প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছেশ্বেলছত ভাৰতীয় প্ৰকল্প মুকলি কৰিবলৈ  ৮ এপ্ৰিল ২০২১ তাৰিখে ছেশ্বেলছ গণৰাজ্যৰ ৰাষ্ট্ৰপতি ৱাভেল ৰামকালাৱানৰ সৈতে এক উচ্চস্তৰীয় ভাৰ্চুৱেল অনুষ্ঠানত অংশগ্ৰহণ কৰিব৷

 

এই উচ্চস্তৰীয় পৰ্যায়ৰ বৈঠকখনত নিম্নোক্ত বিষয়সমূহ সামৰি লোৱা হ’বঃ

ক) ছেশ্বেলছত নতুন মেজিষ্ট্ৰেট ক’ৰ্ট বিল্ডিঙৰ যুটীয়াভাৱে মুকলি

খ) ছেশ্বেলছ কোষ্ট গাৰ্ডলৈ ফাষ্ট পেট্ৰ’ল ভেছেলৰ হস্তান্তৰ

গ) ১ মেগাৱাট সৌৰশক্তি প্ৰকল্পৰ হস্তান্তৰ

ঘ)  ১০টা উচ্চস্তৰীয় সামাজিক বিকাশ প্ৰকল্পৰ মুকলি

 

এই নতুন মেজিষ্ট্ৰেটৰ ক’ৰ্ট বিল্ডিং দেশখনৰ ৰাজধানী চহৰ ভিক্টোৰিয়াত অৱস্থিত৷ এয়া ছিশ্বেলছত নিৰ্মিত ভাৰতৰ প্ৰথমটো গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিমূলক প্ৰকল্প৷

 

৫০ মিটাৰৰ ফাষ্ট পেট্ৰ’ল ভেছেলখন ভাৰতৰ মেচাৰ্ছ জিআৰএছই, কলকাতাৰ নিৰ্মাণ কৰা হৈছে যি হ’ল এক আধুনিক তথা সম্পূৰ্ণ সুসজ্বিত নৌ জাহাজ৷

 

ভূমিত অৱস্থিত ১ মেগাৱাটৰ সৌৰ শক্তিৰ প্ৰকল্পটো ছেশ্বেলছৰ ৰোমাইনভিল দ্বীপপুঞ্জত নিৰ্মাণ কৰা হৈছে৷ ই ‘ছ’লাৰ পিভি ডেমক্ৰেটাইজেছন প্ৰকল্প’ৰ এটা অংশ৷

 

ভাৰ্চুৱেল অনুষ্ঠানত ভাৰতৰ উচ্চায়ুক্তই ১০টা উচ্চস্তৰীয় সামাজিক বিকাশৰ প্ৰকল্প হস্তান্তৰ কৰিব৷

 

উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীৰ ‘সাগৰ’- (‘Security and Growth for All in the Region’) অভিযানত ছেশ্বেলছে এক গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jal Jeevan Mission 2.0: Beyond pipes & pumps

Media Coverage

Jal Jeevan Mission 2.0: Beyond pipes & pumps
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Chief Minister of Rajasthan meets with Prime Minister
March 25, 2026

Chief Minister of Rajasthan, Shri Bhajanlal Sharma met with Prime Minister, Shri Narendra Modi today in New Delhi.

The Prime Minister’s Office said in a X post;

“Chief Minister of Rajasthan, Shri @BhajanlalBjp had a meeting with Prime Minister @narendramodi today.

@RajCMO”