বিশ্ব বাণিজ্য সংস্থা(ডব্লিউটিঅ’)ৰ মন্ত্ৰীবৰ্গৰে এক অনানুষ্ঠানিক বৈঠকত মিলিত হোৱাৰ উদ্দেশ্যে নতুন দিল্লী উপস্থিত হোৱা ডব্লিউটিঅ’ সঞ্চালকপ্ৰধান শ্ৰীযুত ৰবাৰ্টো আজিভেডোই আজি প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে।
বহুপাক্ষিক ব্যৱসায় পদ্ধতিৰ শক্তিশালীকৰণৰ উপায় বিচৰাৰ দিশত আলোচনা আৰম্ভ কৰাৰ প্ৰচেষ্টা হাতত লোৱাৰ বাবে সঞ্চালকপ্ৰধানগৰাকীয়ে ভাৰত চৰকাৰক ধন্যবাদন জনায়।

প্ৰধানমন্ত্ৰীয়ে পুনৰ দোঁহাৰে যে ভাৰত বহুপাক্ষিক ব্যৱসায় পদ্ধতিৰ শক্তিশালী সমৰ্থক। তেওঁ বিশ্ব বাণিজ্য সংস্থাৰ কাম-কাজসমূহ উন্নয়নশীল অৰ্থনীতিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদানৰ প্ৰতি গুৰুত্ব আৰোপ কৰাটো বিচাৰে। উন্ননশীল অৰ্থনীতিৰ দেশসমূহত মুক্ত বাণিজ্য আৰু বিশ্বায়নৰ সুবিধাবোৰ অধিক পৰিস্ফূট হোৱাকৈ প্ৰধানমন্ত্ৰীয়ে সঞ্চালকপ্ৰধানগৰাকীক বিশ্ব বাণিজ্য সংস্থাৰ জৰিয়তে প্ৰদক্ষেপ হাতত লোৱাৰ আহ্বান জনোৱাৰ লগতে ডব্লিউটিঅ’ৰ মন্ত্ৰীবৰ্গৰে হ’বলগীয়া অনানুষ্ঠানিক বৈঠকৰ সফলতা কামনাৰে শুভেচ্ছা জ্ঞাপন কৰে।
Had a wonderful meeting with Mr. Roberto Azevêdo, Director-General of the @wto. @WTODGAZEVEDO pic.twitter.com/nhX2UaTkeO
— Narendra Modi (@narendramodi) March 19, 2018


