প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ৰোনাৰ বিৰুদ্ধে যুঁজৰ সময়ছোৱাত সম্পূৰ্ণৰূপে প্ৰতিফলিত হোৱা দেশখনৰ নিঃস্বাৰ্থ শক্তিশালী উদ্দীপনাক প্ৰশংসা কৰে। আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সমগ্ৰ-দেশত ক’ভিড-১৯ ৰ টিকাদান কাৰ্যক্ৰমৰ শুভাৰম্ভণিত, শ্ৰী মোদীয়ে কয়, যোৱাটো বছৰত, ভাৰতীয়সকলে ব্যক্তিগতভাৱে, পৰিয়াল হিচাপে আৰু এখন ৰাষ্ট্ৰ হিচাপে বিশেষ কথা শিকিলে আৰু সহ্য কৰিলে। জনপ্ৰিয় তেলেগু কবি গুৰাজাদা ভেংকাটা আপ্পাৰাওৰ উদ্ধৃতি দি, শ্ৰী মোদীয়ে কয়, আমি সদায়ে আনৰ বাবে নিঃস্বাৰ্থভাৱে কাম কৰিব লাগে। এখন ৰাষ্ট্ৰ মানে কেৱল মাটি, পানী আৰু শিলেই নহয়, এখন ৰাষ্ট্ৰ হৈছে ‘আমি মানুহবোৰে’— এই ভাৱনাৰ হৃদয়ংগম। ভাৰতত এই উদ্দীপনাৰেই ক’ৰোনাৰ বিৰুদ্ধে যুঁজ দিয়া হৈছিল, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে যেতিয়া দেশখনৰ জনসাধাৰণে আক্ৰান্ত হোৱা মাত্ৰেকে কাষৰ ঘৰখনলৈ যাব নোৱাৰা হৈছিল, তেতিয়া তেওঁলোকৰ মাজত উদ্ভৱ হোৱা অসহায় অনুভৱৰ প্ৰাৰম্ভিক অৱস্থা সংবেদনশীলতা আৰু সহানুভূতিৰে ৰোমন্থন কৰে। এই ৰোগে সংক্ৰমিত ব্যক্তিক বিচ্ছিন্ন আৰু অকলশৰীয়া কৰে, ৰোগটোক পৰাভূত কৰিবলৈকে চিকিৎসালয়সমূহত মাতৃ আৰু বৃদ্ধ পিতৃ-মাতৃৰ ওচৰৰপৰা দুৰ্বল সন্তানক আঁতৰ কৰি নিয়া হৈছিল। যুঁজত পৰাসকলৰ ওচৰলৈ সম্পৰ্কীয় লোককো আহিবলৈ দিয়া হোৱা নাছিল। এনে কিছু স্মৃতিয়ে আজিও আমাৰ মন বিষণ্ণতাৰে ভৰাই তোলে, আৱেগিকভাৱে প্ৰধানমন্ত্ৰীয়ে কয়।

এই অন্ধকাৰময় দিনসমূহৰ মাজতে, কিছু লোকে আশা আৰু সাহাৰ্য্য আগবঢ়োৱা বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে দোহাৰে। তেখেতে আনক ৰক্ষা কৰিবলৈ চিকিৎসক, নাৰ্ছ, পেৰা মেডিকেল ষ্টাফ, এম্বুলেন্সৰ চালক, আশা কৰ্মী, অনাময় কৰ্মী, আৰক্ষী আৰু আন ফ্ৰন্টলাইন কৰ্মীসকলে কিদৰে নিজৰ জীৱন উৎসৰ্গা কৰিছিল, সেয়া বিস্তৃতভাৱে ব্যক্ত কৰে। তেওঁলোকে তেওঁলোকৰ ব্যক্তিগত স্বাৰ্থ পৰিহাৰ কৰি মানৱতাৰ অৰ্থে দায়িত্ব পালন কৰিছিল। তেওঁলোকৰ কিছুমানে ভাইৰাছটোৰ বিৰুদ্ধে যুঁজত জীৱন হেৰুৱাৰ পৰিপ্ৰেক্ষিতত আনকি ঘৰলৈ ঘূৰি যাবলৈ নোপাৱা বুলি ব্যক্ত কৰি প্ৰধানমন্ত্ৰীজনে তেওঁলোকলৈ শ্ৰদ্ধা নিবেদন কৰে। ফ্ৰন্টলাইন যোদ্ধাসকলে হতাশা আৰু ভীতিৰ পৰিবেশত আশাৰ সঞ্চাৰ কৰিছিল, আজি, তেওঁলোকক প্ৰথমে টিকাদানে, দেশে তেওঁলোকৰ বৰঙণিক কৃতজ্ঞচিত্তে স্বীকাৰ কৰিছে, শ্ৰী মোদীয়ে কয়।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre releases Rs 1.09 lakh crore tax devolution; Uttar Pradesh gets biggest share to accelerate development spending

Media Coverage

Centre releases Rs 1.09 lakh crore tax devolution; Uttar Pradesh gets biggest share to accelerate development spending
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Jharkhand meets Prime Minister
August 03, 2026