ভাৰত আৰু কানাডাৰ জনসাধাৰণৰ মাজত থকা গভীৰ সম্পৰ্কৰ কথা স্বীকাৰ কৰিলে দুয়োগৰাকী নেতাই

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নী ডাঙৰীয়াৰ পৰা  এটা ফোনকল লাভ কৰিছে ।

 

চেলিফোনিক বাৰ্তালাপৰ সময়ত শ্ৰী মোদীয়ে কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নী ডাঙৰীয়াক শেহতীয়া নিৰ্বাচনী জয়ৰ বাবে অভিনন্দন জনায় আৰু চলিত মাহৰ শেষৰ ফালে কানানাস্কিছত অনুষ্ঠিত হ’বলগীয়া জি-৭ শীৰ্ষ সন্মিলনলৈ আমন্ত্ৰণ জনোৱাৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰে।

 

বাৰ্তালাপৰ সময়তে দুয়োগৰাকী নেতাই ভাৰত আৰু কানাডাৰ  জনসাধাৰণৰ মাজত থকা গভীৰ সম্পৰ্কৰ কথা  স্বীকাৰ কৰে আৰু পাৰস্পৰিক সন্মান তথা  উভয়ৰে স্বাৰ্থ ৰক্ষাৰ মনোভাবেৰে  পৰিচালিত হৈ নতুন উদ্যমেৰে একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ  দৃঢ় কৰে।

 

প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে আগন্তুক শীৰ্ষ সন্মিলনৰ সময়ত  তেওঁলোকৰ  মাজত বৈঠকৰ বাবে আগ্ৰহী বুলি  প্ৰকাশ  কৰে।

 

এক্সৰ পোষ্টত শ্ৰী মোদীয়ে লিখিছে;

"কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নী ৰ পৰা ফোন পাই আনন্দিত হৈছো। শেহতীয়া নিৰ্বাচনত  জয়ী হোৱা বাবে তেওঁক অভিনন্দন জনাইছো আৰু চলিত মাহৰ শেষৰ ফালে কানানাস্কিছত অনুষ্ঠিত হ'বলগীয়া জি-৭ শীৰ্ষ সন্মিলনলৈ আমন্ত্ৰণ জনোৱাৰ বাবে ধন্যবাদ জনাইছো। জনসাধাৰণৰ গভীৰ  সম্পৰ্কৰ দ্বাৰা বান্ধ খাই থকা সজীৱ গণতন্ত্ৰ হিচাপে ভাৰত আৰু কানাডাই পাৰস্পৰিক সন্মান তথাম উভয়ৰে স্বাৰ্থৰ দ্বাৰা পৰিচালিত হৈ নতুন উদ্যমেৰে  একেলগে কাম কৰিব। শীৰ্ষ সন্মিলনত আমাৰ বৈঠকৰ বাবে অপেক্ষা কৰিছো।"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
National Technology Day Special: India’s patent boom is rewiring the auto industry

Media Coverage

National Technology Day Special: India’s patent boom is rewiring the auto industry
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 মে’ 2026
May 12, 2026

Building a Trusted India: Modi's Leadership in Finance, Manufacturing, and Global Partnerships