‘সৰ্বপ্ৰথম আমাৰ কৃষক’-প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বাধীন চৰকাৰৰ এয়াই মূলমন্ত্ৰ। বিজেপি চৰকাৰ য’তেই আছে, সেয়া কেন্দ্ৰতেই হওক বা ৰাজ্যতেই হওক, তেওঁলোকৰ বাবে কৃষকৰ হিত সকলোতকৈ বেছি গুৰুত্বপূৰ্ণ। কৃষকসকলৰ ফচল যাতে অধিক ভাল হয় সেইটো সুনিশ্চিত কৰাৰ বাবে উৎপাদন আৰু উৎপাদকতা শক্তিশালী কৰাটো জৰুৰী। মোদী চৰকাৰে বিগত ৫ বছৰত কৃষি বাজেট দুগুণ কৰি ২.১১ লাখ কোটি কৰিলে যিটো ইউপিএ চৰকাৰে নিজৰ ৫ বছৰত কেৱল ১.২১ লাখ কোটি টকাহে আৱণ্টন কৰিছিল।
প্ৰতি টোপালত অধিক উৎপাদন সুনিশ্চিত কৰি কৃষি জলসিঞ্চন যোজনা এইদৰে ৰূপায়ণ কৰা হৈছে যাতে ২০২২ বৰ্ষলৈ দেশত খৰাঙৰ আশংকা হ্ৰাস কৰিব পৰা যায়। ইয়ে ক্ষুদ্ৰ স্তৰতো পানীৰ উৎসৰ সঠিক প্ৰয়োগ তথা বৰষুণৰ পানী সংৰক্ষণ কৰি কৃষকে উৎপাদকতা বৃদ্ধি কৰিব পাৰে। মোদী চৰকাৰে পিএম জলসিঞ্চন যোজনাৰ অন্তৰ্গত সূক্ষ্ম জলসিঞ্চনত ৩৭.৪৯ লাখ হেক্টৰ ভূমি সামৰি লৈছে। প্ৰত্যেক কৃষিপামে যাতে পানী পায় সেইটো সুনিশ্চিত কৰিবলৈ ৫০,০০০ কোটি টকা ধাৰ্য কৰিছে।
চইল হেল্থৰ পৰা জলসিঞ্চন সুবিধা আৰু শস্য ৰোগ নিয়ন্ত্ৰণ কৰাৰ দৰে সমগ্ৰ প্ৰক্ৰিয়া মোদী চৰকাৰৰ দ্বাৰা গ্ৰহণ কৰা হৈছে যাতে কৃষকসকলে উতপাদনত কম খৰচ হয় আৰু তেওঁলোকৰ কৃষিৰ তীব্ৰতা বৃদ্ধি পায়।
কৃষিত মাটিৰ গুণাগুণে এক মৌলিক ভূমিকা পালন কৰাৰ বিষয়টো বিবেচনা কৰি চৰকাৰে এতিয়ালৈকে ১৮.৫ কোটি চইল হেল্থ কাৰ্ড বিতৰণ কৰিছে। কৃষকৰ উৎপাদকতা বৃদ্ধিৰ বাবে চইল হেল্থ কাৰ্ডত পোষক তত্ব তথা ৰাসায়নিক সাৰৰ শস্য ভিত্তিক নিৰ্দেশনাৱলী সন্নিৱিষ্ট থাকে। এই চইল হেল্থ কাৰ্ডৰ জৰিয়তে কৃষকসকলে তেওঁলোকৰ খেতি মাটিত কি কি পোষক লাগে আৰু সেই বিষয়ে সহজে জানিব পাৰে আৰু সেই অনুসাৰে পইচা খৰচ কৰিব পাৰে। ইয়ে তেওঁলোকক ৰাসায়নিক সাৰ সম্ভাৱ্য অধিকতম প্ৰয়োগ কৰাটো সহায় কৰে আৰু আগৰ দৰে অজ্ঞানতাত থকাৰ পৰিৱৰ্তে উত্তম শস্যৰ বাবে নিজকে প্ৰস্তুত কৰিব পাৰে।
ৰাসায়নিক সাৰৰ দাম আৰু কম কৰাৰ বাবে মোদী চৰকাৰে ঘৰুৱা উৎপাদিত ইউৰিয়া বা বাহিৰৰ পৰা আমদানিকৃত ইউৰিয়াক নীম কোটেড কৰিছে। এতিয়া ১০০ শতাংশ নীম কোটেড ইউৰিয়া সাৰহে প্ৰয়োগ হয়। নীম কোটেড ইউৰিয়া কেৱল খেতিৰ বাবে লাভদায়কেই নহয় বৰং এতিয়া আগৰ তুলনাত ইয়াৰ ব্যৱহাৰ ১০ শতাংশ কম। ই কেৱল কৃষকৰ বাবে খেতিৰ মূল্য কম কৰাই নহয় বৰং ই মাটিৰ গুণগত মানদণ্ডও উন্নীত কৰিছে।
চৰকাৰে পুৰণি বন্ধ হৈ থকা সাৰ কাৰখানা পুনৰুজ্জীৱিত কৰি আছে লগতে নতুন কাৰখানাও স্থাপন কৰি আছে যাৰ দ্বাৰা ইউৰিয়া উৎপাদন যথেষ্ট বৃদ্ধি পাইছে। নীম কোটেড হোৱাৰ কাৰণে এতিয়া ইউৰিয়া খেতিৰ বাহিৰে আন কলৈকো নাযায় ফলস্বৰূপে কৃষকসকলে এতিয়া সহজে ইউৰিয়া পাবলৈ সক্ষম হৈছে আৰু খেতি ভাল হ’বলৈ ধৰিছে।
মোদী চৰকাৰে প্ৰগতিশীল নীতিৰে কৃষিৰ সকলো ৰেহ-ৰূপ সফলতাৰে স্পৰ্শ কৰিছে যাৰ পৰিণতিত ২০১৭-১৮ বৰ্ষত (চতুৰ্থ অগ্ৰিম প্ৰাককলন অনুসৰি) অভিলেখ সংখ্যক ২৮৪৮.৩ লাখ টন শস্যৰ উৎপাদন হৈছে।
২০০৯ পৰা ২০১৪ বৰ্ষৰ তুলনাত মাহজাতীয় আৰু তৈলবীজৰ চৰকাৰী ক্ৰয় ২০১৪ৰ পৰা এতিয়ালৈকে ১৩ গুণ অধিক হৈছে। এনডিএ চৰকাৰে ৪৪,১৪২ কোটি টকাৰ (৪ ডিচেম্বৰ ২০১৮) মাহজাতীয় শস্য আৰু তৈলজাতীয় শস্য (৯৩.৯৭ লাখ মেট্ৰিক টন) ক্ৰয় কৰিছে, যাৰ দ্বাৰা ৫৪ লাখ কৃষক উপকৃত হৈছে। ইউপিএৰ ৫ বছৰত কেৱল ৩,১১৭.৩৮ কোটি টকাৰ (৭.২৮ লাখ মেট্ৰিক টন) হে ক্ৰয় হৈছিল।
কৃষকসকলৰ কঠোৰ পৰিশ্ৰম আৰু কৃষক কল্যাণৰ ওপৰত চৰকাৰৰ ব্যাপক গুৰুত্বৰ ফলতেই অভিলেখ সংখ্যক উৎপাদন সম্ভৱ হৈছে।
চৰকাৰে কৃষকৰ আয় বঢ়োৱাৰ ওপৰত গুৰুত্ব আগত ৰাখি নূন্যন্তম সমৰ্থন মূল্যৰ খৰচ ১.৫ গুণ কৰাৰ প্ৰতিশ্ৰুতি পূৰণ কৰিলে। উদাহৰণস্বৰূপে কুঁহিয়াৰ খেতিয়কৰ বাবে কুঁহিয়াৰৰ ক্ৰয় মূল্য ১৭৫ শতাংশ বঢ়াই ২৭৫ টকা প্ৰতি কুইণ্টল কৰাৰ অৰ্থই হৈছে যে এতিয়া কৃষকসকলক তেওঁলোকৰ ফচলৰ উচিত মূল্য লাভ কৰি আছে। এয়াই নহয় কৃষকসকলৰ পুৰণি বকেয়া ধনৰাশিও চৰকাৰে পৰিশোধ কৰি খেতিত স্থিৰতা আনিবলৈ সহায় কৰিছে। ইয়াৰ উপৰিও কুঁহিয়াৰৰ পৰা যেতিয়া তেল তৈয়াৰ কৰিবলৈ খোজা হৈছে। ২০১৭-১৮ সময়ছোৱাত কুঁহিয়াৰৰ পৰা ১৪০ কোটি টকা এপথানোল(ethanol)ৰ উৎপাদন কৰা হৈছে, যিটো ২০১৩-১৪ চনত কেৱল ৪০ কোটি টকাৰহে উৎপাদন হৈছিল।
চায়েন্স, স্পীড আৰু স্কেল এই তিনিটাই ভাৰতত খেতিক পুনৰ জীৱন প্ৰদান কৰি আছে। মোদী চৰকাৰৰ সকলো পদক্ষেপে ইয়াত দুই এটা কাৰকে চিষ্টেমত কাম কৰিছে যিয়ে কৃষকসকলৰ জীৱনৰ উন্নত কৰি তুলিছে।




