ফ্ৰান্সৰ ইউৰোপ আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী মহামহিম জীন-ভেছ লে ড্ৰায়াই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎকৰে৷

প্ৰধানমন্ত্ৰীয়ে ফ্ৰান্সৰ ষ্ট্ৰছবাৰ্গত শেহতীয়াকৈ সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পীড়িতসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰাৰলগতে কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজাৰ ক্ষেত্ৰত ভাৰতে সদায় ফ্ৰান্সৰ কাষত থিয় দিব৷

এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ২০১৮ৰ মাৰ্চ মাহত ৰাষ্ট্ৰপতি মেক্ৰ’ৰ ভাৰত ভ্ৰমণৰ লগতে কিছুদিন পূৰ্বে আৰ্জেণ্টিনাত জি২০সন্মিলনৰ সমান্তৰালভাৱে হোৱা বাৰ্তালাপৰ কথা দোঁহাৰে৷

শ্ৰীযুত লে ড্ৰায়াই প্ৰধানমন্ত্ৰীক দ্বিপাক্ষিক সম্পৰ্কৰ শেহতীয়া উন্নয়ন তথা আঞ্চলিক আৰু বিশ্বৰ সমস্যা সন্দৰ্ভত ফ্ৰান্সৰদৃষ্টিভংগীৰ সন্দৰ্ভত সংক্ষেপে সদৰি কৰে৷ প্ৰধানমন্ত্ৰীয়ে প্ৰতিৰক্ষা, মহাকাশ, সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ, সামূদ্ৰিক নিৰাপত্তা আৰুঅসমাৰিক আণৱিক সহযোগিতাকে ধৰি সকলো স্তৰতে দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰা বিষয়টোৰ আদৰণি জনায়৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Led by iPhones, India sees highest Q1 smartphone exports by value

Media Coverage

Led by iPhones, India sees highest Q1 smartphone exports by value
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 জুলাই 2026
July 29, 2026

Aatmanirbhar & Eco-Conscious: PM Modi’s Record of Results in Conservation, Banking, Exports & Beyond