ৰায়ছিনা ডায়ল’গত অংশগ্ৰহণ কৰিবলৈ ভাৰতলৈ অহা ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছাৰ্গে লাভৰ’ভে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷

বৈদেশিক মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীক ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ তৰফৰ পৰা শুভেচ্ছা বাণী প্ৰদান কৰে৷ প্ৰধানমন্ত্ৰীয়েও সেই শুভেচ্ছা গ্ৰহণ কৰি নৱবৰ্ষ উপলক্ষে ৰাছিয়ানবাসীৰ কল্যাণৰ বাবে প্ৰাৰ্থনা জনায়৷

১৩ জানুৱাৰী ২০২০ তাৰিখে ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টেলিফোনত হোৱা বাৰ্তালাপৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে বিগত বৰ্ষসমূহত দুয়োখন দেশৰ মাজৰ হোৱা বিশেষাধিকৃত কৌশলগত সহযোগিতাৰ বিষয়ে আলোকপাত কৰে৷

বৈদেশিক মন্ত্ৰী লাভৰ’ভে প্ৰধানমন্ত্ৰী মোদীক জনায় যে ৰাষ্ট্ৰপতি পুটিনে চলিত বৰ্ষৰ মে’ মাহত ৭৫তম ভিক্টৰী দিৱসত অংশগ্ৰহণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীলৈ বাট চাই আছে৷ তাৰোপৰি প্ৰধানমন্ত্ৰীয়েও ভাৰতত অনুষ্ঠিত হ’বলগীয়া দ্বিপাক্ষিক সন্মিলনত অংশগ্ৰহণৰ বাবে ৰাষ্ট্ৰপতি পুটিনক নিমন্ত্ৰণ জনোৱা বুলি জানিবলৈ দিয়ে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ২০১৯ বৰ্ষত দুয়োখন দেশৰ মাজত বহুটো গুৰুত্বপূৰ্ণ সিদ্ধান্ত তথা পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ তেওঁ কয় যে ২০২০ বৰ্ষত সেই সিদ্ধান্তসমূহ প্ৰণয়ন কৰা হ’ব৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre releases Rs 1.09 lakh crore tax devolution; Uttar Pradesh gets biggest share to accelerate development spending

Media Coverage

Centre releases Rs 1.09 lakh crore tax devolution; Uttar Pradesh gets biggest share to accelerate development spending
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Jharkhand meets Prime Minister
August 03, 2026