নমো বুদ্ধায়!

নেপালৰ প্ৰধানমন্ত্ৰী সন্মানীয় শ্ৰী শ্বেৰ বাহাদুৰ দেউবা জী, আদৰণীয় শ্ৰীমতী আৰজু দেউবা জী, সভাত উপস্থিত থকা নেপাল চৰকাৰৰ মন্ত্ৰীসকল, বিশাল সংখ্যাত উপস্থিত থকা বৌদ্ধ ভিক্ষু তথা বৌদ্ধ ধৰ্মাৱলম্বী বিভিন্ন দেশৰ পৰা সমবেত হোৱা গণ্যমান্য অতিথিবৃন্দ, আইসকল আৰু সজ্জনসকল!

বুদ্ধ জয়ন্তী-কো পৱন অৱসৰ মা, য়স সভা-মা উপস্থিত, য়হা-হৰু সবে-লাই, সম্পূৰ্ণ নেপালবাসী-হৰুলাই, ৰ বিশ্বকা সবৈ শ্ৰদ্ধালু-জন-লাই, লুম্বিনীকো পবিত্ৰ ভূমিবাট, বুদ্ধ পূৰ্ণামাকো ধেৰে ধেৰে শুভকামনা!

ইয়াৰ আগতেও মই বৈশাখ পূৰ্ণিমাৰ দিনা ভগবান বুদ্ধৰে বিজড়িত দিব্য স্থলসমূহত, সেইসমূহৰে জড়িত আয়োজনত উপস্থিত থকাৰ সুযোগ লাভ কৰিছিলো। আৰু আজি ভাৰতৰ বন্ধু দেশ নেপালত ভগবান বুদ্ধৰ পবিত্ৰ জন্ম-স্থলী লুম্বিনীলৈ অহাৰ সৌভাগ্য লাভ কৰিছো।

কিছু সময়ৰ আগতে মায়াদেবী মন্দিৰত দৰ্শনৰ যি সুযোগ মই লাভ কৰিলো, সেয়াও মোৰ বাবে অবিস্মৰণীয় অভিজ্ঞতা হৈ ৰ’ব। সেইখন ঠাই, য’ত স্বয়ং বুদ্ধই জন্ম গ্ৰহণ কৰিছিল, সেইখন ঠাইৰ শক্তি, সেইখন ঠাইৰ চেতনা, এয়া নিতান্তই এক অনন্য অভিজ্ঞতা! মই এই কথা দেখিও আনন্দ পাইছো যে এইডোখৰ ঠাইৰ বাবে ২০১৪ চনত মই মহাবোধী বৃক্ষৰ যিটো পুলি উপহাৰ হিচাপে আগবঢ়াইছিলো, সেই পুলিটো এতিয়া বিকশিত হৈ এজোপা গছত পৰিণত হৈছেহি।

বন্ধুসকল,

সেয়া লাগিলে পশুপতিনাথ জীয়েই হওক, মুক্তিনাথ জীয়েই হওক, লাগিলে সেয়া জনকপুৰ ধাম অথবা লুম্বিনী, মই যেতিয়াই নেপাললৈ আহিছো, নেপালে নিজৰ আধ্যাত্মিক আশীৰ্বাদৰে মোক কৃতাৰ্থ কৰিছে।

বন্ধুসকল,

জনকপুৰত মই কৈছিলো যে নেপাল অবিহণে আমাৰ ৰামো সম্পূৰ্ণ নহয়। মই জানিছিলোৱেই আজি যেতিয়া ভাৰতত ভগবান শ্ৰীৰামৰ বিশাল-বৰ্ণাঢ্য মন্দিৰৰ নিৰ্মাণ কাৰ্য চলি আছে, তেতিয়া নেপালৰ লোকসকলেও সিমানেই আনন্দ অনুভৱ কৰিছে।

বন্ধুসকল,

নেপাল অৰ্থাত্, পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বত-সাগৰমাথাৰ দেশ! নেপাল অৰ্থা্ত্, পৃথিৱীৰ অনেক পবিত্ৰ তীৰ্থ, মন্দিৰ আৰু মঠসমূহৰ দেশ! নেপাল অৰ্থাত্, পৃথিৱীৰ প্ৰাচীন সভ্যতা সংস্কৃতিক প্ৰতিপালিত কৰি ৰখা দেশ! নেপাল আঁউদা, মলাই কুনৈ ৰাজনীতিক ভ্ৰমম ভন্দা, অলগ এউটা ছুট্টে আধ্যাত্মিক অনুভূতি হুঞ্চ!

ভাৰত আৰু ভাৰতৰ লোকসকলে হাজাৰ বছৰ ধৰি নেপালক এই দৃষ্টি আৰু আস্থাৰেই গ্ৰহণ কৰি আহিছে। মোৰ বিশ্বাস আছে, এই অলপতে মাত্ৰ যেতিয়া শ্বেৰ বাহাদুৰ দেউবা জী, শ্ৰীমতী আৰজু দেউবা জী যেতিয়া ভাৰতলৈ গৈছিল, আৰু যেনেকৈ এতিয়া দেউবা জীয়ে বৰ্ণনা কৰিছে, বেনাৰসৰ কাশী বিশ্বনাথ ধামৰ যাত্ৰাও কৰিছিল, তেতিয়া তেওঁৰো ভাৰতৰ বাবে ঠিক এনেকুৱাই অনুভূতি হোৱাটো তেনেই স্বাভাৱিক আছিল।

বন্ধুসকল,

এই উমৈহতীয়া ঐতিহ্য, এই উমৈহতীয়া সংস্কৃতি, এই উমৈহতীয়া আস্থা আৰু প্ৰেম, এয়াইতো আমাৰ সকলোতকৈ বৃহত্ পুঁজি। আৰু এই পুঁজি যিমানেই সমৃদ্ধ হ’ব, আমি সিমানেই প্ৰভাৱশালী ভাবে একেলগে সমগ্ৰ পৃথিৱীলৈ ভগবান বুদ্ধৰ বাণীসমূহ লৈ যাব পাৰিম, পৃথিৱীখনক দিক-দৰ্শন কৰাব পাৰিম। আজি বিশ্বৰ পৰিস্থিতিয়ে যেনে ধৰণে মোৰ লৈছে, তাত ভাৰত আৰু নেপালৰ নিৰন্তৰ শক্তিশালী হোৱা মিত্ৰতা, আমাৰ ঘনিষ্ঠতাই সম্পূৰ্ণ মানৱতাৰ হিতৰ কাৰণে কাম কৰিব। আৰু ইয়াৰ দ্বাৰা ভগবান বুদ্ধৰ প্ৰতি আমাৰ দুয়োখন দেশৰ আস্থা, তেওঁৰ প্ৰতি থকা অসীম শ্ৰদ্ধাই আমাক এডাল সূতাৰে বান্ধিব, এটা পৰিয়ালৰ সদস্য কৰি তুলিব।

ভাই-ভনীসকল,

বুদ্ধ মানৱতাৰ সামূহিক বোধৰ অৱতৰণ আছিল। বুদ্ধ বোধতো হয়েই, বুদ্ধ শুদ্ধিও হয়! বুদ্ধ বিচাৰো হয়, আৰু সংস্কাৰো হয়। বুদ্ধ এই কাৰণেই বিশেষ হয়, কিয়নো তেওঁ কেৱল উপদেশেই দিয়া নাছিল, বৰঞ্চ তেওঁ  মানৱতাক জ্ঞানৰ অনুভূতিও প্ৰদান কৰিছিল। তেওঁ মহান বৈভৱশালী ৰাজ্য আৰু চৰম সুখ-সুবিধাসমূহকো ত্যাগ কৰাৰ সাহস দেখুৱাইছিল। নিশ্চিত ৰূপতে তেওঁৰ জন্ম কোনো সাধাৰণ বালকৰ ৰূপত হোৱা নাছিল। কিন্তু তেওঁ আমাক এই কথাৰ অনুভৱ কৰাইছিল যে প্ৰাপ্তিতকৈয়ো অধিক মহত্ব ত্যাগতহে সংপৃক্ত হৈ থাকে। ত্যাগৰেহে প্ৰাপ্তিয়ে পূৰ্ণতা লাভ কৰে। সেয়ে, তেওঁ জংঘলে জংঘলে বিচৰণ কৰিছিল, তেওঁ তপস্যা কৰিছিল, তেওঁ শুদ্ধি কৰিছিল। সেই আত্মশুদ্ধিৰ পিচত যেতিয়া তেওঁ জ্ঞানৰ শিখৰত উপস্থিত হৈছিলগৈ, তেতিয়াও তেওঁ কোনো আশ্চৰ্যৰে মানুহৰ কল্যাণ সাধন কৰা বুলি কেতিয়াও দাবী কৰা নাছিল। বৰং ভগবান বুদ্ধই আমাক সেইটো পথহে দেখুৱাইছিল, যিটো পথেৰে তেওঁ নিজেই জীৱন-যাত্ৰা সম্পূৰ্ণ কৰিছিল। তেওঁ আমাক মন্ত্ৰ দিছিল- অপ্প দীপো ভৱ ভিক্ষৱে।

পৰীক্ষ্য ভিক্ষৱো গ্ৰাহ্যম মদ্বচো, ন তু গৌৰৱাত্।

অৰ্থাত্, নিজেই নিজৰ দীপক হোৱা। মোৰ কথাকো কেৱল মোৰ প্ৰতি থকা আদৰৰ বাবেই গ্ৰহণ নকৰিবা। বৰঞ্চ সেইবোৰ কথাকো পৰীক্ষা কৰিহে আত্মস্যাত কৰিবা।

বন্ধুসকল,

ভগবান বুদ্ধৰে জড়িত এটা বিষয় আছে, যিটোৰ কথা আজি মই উল্লেখ কৰিব বিচাৰিম! বহাগৰ পূৰ্ণিমাৰ দিনা লুম্বিনীত সিদ্ধাৰ্থৰ ৰূপত বুদ্ধৰ জন্ম হৈছিল। এই দিনটোতে তেওঁ বোধগয়াত বোধ প্ৰাপ্ত কৰি ভগবান বুদ্ধ হৈছিল আৰু এই দিনটোতে কুশীনগৰত তেওঁৰ মহাপৰিনিৰ্বাণ হৈছিল। একেটাই তিথি, একেই বহাগৰ পূৰ্ণিমাত ভগবান বুদ্ধৰ জীৱন-যাত্ৰাৰ এই মোৰবোৰ কেৱল একোটা কাকতালীয় সংযোগেই নাছিল। ইয়াত বুদ্ধত্বৰ সেই দাৰ্শনিক বাৰ্তাও সমাহিত হৈ আছে, য’ত জীৱন, জ্ঞান আৰু নিৰ্বাণ, এই তিনিওটাই একলগ হৈ আছে। এয়াই মানৱীয় জীৱনৰ পূৰ্ণতা, আৰু সম্ভৱতঃ সেয়েই ভগবান বুদ্ধই চাগৈ পূৰ্ণিমাৰ এই পবিত্ৰ তিথিটো নিৰ্বাচিত কৰি লৈছিল। যেতিয়া আমি মানৱীয় জীৱনক এই পূৰ্ণতাৰে চবলৈ লওঁ, তেতিয়া বিভাজন আৰু ভেদভাৱৰ বাবে কোনো ঠায়েই নাথাকেগৈ। তেতিয়া আমি নিজেই বসুধৈৱ কুটুম্বকমৰ সেই ভৱনাৰে জীয়াই থাকিব পাৰিম, যি সৰ্ব ভৱন্তু সুখিনঃ-ৰ পৰা ভৱন্তু সৰ্ব মংগলমৰ বুদ্ধ উপদেশলৈকে উজলি উঠে। সেয়ে ভৌগলিক সীমাৰো উৰ্ধ্বলৈ গৈ বুদ্ধ প্ৰতিজন ব্যক্তিৰে হৈ পৰে, যিকোনো জনৰ বাবেই হৈ পৰে।

বন্ধুসকল,

ভগবান বুদ্ধৰ সৈতে মোৰ আৰু এটা সম্বন্ধ আছে, যিটো সম্বন্ধৰ সৈতে এক অদ্ভুত সংযোগতো আছেই, সেয়া খুবেই সখপ্ৰদও।  যিডোখৰ ঠাইত মোৰ জন্ম হৈছিল, গুৰাটৰ ৱড়নগৰ, তাত বহু শতিকাৰ আগতে বৌদ্ধ শিক্ষাৰ বহুত ডাঙৰ কেন্দ্ৰ আছিল। আজিও তাত প্ৰাচীন অৱশেষ ওলাই আছে, যিবোৰ স্মাৰকৰ সংৰক্ষণৰ কাম অব্যাহত ৰখা হৈছে। আৰু আমিতো জানো যে হিন্দুস্থানৰ এনে বহুবোৰ নগৰ এনেকুৱা, বহুবোৰ চহৰ, বহুবোৰ ঠাই এনেকুৱা, যাক লৈ মানুহে বহুত গৰ্বৰে সেইখন ৰাজ্যৰ কাশী বুলি জানে। ভাৰতৰ বিশেষত্ব তেনে যে, আৰু সেয়ে কাশীৰ ওচৰৰ সাৰনাথৰ সৈতে মোৰ আত্মীয়তাৰ কথা আপোনালোকেও জানে। ভাৰতত সাৰনাথ, বোধগয়া আৰু কুশীনগৰকে ধৰি নেপালৰ লুম্বিনীলৈকে, এইসমূহ পবিত্ৰ স্থান আমাৰ উমৈহতীয়া ঐতিহ্য ক্ষেত্ৰ আৰু উমৈহতীয়া প্ৰমূল্যৰ প্ৰতীক। আমি এইসমূহ ঐতিহ্যক একেলগে মিলি বিকশিত কৰিব লাগিব, আৰু আগলৈ সমৃদ্ধও কৰিব লাগিব। এতিয়া আমি দুযোখন দেশৰ প্ৰধানমন্ত্ৰীদ্বয়ে ইয়াত ‘ইণ্ডিয়া ইণ্টাৰনেশ্যনেল চেণ্টাৰ ফৰ বুদ্ধিষ্ট কালচাৰ এণ্ড হেৰিটেজ’-ৰ আধাৰশিলা স্থাপন কৰিছো। ইয়াৰ নিৰ্মাণ ‘ইণ্টাৰনেশ্যনেল বুদ্ধিষ্ট কনফেডাৰেশ্যন অব ইণ্ডিয়া’ৰ দ্বাৰা কৰোৱা হ’ব। আমাৰ সহযোগিতাৰ এই বহু দশক পূৰণা সপোনবোৰক সাকাৰ কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী দেউবা জীয়ে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। ‘লুম্বিনী উন্নয়ণ ন্যাস’ৰ অধ্যক্ষৰ ৰূপত তেওঁ ‘ইণ্টাৰনেশ্যনেল বুদ্ধিষ্ট কনফেডাৰেশ্যন’ক ইয়াৰ বাবে ভূমি দান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। আৰু এতিয়া এই প্ৰকল্প সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰতো তেওঁৰ ফালৰ পৰা  সম্পূৰ্ণ সহয়োগিতা আগবঢ়াইছে। ইয়াৰ বাবে আমি সকলোৱে আন্তৰিকতাৰে তেখেতৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো। মোৰ ভাল লাগিছে যে নেপাল চৰকাৰে, ‘বুদ্ধ চাৰ্কিট’ আৰু লুম্বিনীৰ বিকাশৰ বাবে লোৱা সকলো প্ৰয়াসলৈ সহযোগিতা আগবঢ়াই আহিছে, বিকাশৰ সকলো সম্ভাৱনাকে সাকাৰ কৰিও আহিছে। নেপালত ‘লুম্বিনী সংগ্ৰহালয়’ৰ নিৰ্মাণো দুয়োখন দেশৰ উমৈহতীয়া সহয়োগিতাৰ উদাহৰণ। আৰু আজি আমি ‘লুম্বিনী বুদ্ধিষ্ট ইউনিভাৰ্ছিটী’ত ‘ড০ বাবা চাহেব আম্বেডকৰ চেয়াৰ ফৰ বুদ্ধিষ্ট ষ্টাডিজ’ স্থাপন কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছো।

বন্ধুসকল,

ভাৰত আৰু নেপালৰ অনেক তীৰ্থই শতিকাৰ পিচত শতিকা ধৰি সভ্যতা, সংস্কৃতি আৰু জ্ঞানৰ বিশাল পৰম্পৰাক গতি প্ৰদান কৰি আহিছে। আজিও এইসমূহ তীৰ্থলৈ সমগ্ৰ পৃথিৱীৰ লাখ লাখ শ্ৰদ্ধালু প্ৰতি বছৰে আহে। আমি ভৱিষ্যতে আমাৰ এই প্ৰয়াসসমূহক আৰু অধিক গতিশীল কৰি তুলিব লাগিব। আমাৰ চৰকাৰে ভৈৰহৱা আৰু সোণৌলীত ‘সংহত পৰীক্ষণ চকী’ স্থাপনৰ দৰে সিদ্ধান্তও গ্ৰহণ কৰিছে। ইয়াৰ কামো আৰম্ভ কৰা হৈছে। এই চকী দুটা স্থাপনৰ পিচত সীমান্তত মানুহৰ যাতায়াতৰ ক্ষেত্ৰত সুবিধা হ’ব। ভাৰতলৈ অহা আন্তঃৰাষ্ট্ৰীয় পৰ্যটকসকলে খুব সহজেই নেপাললৈ আহিব পাৰিব। লগতে, ইয়াৰ জৰিয়তে বেহা-বেপাৰ আৰু অত্যাৱশ্যকীয় বস্তুৰ পৰিবহণৰ ক্ষেত্ৰটো গতি লাভ কৰিব পৰা যাব।  ভাৰত আৰু নেপাল, দুয়োখন দেশৰ মাজত মিলিজুলি কাম কৰাৰ বাবে এনে বহু সম্ভাৱনাই আছে। আমাৰ এইবোৰ প্ৰয়াসৰ সুফল দুয়োখন দেশৰ নাগৰিকসকলেও লাভ কৰিব।

বন্ধুসকল,

‘ভাৰত ৰ নেপাল-বিছ-কো সম্বন্ধ, হিমাল জস্তে অটল ছ, ৰ হিমাল জত্তিকৈ পুৰাণো ছ’!

আমি আমাৰ এই স্বাভাৱিক আৰু নৈশৰ্গিক সম্পৰ্কৰ হিমালয় জয় কৰিলেই নহ’ব, ইয়াক নতুন উচ্চতাও প্ৰদান কৰিব লাগিব। খোৱা-বোৱা, গীত-সংগীত, পৰ্ব-উত্সৱ আৰু ৰীতি-পৰম্পৰাৰ পৰা পাৰিবাৰিক সম্বন্ধলৈকে যিবোৰ সম্পৰ্কক আমি হাজাৰ বছৰ ধৰি অব্যাহত ৰাখিছো, এতিয়া সেইবোৰক বিজ্ঞান, প্ৰযুক্তি আৰু আন্তঃগাঁথনিৰ দৰে নতুন ক্ষেত্ৰসমূহৰেও সংযোজিত কৰিব লাগিব। মোৰ ভাল লাগিছে যে এই দিশত ভাৰতে নেপালৰ সৈতে কান্ধত কান্ধ মিলাই কাম কৰি আছে। ‘লুম্বিনী বিশ্ববিদ্যালয়’, ‘কাঠমাণ্ডু বিশ্ববিদ্যালয়’ আৰু ‘ত্ৰিভুৱন বিশ্ববিদ্যালয়’ত ভাৰতে আগবঢ়োৱা সহযোগিতা ইয়াৰ ডাঙৰ উদাহৰণ। মই এইবোৰ ক্ষেত্ৰত আমাৰ পৰস্পৰৰ সহযোগিতাৰ পৰিসৰ বৃদ্ধিৰ বাবে আৰু বহুবোৰ সম্ভানাও প্ৰত্যক্ষ কৰিছো। আমি এইবোৰ সম্ভাৱনাক ভাৰত-নেপালৰ সপোনবোৰৰ সৈতে মিলাই সাকাৰ কৰি তুলিব লাগিব। আমাৰ সক্ষম যুৱ-প্ৰজন্মই সাফল্যৰ শিখৰলৈ আগবাঢ়ি যোৱাৰ বাটত সমগ্ৰ পৃথিৱীতে বুদ্ধৰ শিকনীসমূহৰ বাৰ্তাবাহক হৈ উঠিব।

বন্ধুসকল,

ভগবান বুদ্ধই কৈছিল-সুপ্পবুদ্ধ পবুজছন্তি, সদা গোতম সাৱকা। য়েঞ্চ দিৱা চ, ভাৱনায়ে ৰতো মনো।। অৰ্থাত্, যি সদায়ে মৈত্ৰী ভাৱনাৰে, সদ্ভাৱনাৰে লাগি থাকে, গৌতমৰ সেইসকল অনুগামী সদায়ে জাগ্ৰত হৈ থাকে। অৰ্থাত্ সেইসকলেই বুদ্ধৰ বাস্তৱিক অনুগামী হয়। এই ভাৱনাকে লৈ আজি আমি সমগ্ৰ মানৱতাৰ বাবে কাম কৰি যাব লাগিব। এই ভাৱনাকে লৈ আমি সংসাৰত মৈত্ৰী ভাৱনাক শক্তিশালী কৰিব লাগিব।

‘ভাৰত ৰ নেপাল-বীছ-কো মিত্ৰতালে, য়স মানৱীয় সংকল্প-লাই পুৰা গৰ্ণ, য়সৈ গৰী মিলেৰ কাম, গৰিৰহনে, মলাই পূৰ্ণ বিশ্বাস ছ’।

এই ভাৱনাৰেই আপোনালোক সকলোকে আকৌ এবাৰ বৈশাখ পূৰ্ণিমাৰ অনেক অনেক শুভকামনা জনালো।

নমো বুদ্ধায়!

নমো বুদ্ধায়!

নমো বুদ্ধায়!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Stranded in Tehran, 50 Iranian Sikhs return safely to India

Media Coverage

Stranded in Tehran, 50 Iranian Sikhs return safely to India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi pays tributes to Freedom Fighter, Shri Pingali Venkayya on his 150th birth anniversary
August 02, 2026

The Prime Minister, Shri Narendra Modi, paid tributes to freedom fighter, Shri Pingali Venkayya on his 150th birth anniversary.

The Prime Minister remembered Pingali Venkayya for his invaluable role in giving the nation the Tricolour and said that his efforts continue to inspire people to serve the country with dedication and patriotic fervour.

Shri Modi said that the Tiranga fills every Indian heart with immense pride and inspires the nation to work towards nation-building.

The Prime Minister wrote on X;

“Tributes to Pingali Venkayya Ji on his 150th birth anniversary. He is remembered for his invaluable role in giving our nation the Tricolour. May his efforts always inspire people to serve our country with dedication and patriotic fervour.

The Tiranga fills every Indian heart with immense pride and inspires us to work towards nation building.”