“The entire country is overjoyed because of the outstanding performance of our athletes in the Asian Games”
“This is the best performance of India in Asian Games till date. It is a matter of personal satisfaction that we are moving in the right direction”
“In many events, wait of so many decades got over because of your efforts”
“In many disciplines, you not only opened an account but blazed a trail that will inspire a generation of youth ”
“The daughters of India were not ready to settle for anything less than number 1”
“Our TOPS and Khelo India schemes have proved game changer”
“Our players are the 'GOAT' i.e. Greatest of All Time, for the country”
“Presence of younger athletes among the medal winners is the sign of a sporting nation”
“The new thinking of young India is no longer satisfied with just good performance, rather it wants medals and wins”
“Help in fighting drugs and in promoting millets and POSHAN mission”
“ I assure you that lack of money will never be a hindrance to your efforts”
“Our faith in the youth was the basis of the slogan ‘100 paar’, you have lived up to that faith”

মোৰ মৰমৰ বন্ধুসকল,

মই ১৪০ কোটি দেশবাসীৰ হৈ আপোনালোক সকলোকে স্বাগত জনাইছোঁ, আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ।

এয়া এক ভাল লগা কাকতালীয় ঘটনা যে ১৯৫১ চনত এইডোখৰ স্থানত, এইখন ষ্টেডিয়ামতে প্ৰথমবাৰৰ বাবে ‘এছিয়ান গে’মছ’ অনুষ্ঠিত হৈছিল। আজি, আপোনালোকৰ লগতে সকলো খেলুৱৈয়ে যি পৰাক্ৰম দেখুৱালে, আপোনালোকে যি পুৰুষাৰ্থ দেখুৱলে, আপোনালোকে যি সাফল্য সম্ভৱ কৰি দেখুৱালে তাৰ বাবে দেশৰ প্ৰতিটো কোণত এক উৎসৱৰ পৰিৱেশ সৃষ্টি হৈছে। আপোনালোকে ১০০ তকৈয়ো অধিক পদক জয় কৰাৰ বাবে দিন-ৰাতি একাকাৰ কৰি দিছিল। ‘এছিয়ান গে’মছ’ত আপোনালোক সকলো খেলুৱৈৰ প্ৰদৰ্শনক লৈ সমগ্ৰ দেশে গৌৰৱ অনুভৱ কৰিছে।

আজি সমগ্ৰ দেশৰ হৈ মই আমাৰ খেলুৱৈসকলৰ প্ৰশিক্ষক, ‘ট্ৰেইনা’ৰ আৰু ‘কোচ্ছ’সকলৰ প্ৰতিও আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই এই দলত থকা প্ৰতিগৰাকী ব্যক্তি, সহায়ক কৰ্মচাৰী, ফিজিঅ', বিষয়াবৰ্গকে ধৰি সকলোকে ভুৰি ভুৰি প্ৰশংসা কৰিছোঁ। আৰু মই আপোনালোকৰ পিতৃ-মাতৃকসকলক বিশেষভাবে অভিবাদন জনাইছোঁ। কিয়নো, আৰম্ভনি কিন্তু ঘৰৰ পৰাই হয়, ‘কেৰিয়াৰ’ৰ বহুতো পথক, ল’ৰা-ছোৱালীহঁত যেতিয়া এই দিশত যায়, তেতিয়াতো, আৰম্ভণিতেতো যথেষ্ট বিৰোধিতা হয়, বোলে ‘সময় নষ্ট নকৰিবা, পঢ়া-শুনাত মন দিয়া। এনে কৰা, তেনে নকৰিবা’। কেতিয়াবা ক’ৰবাত আঘাত লাগিলেও মায়ে হয়তো কৈ উঠে 'এতিয়াতো আৰু যাব নোৱাৰা, এতিয়াতো মই এয়া কৰিবলৈ নিদিও।' আৰু সেয়েহে আপোনালোকৰ মা-দেউতাহঁতক প্ৰণাম জনাবই লাগিব। আপোনালোক প্ৰায়েই পৰ্দাত ওলাই, পিচে, যিসকল পিচত থাকে তেওঁলোক কেতিয়াও পৰ্দাত নোলায়, কিন্তু প্ৰশিক্ষণৰ পৰা মঞ্চলৈ এই দীঘলীয়া যাত্ৰা এইসকল লোকৰ অবিহনে সম্ভৱ নহয়।

 

বন্ধুসকল,

আপোনালোক সকলোৱে ইতিহাস সৃষ্টি কৰি উভতি আহিছে। এইবাৰৰ ‘এছিয়ান গে’মছ’ৰ পৰিসংখ্যাসমূহ ভাৰতৰ সফলতাৰ সাক্ষী হৈ উঠিছে। ‘এছিয়ান গে’মছ’ত এয়া হৈছে এই পৰ্যন্ত ভাৰতৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন। আৰু, ব্যক্তিগতভাৱে, মই সন্তুষ্ট যে আমি সঠিক দিশত আগবাঢ়িব পাৰিছোঁ। যেতিয়া আমি প্ৰতিষেধকৰ বাবে কাম কৰি আছিলো, এই কামত সফলতা লাভ কৰিব পাৰিম নে নাই সেই লৈ ডাঙৰ আশংকা আছিল। কিন্তু যেতিয়া আমি প্ৰতিষেধকৰ ক্ষেত্ৰত সফল হৈছিলো, তেতিয়া ২০০ কোটি (১৬.১৯ কোটি)তকৈয়ো অধিক পালি ব্যৱহৃত হৈছিল, দেশবাসীৰ জীৱন ৰক্ষা পৰিছিল, আৰু বিশ্বৰ ১৫০ খন দেশক সহায় কৰিছিল, তেতিয়া মই অনুভৱ কৰিছিলোঁ যে হয়, আমাৰ পথ সঠিক আছিল। আজি, যেতিয়া আপোনালোক সফল হৈছে, মই ভাবিছোঁ আমাৰ পথ সঠিক আছিল।

 

ভাৰতে এইবাৰ বিদেশৰ মাটিত ‘এথলেটিকছ’ত সৰ্বাধিক পদক জিকিছে। ‘শ্বুটিঙ’ত এতিয়ালৈকে সৰ্বাধিক পদক, ‘আৰ্চাৰী’ত সৰ্বাধিক পদক, ‘স্কোৱাছ’ত সৰ্বাধিক পদক, ‘ৰয়িং’ত সৰ্বাধিক পদক, ‘মহিলা বক্সিং’ত সৰ্বাধিক পদক, ‘মহিলা ক্ৰিকেট’ত ‘প্ৰথম সোণৰ পদক’, ‘পুৰুষৰ ক্ৰিকেট’ত ‘প্ৰথম সোণৰ পদক’, ‘স্কোৱাছ’ ‘মিক্সড ডাবলছ’’ত প্ৰথম সোণৰ পদক’, আপোনালোকে সোণৰ পদক জিকিছিল। আৰু আপোনালোকে দেখিছে, মহিলাৰ ‘শ্বটপুট’ত ‘বাসত্তৰ বছৰ’ৰ পিছত, ৪ X ৪, ১০০ মিটাৰ ‘ৰিলে’ত ‘একষষ্ঠী বছৰ’ৰ পিছত, ‘ঘোঁৰা চালনা’ত ‘একচল্লিশ বছৰ’ৰ পিছত, আৰু ‘পুৰুষৰ বেডমিণ্টন’ত ‘চল্লিশ বছৰ’ৰ পিছত আমি পদক লাভ কৰিছোঁ। অৰ্থাৎ চাৰি-চাৰি, পাঁচ-পাঁচ, ছয়-ছয় দশক ধৰি দেশৰ কাণে এই বাতৰিবোৰ শুনিবলৈ আশা পালি আছিল, আপোনালোকে এয়া পূৰণ কৰিছে। কল্পনা কৰকচোন আপোনালোকৰ প্ৰচেষ্টাই কিমান বছৰৰ অপেক্ষাৰ সমাপ্তি ঘটাইছে।

 

বন্ধুসকল,

 

এইবাৰ সংঘটিত হোৱা আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ। আমি অংশগ্ৰহণ কৰা বেছিভাগ ‘ক্ৰীড়া’ আৰু ‘প্ৰতিযোগিতা’ত, সেই সমূহৰ বেছিভাগতে আমি এটা নহয় এটা পদক আনিবলৈ সক্ষম হৈছো। গতিকে ইয়ে স্বতঃস্ফূৰ্তভাবেই আমাৰ ‘কেনভাছ’-ৰ আকাৰ বৃদ্ধি কৰিছে, এয়া ভাৰতৰ বাবে খুবেই শুভ লক্ষণ। ২০টা শিতান এনে আছিল য'ত দেশখনে আজিলৈকে ‘প’ডিয়াম ফিনিছ’ সম্ভৱেই কৰিব পৰা নাছিল। বহুতো ক্ৰীড়াত, আপোনালোকে কেৱল ‘একাউণ্ট’-য়েই নহয়, বৰঞ্চ এক ‘নতুন পথো মুকলি’ কৰিছে। এটা পথ যিয়ে সমগ্ৰ প্ৰজন্মৰ যুৱপ্ৰজন্মক অনুপ্ৰাণিত কৰিব। এটা পথ যি এতিয়া এছীয় খেলৰ পৰা আগবাঢ়ি গৈ অলিম্পিকলৈ যোৱা আমাৰ যাত্ৰাক নতুন আত্মবিশ্বাস প্ৰদান কৰিব।

 

বন্ধুসকল,

 

এই খেলসমূহত আমাৰ নাৰী শক্তিয়ে যথেষ্ট সুন্দৰ প্ৰদৰ্শন দাঙি ধৰাৰ বাবে মই গৌৰৱান্বিত হৈছো। আমাৰ মহিলা খেলুৱৈসকলে যি আবেগেৰে প্ৰদৰ্শন দাঙি ধৰিলে সেয়াই ভাৰতৰ ছোৱালীহঁতৰ সামৰ্থ্য কিমান সেই কথাকে প্ৰতীয়মান কৰিলে। ‘এছিয়ান গে’মছ’ত ভাৰতে লাভ কৰা পদকৰ আধাতকৈয়ো অধিক আমাৰ মহিলা খেলুৱৈসকলে জিকিছে। দৰাচলতে, এই ঐতিহাসিক সফলতাৰ শুভাৰম্ভও আমাৰ ‘মহিলা ক্ৰিকেট’ দলেই কৰিছিল।

 

ছোৱালীহঁতে ‘বক্সিং’ত সৰ্বাধিক পদক জিকিছে। ‘ট্ৰেক এণ্ড ফিল্ড’ততো এনে লাগিছিল যেন আমাৰ ছোৱালীহঁত সকলোতকৈ আগত থাকিবলৈকেহে খেলপথাৰত নামিছিলগৈ, যেন তেওঁলোকে সিদ্ধান্ত লৈয়েই খেলপথাৰলৈ গৈছিল। ভাৰতৰ ছোৱালীহঁতে ১ নম্বৰতকৈ যেন কমৰ কথা মানিবলৈকে সাজু নাছিল। আৰু এয়াই হৈছে ‘নতুন ভাৰত’ৰ ভাৱনা। এয়াই হৈছে ‘নতুন ভাৰত’ৰ শক্তি। চূড়ান্ত ফলাফল নোহোৱা পৰ্যন্ত, ‘নিউ ইণ্ডিয়া’ই চূড়ান্ত বিজয়ী ঘোষণা নোহোৱা পৰ্যন্ত নিজৰ প্ৰচেষ্টা এৰি নিদিয়ে। ‘নিউ ইণ্ডিয়া’ই সৰ্বশ্ৰেষ্ঠ প্ৰদান কৰিবলৈ চেষ্টা কৰে, সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰ প্ৰচেষ্টা কৰে।

 

মোৰ মৰমৰ খেলুৱৈসকল,

 

আপোনালোকে এইটো কথাও জানে যে আমাৰ দেশত কেতিয়াও প্ৰতিভাৰ অভাৱ হোৱা নাই। দেশখনত বিজয়ৰ আকাংক্ষা সদায়েই আছিল। আমাৰ খেলুৱৈসকলে আগতেও বহুত ভাল প্ৰদৰ্শন কৰিছে। কিন্তু বহু ধৰণৰ প্ৰত্যাহ্বানৰ বাবে আমি পদকৰ ক্ষেত্ৰত পিছ পৰি আছিলো। সেয়েহে, ২০১৪ চনৰ পৰা ভাৰতে ইয়াৰ ক্ৰীড়া পৰিস্থিতিতন্ত্ৰৰ আধুনিকীকৰণ আৰু পুনৰুজ্জীৱিতকৰণত নিয়োজিত হৈ আহিছে। আমাৰ প্ৰয়াস হৈছে ভাৰতৰ খেলুৱৈসকলক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ প্ৰশিক্ষণৰ সুবিধা প্ৰদান কৰা। ভাৰতৰ প্ৰয়াস হৈছে ভাৰতীয় খেলুৱৈসকলৰ বাবে দেশ আৰু বিদেশত খেলিবলৈ অধিক সুযোগ প্ৰদান কৰা। আমাৰ প্ৰচেষ্টা হৈছে ভাৰতৰ খেলুৱৈসকলে বাছনিত স্বচ্ছতা লাভ কৰিব লাগে, তেওঁলোকৰ সৈতে কোনো ধৰণৰ বৈষম্য হোৱা উচিত নহয়, আমাৰ প্ৰয়াস হৈছে গাঁও আৰু গাঁৱত বাস কৰা ক্ৰীড়া প্ৰতিভাসকলক সৰ্বাধিক সুযোগ প্ৰদান কৰা। আমাৰ সকলো খেলুৱৈৰ মনোবল বজাই ৰখা, তেওঁলোকে যাতে কোনো ধৰণৰ অভাৱৰ সন্মুখীন নহয় সেয়া নিশ্চিত কৰিবলৈ আমি আমাৰ পূৰ্ণ শক্তি প্ৰয়োগ কৰি আহিছো।

 

৯ বছৰ আগৰ তুলনাত খেলৰ বাজেটো ৩ গুণ বৃদ্ধি কৰা হৈছে। আমাৰ ‘টপছ’ আৰু ‘খেলো ইণ্ডিয়া’ আঁচনি পট পৰিৱৰ্তনকাৰী হিচাপে প্ৰমাণিত হৈছে। আৰু মোৰতো গুজৰাটৰ অভিজ্ঞতা আছে, গুজৰাটৰ মানুহে কেৱল এটা খেলহে জানে- সেয়া হৈছে টকাৰ। কিন্তু যেতিয়া আমি ‘খেলো গুজৰাট’-ৰ শুভাৰম্ভ কৰিছিলো, ক্ৰমাগত ভাবে এক ক্ৰীড়া সংস্কৃতি গঢ়ি উঠিবলৈ ধৰিছিল আৰু সেই অভিজ্ঞতা মোৰ মনলৈ আহিছিল আৰু সেই অভিজ্ঞতাৰ আধাৰত, আমি ইয়াত ‘খেলো ইণ্ডিয়া’ আৰম্ভ কৰিছিলো আৰু যথেষ্ট সফলতা লাভ কৰিছিলো।

 

বন্ধুসকল,

 

এইবেলিৰ ‘এছিয়ান গে’মছ’ত প্ৰায় ১২৫ গৰাকী খেলুৱৈ আছে যিসকলক ‘খেলো ইণ্ডিয়া অভিযান’-য়ে আৱিষ্কাৰ কৰিছে। তেওঁলোকৰ ৪০ জনতকৈয়ো অধিকে পদক জিকিছে। ‘খেলো ইণ্ডিয়া অভিযান’ৰ ইমানখিনি খেলুৱৈ মঞ্চত উঠিবলৈ সক্ষম হোৱাটোৱে ‘খেলো ইণ্ডিয়া অভিযান’-য়েযে সঠিক দিশত আগবাঢ়িব পাৰিছে সেই কথাকে প্ৰতিপন্ন কৰিছে। আৰু মই আপোনালোকক অনুৰোধ কৰিম যে আপোনালোকে বিদ্যালয় আৰু মহাবিদ্যালয়ৰ পৰা য'তেই নহওক কিয়, ‘খেলো ইণ্ডিয়া’ত অংশগ্ৰহণ কৰিবলৈ সকলোকে উৎসাহিত কৰিব। তাৰ পৰাই তেওঁলোকৰ জীৱন আৰম্ভ হ’ব।

 

প্ৰতিভা চিনাক্তকৰণৰ পৰা আৰম্ভ কৰি আধুনিক প্ৰশিক্ষণ আৰু বিশ্বৰ শ্ৰেষ্ঠ প্ৰশিক্ষণলৈকে, আজি ভাৰত কোনো ক্ষেত্ৰতে পিছ পৰি থকা নাই। বৰ্তমান, ৩,০০০ ৰো অধিক প্ৰতিভাশালী খেলুৱৈয়ে ‘খেলো ইণ্ডিয়া আঁচনি’ৰ জৰিয়তে প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। চৰকাৰে প্ৰতিগৰাকী খেলুৱৈক তেওঁলোকৰ প্ৰশিক্ষণ, চিকিৎসা, আহাৰ, প্ৰশিক্ষণৰ বাবে প্ৰতি বছৰে ৬ লাখ টকাৰো অধিক বৃত্তি প্ৰদান কৰি আহিছে।

 

এইখন আঁচনিৰ অধীনত এতিয়া খেলুৱৈসকলক পোনপটীয়াকৈ প্ৰায় ২,৫০০ কোটি টকাৰ সাহায্য প্ৰদান কৰা হৈছে। আৰু মই আপোনালোকক আশ্বস্ত কৰিব খুজিছো যে ধনৰ অভাৱ কেতিয়াও আপোনালোকৰ প্ৰচেষ্টাত বাধা নহ'ব। চৰকাৰে ক্ৰীড়া জগতৰ বাবে অহা পাঁচ বছৰত আপোনালোকৰ বাবে ৩ হাজাৰ কোটি টকাৰো অধিক ব্যয় কৰিবলৈ গৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি দেশৰ প্ৰতিটো কোণত আপোনালোকৰ বাবে আধুনিক ক্ৰীড়া আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছে।

 

বন্ধুসকল,

 

‘এছিয়ান গে’মছ’ত আপোনালোকৰ প্ৰদৰ্শনে মোক আৰু এটা বস্তুৰ বাবে উৎসাহিত কৰিছে। এইবাৰ বহু সংখ্যক কম বয়সীয়া খেলুৱৈয়ে পদক তালিকাত স্থান অৰ্জন কৰিছে। আৰু যেতিয়া যুৱ খেলুৱৈসকলে উচ্চতা অৰ্জন কৰে নহয়, সেই কথাই স্বতঃস্ফূৰ্তভাবে আমাৰ বাবে ‘ক্ৰীড়া ৰাষ্ট্ৰ’ৰ পৰিচিতি গঢ়ি তোলে, এয়াই হৈছে ‘ক্ৰীড়া ৰাষ্ট্ৰ’ৰ লক্ষণ।  আৰু সেয়েহে মই বিজয়ী হৈ অহা এই কনিষ্ঠতম খেলুৱৈসকলক অভিনন্দন জনাইছোঁ, আজি মই তেওঁলোকক দুবাৰকৈ অভিনন্দন জনাইছোঁ। কাৰণ আপোনালোকে দীৰ্ঘদিনৰ বাবে দেশৰ সেৱা কৰিবলৈ আগবঢ়ি গৈছে। কম বয়সৰ এই নতুন বিজয়ীসকলে দীৰ্ঘদিন ধৰি দেশৰ বাবে সুন্দৰ প্ৰদৰ্শন কৰিব। যুৱ ভাৰতৰ নতুন চিন্তাধাৰা এতিয়া কেৱল ভাল প্ৰদৰ্শনেৰেই সন্তুষ্ট নহয়, বৰঞ্চ ই পদক বিচাৰে, ই জিকিব বিচাৰে।

 

বন্ধুসকল,

 

যুৱ প্ৰজন্মই আজিকালি বহুতো শব্দ কয় - 'জিঅ’এটি' (গ’ট) - অৰ্থাৎ ‘গ্ৰেটেষ্ট অব অল টাইম’। দেশৰ বাবে, আপোনালোক সকলোৱেই হৈছে 'গ’ট'। আপোনালোকৰ আবেগ, আপোনালোকৰ সমৰ্পণ, আপোনালোকৰ শৈশৱৰ উপাখ্যান সকলোৰে বাবে একোটা অনুপ্ৰেৰণাৰ সমল। এই প্ৰেৰণাই আন যুৱক-যুৱতীসকলক ডাঙৰ লক্ষ্য প্ৰাপ্ত কৰিবলৈ অনুপ্ৰাণিত কৰে। মই দেখিছো সৰু ল'ৰা-ছোৱালীহঁত আপোনালোকৰ দ্বাৰা বাৰুকৈয়ে প্ৰভাৱিত হয়। তেওঁলোকে আপোনালোকক অনুকৰণ কৰে আৰু আপোনালোকৰ দৰে হ'বলৈ বিচাৰে। আপোনালোকে আপোনালোকৰ এই ইতিবাচক প্ৰভাৱৰ সদ্ব্যৱহাৰ কৰা উচিত, যিমান পাৰি অধিক সংখ্যক যুৱক-যুৱতীৰে জড়িত হোৱা উচিত। মোৰ মনত আছে, আগতে যেতিয়া মই খেলুৱৈসকলক বিদ্যালয়লৈ গৈ শিশুসকলক লগ কৰিবলৈ আহ্বান জনাইছিলো, বহুতো খেলুৱৈ বিদ্যালয়সমূহলৈ গৈছিল। তেওঁলোকৰ কিছুমান ইয়াতো উপস্থিত আছে। নীৰজ এখন বিদ্যালয়লৈ গৈছিল, সেইখন বিদ্যালয়ৰ ল'ৰা-ছোৱালীহঁতেতো নীৰজক যথেষ্ট প্ৰশংসা কৰিছিল। মই আজি আপোনালোক সকলোকে পুনৰ অনুৰোধ কৰিব বিচাৰিছোঁ এনেধৰণৰ কিবা এটা কৰিবলৈ। দেশৰ আপোনালোকৰ পৰা কিবা বিচাৰিবলৈ অধিকাৰ আছে, মই ঠিকেই কৈছোনে বাৰু? কি হ’ল আপোনালোক দেখোন মনে মনে থাকিল, মই কোৱা কথাটো বাৰু হয় নে নহয়? নহয়, আপোনালোকে দেখোন কথাত জোৰ দিয়া নাই, তাৰমানে কিবা এটা খেলিমেলি আছে। দেশখনে আপোনালোকৰ পৰা কিবা আশা কৰিব পাৰে নে নোৱাৰে? আপোনালোকে সেই আশা পূৰা কৰিবনে বাৰু?

 

চাওক, মোৰ মৰমৰ খেলুৱৈসকল,

 

দেশখনে বৰ্তমান ড্ৰাগছৰ বিৰুদ্ধে এক নিৰ্ণায়ক যুঁজত অৱতীৰ্ণ হৈছে। আপোনালোক সকলোৱে ঔষধৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়ে ভালদৰেই জানে। অনিচ্ছাকৃত ‘ড'পিং’য়ে একোগৰাকী খেলুৱৈৰ কেৰিয়াৰ ধ্বংস কৰি পেলায়। কেতিয়াবা জিকাৰ আকাংক্ষাই কিছুমান লোকক ভুল পথলৈ লৈ যায়, কিন্তু ইয়াৰ সৈতে, মই আপোনালোকক আৰু আমাৰ যুৱক-যুৱতীসকলক আপোনালোকৰ জৰিয়তে সতৰ্ক কৰি দিব বিচাৰো। আপোনালোকে আমাৰ যুৱক-যুৱতীসকলক সতৰ্ক কৰিব, কাৰণ আপোনালোক সকলো হৈছে বিজয়ী। আৰু সঠিক পথত গৈ, আপোনালোকে ইমান সফলতা অৰ্জন কৰিছে। গতিকে কোনেও ভুল পথলৈ যোৱাৰ প্ৰয়োজন নাই, আপোনালোকৰ কথা সকলোৱে মানিব। আৰু সেয়েহে আপোনালোকে এইক্ষেত্ৰতবহুত ডাঙৰ ভূমিকা পালন কৰিব পাৰে।

 

আপোনালোক সংকল্প আৰু মানসিক শক্তিৰ প্ৰতীক, পদক কেৱল শাৰীৰিক শক্তিৰ জৰিয়তেই নাহে, মানসিক শক্তিয়েও এক ডাঙৰ ভূমিকা পালন কৰে আৰু আপুনিপোনালোক ইয়াৰে সমৃদ্ধ। এয়া আপোনালোকৰ বহুত ডাঙৰ পুঁজি, সেই পুঁজি দেশৰ বাবেও উপযোগী হ'ব লাগে। আপোনালোক হৈছে ভাৰতৰ যুৱ প্ৰজন্মক ‘নিচাযুক্ত ঔষধ’ৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে শিক্ষিত কৰাৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ ‘ব্ৰেণ্ড এম্বেছেডৰ’’। আপোনালোকে যেতিয়াই সুযোগ পাই, কোনোবাই যদি  আপোনালোকৰ ‘বাইট’ লয়, সাক্ষাৎকাৰ বিচাৰে, আপোনালোকে এই বিযয়ে দুটা বাক্য নিশ্চয় ক'ব। মই দেশৰ মোৰ যুৱ বন্ধুসকলক এই কথা ক'ব বিচাৰো, বা মই এইটো ক'ব বিচাৰো, কিয়নো দেশৰ যুৱপ্ৰজন্মই আপোনালোকৰ কথা শুনিব, কাৰণ সেই সামৰ্থ্য আপোনালোক আহৰণ কৰিছে।

 

মই আপোনালোকক ইয়াক আপোনালোকৰ ‘মিছন’ কৰি ল'বলৈ অনুৰোধ জনাইছো, আপোনালোকে যেতিয়া লোকসকলক লগ পাব, সাক্ষাৎকাৰ দিয়াৰ সময়ত, বিদ্যালয়-মহাবিদ্যালয় আদিত হোৱা ‘ড্ৰাগছৰ বিপদাংশকা’ৰ বিষয়ে নিশ্চয়কৈ ক'ব। ‘ড্ৰাগমুক্ত ভাৰত’ৰ যুঁজত শক্তি প্ৰদান কৰিবলৈ আপোনালোক আগবাঢ়ি আহিব লাগিব।

 

বন্ধুসকল,

 

আপোনালোকে ‘ছুপাৰফুড’ৰ গুৰুত্বৰ বিষয়েও জানে, আৰু আপোনালোকে লগতে জানে যে ‘ফিটনেছ’ৰ বাবে ই কিমান গুৰুত্বপূৰ্ণ। আপোনালোকে আপোনালোকৰ জীৱনশৈলীত পুষ্টিকৰ খাদ্যক যিদৰে প্ৰাথমিকতা প্ৰদান কৰিছে, আৰু বহুতো বস্তু খালৈ ভাল লগা স্বত্বেও আপোনালোকে খোৱাৰ পৰা বিৰত হৈ আহিছে, ‘কি খোৱা উচিত সেয়া জনাটো যিমান গুৰুত্বপূৰ্ণ’ তাতকৈয়ো অধিক গুৰুত্বপূৰ্ণ হৈছে ‘কি খোৱা অনুচিত সেই কথা জনাটো’। আৰু সেইকাৰণে মই ক'ম যে আপোনালোকে নিশ্চিতভাৱে দেশৰ শিশুসকলৰ খাদ্যাভ্যাস সন্দৰ্ভত পুষ্টিকৰ আহাৰ সম্পৰ্কে বহুত নিৰ্দেশনা দিব পাৰে। আপোনালোকে ‘বাজ্ৰা আন্দোলন’ আৰু ‘পুষ্টি অভিযান’তো এক ডাঙৰ ভূমিকা পালন কৰিব পাৰে। আপোনালোকে বিদ্যালয়ৰ শিশুসকলৰ সৈতে সঠিক খাদ্যাভ্যাসৰ বিষয়ে অধিক কথা পতা উচিত।

 

বন্ধুসকল,

 

আপোনালোকে খেলপথাৰত যি কৰিছে সেয়াও এখন ডাঙৰ ‘কেনভাছ’ৰ অংশ। যেতিয়া দেশখন আগবাঢ়ে, ইয়াৰ প্ৰভাৱ প্ৰতিটো ক্ষেত্ৰতে দৃশ্যমান হয়। আমি ভাৰতৰ ক্ৰীড়া ক্ষেত্ৰতো একেই ঘটনা ঘটি থকা দেখিছো। যেতিয়া দেশৰ পৰিস্থিতি ভাল নহয়, সেয়া ক্ৰীড়াক্ষেত্ৰতো প্ৰতিফলিত হয়। আজি যেতিয়া ভাৰতে বিশ্ব মঞ্চত এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে, আপোনালোকে ক্ৰীড়াক্ষেত্ৰতো ইয়াক প্ৰদৰ্শিত কৰিছে। আজি যেতিয়া ভাৰত বিশ্বৰ ‘শীৰ্ষ-৩ অৰ্থনীতি’ হোৱাৰ দিশে আগবাঢ়িছে, ই আমাৰ যুৱপ্ৰজন্মক প্ৰত্যক্ষ ভাৱে লাভান্বিত কৰে। গতিকে, আজি আপোনালোকে মহাকাশলৈ চাওক, ভাৰতৰ শংখনাদ হৈছে। চাৰিওফালে চন্দ্ৰযানৰ বিষয়ে আলোচনা চলিছে। আজি ভাৰত ‘ষ্টাৰ্টআপ’ৰ পৃথিৱীখনৰ শীৰ্ষত আছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত আশ্চৰ্যজনক কাম চলিবলৈ ধৰিছে। ভাৰতৰ যুৱপ্ৰজন্মই উদ্যোগসমূহত ভাল প্ৰদৰ্শন কৰি আছে। বিশ্বৰ ডাঙৰ কোম্পানীসমূহৰ নাম লওকচোন, তেওঁলোকৰ ‘মুখ্য কাৰ্যবাহী বিষয়া’সকল হৈছে ভাৰতৰ সন্তান, ভাৰতৰ যুৱক-যুৱতী। অৰ্থাৎ ভাৰতৰ যুৱ শক্তিয়ে প্ৰতিটো খণ্ডকে ছানি ধৰিছে। আপোনালোক সকলো খেলুৱৈৰ ওপৰত দেশখনৰ যথেষ্ট আস্থা আছে।  এই বিশ্বাসেৰেই আমি ‘১০০ অতিক্ৰম কৰা’ৰ শ্লোগান দিছিলোঁ। আপোনালোকে সেই ইচ্ছা পূৰণ কৰিছে। অহাবাৰ আমি এই ‘ৰেকৰ্ড’তকৈয়ো আৰু বহুদূৰ আগবাঢ়িম। আৰু এতিয়া আমাৰ সন্মুখত ‘অলিম্পিক’ আছে। পেৰিছৰ বাবে কঠোৰ প্ৰস্তুতি চলাওক। যিসকলে এইবাৰ সফলতা লাভ কৰা নাছিল, তেওঁলোক হতাশ হোৱাৰ প্ৰয়োজন নাই। আমি আমাৰ ভুলৰ পৰা শিকিম আৰু নতুন প্ৰচেষ্টা কৰি যাম। মই বিশ্বাস কৰোঁ আপোনালোকো জিকিব। কেইদিনমান পিছত, ২২ অক্টোবৰৰ পৰা ‘পেৰা এছিয়ান গে’মছ’-ও আৰম্ভ হ'ব। আপোনালোকৰ জৰিয়তে মই সকলো শিশু আৰু পেৰা ‘এছিয়ান গে’মছ’ৰ সকলো খেলুৱৈক আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ। আকৌ এবাৰ দেশৰ গৌৰৱ বৃদ্ধি কৰাৰ বাবে, এই চমৎকাৰ প্ৰদৰ্শনৰ বাবে, চমৎকাৰ সাফল্যৰ বাবে মই আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ।

 

বহুত বহুত ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s AI moment: Sarvam turns unicorn at $1.5 billion valuation

Media Coverage

India’s AI moment: Sarvam turns unicorn at $1.5 billion valuation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Today, the world does not suffer from a shortage of resources; it suffers from a shortage of trust: PM Modi at G7 Summit in Evian, France
June 16, 2026

राष्ट्रपति मैक्रों,
Your Excellencies,

नमस्कार!

G-7 समिट में हमारे गर्मजोशी भरे स्वागत के लिए मैं राष्ट्रपति मैक्रों का हार्दिक आभार व्यक्त करता हूँ।

Friends,

आज का विश्व पहले से कहीं अधिक inter-connected और inter-dependent है। किसी भी देश की ऊर्जा सुरक्षा, खाद्य सुरक्षा, स्वास्थ्य सुरक्षा, साइबर सुरक्षा और आर्थिक समृद्धि केवल उसकी सीमाओं के भीतर तय नहीं होती। Mobility, data, capital, technology, ये सभी हमें आपस में जोड़ते हैं।

ऐसे समय में Partnerships का महत्व स्वाभाविक रूप से बढ़ जाता है। लेकिन साझेदारियाँ तभी सफल होती हैं जब उनके केंद्र में विश्वास हो। आज सबसे महत्वपूर्ण Strategic Asset कोई mineral, technology या market नहीं, बल्कि आपसी विश्वास है।

विश्वास कि टेक्नॉलजी और supply chains को हथियार के रूप में नहीं, global good के लिए इस्तेमाल किया जाएगा। विश्वास कि विकास के अवसर कुछ देशों तक सीमित नहीं रहेंगे। विश्वास कि वैश्विक संस्थान सभी देशों की आकांक्षाओं को पूरा करने में सक्षम होंगे।

Friends,

पिछली सदी में मानवता को दो विश्व युद्धों से गुज़रना पड़ा। अनेक बलिदानों के बाद विश्व समुदाय ने शांति, स्थिरता और समृद्धि की ओर बढ़ने के लिए व्यवस्थाएं विकसित की। इन व्यवस्थाओं का आधार भी trust ही था।

किन्तु अनेक दशकों से, अनेक पीढ़ियों के योगदान से बनाए गए विश्वास को आज चोट पहुँच रही है। कोविड ने हमें आईना दिखाया कि trust और solidarity के दावे कितने खोखले थे।

Today the world does not suffer from a shortage of resources; it suffers from a shortage of trust. And the future of our partnerships depends on building this trust.

अमेरिका के राष्ट्रपति रोनल्ड रेगन ने कहा था: Trust but Verify. यह आज के समय में भी प्रासंगिक है। भावी पीढ़ियों के प्रति हमारा दायित्व है कि हम नए युग के अनुरूप trusted rules based order का निर्माण करें।

Friends,

भारत ने सदैव विश्व को एक परिवार के रूप में देखा है। हमारे सभी प्रयास “सर्वजन हिताय, सर्वजन सुखाय” यानि, welfare and happiness for all के मूल सिद्धांत पर आधारित रहे हैं।

भारत का अनुभव दिखाता है कि विकास सबसे अधिक प्रभावी तब होता है जब वह लोगों की आकांक्षाओं से जुड़ा हो। यही सिद्धांत हमारी अंतरराष्ट्रीय साझेदारियों का भी आधार है। इसी सोच के साथ भारत ने International Solar Alliance, Coalition for Disaster Resilient Infrastructure, ग्लोबल बायोफ्यूल्स एलायंस, Mission LiFE, और “एक पेड़ माँ के नाम” जैसी वैश्विक पहलों को आगे बढ़ाया है।

संकट के समय भारत ने First Responder के रूप में सभी देशों की सहायता करना अपना दायित्व समझा है। कोविड महामारी के दौरान भारत ने डेढ़ सौ से अधिक देशों को दवाइयाँ और vaccines उपलब्ध कराईं।

श्रीलंका में cyclone हो, अफगानिस्तान में भूकंप हो, मोज़ाम्बिक में floods हों, या क्यूबा और जमैका में hurricane, भारत ने सदैव "Humanity First" के सिद्धांत पर कार्य किया है। हमारी विकास साझेदारियाँ भी इसी भावना को प्रतिबिंबित करती हैं। हमारे प्रयास पार्टनर देशों में capacity building और कौशल विकास पर केन्द्रित रहे हैं।

भारत का मानना है: The true test of partnership is not what we build for others, but what we enable others to build for themselves.

Friends,

आज ग्लोबल साउथ की विश्व समुदाय से बहुत उम्मीदें हैं। किन्तु उनकी अपेक्षा सहारे की नहीं, साथ की है। वे वैश्विक विकास के लाभार्थी नहीं, उसके भागीदार बनना चाहते हैं।

हमें donor–recipient की सोच से आगे बढ़कर, equal पार्टनर्स के रूप में काम करना होगा। उनके पास-पास नहीं, साथ-साथ चलना होगा। साझेदारी को dependency के बजाय, dignity से जोड़ना होगा। इन प्रयासों से हम भावी पीढ़ियों के सतत विकास की मजबूत नींव रख सकेंगे।

Friends,

अंतरराष्ट्रीय साझेदारियाँ और वैश्विक एकजुटता तभी सार्थक बन सकती हैं, जब हम साझा चुनौतियों का मिलकर समाधान करें। भारत का दृढ विश्वास है कि विश्व के विभिन्न हिस्सों में चल रहे तनावों और युद्धों का स्थायी समाधान dialogue, diplomacy और अंतरराष्ट्रीय सहयोग के मार्ग से ही संभव है।

हम west asia में शांति प्रयासों में हुई प्रगति का स्वागत करते हैं। इस संघर्ष से west asia में हमारे मित्र देशों को जान-माल का नुकसान झेलना पड़ा है। होर्मुज़ स्ट्रेट में maritime ट्रेड में आई बाधा के कारण पूरे विश्व की अर्थव्यवस्था को नुकसान पहुंचा। भारत के कई civilians को जान गंवानी पड़ी। Global maritime ट्रेड के माध्यम से सभी देशों को आपस में जोड़ने वाले नाविकों की सुरक्षा हमारा दायित्व है। हमें यह सुनिश्चित करना होगा कि समुद्री मार्ग सुरक्षित रहें, और Seafarers बिना भय के अपना कार्य कर सकें।

Friends,

भारत इन विषयों पर सभी पार्टनर्स के साथ मिलकर काम करने के लिए पूरी तरह से तैयार है।

बहुत-बहुत धन्यवाद।