নমস্কাৰ।

সৰ্বপ্ৰথমে, “টাইফুন য়াগী”ত ক্ষতিগ্ৰস্ত লোকসকলৰ প্ৰতি মই মোৰ গভীৰ সমবেদনা ব্যক্ত কৰিছোঁ।

এই কঠিন সময়ত, অপাৰেশ্যন সদ্ভাৱৰ মাধ্যমত আমি মানৱীয় সাহায্য আগবঢ়াইছিলোঁ।

বন্ধুসকল,

ভাৰতে সদায় আছিয়ান ঐক্য আৰু কেন্দ্ৰিকতাৰ সমৰ্থন কৰিছে। ভাৰতৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগী আৰু কোৱাড সহযোগৰ কেন্দ্ৰতো আছিয়ান আছে। ভাৰতৰ “Indo-Pacific Oceans’ Initiative” আৰু “আছিয়ান Outlook on Indo-Pacific”ৰ মাজত গভীৰ সমতা আছে। এখন ফ্ৰী, অ’পেন, সমাৱেশী, সমৃদ্ধ আৰু নীতি-ভিত্তিক ইণ্ডো-পেচিফিক, সমগ্ৰ ক্ষেত্ৰৰ শান্তি আৰু প্ৰগতিৰ বাবে মহত্বপূৰ্ণ।

দক্ষিণ চীন সাগৰৰ শান্তি, নিৰাপত্তা আৰু স্থিৰতা সমগ্ৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ স্বাৰ্থত।

আমি বিশ্বাস কৰোঁ যে সামুদ্ৰিক কাম-কাজ আনক্লোছ (UNCLOS)ৰ অধীনত সঞ্চালিত হোৱা উচিত। Freedom of Navigation আৰু Air Space সুনিশ্চিত কৰাটো প্ৰয়োজনীয়। এক স্পষ্ট আৰু ফলপ্ৰসূ আচৰণ বিধি প্ৰস্তুত কৰিব লাগে। আৰু ইয়াত আঞ্চলিক দেশসমূহৰ বৈদেশিক নীতিৰ ওপৰত বাধা আৰোপ কৰা উচিত নহয়।

আমাৰ দৃষ্টিভংগী বিকাশবাদৰ হ’ব লাগে, বিস্তাৰবাদৰ নহয়।

বন্ধুসকল,

ম্যানমাৰৰ পৰিস্থিতি সন্দৰ্ভত আছিয়ানৰ স্থিতি আমি সমৰ্থন কৰোঁ। আমি পাঁচ বিন্দুৰ সহমতকো সমৰ্থন কৰোঁ। একে সময়তে, আমি বিশ্বাস কৰোঁ যে মানৱীয় সাহায্য বজাই ৰখাটো গুৰুত্বপূৰ্ণ আৰু গণতন্ত্ৰ অব্যাহত ৰাখিবলৈ উপযুক্ত পদক্ষেপো গ্ৰহণ কৰা উচিত। আমাৰ মতে, ইয়াৰ বাবে, ম্যানমাৰক বিচ্ছিন্ন নহয়, নিয়োজিত কৰিব লাগিব।

এখন চুবুৰীয়া দেশ হিচাপে, ভাৰতে নিজৰ দায়িত্ব পালন কৰি যাব।

বন্ধুসকল,

বিশ্বৰ বিভিন্ন অঞ্চলত চলি থকা সংঘাতসমূহে গ্ল’বেল ছাউথৰ দেশসমূহত আটাইতকৈ বেছি নেতিবাচক প্ৰভাৱ পেলাইছে।

মই বুদ্ধৰ দেশৰ পৰা আহিছোঁ, আৰু মই বাৰে বাৰে কৈ আহিছোঁ যে এইটো যুদ্ধৰ যুগ নহয়। সমস্যাৰ সমাধান যুদ্ধক্ষেত্ৰৰ পৰা আহিব নোৱাৰে।

সাৰ্বভৌমত্ব, ভূখণ্ডৰ অখণ্ডতা আৰু আন্তঃৰাষ্ট্ৰীয় আইনক সন্মান কৰাটো প্ৰয়োজনীয়। মানৱীয় দৃষ্টিভংগী ৰাখি, আলোচনা আৰু কূটনীতিক গুৰুত্ব দিব লাগিব।

বিশ্ববন্ধুৰ দায়িত্ব পালন কৰি, ভাৰতে এই দিশত সম্ভৱপৰ সকলো অৱদান আগবঢ়াই যাব।

সন্ত্ৰাসবাদো বিশ্ব শান্তি আৰু নিৰাপত্তাৰ বাবে এক গুৰুতৰ প্ৰত্যাহ্বান। ইয়াৰ মুখামুখি হ’বলৈ হ’লে, মানৱতাক বিশ্বাস কৰা শক্তিসমূহে একেলগে কাম কৰিবই লাগিব।

আৰু, চাইবাৰ, সামুদ্ৰিক আৰু মহাকাশৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতাকো শক্তিশালী কৰিব লাগিব।

বন্ধুসকল,

নালন্দাৰ পুনৰুদ্ধাৰ, পূব এছিয়া শীৰ্ষ সন্মিলনত দিয়া আমাৰ প্ৰতিশ্ৰুতি আছিল। এই বছৰ জুনত, নালন্দা বিশ্ববিদ্যালয়ৰ নতুন পৰিসৰ উদ্বোধন কৰি আমি ইয়াক সম্পূৰ্ণ কৰিলোঁ। মই, ইয়াত উপস্থিত থকা সকলো দেশকে নালন্দাত অনুষ্ঠিত হ’বলগীয়া উচ্চ শিক্ষাৰ মুৰব্বী সন্মিলনলৈ আমন্ত্ৰণ জনাইছোঁ।

বন্ধুসকল,

পূব এছিয়া শীৰ্ষ সন্মিলন ভাৰতৰ এক্ট ইষ্ট পলিচীৰ এটা মহত্বপূৰ্ণ স্তম্ভ।

আৰু, আজিৰ এই শীৰ্ষ সন্মিলনৰ চমকপ্ৰদ আয়োজনৰ বাবে মই প্ৰধানমন্ত্ৰী ছিপানদোনক আন্তৰিক অভিনন্দন জনাইছোঁ।

মই পৰৱৰ্তী অধ্যক্ষ মালয়েছিয়াক শুভ কামনা জনাইছোঁ আৰু তেওঁলোকৰ অধ্যক্ষতাৰ বাবে ভাৰতৰ পূৰ্ণ সমৰ্থনৰ আশ্বাস দিছোঁ।

বহুত বহুত ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Second consignment of 37.5 tonnes HADR aid reaches flood-hit Nepal; India sends 47.5 tonnes of relief material in total

Media Coverage

Second consignment of 37.5 tonnes HADR aid reaches flood-hit Nepal; India sends 47.5 tonnes of relief material in total
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 28 আগষ্ট 2026
August 28, 2026

India’s Growth Story, Grounded: Inclusion, Exports, and Infrastructure Under One Vision of PM Modi