আজি মই তিনিখন দেশ ক্ৰমে  চাইপ্ৰাছ গণৰাজ্য , কানাডা আৰু ক্ৰ’ৱেচিয়া ভ্ৰমণ আৰম্ভ কৰিবলৈ ওলাইছো।

 

১৫-১৬ জুনত চাইপ্ৰাছ গণৰাজ্যৰ ৰাষ্ট্ৰপতি  শ্ৰীযুত নিকোছ ক্রিষ্টোডুলিডেৰ  আমন্ত্ৰণমৰ্মে  মই চাইপ্ৰাছ ভ্ৰমণ কৰিম। চাইপ্ৰাছ আমাৰ  ঘনিষ্ঠ  বন্ধু আৰু ভূমধ্যসাগৰীয় অঞ্চল  তথা ইউৰোপীয় সংঘৰ  এক গুৰুত্বপূর্ণ অংশীদাৰ  । এই ভ্ৰমণে দেশ খনৰ সৈতে থকা আমাৰ ঐতিহাসিক সম্পর্কক সুদৃঢ় কৰিব আৰু বাণিজ্য, বিনিয়োগ, নিৰাপত্তা, প্ৰযুক্তি তথা  জনসাধাৰণৰ মাজত বিভিন্ন ক্ষেত্ৰৰ বিনিময়ক প্ৰসাৰিত কৰিব।

 

চাইপ্ৰাছৰ পৰা মই কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীৰ  আমন্ত্ৰণ মৰ্মে কানানাস্কিছলৈ যাম আৰু  জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিম। এই শীৰ্ষ সন্মিলনে  বিশ্বৰ জ্বলন্ত সমস্যাসমূহৰ লগতে  গ্ল'বেল চাউথৰ অগ্ৰাধিকাৰৰ বিষয়ত  মত বিনিময়ৰ সুযোগ প্রদান কৰিব। মই সহযোগী দেশসমূহৰ নেতা সকলৰ সৈতে  বৈঠকত মিলিত হোৱাৰ বাবেও অপেক্ষা কৰিছো।

১৮ জুনত মই  ক্ৰ’ৱেচিয়া গণৰাজ্য ভ্ৰমণ কৰিম আৰু দেশ খনৰ  ৰাষ্ট্ৰপতি জোৰান মিলানোভিচ আৰু প্ৰধানমন্ত্ৰী আন্দ্ৰেজ প্লেংকভিচৰ সৈতে বৈঠকত মিলিত হ'বলৈ  আগ্ৰহী হৈ আছো। আমাৰ দুয়োখন দেশেই শতিকা প্ৰাচীন ঘনিষ্ঠ সাংস্কৃতিক সংযোগেৰে বান্ধ খাই আছে।  ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথম ক্ৰ’ৱেচিয়া ভ্ৰমণ হিচাপে এই ভ্ৰমণে পাৰস্পৰিক স্বাৰ্থ সুৰক্ষাৰ  ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ নতুন পথ মুকলি কৰিব।

প্ৰধানমন্ত্ৰী মোদীৰ এই  ত্ৰিদেশীয় ভ্ৰমণ সীমান্ত অতিক্ৰম কৰি চলি থকা সন্ত্ৰাসবাদৰ বিৰুদ্ধে চলাই যোৱা  যুঁজ খনত  ভাৰতলৈ   অকুণ্ঠ সমৰ্থন আগবঢ়োৱা সহযোগী দেশসমূহক ধন্যবাদ জ্ঞাপন তথা সকলো ধৰণৰ সন্ত্ৰাসবাদৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত বিশ্বব্যাপী বুজাবুজি গঢ়ি তোলাৰ এক সুযোগ হিচাবে বিবেচিত হৈছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Khichdi To Moringa Paratha: 7 Traditional Foods PM Modi Loves

Media Coverage

Khichdi To Moringa Paratha: 7 Traditional Foods PM Modi Loves
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 26 আগষ্ট 2026
August 26, 2026

Accountability Meets Ambition: Record Low NPAs, Record Defence Output, Record Digital Adoption Under the Leadership of PM Modi