প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ১০ নৱেম্বৰ, ২০২৫ৰ সন্ধিয়া দিল্লীৰ লালকিল্লাৰ সমীপত সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা কাৰবোমা বিস্ফোৰণত প্ৰাণ আৰু সা-সম্পত্তি হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে।নিৰীহ লোকৰ সন্মানাৰ্থে কেবিনেটে দুই মিনিট মৌনতা অৱলম্বন কৰে।

কেবিনেটে তলত দিয়া প্ৰস্তাৱটোও গৃহীত কৰে।

১০ নৱেম্বৰ, ২০২৫ৰ সন্ধিয়া লালকিল্লাৰ সমীপত কাৰবোমা বিস্ফোৰণৰ জৰিয়তে দেশ বিৰোধী শক্তিয়ে সংঘটিত কৰা এক জঘন্য সন্ত্ৰাসবাদী কূটাঘাটৰ ফলত কেইবাজনো লোক নিহত হোৱাৰ লগতে বহু লোক আহত হয়।

এই জঘন্য হিংসাত্মক কাৰ্যৰ বলি হোৱা লোকসকলৰ প্ৰতি কেবিনেটে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছে।

কেবিনেটে সকলো আহত ব্যক্তিৰ আশু আৰোগ্য কামনা কৰাৰ লগতে ভুক্তভোগীৰ যত্ন লোৱা আৰু সহায় কৰা চিকিৎসা কৰ্মী আৰু জৰুৰীকালীন সঁহাৰি জনোৱাসকলৰ প্ৰচেষ্টাক প্ৰশংসা কৰে।

নিৰীহ লোকে প্ৰাণ হেৰুওৱা এই নৃশংস আৰু কাপুৰুষালি কাৰ্য্যক কেবিনেটে বিনাদ্বিধায় গৰিহণা দিয়ে।

সন্ত্ৰাসবাদৰ সকলো ৰূপ আৰু প্ৰকাশৰ প্ৰতি শূন্য সহনশীলতাৰ নীতিৰ সন্দৰ্ভত ভাৰতৰ অদম্য দায়বদ্ধতা কেবিনেটে পুনৰবাৰ উল্লেখ কৰে।

বিশ্বৰ বহু চৰকাৰে জনোৱা সহমৰ্মিতা আৰু সমৰ্থনকো কেবিনেটে শলাগ লৈছে।

প্ৰতিকূল পৰিস্থিতিত সাহস আৰু মমতাৰে কাম কৰা কৰ্তৃপক্ষ, নিৰাপত্তা সংস্থা আৰু সাধাৰণ নাগৰিকৰ সময়োপযোগী আৰু সমন্বিত সঁহাৰিক কেবিনেটে প্ৰশংসা কৰে। তেওঁলোকৰ সমৰ্পন আৰু কৰ্তব্যৰ প্ৰতি নিষ্ঠা অতি প্ৰশংসনীয়।

কেবিনেটে এই ঘটনাৰ তদন্ত অতি জৰুৰী আৰু পেছাদাৰীতাৰে কৰাৰ নিৰ্দেশ দিয়ে, যাতে অপৰাধী, সহযোগী আৰু তেওঁলোকৰ পৃষ্ঠপোষকসকলক চিনাক্ত কৰি অনতিপলমে ন্যায়ৰ কাঠগৰালৈ আনিব পাৰে। চৰকাৰে সৰ্বোচ্চ পৰ্যায়ত পৰিস্থিতিৰ সন্দৰ্ভত তীক্ষ্ণ নজৰ ৰাখিছে।

ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু প্ৰতিজন নাগৰিকৰ সুৰক্ষাৰ প্ৰতি চৰকাৰৰ অবিৰত দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি, সকলো ভাৰতীয়ৰ জীৱন আৰু কল্যান সুৰক্ষিত কৰাৰ বাবে চৰকাৰৰ দৃঢ়তাক কেবিনেটে পুনৰ দোঁহাৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Auto makers clock double-digit growth in April led by Maruti, Tata see sales rise of over 30%

Media Coverage

Auto makers clock double-digit growth in April led by Maruti, Tata see sales rise of over 30%
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Haryana meets the Prime Minister
May 02, 2026

Governor of Haryana, Prof. Ashim Kumar Ghosh, met Prime Minister Shri Narendra Modi today.

The Prime Minister posted on X:

"Governor of Haryana, Prof. Ashim Kumar Ghosh met Prime Minister @narendramodi."