ক

দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ বাবে জনসাধাৰণৰ মাজত পাৰস্পৰিক ক্ৰিয়া-কলাপৰ শক্তিক স্বীকাৰ কৰি দুয়োগৰাকী নেতাই ভাৰত আৰু অষ্ট্ৰেলিয়াৰ জনগোষ্ঠীৰ মাজত হোৱা উল্লেখযোগ্য সাংস্কৃতিক সহযোগিতাৰ আদৰণি জনাই এই পাৰস্পৰিক বন্ধনক আৰু অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীসকলে বেংগালুৰুত অষ্ট্ৰেলিয়াৰ নতুন কনছুলেট জেনেৰেল আৰু ব্রিজবেনত ভাৰতৰ নতুন কনছুলেট জেনেৰেল মুকলিক আদৰণি জনায়৷ ইয়াৰ দ্বাৰা বাণিজ্য আৰু বিনিয়োগৰ সম্পৰ্ক আৰু অধিক শক্তিশালী হ’ব আৰু সাংস্কৃতিক সম্পৰ্ক গভীৰ হ’ব বুলি তেওঁ আস্থা প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীসকলে স্বীকাৰ কৰে যে অষ্ট্ৰেলিয়া আৰু ভাৰতৰ মাজত গতিশীলতাৰ সুযোগ অৰ্থনৈতিক বিকাশৰ গুৰুত্বপূৰ্ণ চালক। তেওঁলোকে ২০২৪ চনৰ অক্টোবৰ মাহত ভাৰতৰ বাবে অষ্ট্ৰেলিয়াৰ ৱৰ্কিং হলিডে মেকাৰ ভিছা কাৰ্যসূচী আৰম্ভ কৰাটো আদৰণি জনায় আৰু অষ্ট্ৰেলিয়াৰ মবিলিটি এৰেঞ্জমেণ্ট ফৰ টেলেণ্টেড আৰলি প্ৰফেচনেলছ স্কিম (MATES) আৰম্ভ কৰাৰ বাবে আগ্ৰহী, যিয়ে প্ৰাৰম্ভিক পেছাদাৰীসকলৰ গতিশীলতাক প্ৰসাৰিত কৰিব আৰু অষ্ট্ৰেলিয়াৰ উদ্যোগক সহায় কৰিব ভাৰতৰ কিছুমান প্ৰতিভাৱান STEM (বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গণিত) স্নাতকক অষ্ট্ৰেলিয়াৰ উদ্যোগৰ সুবিধা প্ৰদান কৰা। শক্তিশালী আৰু ক্ৰমবৰ্ধমান শৈক্ষিক অংশীদাৰিত্বৰ মূল্যক স্বীকাৰ কৰি প্ৰধানমন্ত্ৰীসকলে অষ্ট্ৰেলিয়াৰ বিশ্ববিদ্যালয়সমূহে ভাৰতত নিজৰ চৌহদ স্থাপন কৰাত সন্তুষ্টি প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীসকলে কয় যে ২০২৪ চনৰ অক্টোবৰ মাহত অনুষ্ঠিত হোৱা অষ্ট্ৰেলিয়া-ভাৰত শিক্ষা আৰু দক্ষতা পৰিষদৰ দ্বিতীয়খন বৈঠকে শৈক্ষিক আৰু দক্ষতা সহযোগিতাক আগুৱাই যোৱাত সহায় কৰিছে।

প্ৰধানমন্ত্ৰীসকলে গুৰুত্ব আৰোপ কৰে যে ক্ৰীড়াই দ্বিপাক্ষিক সম্পৰ্ক, জনসাধাৰণৰ সম্পৰ্ক আৰু সাংস্কৃতিক আদান-প্ৰদান বৃদ্ধিৰ বাবে গুৰুত্বপূৰ্ণ সুযোগ প্ৰদান কৰে। তেওঁলোকে সামৰ্থ্য বিকাশ, প্ৰশিক্ষণ আৰু কৰ্মশক্তি বিকাশ, ক্ৰীড়া বিজ্ঞান আৰু চিকিৎসা আৰু প্ৰধান ক্ৰীড়া অনুষ্ঠান পৰিচালনাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ সন্মত হয়।

আঞ্চলিক আৰু বহুপক্ষীয় সহযোগিতা

দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীয়ে সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাক সন্মান জনোৱা এখন মুকলি, সৰ্বাংগীন, সুস্থিৰ, শান্তিপূৰ্ণ আৰু সমৃদ্ধিশালী ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলক সমৰ্থন কৰাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ প্ৰকাশ কৰে। দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীয়ে আন্তৰ্জাতিক আইন, বিশেষকৈ ৰাষ্ট্ৰসংঘৰ সাগৰীয় আইন সন্ধি (UNCLOS) অনুসৰি সকলো সাগৰ আৰু মহাসাগৰত যাতায়ত আৰু উৰণৰ স্বাধীনতাকে ধৰি অধিকাৰ আৰু স্বাধীনতা প্ৰয়োগ কৰিব পৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে)। প্ৰধানমন্ত্ৰীসকলে বিশ্ব মংগলৰ বাবে এক শক্তি হিচাপে কোৱাডৰ জৰিয়তে সহযোগিতা শক্তিশালী কৰাৰ বাবে নিজৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে, যি ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বাবে বাস্তৱিক, ইতিবাচক আৰু স্থায়ী প্ৰভাৱ পেলায়, যাতে এনে এটা অঞ্চলৰ বাবে তেওঁলোকৰ ভাগ-বতৰা কৰা দৃষ্টিভংগীক আগুৱাই নিব পাৰি যিটো মুক্ত, মুকলি, সৰ্বাংগীন আৰু শক্তিশালী হ’ব। তেওঁলোকে মহামাৰী আৰু ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত অংশীদাৰসকলক সহায় কৰাৰ বাবে অভিলাষী প্ৰকল্প আৰম্ভ কৰাৰ বাবে কোৱাডৰ অব্যাহত থকা প্ৰচেষ্টাক প্ৰশংসা কৰে। লগতে প্ৰাকৃতিক দুৰ্যোগৰ বিৰুদ্ধে যুঁজ দিয়া; সামুদ্ৰিক ক্ষেত্ৰত সজাগতা আৰু সামুদ্ৰিক নিৰাপত্তা শক্তিশালী কৰা; উচ্চমানৰ ভৌতিক আৰু ডিজিটেল আন্তঃগাঁথনি সংগঠিত আৰু নিৰ্মাণ কৰা; জটিল আৰু উদীয়মান প্ৰযুক্তিবিদ্যাত বিনিয়োগ আৰু লাভৱান হোৱা; জলবায়ু পৰিৱৰ্তনৰ ভাবুকিৰ সন্মুখীন হোৱা; ইয়াৰ ভিতৰত চাইবাৰ সুৰক্ষাৰ প্ৰসাৰ আৰু প্ৰযুক্তিবিদ্যাৰ নেতাসকলৰ পৰৱৰ্তী প্ৰজন্মক বিকশিত কৰাটোও অন্তৰ্ভুক্ত। প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৫ চনত ভাৰতত অনুষ্ঠিত হ’বলগীয়া কোৱাড লিডাৰ্ছ ছামিটত অষ্ট্ৰেলিয়াক আতিথ্য প্ৰদান কৰিবলৈ আগ্ৰহী।

দুয়োখন ৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰীয়ে পূব এছিয়া শীৰ্ষ সন্মিলন (ইএএছ), আছিয়ান আঞ্চলিক মঞ্চ আৰু আছিয়ান প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠকসহ আছিয়ানৰ নেতৃত্বাধীন ক্ষেত্ৰীয় কাঠামো আৰু আছিয়ান কেন্দ্ৰীয়তাৰ প্ৰতি নিজৰ দায়বদ্ধতা পুনৰ প্ৰকাশ কৰে। তেওঁলোকে ভাৰত-প্ৰশান্ত মহাসাগৰীয় (AOIP) সম্পৰ্কীয় আছিয়ান আউটলুকৰ ব্যৱহাৰিক ৰূপায়ণৰ বাবে অবিৰত সমৰ্থন প্ৰকাশ কৰে।

তেওঁলোকে ভাৰত-প্ৰশান্ত মহাসাগৰীয় পদক্ষেপৰ অধীনত চলি থকা দ্বিপাক্ষিক সহযোগিতা আৰু সামুদ্ৰিক পৰিৱেশ সংৰক্ষণ, সাগৰীয় প্ৰদূষণৰ প্ৰভাৱ হ্ৰাস, সাগৰীয় সম্পদৰ বহনক্ষম ব্যৱহাৰ নিশ্চিত কৰা আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ কমোৱাৰ ক্ষেত্ৰত সহযোগিতাৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীসকলে পাৰ্থত অষ্ট্ৰেলিয়া আৰু ভাৰতৰ সহযোগত আয়োজিত ২০২৪ চনৰ ভাৰত মহাসাগৰ সন্মিলনৰ সফলতাৰ বিষয়ে আলোচনা কৰে। ভাৰত মহাসাগৰ অঞ্চলৰ বাবে অঞ্চলটোৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ বাবে প্ৰধান মঞ্চ হিচাপে ভাৰত মহাসাগৰীয় ৰিম এছ’চিয়েশ্যনক (আই অ’ আৰ এ) প্ৰতি দৃঢ় সমৰ্থন পুনৰবাৰ প্ৰকাশ কৰে আৰু ২০২৫ চনত ভাৰত আই অ’ আৰ এৰ অধ্যক্ষ হ’লে একেলগে কাম কৰিবলৈ আগ্ৰহী।

প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জৰ দেশসমূহৰ প্ৰয়োজনীয়তা আৰু অগ্ৰাধিকাৰসমূহক সমৰ্থন কৰিবলৈ প্ৰশান্ত মহাসাগৰীয় অঞ্চলত অধিক শক্তিশালী সহযোগিতাৰ গুৰুত্বৰ ওপৰত প্ৰধানমন্ত্ৰীসকলে একমত প্ৰকাশ কৰে। ইয়াৰ উপৰিও জলবায়ু ব্যৱস্থা, স্বাস্থ্য আৰু শিক্ষাকে ধৰি প্ৰশান্ত মহাসাগৰীয় অগ্ৰাধিকাৰসমূহক সমৰ্থন কৰাৰ বাবে দুয়োখন দেশৰ অবিৰত প্ৰতিশ্ৰুতিৰ কথাও উল্লেখ কৰা হৈছে। তেওঁলোকে আঞ্চলিক প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ ক্ষেত্ৰত প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জ মঞ্চৰ দ্বাৰা গ্ৰহণ কৰা কেন্দ্ৰীয় ভূমিকাক আৰু ব্লু পেচিফিক মহাদ্বীপৰ বাবে ইয়াৰ ২০৫০ চনৰ ৰণনীতিক স্বীকাৰ কৰে। প্ৰধানমন্ত্ৰী আলবানিজে ভাৰত-প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জ সহযোগিতাৰ মঞ্চ (এফআইপিআইচি) কাঠামোসহ প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জৰ দেশসমূহৰ সৈতে উন্নয়নমূলক অংশীদাৰিত্ব বৃদ্ধিৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকাক স্বীকাৰ কৰে। দুয়োখন দেশেই ভাৰত মহাসাগৰ অঞ্চলৰ উন্নয়নমূলক কাম-কাজতো সহায় কৰিবলৈ আগ্ৰহী।

প্ৰধানমন্ত্ৰীসকলে সমসাময়িক আঞ্চলিক আৰু বিশ্বৰ উন্নয়নৰ ওপৰত মত বিনিময় কৰে। তেওঁলোকে আলোচনা আৰু কূটনীতিৰ জৰিয়তে চলি থকা সংঘাতৰ সমাধানৰ আহ্বানৰ ওপৰত আলোকপাত কৰে। বিত্তীয় কাৰ্য্য টাস্ক ফ’ৰ্চত সহযোগিতা শক্তিশালী কৰা আৰু সন্ত্ৰাসবাদৰ বিত্তীয় সাহায্যৰ বিৰুদ্ধে যুঁজিবলৈ অন্যান্য পদক্ষেপৰ সন্ধানকে ধৰি সন্ত্ৰাসবাদৰ ভাবুকিৰ বিৰুদ্ধে যুঁজ দিয়া সকলো দেশৰ গুৰুত্বৰ ওপৰতো জোৰ দিয়ে। সন্ত্ৰাসবাদ আৰু হিংসাত্মক উগ্ৰবাদক সকলো ৰূপতে নিৰ্দ্বিধায় গৰিহণা দিয়ে দুয়োগৰাকী নেতাই।

দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতিৰ ইতিবাচক মূল্যায়ন ভাগ কৰি অঞ্চলটোৰ পাৰস্পৰিক হিত আৰু লাভালাভৰ বাবে সম্পৰ্ক অধিক বিকশিত কৰিবলৈ আৰু স্থায়ী কৰাৰ নিজৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে। ব্যাপক কৌশলগত অংশীদাৰিত্বৰ পঞ্চম বৰ্ষপূৰ্তিৰ গুৰুত্বক স্বীকাৰ কৰি দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ২০২৫ চনত এই ঐতিহাসিক অনুষ্ঠানটোক উপযুক্তভাৱে স্মৰণ কৰাৰ সুযোগক আদৰণি জনায়। দুয়োখন দেশে ২০২৫ চনত অনুষ্ঠিত হ’বলগীয়া ভাৰত-অষ্ট্ৰেলিয়াৰ বাৰ্ষিক শীৰ্ষ সন্মিলনৰ বাবে অপেক্ষাৰত।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Assam makes first agarwood export to Gulf, eyes Rs 50,000 crore potential

Media Coverage

Assam makes first agarwood export to Gulf, eyes Rs 50,000 crore potential
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Russia’s Foreign Minister calls on Prime Minister Shri Narendra Modi
May 14, 2026
Russia’s Foreign Minister calls on Prime Minister Shri Narendra Modi.
FM Lavrov briefs PM on the progress achieved in bilateral cooperation since the meeting of the two leaders in December 2025.
FM Lavrov and PM discuss regional and global issues of mutual interest, including the situation in Ukraine and West Asia.
PM reiterates India’s consistent stand in favour of dialogue and diplomacy.
PM conveys his warm greetings to President Putin.

The Foreign Minister of the Russian Federation, H.E. Mr. Sergei Lavrov, called on Prime Minister Shri Narendra Modi today.

Foreign Minister Lavrov briefed the Prime Minister on the progress achieved in bilateral cooperation since the meeting of the two leaders in December 2025 for the 23rd India-Russia Annual Summit.

Foreign Minister Lavrov and PM exchanged views on various regional and global issues of mutual interest, including the situation in Ukraine and West Asia.

Prime Minister reiterated India’s consistent stand in of dialogue and diplomacy as the best way forward.

Prime Minister requested Foreign Minister Lavrov to convey his warm greetings to President Putin.