"বিশ্বাস আৰু আধ্যাত্মিকতাৰ পৰা পৰ্যটনলৈকে, কৃষিৰ পৰা শিক্ষা আৰু দক্ষতা বিকাশলৈকে, মধ্য প্ৰদেশ হৈছে এক আশ্চৰ্যকৰ গন্তব্যস্থান"
"বিশ্ব অৰ্থনীতিক অনুসৰণ কৰা প্ৰতিষ্ঠান আৰু বিশ্বাসযোগ্য দৃঢ়তাৰ ফলত ভাৰতৰ ওপৰত অভূতপূৰ্ব আস্থা বৃদ্ধি পাইছে"
"২০১৪ চনৰ পৰা ভাৰতে 'সংস্কাৰ, ৰূপান্তৰ আৰু প্ৰদৰ্শন'ৰ পথ গ্ৰহণ কৰিছে"
"এখন স্থিৰ চৰকাৰ, নিৰ্ণায়ক চৰকাৰ, সঠিক উদ্দেশ্যৰে চলি থকা চৰকাৰে, উন্নয়নক এক অভূতপূৰ্ব গতি প্ৰদান কৰে"
"সমৰ্পিত মালবাহী কৰিডৰ, ঔদ্যোগিক কৰিডৰ, এক্সপ্ৰেছৱে, লজিষ্টিক পাৰ্ক, এইবোৰ নতুন ভাৰতৰ পৰিচয় হৈ পৰিছে"
"প্ৰধানমন্ত্ৰী গতিশক্তি হৈছে ভাৰতত আন্তঃগাঁথনি নিৰ্মাণৰ এক ৰাষ্ট্ৰীয় মঞ্চ যি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনৰ ৰূপ লৈছে"
"ভাৰতক বিশ্বৰ আটাইতকৈ প্ৰতিযোগিতামূলক লজিষ্টিক বজাৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে আমি আমাৰ ৰাষ্ট্ৰীয় লজিষ্টিক নীতি ৰূপায়ণ কৰিছো"
"মই এমপিলৈ অহা বিনিয়োগকাৰীসকলক পিএলআই আঁচনিৰ সৰ্বাধিক সুবিধা ল'বলৈ অনুৰোধ জনাইছো"
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' বাৰ্তাৰ জৰিয়তে মধ্যপ্ৰদেশৰ ইন্দোৰত অনুষ্ঠিত বিশ্ব বিনিয়োগকাৰী সন্মিলনত ভাষণ দিয়ে। এই সন্মিলনখনে মধ্য প্ৰদেশত বিবিধ বিনিয়োগৰ সুযোগ প্ৰদৰ্শন কৰিব

নমস্কাৰ!

‘মধ্য প্ৰদেশ গ্লোবেল ইনভেষ্ট্ৰছ ছামিট’লৈ সকলো বিনিয়োগকাৰী আৰু উদ্যোগীক উষ্ম আদৰণি জনাইছো! উন্নত ভাৰত গঢ়াৰ ক্ষেত্ৰত মধ্য প্ৰদেশৰ ভূমিকা অতিকে গুৰুত্বপূৰ্ণ। ভক্তি আৰু আধ্যাত্মিকতাৰ পৰা পৰ্যটনলৈ; কৃষিৰ পৰা শিক্ষা আৰু দক্ষতা বিকাশলৈকে, মধ্য প্ৰদেশে এক স্বকীয়তা, মহিমা আৰু সজাগতাৰ স্থান দখল কৰি আহিছে।

বন্ধুসকল,

মধ্য প্ৰদেশত এইখন সন্মিলন এনে সময়ত অনুষ্ঠিত হৈছে যেতিয়া 'আজাদী কা অমৃতকাল'ৰ সোণালী যুগ আৰম্ভ হৈছে। আমি সকলোৱে এক উন্নত ভাৰত গঢ়ি তুলিবলৈ একেলগে কাম কৰি আছো। আৰু যেতিয়া আমি এক উন্নত ভাৰতৰ কথা কওঁ, ই কেৱল আমাৰ আকাংক্ষাই নহয়, এয়া প্ৰতিজন ভাৰতীয়ৰ সংকল্পও। মই আনন্দিত যে কেৱল আমি ভাৰতীয়ই নহয়, বিশ্বৰ প্ৰতিটো সংগঠন আৰু প্ৰতিজন বিশেষজ্ঞই এই বিষয়ে বিশ্বাস প্ৰকট কৰিছে।

বন্ধুসকল,

‘আইএমএফ’-য়ে ভাৰতক গোলকীয় অৰ্থনীতিত এক উজ্জ্বল বিন্দু হিচাপে গণ্য কৰি আহিছে। ‘বিশ্ব বেংক’-য়ে কৈছে যে ভাৰত আন বহুতো দেশতকৈ গোলকীয় প্ৰতিকূলতাৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত উন্নত স্থিতিত আছে। ইয়াৰ কাৰণ হৈছে ভাৰতৰ সামগ্ৰিক অৰ্থনৈতিৰ শক্তিশালী বুনিয়াদ। ‘অ’ইচিডি’য়ে কৈছে যে এই বছৰ ‘জি-২০’ গোটৰ দ্ৰুততম বিকাশশীল অৰ্থনীতিসমূহৰ ভিতৰত থাকিব ভাৰত। ‘মৰ্গান ষ্টেনলী’ৰ মতে, ভাৰতে অহা ৪-৫বছৰৰ ভিতৰত ‘বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি’ হোৱাৰ দিশত আগবাঢ়িছে। ‘মেককিনছে’ৰ ‘মুখ্য কাৰ্যবাহী বিষয়া’গৰাকীয়ে কৈছে যে এয়া কেৱল ভাৰতৰ দশকেই নহয়, ভাৰতৰ শতকো। বিশ্ব অৰ্থনীতিক অনুসৰণ কৰা প্ৰতিষ্ঠান আৰু বিশ্বাসযোগ্য কণ্ঠস্বৰসমূহৰ ভাৰতৰ ওপৰত অভূতপূৰ্ব আস্থা আছে। একেই আশাবাদকেপৃথিৱীৰ বিনিয়োগকাৰীসকলেওপোষণ কৰি আহিছে। শেহতীয়াকৈ, এটা সন্মানীয় আন্তৰ্জাতিক বেঙ্ক-য়ে একসমীক্ষা চলাইছিল। তেওঁলোকে দেখিলে যে বেছিভাগ বিনিয়োগকাৰীয়েই ভাৰতক পছন্দ কৰে। আজি ভাৰতে অভিলেখ ভংগকাৰী ‘এফডিআই’ লাভ কৰিছে। আনকি আমাৰ মাজত আপোনালোকৰ উপস্থিতিয়েও এই অনুভূতিকে প্ৰতিফলিত কৰে।

বন্ধুসকল,

ভাৰতৰ বাবে সৃষ্টি হোৱা এই আশাবাদৰ চালিকা শক্তি হৈছেশক্তিশালী গণতন্ত্ৰ, যুৱ জনগাঁথনি আৰু ৰাজনৈতিক স্থিৰতা। ইয়াৰ সুবাদতেভাৰতে জীৱনকস্বাচ্ছন্দ্য প্ৰদানকৰিব পৰা আৰু স্বাচ্ছন্দ্যপূৰ্ণ ভাবেব্যৱসায় কৰিব পৰাকৈ সিদ্ধান্ত গ্ৰহণ কৰি আহিছে। আনকি শতিকা-বিৰল সংকটৰ সময়তো আমি সংস্কাৰৰ পথ গ্ৰহণ কৰিছিলো। ভাৰতে ২০১৪ চনৰ পৰা 'সংস্কাৰ, ৰূপান্তৰ আৰু প্ৰদৰ্শন'ৰ পথত আগবাঢ়ি আছে। 'আত্মনিৰ্ভৰ ভাৰত অভিযান'য়েইয়াক অধিক গতি প্ৰদান কৰিছে। ইয়াৰ ফলস্বৰূপে, ভাৰত বিনিয়োগৰ বাবে এক আকৰ্ষণীয় লক্ষ্যস্থান হৈ উঠিছে।

বন্ধুসকল,

এখনসুস্থিৰ চৰকাৰে, নিৰ্ণায়ক চৰকাৰে, সঠিক উদ্দেশ্যৰে চলি থকা চৰকাৰে, এক অভূতপূৰ্ব গতিত উন্নয়ন নিশ্চিত কৰে। দেশৰ বাবে প্ৰতিটো গুৰুত্বপূৰ্ণ সিদ্ধান্ত যিমান সম্ভৱ দ্ৰুততাৰে গ্ৰহণ কৰে। বিগত৮টাবছৰত আমি কেনেদৰে সংস্কাৰৰ গতি আৰু পৰিমাণ নিৰন্তৰ বৃদ্ধি কৰি আহিছোআপোনালোকেচাগৈ সেয়া নিশ্চয় লক্ষ্য কৰিছে।আমি বেংকিং খণ্ডত পুনৰ মূলধনীকৰণ আৰু শাসন সম্পৰ্কীয় এনে বহুতো সংস্কাৰৰ লগতে বিনিয়োগৰ পথত কেইবাটাও বাধা আঁতৰ কৰিছো, ‘আইবিচি’ৰ দৰে এক আধুনিক সংকল্পগ্ৰহণকাৰীপৰিকাঠামোগঢ়ি তুলিছো, ‘জিএছটি’ৰ ৰূপত ‘এক ৰাষ্ট্ৰ এক কৰ’ৰ দৰে এক ব্যৱস্থাৰ সূচনা কৰিছো, ‘ক’ৰ্পোৰেট কৰ’বিশ্বব্যাপী প্ৰতিযোগিতামূলক কৰিতুলিছো, ‘সাৰ্বভৌম সম্পদ পুঁজি’ আৰু ‘পেঞ্চন পুঁজি’ক কৰৰ পৰা ৰেহাই দিছো,  বিভিন্ন ক্ষেত্ৰত ‘স্বয়ংক্ৰিয় পথ’ৰ জৰিয়তে ১০০% ‘এফডিআই’ৰ অনুমতি প্ৰদানকৰাৰ লগতে সৰু-সুৰা অৰ্থনৈতিক অপৰাধবোৰক সাৰশূণ্য কৰাৰ দিহা কৰিছো।আজিৰ নতুন ভাৰতে ইয়াৰ ব্যক্তিগত খণ্ডৰ শক্তিৰ ওপৰত সমানে আস্থা প্ৰকট কৰি আগবাঢ়িছে। আমি ব্যক্তিগত খণ্ডৰ বাবে প্ৰতিৰক্ষা, খনিজৰ খনন আৰু মহাকাশৰ দৰে বহুতো ৰণকৌশলগত খণ্ডমুকলি কৰিছো। তদুপৰি, বহু সংখ্যক শ্ৰমিক আইনক৪খন সংহিতাত একত্ৰিত কৰাটোও এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপেই পৰিগণিত হৈছে।

বন্ধুসকল,

অনুপালনৰ বোজা হ্ৰাস কৰিবলৈ, কেন্দ্ৰ আৰু ৰাজ্যিক পৰ্যায়ত অভূতপূৰ্ব প্ৰচেষ্টা চলি আছে। যোৱা কেইবছৰমানত প্ৰায় ৪০,০০০ অনুপালনবাতিল কৰা হৈছে। শেহতীয়াকৈ, আমি ৰাষ্ট্ৰীয় ‘একক উইণ্ডো প্ৰণালী’ আৰম্ভ কৰিছো, যাক মধ্য প্ৰদেশেও গ্ৰহণ কৰিছে। এই প্ৰণালীৰ অধীনত এতিয়ালৈকে প্ৰায় ৫০,০০০ অনুমোদন দিয়া হৈছে।

বন্ধুসকল,

ভাৰতৰ আধুনিক আন্তঃগাঁথনি, ‘মাল্টিমোডেল’ আন্তঃগাঁথনিয়েও বিনিয়োগৰ সম্ভাৱনা বৃদ্ধি কৰিছে। যোৱা ৮টা বছৰতআমি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ গতি দুগুণ কৰিছো। এই সময়ছোৱাত ভাৰতত কাৰ্য সঞ্চালিত বিমানবন্দৰৰ সংখ্যা দুগুণ হৈছে। ভাৰতৰ বন্দৰসমূহৰপ্ৰতিপালন ক্ষমতা আৰু বন্দৰৰ খেপ সামৰ্থ্যৰ ক্ষেত্ৰত এক অভূতপূৰ্ব উন্নতি সাধিত হৈছে। ‘সমৰ্পিত ফ্ৰেইট ক’ৰিডৰ’, ‘ঔদ্যোগিক কৰিডৰ’, এক্সপ্ৰেছৱে’ আৰু ‘ল’জিষ্টিক পাৰ্ক’আদি নতুন ভাৰতৰ পৰিচয় হৈ উঠিছে। ভাৰতত প্ৰথমবাৰৰ বাবে ‘প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন’ৰ ৰূপত আন্তঃগাঁথনি নিৰ্মাণৰ বাবে এক ৰাষ্ট্ৰীয় মঞ্চ সৃষ্টি কৰা হৈছে। এই প্লেটফৰ্মত, দেশৰ চৰকাৰ, সংস্থা আৰু বিনিয়োগকাৰীৰ সৈতে সম্পৰ্কিত শেহতীয়া তথ্যাৱলীৰ সংগ্ৰহ আছে। বিশ্বৰ আটাইতকৈ প্ৰতিযোগিতামূলক ‘ল’জিষ্টিক বজাৰ’ হিচাপে নিজৰ পৰিচয় প্ৰতিষ্ঠা কৰাৰ বাবেভাৰত প্ৰতিশ্ৰুতিবদ্ধ। এই লক্ষ্যৰে, আমি আমাৰ ‘ৰাষ্ট্ৰীয় ল’জিষ্টিক নীতি’ ৰূপায়ণ কৰিছো।

বন্ধুসকল,

স্মাৰ্টফোন ডাটা ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰত প্ৰথম স্থানত আছে। ‘গ্লোবেল ফিনটেক’ৰ লগতে ‘আইটি-বিপিএম আউটছৰ্চিং বিতৰণ’ত ভাৰত প্ৰথম স্থানত আছে। ভাৰত হৈছে ‘বিশ্বৰ তৃতীয় সৰ্ববৃহৎ বিমান পৰিবহণ বজাৰ’ আৰু ‘তৃতীয় সৰ্ববৃহৎ অটো বজাৰ’। আজি সকলোৱে ভাৰতৰ উৎকৃষ্ট ডিজিটেল আন্তঃগাঁথনিকলৈ আশাবাদী। গোলকীয় বিকাশৰ পৰৱৰ্তী পৰ্যায়ৰ বাবে ই কিমান গুৰুত্বপূৰ্ণ সেই কথা আপোনালোকে ভালদৰেই জানে। এফালে, ভাৰতে প্ৰতিখন গাওঁক ‘অপ্টিকেল ফাইবাৰ নেটৱৰ্ক’ প্ৰদান কৰি আছে, আনহাতে, ই দ্ৰুতগতিত ‘৫জি নেটৱৰ্ক’ সম্প্ৰসাৰিত কৰি আছে। গ্ৰাহক আৰু উদ্যোগৰ বাবে ৫জি-য়েই হওঁক বা ‘ইণ্টাৰনেট অব থিংছ’-য়েই হওঁক বা ‘এআই’-য়েই হওঁক, সৃষ্টি হোৱা প্ৰতিটো নতুন সুযোগেই ভাৰতত বিকাশৰ গতি ত্বৰান্বিত কৰিব।

বন্ধুসকল,

আজি এই সকলো প্ৰচেষ্টাৰ বাবে 'মে’ক ইন ইণ্ডিয়া'য়ে এক নতুন উৎসাহ লাভ কৰিছে। উৎপাদনৰ পৃথিৱীখনত ভাৰতে দ্ৰুতগতিত উপস্থিতি সম্প্ৰসাৰিত কৰিছে। উৎপাদন সংযোজিত উদগণি আঁচনিৰ অধীনত২.৫ লাখ কোটি টকাৰ অধিক মূল্যৰ উদগণিমূলক পুঁজি ঘোষণা কৰা হৈছে। এই আঁচনিখন বিশ্বজুৰি নিৰ্মাতাসকলৰ মাজত জনপ্ৰিয় হৈ উঠিছে। এই আঁচনিৰ অধীনত এতিয়ালৈকে বিভিন্ন খণ্ডত প্ৰায় ৪ লাখ কোটি টকাৰ সামগ্ৰী উৎপাদন কৰা হৈছে। আঁচনিখনৰ অধীনত মধ্য প্ৰদেশত শ শ কোটি টকা বিনিয়োগ কৰা হৈছে। মধ্য প্ৰদেশক এটা মুখ্য ‘ফাৰ্মা হাব’ আৰু এটা ‘বৃহৎ বস্ত্ৰ কেন্দ্ৰ’হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰতো এই আঁচনিখন গুৰুত্বপূৰ্ণ। মই মধ্য প্ৰদেশলৈ অহা বিনিয়োগকাৰীসকলক ‘পিএলআই আঁচনি’ৰ সৰ্বাধিক সুবিধা লাভ কৰিবলৈ অনুৰোধ জনাইছো।

বন্ধুসকল,

আপোনালোক সকলোৱে ‘সেউজ শক্তি’ৰপ্ৰতি ভাৰতে পোষণ কৰা আকাংক্ষাত যোগদান কৰা উচিত। কেইদিনমান আগতেআমি ‘মিছন গ্ৰীণ হাইড্ৰজেন’লৈ অনুমোদন জনাইছো। ই প্ৰায় ৮ লাখ কোটি টকাৰ বিনিয়োগৰ সম্ভাৱনা সৃষ্টিকৰিছে। ই কেৱল ভাৰতৰ বাবেই নহয়, বিশ্বজোৰা চাহিদা পূৰণৰো এক সুযোগ। এই অভিযানৰ অধীনত হাজাৰ হাজাৰ কোটি টকাৰ উদগণিমূলক পুঁজিৰ ব্যৱস্থা কৰা হৈছে। আপোনালোকে এই উচ্চাভিলাষী অভিযানত আপোনালোকৰ ভূমিকাও অন্বেষণ কৰিব লাগিব।

বন্ধুসকল,

স্বাস্থ্য, কৃষি, পৰিপুষ্টি, দক্ষতা বা উদ্ভাৱনেই হওঁক, ভাৰতৰ প্ৰতিটো ক্ষেত্ৰতে নতুন সম্ভাৱনাই আপোনাৰ বাবে অপেক্ষা কৰি আছে। ভাৰতৰ সৈতে এটা নতুন গোলকীয় যোগান শৃংখলা নিৰ্মাণ কৰাৰ সময় সমাগত হৈছে। সেয়েহে, আকৌ এবাৰ মই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছো। মই এই সন্মিলনৰ বাবে শুভেচ্ছা জনাইছো। মই আত্মবিশ্বাসেৰে ক'ব পাৰোঁ যে মধ্য প্ৰদেশৰ শক্তি আৰু মধ্য প্ৰদেশৰ প্ৰস্তাৱসমূহে আপোনালোকক আপোনালোকৰ প্ৰগতিত দুখোজ আগুৱাই নিব। আপোনালোক সকলোকে আন্তৰিক ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PLI 2.0: India bets big on making more of the smartphone at home

Media Coverage

PLI 2.0: India bets big on making more of the smartphone at home
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 মে’ 2026
May 29, 2026

Every Sector, Every Citizen: How PM Modi’s Vision is Transforming India Across All Fronts