সংযুক্ত ৰাষ্ট্ৰ মহাসভা (ইউএনজিএ)ৰ ৭৬তম সত্ৰৰ বাবে নিৰ্বাচিত অধ্যক্ষ তথা মালদ্বীপৰ বিদেশ মন্ত্ৰী মাননীয় আব্দুল্লা শাহিদে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

৭ জুলাই, ২০২১ত নিউয়ৰ্কত নিজৰ নিৰ্বাচনৰ পিছত মাননীয় আব্দুল্লা শাহিদ সংযুক্ত ৰাষ্ট্ৰ মহাসভাৰ ৭৬তম সত্ৰৰ বাবে নিৰ্বাচিত অধ্যক্ষ হিচাপে ভাৰত ভ্ৰমণত আহিছে।

প্ৰধানমন্ত্ৰীয়ে এই নিৰ্বাচনত মাননীয় আব্দুল্লা শাহিদৰ চমকপ্ৰদ জয়ত তেওঁক অভিনন্দন জনায়, আৰু লগতে এই কথা উল্লেখ কৰে যে ই ৰাষ্ট্ৰীয় স্তৰত মালদ্বীপৰ বৰ্ধিত ভাবমূৰ্তিক প্ৰতিপন্ন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে 'আশাব্যঞ্জক অধ্যক্ষতা'ৰ বাবে নিৰ্বাচিত অধ্যক্ষৰ ভিজন প্ৰকাশত তেওঁক অভিনন্দন জনায়, আৰু ইয়াৰ লগতে তেওঁক নিজৰ অধ্যক্ষতাৰ সময়ছোৱাত ভাৰতৰ ফালৰ পৰা পূৰ্ণ সমৰ্থন আৰু সহযোগিতাৰ আশ্বাস দিয়ে।

প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ পৃথিৱীৰ বৰ্তমান বাস্তৱিকতা আৰু বিশ্বৰ বিশাল অধিকাংশ জনসংখ্যাৰ আকাংক্ষাক প্ৰতিবিম্বিত কৰিবলৈ সংযুক্ত ৰাষ্ট্ৰৰ বিভিন্ন সংস্থানৰ লগতে বহুপাক্ষিক প্ৰণালীত আকাংক্ষিত সংস্কাৰ সাধনৰ গুৰুত্বৰ ওপৰত বিশেষ জোৰ দিয়ে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মাননীয় আব্দুল্লা শাহিদে সাম্প্ৰতিক বছৰবিলাকত ভাৰত আৰু মালদ্বীপৰ দ্বিপাক্ষিক সম্পৰ্কত অতি দ্ৰুত গতিত বৃদ্ধিৰ ওপৰতো গম্ভীৰ আলোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে এই কথাৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰে যে ক'ভিড-১৯ মহামাৰীৰ ফলত সৃষ্টি হোৱা বিভিন্ন ধৰণৰ বাধা সত্ত্বেও দ্বিপাক্ষিক পৰিকল্পনাসমূহৰ ওপৰত কাম যথেষ্ট দ্ৰুততাৰে আগবাঢ়ি আছে। তেওঁ ভাৰতৰ 'নেবাৰহুড ফাৰ্ষ্ট' নীতিৰ আৰু 'সাগৰ' ভিজনৰ প্ৰধান স্তম্ভৰ ৰূপত মালদ্বীপৰ বিশেষ গুৰুত্বৰ কথা উল্লেখ কৰে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's Major Ports Handled Record 915 Million Tonnes Cargo In FY26, Surpass Annual Target

Media Coverage

India's Major Ports Handled Record 915 Million Tonnes Cargo In FY26, Surpass Annual Target
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 5 এপ্ৰিল 2026
April 05, 2026

From Aatmanirbhar to Viksit Bharat: PM Modi’s Leadership Powers India’s Multi-Sector Triumph