ভাৰত-চিলি যুটীয়া বিবৃতি

Published By : Admin | April 1, 2025 | 18:11 IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত চিলি গণৰাজ্যৰ ৰাষ্ট্ৰপতি গেব্ৰিয়েল বৰিক ফণ্টে দুয়োখন ৰাষ্ট্ৰৰ কূটনৈতিক সম্পৰ্কই ৭৬ বছৰ সম্পূৰ্ণ কৰাৰ শুভক্ষণত ২০২৫ চনৰ ১ ৰ পৰা ৫ এপ্ৰিললৈ ভাৰত ভ্ৰমণৰ বাবে উপস্থিত হৈছে। ৰাষ্ট্ৰপতি বৰিকৰ সৈতে বৈদেশিক পৰিক্ৰমা, কৃষি, খনি, মহিলা আৰু লিংগ সমতা, আৰু সংস্কৃতি, কলা, আৰু ঐতিহ্য মন্ত্ৰীসকলৰ লগতে সংসদৰ সদস্য, জ্যেষ্ঠ বিষয়া আৰু এক বৃহৎ ব্যৱসায়িক প্ৰতিনিধি দলো আছে। এই ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি বৰিকে নতুন দিল্লী, আগ্ৰা, মুম্বাই, আৰু বেংগালুৰু ভ্ৰমণ কৰি দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে আলোচনাত মিলিত হ’ব। ২০২৪ চনৰ নৱেম্বৰ মাহত ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত হোৱা জি-২০ শীৰ্ষ সন্মিলন সময়ত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা প্ৰাৰম্ভিক বৈঠকৰ পিছত এইটোৱেই তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ।

ৰাষ্ট্ৰপতি বৰিক বায়ুসেনা ষ্টেচন পালামত উপস্থিত হোৱাৰ লগে লগে উষ্ম আৰু আনুষ্ঠানিক আদৰণি জনোৱা হয়। প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৫ চনৰ ১ এপ্ৰিলত হায়দৰাবাদ হাউচত ৰাষ্ট্ৰপতি বৰিকৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। তেওঁৰ সন্মানাৰ্থে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এক ভোজমেলৰ আয়োজন কৰাৰ লগতে আৰু তেওঁৰ সংগী প্ৰতিনিধি দলকো সাক্ষাৎ কৰে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰেও ৰাষ্ট্ৰপতি বৰিকক সাক্ষাৎ কৰে।

ৰাষ্ট্ৰপতি বৰিক আৰু প্ৰধানমন্ত্ৰী মোদীয়ে ১৯৪৯ চনত প্ৰতিষ্ঠা হোৱা ঐতিহাসিক কূটনৈতিক সম্পৰ্ক, ক্ৰমাৎ বৃদ্ধি পোৱা বাণিজ্যিক সংযোগ, জনসাধাৰণৰ মাজত সংযোগ, সাংস্কৃতিক সম্পৰ্ক আৰু লগতে দুয়োখন দেশৰ উষ্ম আৰু আন্তৰিক দ্বিপাক্ষিক সম্পৰ্কৰ কথাও স্মৰণ কৰে। তেওঁলোকে দুয়োখন দেশৰ মাজত পাৰস্পৰিক স্বাৰ্থৰ সকলো ক্ষেত্ৰতে বহুমুখী সম্পৰ্ক আৰু অধিক সম্প্ৰসাৰণ আৰু গভীৰ কৰাৰ ইচ্ছা প্ৰকাশ কৰে।

বৈঠকত দুয়োগৰাকী নেতাই বাণিজ্য আৰু বিনিয়োগৰ পৰা আৰম্ভ কৰি স্বাস্থ্য আৰু ঔষধ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, আন্তঃগাঁথনি, খনি আৰু খনিজ সম্পদ, কৃষি আৰু খাদ্য সুৰক্ষা, সেউজ শক্তি, আইচিটি, ডিজিটাইজেচন, উদ্ভাৱন, দুৰ্যোগ ব্যৱস্থাপনা, বিজ্ঞান আৰু প্ৰযুক্তিৰ সহযোগিতা, শিক্ষা আৰু জনসাধাৰণৰ মাজত সংযোগলৈকে বিভিন্ন খণ্ডৰ দ্বিপাক্ষিক সম্পৰ্কৰ বিষয়ে বিশদভাৱে আলোচনা কৰে। তদুপৰি দ্বিপাক্ষিক সম্পৰ্কক অধিক গতি প্ৰদান কৰিবলৈ দুয়োপক্ষই সকলো স্তৰৰ পৰা সঘনাই যোগাযোগ বজাই ৰখাৰ সিদ্ধান্ত লয়।

দুয়োগৰাকী নেতাই পুনৰ দৃঢ়তাৰে কয় যে বেপাৰ-বাণিজ্য ভাৰত-চিলিৰ দ্বিপাক্ষিক সম্পৰ্কৰ এক শক্তিশালী স্তম্ভ হৈয়ে আছে। দুয়োগৰাকীয়ে ২০১৭ চনৰ মে’ মাহত ভাৰত-চিলি অগ্ৰাধিকাৰ বাণিজ্য চুক্তি (পিটিএ) সম্প্ৰসাৰণৰ ইতিবাচক প্ৰভাৱৰ ওপৰত আলোকপাত কৰে, যাৰ ফলত দ্বিপাক্ষিক বাণিজ্য যথেষ্ট বৃদ্ধি পাইছে বুলি উল্লেখ কৰে। অৰ্থনৈতিক সহযোগিতাৰ নতুন সুযোগ মুকলি কৰিবলৈ বাণিজ্য ব্যৱস্থা আৰু অধিক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো তেওঁলোকে গুৰুত্ব আৰোপ কৰে। দুয়োগৰাকী নেতাই অৰ্থনৈতিক সম্পৰ্ক গভীৰ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকাক স্বীকাৰ কৰি শেহতীয়াকৈ দুয়োখন ৰাষ্ট্ৰৰ মাজত ব্যৱসায়িক প্ৰতিনিধি দলৰ সংখ্যা বৃদ্ধি পোৱাত সন্তুষ্টি প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি বৰিকক এক বৃহৎ ব্যৱসায়িক প্ৰতিনিধি দলৰ নেতৃত্ব দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে, যিয়ে অধিক শক্তিশালী ব্যৱসায়িক পাৰস্পৰিক ক্ৰিয়া-কলাপক লালন-পালন কৰিব বুলি আশা কৰা হৈছে। ভৱিষ্যতে অধিক অৰ্থনৈতিক সহযোগিতা নিশ্চিত কৰি বাণিজ্যিক সম্পৰ্ক আৰু অধিক বৃদ্ধিৰ বাবে আলোচনা অব্যাহত ৰখাত দুয়োপক্ষই সন্মতি প্ৰকাশ কৰে।

ৰাষ্ট্ৰপতি বৰিকে বিশ্ব অৰ্থনীতিত ভাৰত চিলিৰ বাবে অগ্ৰাধিকাৰ অংশীদাৰ বুলি উল্লেখ কৰি দুয়োখন ৰাষ্ট্ৰৰ মাজত বাণিজ্য বৃদ্ধি আৰু বৈচিত্ৰ্যৰ বাবে কৌশল অন্বেষণ কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা আলোচনাৰ সময়ত দুয়োজন নেতাই পাৰস্পৰিকভাৱে সহমতত Terms of Reference স্বাক্ষৰিত হোৱাৰ কথা স্বীকাৰ কৰে আৰু সৰ্বাংগীন অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি (চিইপিএ)ৰ বাবে আলোচনা আৰম্ভ কৰাটোক আদৰণি জনায়। এই চুক্তিখনৰ লক্ষ্য হৈছে সুষম, অভিলাষী, ব্যাপক আৰু পাৰস্পৰিকভাৱে উপকাৰী হোৱা, যিয়ে গভীৰ অৰ্থনৈতিক সংহতিৰ পোষকতা কৰিছে। এই প্ৰস্তাৱিত চিইপি চুক্তিয়ে ভাৰত-চিলিৰ ব্যৱসায়িক আৰু বাণিজ্যিক সম্পৰ্কৰ সম্পূৰ্ণ সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব, নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত সহায় কৰিব, দ্বিপাক্ষিক বাণিজ্য বৃদ্ধি কৰিব, আৰু দুয়োখন দেশৰ অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰিব।

বাণিজ্যিক সম্পৰ্ক আৰু জনসাধাৰণৰ সম্পৰ্ক শক্তিশালী কৰাৰ পদক্ষেপত চিলিৰ ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰে যে চিলিয়ে ভাৰতীয় ব্যৱসায়ীসকলৰ বাবে একাধিক প্ৰৱেশ অনুমতি পত্ৰ (মাল্টিপল এণ্ট্ৰি পাৰ্মিট) প্ৰদান কৰিব, যাৰ ফলত ভিছা প্ৰক্ৰিয়া সৰল হ’ব আৰু ব্যৱসায়িক পাৰস্পৰিক ক্ৰিয়া-কলাপ মসৃণ হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সিদ্ধান্তক আদৰণি জনাই  কয় যে ই বাণিজ্য, বিনিয়োগ, আৰু সামগ্ৰিক দ্বিপাক্ষিক সম্পৰ্ক বৃদ্ধিৰ বাবে দুয়োখন ৰাষ্ট্ৰৰ উমৈহতীয়া দায়বদ্ধতাক প্ৰতিফলিত কৰে। দ্বিপাক্ষিক সংযোগৰ এক মূল স্তম্ভ হিচাপে জনসাধাৰণৰ মাজৰ সংযোগৰ প্ৰয়োজনীয়তাক স্বীকাৰ কৰি ভাৰতে ইতিমধ্যে ব্যৱসায়, পৰ্যটন, ছাত্ৰ, আৰু শৈক্ষিক বিনিময়ৰ বাবে ভাৰত ভ্ৰমণ কৰা চিলিৰ ভ্ৰমণকাৰীসকলৰ বাবে ই-ভিছাৰ সুবিধা সম্প্ৰসাৰণকে ধৰি এক নমনীয় ভিছা ব্যৱস্থা ৰূপায়ণ কৰিছে।

উদীয়মান প্ৰযুক্তি, উন্নত উৎপাদন, আৰু স্বচ্ছ শক্তিৰ পৰিৱৰ্তনত জটিল খনিজ পদাৰ্থৰ কৌশলগত গুৰুত্বক স্বীকাৰ কৰি প্ৰধানমন্ত্ৰী মোডী আৰু চিলিৰ ৰাষ্ট্ৰপতি বৰিকে এই সম্পদসমূহৰ অন্বেষণ, খনন, আৰু প্ৰক্ৰিয়াকৰণৰ ক্ষেত্ৰত সহযোগিতা ত্বৰান্বিত কৰিবলৈ সন্মত হয়। দুয়োজন নেতাই জটিল খনিজ আৰু উন্নত সামগ্ৰীৰ বাবে বিশ্বাসযোগ্য আৰু স্থিতিস্থাপক যোগান শৃংখল গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁলোকে যৌথ গৱেষণা আৰু উন্নয়ন প্ৰচেষ্টাৰ জৰিয়তে সমগ্ৰ জটিল খনিজ মূল্য শৃংখলত বিনিয়োগক লাভান্বিত কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। ভাৰত আৰু চিলিয়ে খনন আৰু খনিজ খণ্ডত পাৰস্পৰিকভাৱে লাভজনক অংশীদাৰিত্বক প্ৰসাৰিত কৰি যোগান শৃংখল আৰু স্থানীয় মূল্য শৃংখল শক্তিশালী কৰাৰ ক্ষেত্ৰতো সন্মতি প্ৰকাশ কৰে। আলোচনাত চিলিৰ পৰা ভাৰতলৈ খনিজ আৰু সামগ্ৰীৰ দীৰ্ঘম্যাদী যোগান চুক্তিৰ সম্ভাৱনাও অন্বেষণ কৰা হ’ব, যাৰ ফলত দুয়োখন ৰাষ্ট্ৰৰ বাবে অত্যাৱশ্যকীয় সম্পদৰ সুস্থিৰ অন্তৰ্ভুক্তি নিশ্চিত কৰা হ’ব।

দুয়োগৰাকী নেতাই স্বাস্থ্য, মহাকাশ, আইচিটি, কৃষি, সেউজ শক্তি, পৰম্পৰাগত চিকিৎসা, এন্টাৰ্কটিকা গৱেষণা, বিজ্ঞান আৰু প্ৰযুক্তি, আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত সহযোগিতাৰ নতুন পথ অন্বেষণ কৰি দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰিবলৈ সন্মত হয়। ক্ৰীড়া, ষ্টাৰ্টআপ, সমবায়, আৰু দৃশ্য-শ্ৰাব্য সহ-প্ৰডাকচনৰ ক্ষেত্ৰতো সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। দুয়োপক্ষই গভীৰ সংযোগ আৰু পাৰস্পৰিক বিকাশৰ পোষকতা কৰিবলৈ বিশেষজ্ঞতা আৰু উত্তম পদ্ধতিৰ আদান-প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

ৰাষ্ট্ৰপতি বৰিকে ভাৰতৰ ঔষধ উদ্যোগক বিশ্বৰ আগশাৰীৰ আৰু চিলিলৈ সুলভ মূল্যৰ, উচ্চমানৰ চিকিৎসা সামগ্ৰী যোগান ধৰাৰ মূল অংশীদাৰ হিচাপে স্বীকৃতি দিয়ে। দ্বিপাক্ষিক আলোচনাৰ সময়ত দুয়োপক্ষই ঔষধ, ভেকচিন, আৰু চিকিৎসা সঁজুলিৰ বাণিজ্য বৃদ্ধিৰ বাবে ব্যক্তিগত খণ্ডৰ সহযোগিতাৰ সুবিধা প্ৰদান কৰিবলৈ সন্মত হয়। স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি আৰু ভাৰতীয় ঔষধজাত সামগ্ৰীৰ বজাৰ প্ৰৱেশৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ বাবেও তেওঁলোকে প্ৰতিশ্ৰুতিবদ্ধ হয়, য’ত চিলিয়ে ভাৰতীয় ফাৰ্মাকোপিয়াক স্বীকৃতি দিয়াৰ দিশত পদক্ষেপ গ্ৰহণ কৰিব।

দুয়োগৰাকী নেতাই জনসাধাৰণৰ সুস্বাস্থ্য নিশ্চিতিকৰণ আৰু সুস্থতা বৃদ্ধিৰ ক্ষেত্ৰত পৰম্পৰাগত চিকিৎসা আৰু যোগৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। দুয়োগৰাকীয়েই বহনক্ষম জীৱনশৈলীক উৎসাহিত কৰিবলৈ পৰম্পৰাগত চিকিৎসা বিজ্ঞান সম্বন্ধীয় বুজাবুজিৰ চুক্তিখন চূড়ান্ত কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। দুয়োখন ৰাষ্ট্ৰই বুজাবুজি চুক্তি স্বাক্ষৰ কৰি প্ৰমাণভিত্তিক পৰম্পৰাগত চিকিৎসা, হোমিঅ’পেথি, আৰু যোগৰ প্ৰসাৰ আৰু সংহতিৰ ক্ষেত্ৰত সহযোগিতা কৰিবলৈ সন্মতি প্ৰকাশ কৰে, যাৰ ফলত সামগ্ৰিক স্বাস্থ্যসেৱা পদ্ধতিৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা শক্তিশালী হয়।

দুয়োপক্ষই ইজনে সিজনৰ দেশৰ আন্তঃগাঁথনি প্ৰকল্পত বিনিয়োগক প্ৰসাৰিত কৰাৰ ওপৰত কাম কৰিবলৈ সন্মত হয়। চিলিয়ে ভাৰতীয় কোম্পানীসমূহক ৰে’লৱে খণ্ডকে ধৰি আন্তঃগাঁথনি প্ৰকল্পত অংশগ্ৰহণৰ বাবে আদৰণি জনায়।

দুয়োপক্ষই সামৰ্থ্য বিকাশ আৰু প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতাকে ধৰি দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতা সম্প্ৰসাৰণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। দুয়োৱেই বৰ্তমানৰ আনুষ্ঠানিক প্ৰতিৰক্ষা সহযোগিতা চুক্তিৰ অধীনত জ্ঞান-বিনিময় আৰু সামৰ্থ্য বিকাশ বৃদ্ধিৰ বাবেও সন্মত হয়। ভাৰতে প্ৰতিৰক্ষা প্ৰশিক্ষণ কাৰ্যসূচীত চিলিৰ অগ্ৰাধিকাৰৰ মৰ্যাদা পুনৰ দৃঢ় কৰি প্ৰতিৰক্ষা সেৱা কৰ্মচাৰী কলেজ (ডি এছ এছ চি), ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মহাবিদ্যালয় (এন ডি চি), ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী (এন ডি এ), আৰু উচ্চ প্ৰতিৰক্ষা ব্যৱস্থাপনা পাঠ্যক্ৰম (এইচ ডি এম চি)ৰ দৰে প্ৰতিষ্ঠানত সুযোগ প্ৰদান কৰে। ইয়াৰ উপৰিও ভাৰতে চিলিৰ সামৰিক জোৱানসকলক পৰ্বত যুদ্ধ, শান্তিৰক্ষা অভিযান, আৰু পাৰস্পৰিক স্বাৰ্থৰ অন্যান্য ক্ষেত্ৰত প্ৰশিক্ষণ দিয়াৰ প্ৰতিশ্ৰুতি পুনৰবাৰ প্ৰকাশ কৰে।

দুয়োগৰাকী নেতাই এন্টাৰ্কটিকাৰ সহযোগিতা বৃদ্ধিৰ বাবে এখন উদ্দেশ্য পত্ৰত স্বাক্ষৰ কৰাক আদৰণি জনায়, যাৰ ফলত সাগৰীয় সংৰক্ষণ, দ্বিপাক্ষিক আলোচনা, যৌথ পদক্ষেপ, আৰু এন্টাৰ্কটিকাৰ সৈতে জড়িত শৈক্ষিক আদান-প্ৰদানৰ ক্ষেত্ৰত গভীৰ সহযোগিতাৰ পথ মুকলি হৈছে। এন্টাৰ্কটিকা সন্ধিৰ পৰামৰ্শদাতা পক্ষ হিচাপে দুয়োখন ৰাষ্ট্ৰই নিজৰ দেশ আৰু বিশ্ব সমুদায়ৰ সুবিধাৰ বাবে বৈজ্ঞানিক গৱেষণা আৰু অন্বেষণক আগুৱাই নিয়াৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিলে।

দুয়োপক্ষই আন্তঃৰাষ্ট্ৰীয় জলসীমাত সামুদ্ৰিক জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণ আৰু বহনক্ষম ব্যৱহাৰৰ বাবে এক গুৰুত্বপূৰ্ণ আইনী কাঠামো হিচাপে স্বীকৃতি দি ৰাষ্ট্ৰীয় অধিকাৰক্ষেত্ৰৰ বাহিৰৰ অঞ্চলৰ সামুদ্ৰিক জৈৱ বৈচিত্ৰ্যৰ চুক্তি (বিবিএনজে) গ্ৰহণ কৰাটোক আদৰণি জনায়। দুয়োখন ৰাষ্ট্ৰই স্থলভাগৰ পৰা সাগৰলৈ জৈৱ বৈচিত্ৰ্যক সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে আৰু পৰিৱেশ সংৰক্ষণৰ সৈতে জড়িত আন্তঃৰাষ্ট্ৰীয় মঞ্চত সহযোগিতা কৰিবলৈ সন্মত হয়। বহুপক্ষীয়তাবাদত গ্ল’বেল চাউথৰ ভূমিকা শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰে, সহযোগিতা, যৌথ প্ৰচেষ্টা, আৰু উন্নয়নৰ অধিকাৰ ৰক্ষা কৰাৰ লগতে উমৈহতীয়া কিন্তু পৃথক দায়িত্বৰ নীতিৰ পোষকতা কৰে।

দুয়োগৰাকী নেতাই ভাৰত আৰু চিলিৰ মাজত শক্তিশালী মহাকাশ অংশীদাৰিত্বক পুনৰ দৃঢ়তাৰে কয়, ২০১৭ চনত ইছৰ’ই বাণিজ্যিক ব্যৱস্থাৰ অধীনত চিলিৰ ছুচাই-১ উপগ্ৰহ সফল উৎক্ষেপণৰ কথা মনত পেলাই দিয়ে। দুয়োজন নেতাই বিশেষকৈ জ্যোতিৰ্পদাৰ্থ বিজ্ঞানত প্ৰশিক্ষণ, সামৰ্থ্য বিকাশ, আৰু মহাকাশ গৱেষণাৰ ক্ষেত্ৰত বৰ্ধিত সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁলোকে চিলিয়ে মহাকাশ অন্বেষণ, অনুসন্ধান আৰু বিকাশ, উপগ্ৰহ উন্নয়ন, উৎক্ষেপণ অভিযান, আৰু মহাকাশৰ শান্তিপূৰ্ণ ব্যৱহাৰৰ দৰে ক্ষেত্ৰত ইছৰো, ইন-স্পেচ, আৰু ভাৰতীয় ষ্টাৰ্টআপৰ সৈতে সহযোগিতা সহজ কৰি তুলিবলৈ এখন মহাকাশ কাৰ্যবাহী সমিতি গঠন কৰা কাৰ্যক আদৰণি জনায়।

দুয়োগৰাকীয়ে দুয়োখন দেশৰ গুৰুত্বপূৰ্ণ তথ্য আৰু ডিজিটেল প্ৰযুক্তি খণ্ডৰ ওপৰত আলোকপাত কৰি বৰ্ধিত সহযোগিতাৰ বাবে সহযোগিতা অন্বেষণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। দুয়োজন নেতাই আই টি আৰু ডিজিটেল ক্ষেত্ৰত বিনিয়োগ, যৌথ উদ্যোগ, আৰু প্ৰযুক্তিগত সহযোগিতা সম্প্ৰসাৰণৰ বাবে পাৰস্পৰিক আগ্ৰহ প্ৰকাশ কৰে। ব্যৱসায়ী আৰু নাগৰিকৰ বাবে ডিজিটেল সেৱাৰ সুবিধা উন্নত কৰাৰ বাবে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি (ডিপিআই)ৰ প্ৰচাৰৰ বিষয়েও আলোচনা কৰে। ডিজিটেল পেমেণ্ট সহযোগিতা ৰূপায়ণৰ বাবে চলি থকা প্ৰচেষ্টাক স্বীকাৰ কৰি তেওঁলোকে ভাৰত আৰু চিলিৰ ষ্টাৰ্টআপ পৰিৱেশ তন্ত্ৰৰ মাজত ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিয়ে। তেওঁলোকে ডিজিটেল ট্ৰেন্সফৰ্মেচনৰ ওপৰত এখন চুক্তি চূড়ান্ত কৰাৰ উদ্দেশ্যও প্ৰকাশ কৰে, যাৰ ফলত দুয়োখন দেশৰ প্ৰযুক্তি সমুদায়ৰ মাজত গভীৰ সংযোগ স্থাপনৰ সুবিধা হয়।

দুয়োগৰাকী নেতাই সংস্কাৰিত বহুপক্ষীয়তাবাদৰ প্ৰতি নিজৰ দায়বদ্ধতা পুনৰ দৃঢ় কৰি একবিংশ শতিকাৰ ভূ-ৰাজনৈতিক বাস্তৱতাক প্ৰতিফলিত কৰিবলৈ স্থায়ী আৰু অস্থায়ী দুয়োটা শ্ৰেণীতে সম্প্ৰসাৰণকে ধৰি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ব্যাপক সংস্কাৰৰ আহ্বান জনায়। সংস্কাৰিত আৰু সম্প্ৰসাৰিত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদৰ বাবে ভাৰতৰ প্ৰাৰ্থীত্বৰ প্ৰতি চিলিয়ে পুনৰবাৰ সমৰ্থন প্ৰকাশ কৰে। দুয়োগৰাকী নেতাই বিশ্ব বিবাদ নিষ্পত্তি আৰু বিশ্ব শান্তি শক্তিশালী কৰাৰ বাবে শান্তিপূৰ্ণ আলোচনাৰ পোষকতা কৰাৰ সমান্তৰালভাৱে গণতান্ত্ৰিক নীতি আৰু মানৱ অধিকাৰক প্ৰসাৰিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

দুয়োজন নেতাই সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদকে ধৰি সকলো ধৰণৰ আৰু প্ৰকাশভংগীৰ সন্ত্ৰাসবাদক নিজৰ বিনাদ্বিধাই নিন্দা কৰাটো পুনৰ দৃঢ়তাৰে কয় আৰু বিশ্ব সন্ত্ৰাসবাদৰ বিৰুদ্ধে উমৈহতীয়া যুঁজত একেলগে থিয় দিয়াৰ সংকল্পৰ অংশীদাৰ। তেওঁলোকে এই কথাত সন্মতি প্ৰকাশ কৰে যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যবদ্ধ বিশ্বব্যাপী কাৰ্য্যৰ জৰিয়তে প্ৰতিহত কৰিব লাগিব।

দুয়োগৰাকী নেতাই ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰকে ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰক ৰাষ্ট্ৰসংঘৰ ১২৬৭ নং প্ৰস্তাৱ সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিবলৈ আৰু সন্ত্ৰাসবাদীৰ নিৰাপদ আশ্ৰয়স্থল, আন্তঃগাঁথনি, আৰু বিত্তীয় নেটৱৰ্ক নিৰ্মূলৰ বাবে নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। দুয়োজন নেতাই ফাইনেন্সিয়েল একচন টাস্ক ফ’ৰ্চ (FATF), ন’ মানি ফৰ টেৰ’ৰ (NMFT), আৰু অন্যান্য বহুপক্ষীয় মঞ্চত সহযোগিতাৰ জৰিয়তে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে। বিশ্বব্যাপী সন্ত্ৰাসবাদ বিৰোধী প্ৰচেষ্টাক শক্তিশালী কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদৰ সৰ্বাংগীন সন্ধিখন আগতীয়াকৈ চূড়ান্ত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

দুয়োগৰাকী নেতাই নিয়মভিত্তিক আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ দৃষ্টিভংগীৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হয় যিয়ে দুয়োখন দেশৰ সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাক সন্মান জনায়, যাতায়ত আৰু অভাৰফ্লাইটৰ স্বাধীনতা আৰু লগতে নিৰৱচ্ছিন্ন বৈধ বাণিজ্য নিশ্চিত কৰে, আৰু যিয়ে আন্তঃৰাষ্ট্ৰীয় আইনৰ সাৰ্বজনীনভাৱে স্বীকৃতিপ্ৰাপ্ত নীতি অনুসৰি বিবাদসমূহৰ শান্তিপূৰ্ণ সমাধান বিচাৰে, বিশেষকৈ ইউএনচিএলঅ’এছ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভইচ অৱ গ্ল’বেল চাউথ ছামিটৰ তিনিওটা সংস্কৰণতে চিলিৰ সক্ৰিয় অংশগ্ৰহণৰ প্ৰশংসা কৰি উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ মাজত আলোচনাক লাভান্বিত কৰাৰ বাবে ভাগ-বতৰা কৰা প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ২০২৪ চনৰ আগষ্ট মাহত অনুষ্ঠিত হোৱা তৃতীয় ভয়েচ অৱ গ্ল’বেল চাউথ সন্মিলনত মূল্যৱান অন্তৰ্দৃষ্টিৰ অৱদান আগবঢ়োৱাৰ বাবে তেওঁ ৰাষ্ট্ৰপতি গেব্ৰিয়েল বৰিক ফণ্টক কৃতজ্ঞতা প্ৰকাশ কৰে।দুয়োজন নেতাই ফলপ্ৰসূ বিশ্ব শাসন সংস্কাৰৰ প্ৰয়োজনীয়তা আৰু গ্ল’বেল চাউথ ৰাষ্ট্ৰসমূহৰ বাবে স্বচ্ছ আৰু সেউজ প্ৰযুক্তিৰ ন্যায্য প্ৰৱেশকে ধৰি মূল বিশ্বব্যাপী বিষয়সমূহৰ ওপৰত তেওঁলোকৰ শক্তিশালী অভিসৰণ স্বীকাৰ কৰে। উন্নয়নশীল দেশসমূহৰ মাজত নিয়োজিততা গভীৰ কৰাৰ ক্ষেত্ৰত ভাৰতৰ নেতৃত্বক ৰাষ্ট্ৰপতি বৰিকে আদৰণি জনায়।

ৰাষ্ট্ৰপতি বৰিকে জি-২০ অধ্যক্ষতাৰ সময়ত ভাৰতৰ নেতৃত্বক প্ৰশংসা কৰি উন্নয়নৰ এজেণ্ডাক আগস্থানত ৰখাৰ ক্ষেত্ৰত ভাৰতৰ সফলতাৰ ওপৰত আলোকপাত কৰে। তেওঁ সৰ্বাংগীন বৃদ্ধিৰ বাবে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি (ডিপিআই)ৰ লাভ উঠাবলৈ ভাৰতৰ পৰিৱৰ্তনশীল ভূমিকাক স্বীকাৰ কৰে। দুয়োগৰাকী নেতাই আফ্ৰিকান ইউনিয়নৰ অন্তৰ্ভুক্তি, লাইফ (Lifestyles for Sustainable Development) আন্দোলন, বহুপক্ষীয় উন্নয়ন বেংক (MDB) সংস্কাৰ, আৰু মহিলা নেতৃত্বাধীন উন্নয়নৰ ওপৰত গুৰুত্ব দিয়াকে ধৰি ভাৰতৰ জি-২০ৰ মূল পদক্ষেপসমূহক স্বীকৃতি দিয়ে। লেটিন আমেৰিকাৰ প্ৰতিনিধিত্ব বৃদ্ধিৰ পদক্ষেপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভৱিষ্যতে জি-২০ আলোচনাত চিলি আৰু অন্যান্য লেটিন আমেৰিকাৰ ৰাষ্ট্ৰসমূহে অতিথি দেশ হিচাপে অংশগ্ৰহণৰ বাবে ভাৰতৰ সমৰ্থনৰ আশ্বাস দিয়ে।

ভাৰত আৰু চিলিয়ে জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা আৰু কম নিৰ্গমন, জলবায়ু স্থিতিস্থাপক অৰ্থনীতিলৈ পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিছে। জলবায়ু পৰিৱৰ্তনে সৃষ্টি কৰা প্ৰত্যাহ্বানসমূহ স্বীকাৰ কৰি প্ৰধানমন্ত্ৰী মোডী আৰু ৰাষ্ট্ৰপতি বৰিকে স্বচ্ছ শক্তি আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ প্ৰবল ইচ্ছা প্ৰকাশ কৰে। তেওঁলোকে নবীকৰণযোগ্য শক্তি, সেউজ হাইড্ৰজেন, শক্তি সংৰক্ষণ প্ৰযুক্তি, শক্তি দক্ষতা, আৰু অন্যান্য কম কাৰ্বনযুক্ত সমাধানৰ ক্ষেত্ৰত যৌথ বিনিয়োগৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে যাতে বহনক্ষম অৰ্থনৈতিক বৃদ্ধি আৰু নিয়োগ সৃষ্টিৰ সূচনা হয়।

ৰাষ্ট্ৰপতি বৰিকে ২০২৩ চনৰ নৱেম্বৰৰ পৰা সদস্য হিচাপে থকা আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁট (আই এছ এ)ত ভাৰতৰ নেতৃত্বৰ প্ৰতি নিজৰ দেশৰ দৃঢ় সমৰ্থন পুনৰ দৃঢ় কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ২০২১ চনৰ জানুৱাৰী মাহৰ পৰা ক’লিচন ফৰ ডিজাষ্টাৰ ৰেজিলিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ (চিডিআৰআই)ত অংশগ্ৰহণ কৰাৰ প্ৰশংসা কৰি বহনক্ষম আন্তঃগাঁথনিৰ প্ৰতি চিলিৰ দায়বদ্ধতাক আদৰণি জনায়। দুয়োজন নেতাই লেটিন আমেৰিকা আৰু কেৰিবিয়ানৰ বাবে আই এছ এ আঞ্চলিক সমিতিৰ সপ্তম বৈঠক আয়োজন কৰাৰ বাবে চিলিৰ প্ৰস্তাৱকো স্বীকৃতি দিয়ে, যাৰ ফলত সৌৰশক্তি আৰু দুৰ্যোগ স্থিতিস্থাপকতাৰ ক্ষেত্ৰত আঞ্চলিক সহযোগিতা আৰু অধিক শক্তিশালী হ’ব।

ভাৰত আৰু চিলিয়ে প্ৰযুক্তি সক্ষম শিক্ষণ, দক্ষতা বিকাশ, আৰু প্ৰতিষ্ঠানিক সামৰ্থ্য বিকাশৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা সম্প্ৰসাৰণৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিছে। দুয়োখন দেশেই এডচিআইএল (ইণ্ডিয়া) লিমিটেড আৰু চিলিৰ বিশ্ববিদ্যালয়ৰ ৰেক্টৰ কাউন্সিল (চিআৰইউচিএইচ), চিলিৰ শিক্ষা মন্ত্ৰালয়, আৰু কাৰিকৰী প্ৰশিক্ষণ কেন্দ্ৰ (চিএফটি)কে ধৰি চিলিৰ গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানসমূহৰ মাজত অংশীদাৰিত্বৰ সুবিধা প্ৰদান কৰিব। এই সহযোগিতাই ডিজিটেল শিক্ষণ, গৱেষণা বিনিময়, স্মাৰ্ট শিক্ষা আন্তঃগাঁথনি, আৰু বৃত্তিমূলক প্ৰশিক্ষণ কাৰ্যসূচীৰ ওপৰত গুৰুত্ব আৰোপ কৰিব, শিক্ষা খণ্ডত উদ্ভাৱন আৰু জ্ঞান-বিনিময়ক আগুৱাই নিবলৈ পাৰস্পৰিক শক্তিৰ লাভ আহৰণ কৰিব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতি (এন ই পি) ২০২০ৰ পৰিৱৰ্তনশীল প্ৰভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰি চিলিৰ বিশ্ববিদ্যালয়সমূহক ভাৰতীয় প্ৰতিষ্ঠানসমূহৰ সৈতে শৈক্ষিক আৰু গৱেষণামূলক অংশীদাৰিত্ব বৃদ্ধি কৰিবলৈ উৎসাহিত কৰে। তেওঁ তেওঁলোকক প্ৰতিষ্ঠানিক সংযোগ গভীৰ কৰিবলৈ যৌথ/দ্বিতীয় ডিগ্ৰী কাৰ্যসূচী আৰু যমজ ব্যৱস্থাৰ সন্ধান কৰিবলৈ আহ্বান জনায়। জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থ বিজ্ঞানত দুয়োটা জাতিৰ পাৰস্পৰিক শক্তিক স্বীকাৰ কৰি নেতাসকলে এই ক্ষেত্ৰসমূহত প্ৰতিষ্ঠানিক সহযোগিতা সম্প্ৰসাৰণৰ বাবে সন্মত হয়। তেওঁলোকে চিলিৰ এখন বিশ্ববিদ্যালয়ত ভাৰতীয় অধ্যয়নৰ ওপৰত আইচিচিআৰৰ অধ্যক্ষ স্থাপনৰ প্ৰস্তাৱক আদৰণি জনায় আৰু ইয়াৰ আগতীয়া ৰূপায়ণৰ বাবে ইয়াৰ সম্ভাৱনীয়তা মূল্যায়ন কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে।

দুয়োজন নেতাই কূটনীতিৰ ক্ষেত্ৰত প্ৰশিক্ষণ আৰু সামৰ্থ্য বিকাশৰ ক্ষেত্ৰত চলি থকা সহযোগিতাক আদৰণি জনায় আৰু বিশ্ব কূটনৈতিক প্ৰচেষ্টা আৰু কূটনীতিক অধিক কাৰ্যক্ষম কৰি তোলা নতুন প্ৰযুক্তিৰ সৈতে সংগতি ৰাখি এই ক্ষেত্ৰত সহযোগিতাৰ বাবে অধিক বৃদ্ধিৰ সম্ভাৱনাৰ কথা উল্লেখ কৰে।

দুয়োগৰাকীয়েই দুয়োখন ৰাষ্ট্ৰৰ মাজত ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰত সাংস্কৃতিক সম্পৰ্কৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰে। তেওঁলোকে ভাৰত আৰু চিলিৰ চহকী আৰু বৈচিত্ৰময় সাংস্কৃতিক ঐতিহ্যক প্ৰশংসা কৰে আৰু তেওঁলোকৰ মাজত দীৰ্ঘদিনীয়া সাংস্কৃতিক আদান-প্ৰদানক স্বীকাৰ কৰে। নেতাসকলে ইজনে সিজনৰ সংস্কৃতি আৰু ভাষাৰ প্ৰতি ক্ৰমাৎ বৃদ্ধি পোৱা আগ্ৰহৰ ওপৰত আলোকপাত কৰি কয় যে ভাৰতত অধ্যয়ন কৰা জনপ্ৰিয় বিদেশী ভাষাসমূহৰ ভিতৰত স্পেনিছ ভাষাও অন্যতম। ভাৰত-চিলিৰ সাংস্কৃতিক সহযোগিতা গভীৰ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁলোকে সংগীত, নৃত্য, নাট্য, সাহিত্য, সংগ্ৰহালয়, আৰু উৎসৱৰ ক্ষেত্ৰত দ্বিপাক্ষিক আদান-প্ৰদান বৃদ্ধিৰ বাবে নতুন সাংস্কৃতিক বিনিময় কাৰ্যসূচীত স্বাক্ষৰ কৰাটো আদৰণি জনায়।

দুই দেশৰ দুই নেতাই শুল্ক বিষয়ত সহযোগিতা আৰু পাৰস্পৰিক সহায়ৰ চুক্তি চূড়ান্ত কৰাৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰে। এই চুক্তিৰ লক্ষ্য হৈছে অবৈধ ড্ৰাগছ সৰবৰাহৰ মোকাবিলা, শুল্ক আইন বলবৎ কৰা, আৰু উত্তম পদ্ধতিৰ বিনিময় আৰু সামৰ্থ্য বিকাশৰ প্ৰসাৰত সংশ্লিষ্ট সংস্থাসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰা। নেতাদুগৰাকীয়ে অক্ষমতা খণ্ডত সহযোগিতাৰ চুক্তি চূড়ান্ত কৰাৰ বাবে চলি থকা প্ৰচেষ্টাকো আদৰণি জনায়, এক অন্তৰ্ভুক্ত আৰু ন্যায়পৰায়ণ সমাজ গঢ়ি তোলাৰ বাবে তেওঁলোকৰ ভাগ-বতৰা দায়বদ্ধতাক গুৰুত্ব আৰোপ কৰে। দুয়োপক্ষই এই চুক্তিসমূহ ক্ষিপ্ৰতাৰে সমাপ্ত কৰিবলৈ নিজৰ বিষয়াসকলক নিৰ্দেশ দিয়ে।

দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থৰ বিষয়ত নিয়মীয়া আলোচনা বজাই ৰখাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে। তেওঁলোকে সহযোগিতা বৃদ্ধি আৰু দ্বিপাক্ষিক সম্পৰ্ক গভীৰ কৰাৰ বাবে সুযোগৰ লাভ উঠাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যাৰ ফলত দুয়োখন ৰাষ্ট্ৰৰ মাজত বুজাবুজি আৰু অংশীদাৰিত্বৰ শক্তিশালী ভেটি শক্তিশালী হয়।

ৰাষ্ট্ৰপতি গেব্ৰিয়েল বৰিকে এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তেওঁ আৰু তেওঁৰ প্ৰতিনিধি দলটোক প্ৰদান কৰা উষ্ম আতিথ্যৰ বাবে ধন্যবাদ জনায় আৰু পাৰস্পৰিকভাৱে সুবিধাজনক সময়ত চিলিলৈ আনুষ্ঠানিক ভ্ৰমণ কৰিবলৈও আমন্ত্ৰণ জনায়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's food services market to reach USD 150 billion by FY31, online share to rise to 18%: Report

Media Coverage

India's food services market to reach USD 150 billion by FY31, online share to rise to 18%: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
India-Australia Roadmap for Sports Collaboration
July 10, 2026

Sports is a powerful bridge between India and Australia, bringing communities together and opening new pathways for collaboration.

Building on the 2023 MoU on Cooperation in Sports, the India-Australia Roadmap for Sports Collaboration sets out practical, future-focused priorities and opportunities to strengthen this cornerstone of our bilateral relationship.

Recognising the decade of opportunity ahead — including the 2030 Commonwealth Games in Ahmedabad, the Brisbane 2032 Olympic and Paralympic Games, and India’s ambition to host a future Olympic and Paralympic Games — this Roadmap identifies targeted areas of cooperation aligned to shared priorities, capabilities and resources.

Respecting differences in the governance of sport and the development of sport ecosystems in Australia and India, and recognising the leadership role of sporting bodies, businesses, state–level governments, universities and community groups in promoting elite and community sports, we are committed to facilitating engagement and supporting collaborative ways of working between relevant institutions, to encourage stronger sports partnerships at all levels that benefits both countries.

Implementation will be pragmatic and outcomes-focused, with activities prioritised in line with available resources and major event timelines.

Cooperation will be delivered through established partnerships, supported by flexible, demand-led arrangements, whereby responsibility for resourcing activities will be negotiated on a case-by-case basis. This approach ensures practical, sustainable and mutually beneficial outcomes.

In this context, the following have been identified as focus areas for collaboration under this Roadmap:

A. Capacity Building:

o Collaborate for sharing best practice in establishing and operating High-Performance Sports Centres in India in priority sports.

o Identify Para sport as a key priority and opportunity for collaboration, including Australian expertise in Para classification, coaching and performance support, with potential links between Indian and Australian universities where appropriate.

o Drawing on Australia’s coach development models, facilitate two-way exchanges that bring Indian coach and coach educators to Australia and Australian coaches and coach educators to India, using a Train the Trainer approach where appropriate.

o A physical education exchange programme between India and Australia may be introduced to facilitate mutual learning, sharing of best practices, and collaboration in areas such as school sports, sports science, and community participation in physical education.

o Recognising the physical and mental health benefits of yoga and the World Yogasana, the federation for yogasana sports based in India, identify opportunities to share knowledge, foster collaboration and encourage participation in yoga in Australia.

o Work with the Australian Sports Commission to build the capability of select Indian coaches as part of the India Australia High Performance Coach Development program.

o Explore opportunities through relevant non-government stakeholders such as sporting organisations and universities to support talented young Indian sportspersons as part of high-performance programs in Australia through student scholarships funded by Government of India.

B. Collaborative Sports Science and Technology Research:

o Encourage joint research and development projects between universities in India and Australia on athlete performance analytics, injury prevention, sports nutrition, wearable performance technology, recovery techniques and Para sport.

o Encourage partnerships between Indian and Australian universities to co-develop sports curriculums.

o Sport Integrity Australia and National Anti-Doping Agency India contribute to international anti-doping efforts by supporting World Anti-Doping Agency (WADA)-led capacity building programs through engagement with the WADA Asia/Oceania Office, and through representation on the UNESCO International Convention against Doping in Sport (Convention) Groups.

C. Major Sporting Events:

o Collaborate with Australian States and Territories, and National Sporting Organisations to exchange best practices for hosting large events.

o Explore opportunities to host exhibition matches and youth events in both countries to promote sports of mutual interest (such as Kabaddi and Kho Kho in Australia, and Australian Football League and basketball in India).

o Leverage the build-up to major sporting events such as Olympic, Paralympic and Commonwealth Games to establish formal, reciprocal arrangements between Indian and Australian sporting bodies for shared facilities, competitions and support networks during and in the build-up to major sporting events.

o Welcoming the inaugural Big Bash League match to be played in India in Chennai in December 2026, encourage Cricket Australia and the Board of Control for Cricket in India to work towards a commitment to host annual BBL matches in India.

D. Sports Industry and Investment Platform:

o Build on the Australia-funded Sports Industry Summit in Mumbai in December 2026 to promote collaboration between Indian and Australian companies on sports equipment manufacturing, sports media and broadcasting, event management, and sports start-ups.

o Facilitate Australian sports sector businesses in the Indian sports market through information sessions and vice-versa.

o Expand India’s export of high quality, competitively priced sports goods to Australia.

o Expand the export of Australian expertise in high performance sports, including coaching, coach development, strength and conditioning, athlete wellbeing, nutrition and psychology.

E. Women in Sports Partnership:

o Launch joint initiatives promoting women’s leadership, health, high performance and participation in sport, including bilateral tournaments for women athletes, drawing on the Australian Sports Commission’s flagship programs, recognising that sport is a powerful pathway for women’s economic empowerment, leadership, health and social inclusion.