‘বিশালতাৰ অৰ্থনীতি’ৰ সুবিধা গ্ৰহণ কৰি, এই আঁচনিয়ে ভাৰতীয় কোম্পানীসমূহক ‘গ্লোবেল চেম্পিয়ণ’ হিচাপে প্ৰতিষ্ঠিত হোৱাত সহায় কৰিব
৭.৫লাখ প্ৰত্যক্ষ আৰু বহু লাখ সহযোগী কৰ্ম-কাণ্ডত নিয়োজিত হ’ব লগা অতিৰিক্ত নিয়োগৰ সম্ভাৱনা সৃষ্টিত সহায় কৰিব
আঁচনিখনে বিশাল সংখ্যক মহিলাৰ অংশগ্ৰহণৰ পথো প্ৰশস্থ কৰিব
পাঁচটা বছৰত উদ্যোগখণ্ডলৈ ১০,৬৮৩কোটি টকাৰ ‘ইনচেণ্টিভ’ আগবঢ়াব
আঁচনিখনৰ ফলত আগন্তুক পাঁচটা বছৰত ১৯,০০০কোটি টকাৰ নতুন বিনিয়োগ আৰু ৩লাখ কোটি টকাৰ অতিৰিক্ত উত্পাদনী বাণিজ্য সম্ভৱ হ’ব বুলি আশা কৰা হৈছে
‘আকাংক্ষী জিলা’ তথা টায়াৰ ৩/৪ চহৰসমূহত অধিক বিনিয়োগত গুৰুত্ব
গুজৰাট, ইউপি, মহাৰাষ্ট্ৰ, তামিল নাডু, পাঞ্জাব, এপি, তেলেংগাণা, ওড়িশা আদি ৰাজ্যক এই আঁচনিয়ে প্ৰত্যক্ষভাবে প্ৰভাৱিত কৰিব

‘আত্মনিৰ্ভৰ ভাৰত’ৰ সপোন সাকাৰ কৰাৰ দিশত অগ্ৰসৰ হোৱাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে ‘এমএমএফ এপাৰেল’, ‘এমএমএফ ফেব্ৰিকছ’ আৰু অন্যান্য ১০টা গোট/কাৰিকৰী বস্ত্ৰৰ উতপাদিত সামগ্ৰী ক্ষেত্ৰত ১০,৬৮৩ কোটি টকাৰ প্ৰাককলিত পুঁজিসহ ‘উত্পাদন-সংযোজিত উদগণী’(পিএলআই) আঁচনি ৰূপায়ণৰ সিদ্ধান্তলৈ অনুমোদন জনাইছে। ‘আৰঅ’এছচিটিএল’, ‘আৰঅ’ডিটিইপি’ৰ লগতে প্ৰতিযোগিতামূলক দৰত কেঁচামালৰ যোগান, দক্ষতা বিকাশ আদিৰ দৰে চৰকাৰী খণ্ডৰ বাবে ‘পিএলআই আঁচনি’ ৰূপায়ণৰ এই সিদ্ধান্তই বস্ত্ৰ উত্পাদনৰ ক্ষেত্ৰখনৰ বাবে এক নতুন যুগৰ সূচনা কৰিব।

২০২১-২২ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত ১.৯৭লাখ কোটি টকাৰ পুঁজিসহ ১৩টা খণ্ডলৈ ‘পিএলআই’ আগবঢ়োৱাৰ বাবে উথ্থাপন কৰা প্ৰস্তাৱৰ অংশ হিচাপেই বস্ত্ৰশিল্পখণ্ডতো আঁচনিখন ৰূপায়ণৰ সিদ্ধান্ত লোৱা হৈছে। ১৩খণ্ডৰ বাবে ‘পিএলআই আঁচনি’ ৰূপায়ণৰ ঘোষণাই আগন্তুক পাঁচটা বছৰত ন্যূনতম ৩৭.৫লাখ কোটি টকাৰ উত্পাদন আৰু অতিকমেও ১কোটি কৰ্ম-সংস্থানৰ সম্ভাৱনা সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।

বস্ত্ৰশিল্পৰ ক্ষেত্ৰতো ‘প্ৰডাকশ্যন লিংকড ইনচেণ্টিভ’(পিএলআই) দিয়াৰ সিদ্ধান্তৰ জৰিয়তে ভাৰতে বস্ত্ৰৰ বিশ্ব বাণিজ্যক্ষেত্ৰত থকা প্ৰতিপত্তি পুনৰ আহৰণ কৰাৰ দিশত অগ্ৰসৰ হ’ব পাৰিব।

আনহাতে, ‘স্কেল অব ইকনমিজ’- ‘বিশালতাৰ অৰ্থনীতি’ৰ সুবিধা গ্ৰহণ কৰি, এই আঁচনিয়ে ভাৰতীয় কোম্পানীসমূহক ‘গ্লোবেল চেম্পিয়ণ’ হিচাপে প্ৰতিষ্ঠিত হোৱাত সহায় কৰিব বুলি আশা কৰা হৈছে। ৭.৫লাখ প্ৰত্যক্ষ আৰু বহু লাখ সহযোগী কৰ্ম-কাণ্ডত নিয়োজিত হ’ব লগা অতিৰিক্ত নিয়োগৰ সম্ভাৱনা সৃষ্টিত সহায় কৰিব আঁচনিখনে। সেইদৰে, বিশাল সংখ্যক মহিলাৰ অংশগ্ৰহণৰ পথো প্ৰশস্থ কৰিব।

আগন্তুক পাঁচটা বছৰত উদ্যোগখণ্ডলৈ ১০,৬৮৩কোটি টকাৰ ‘ইনচেণ্টিভ’ আগবঢ়াবলগীয়া আঁচনিখনৰ ফলত আগন্তুক পাঁচটা বছৰত ১৯,০০০কোটি টকাৰ নতুন বিনিয়োগ আৰু ৩লাখ কোটি টকাৰ অতিৰিক্ত  উত্পাদনী বাণিজ্য সম্ভৱ হ’ব বুলি আশা কৰা হৈছে।

‘আকাংক্ষী জিলা’ তথা টায়াৰ ৩/৪ চহৰসমূহত অধিক বিনিয়োগত গুৰুত্ব কৰা হ’ব। ইফালে, গুজৰাট, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, তামিল নাডু, পাঞ্জাব, অন্ধ্ৰ প্ৰদেশ, তেলেংগাণা, ওড়িশা আদি ৰাজ্যক এই আঁচনিয়ে প্ৰত্যক্ষভাবে প্ৰভাৱিত কৰিব ভবা হৈছে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi at BRICS summit: Dismantle ‘pyramid of privilege’ to make Global South a ‘rule-shaper’

Media Coverage

PM Modi at BRICS summit: Dismantle ‘pyramid of privilege’ to make Global South a ‘rule-shaper’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Indian Junior Men’s Hockey Team on winning Asia Cup
September 13, 2026

The Prime Minister, Shri Narendra Modi, has congratulated the Indian Junior Men’s Hockey Team on winning the Asia Cup with an emphatic 4-1 victory in the final.

The Prime Minister described the achievement as remarkable and said that the feat reflects the immense talent of the young players.

Shri Modi extended his best wishes to the entire team.

The Prime Minister wrote on X;

“Congratulations to our Junior Men’s Hockey Team on winning the Asia Cup with an emphatic 4-1 win in the final. It is indeed a remarkable achievement.

This feat reflects the immense talent of our young players. Best wishes to the entire team!”