• ব্যৱহাৰ্য প্ৰাথমিক কৃষি ঋণ সমিতি (পিএচিএছ)ৰ পৰা বঞ্চিত প্ৰত্যেক পঞ্চায়তত তাৰ স্থাপন কৰা, ব্যৱহাৰ্য ডেইৰী সহকাৰী সমিতিৰ পৰা বঞ্চিত প্ৰত্যেক পঞ্চায়ত/গাঁৱত তাৰ স্থাপন কৰা আৰু প্ৰত্যেক উপকূলৱৰ্তী পঞ্চায়ত/গাঁৱৰ লগতে বিশাল জলাশয় থকা পঞ্চায়ত/গাঁৱত মৎস্য সহকাৰী সমিতি স্থাপন কৰা আৰু বৰ্তমানৰ পিএচিএছ/ডেইৰী/মৎস্য সহকাৰী সমিতিক শক্তি প্ৰদান কৰা।

 

  •  অহা পাঁচ বছৰত ২ লাখ বহুউদ্দেশ্য পিএচিএছ/ডেইৰী/মৎস্য সহকাৰী সমিতি স্থাপনৰ প্ৰাৰম্ভিক লক্ষ্য।

 

  • মৎস্য পালন, পশুপালন আৰু ডেইৰী মন্ত্ৰালয়ৰ বিভিন্ন যোজনাৰ সমন্বয়ৰ মাধ্যমত 'সম্পূৰ্ণ-চৰকাৰ' দৃষ্টিভংগীৰ সুবিধা লৈ যোজনাক নাবাৰ্ড, ৰাষ্ট্ৰীয় ডেইৰী বিকাশ ব'ৰ্ড (এনডিডিবি) আৰু ৰাষ্ট্ৰীয় মৎস্য বিকাশ ব'ৰ্ড (এনএফডিবি)ৰ সহযোগত ৰূপায়ণ কৰা হ'ব।

 

  • পিএচিএছ/ডেইৰী/মৎস্য সহকাৰী সমিতিৰ ব্যাৱসায়িক গতিবিধিলৈ বিবিধতা আনিবৰ বাবে আৱশ্যকীয় আন্তঃগাঁথনি স্থাপন কৰা হ’ব আৰু সেয়া আধুনিকীকৰণ কৰাত সক্ষম কৰিব।

 

  • সদস্য কৃষকক তেওঁলোকৰ শস্যৰ বিপণন কৰা, তেওঁলোকৰ আয় বঢ়োৱা, গাঁও স্তৰতে ঋণৰ সুবিধা আৰু অন্য সেৱা প্ৰাপ্ত কৰিবলৈ আৱশ্যকীয় ফৰৱাৰ্ড আৰু বেকৱাৰ্ড লিংকেজ প্ৰদান কৰা হ'ব।

 

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় মন্ত্ৰীসভাই দেশত সহযোগিতা আন্দোলনক শক্তি প্ৰদান কৰা আৰু ইয়াৰ গমন তৃণমূল স্তৰলৈকে ব্যাপক কৰাত অনুমোদন দিছে। সহযোগিতা মন্ত্ৰালয়ে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্ব আৰু মাননীয় গৃহ তথা সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ সক্ষম মাৰ্গদৰ্শনত মৎস্য পালন, পশুপালন আৰু ডেইৰী মন্ত্ৰালয়ৰ বিভিন্ন যোজনাৰ সমন্বয়ৰ মাধ্যমত 'সম্পূৰ্ণ চৰকাৰ' দৃষ্টিভংগীৰ সুবিধা গ্ৰহণ কৰি ব্যৱহাৰ্য প্ৰাথমিক কৃষি ঋণ সমিতি (পিএচিএছ)ৰ পৰা বঞ্চিত প্ৰত্যেক পঞ্চায়তত তাৰ প্ৰতিষ্ঠা কৰা, ব্যৱহাৰ্য ডেইৰী সহকাৰী সমিতিৰ পৰা বঞ্চিত প্ৰত্যেক পঞ্চায়ত/গাঁৱত তাৰ প্ৰতিষ্ঠা কৰা আৰু বৰ্তমানৰ পিএচিএছ/ডেইৰী/মৎস্য সহকাৰী সমিতিসমূহ শক্তিশালী কৰাৰ যোজনা প্ৰস্তুত কৰিছে। প্ৰাৰম্ভিক পৰ্যায়ত, অহা পাঁচ বছৰত ২ লাখ পিএচিএছ/ডেইৰী/মৎস্য সহকাৰী সমিতি স্থাপন কৰা হ'ব। এই পৰিকল্পনাৰ ৰূপায়ণৰ বাবে নাবাৰ্ড, ৰাষ্ট্ৰীয় ডেইৰী বিকাশ ব'ৰ্ড (এনডিডিবি) আৰু ৰাষ্ট্ৰীয় মৎস্য বিকাশ ব'ৰ্ড (এনএফডিবি)ৰ দ্বাৰা কাৰ্য যোজনা প্ৰস্তুত কৰা হ'ব।

 

চলিত যোজনাৰ অধীনত সমন্বয়ৰ বাবে নিম্নলিখিত যোজনাসমূহ চিনাক্ত কৰা হৈছে:

 

ক) পশুপালন আৰু ডেইৰী বিভাগ

 

i. ৰাষ্ট্ৰীয় ডেইৰী বিকাশ কাৰ্যক্ৰম (এনপিডিডি), আৰু

       

ii.  ডেইৰী প্ৰক্ৰিয়াকৰণ তথা আন্তঃগাঁথনি বিকাশ কোষ (ডিআইডিএফ)

   

খ) মৎস্য পালন বিভাগ:

 

i.  প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা (পিএমএমএছৱাই), আৰু

      

ii.  মৎস্য পালন আৰু জলীয় কৃষি আন্তঃগাঁথনি বিকাশ কোষ (এফআইডিএফ)

 

এই যোজনাই দেশজুৰি সদস্য কৃষকক তেওঁলোকৰ শস্যৰ বিপণন কৰা, তেওঁলোকৰ আয় বঢ়োৱা, গাঁও স্তৰতে ঋণ সুবিধা আৰু অন্য সেৱাসমূহ পাবলৈ আৱশ্যকীয় ফৰৱাৰ্ড আৰু বেকৱাৰ্ড লিংকেজ প্ৰদান কৰিব। পুনৰুজ্জীৱিত কৰিব নোৱৰা প্ৰাথমিক সহকাৰী সমিতি বন্ধ কৰিবলৈ চিহ্নিত কৰা হ'ব আৰু তাৰ পৰিচালনাৰ ক্ষেত্ৰত নতুন প্ৰাথমিক সমিতি স্থাপন কৰা হ'ব।

 

ইয়াৰ উপৰিও, নতুন পিএচিএছ/ডেইৰী/মৎস্য সহকাৰী সমিতিৰ স্থাপনেৰে গ্ৰামীণ ক্ষেত্ৰসমূহত সংস্থাপনৰ সুযোগ সৃষ্টি হ'ব, যাৰ গ্ৰামীণ অৰ্থব্যৱস্থাৰ ওপৰত ইতিবাচক প্ৰভাৱ পৰিব। এই যোজনাই কৃষকক নিজৰ শস্যৰ ভাল দাম দিওৱা, নিজৰ বজাৰৰ আকাৰ বিস্তাৰ কৰা আৰু তেওঁলোকক যোগান শৃংখলাত সুচাৰুৰূপে অন্তৰ্ভুক্ত কৰাতো সক্ষম কৰিব।

 

গৃহ আৰু সহযোগিতা মন্ত্ৰীৰ অধ্যক্ষতাত কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী আৰু মৎস্য পালন, পশুপালন আৰু ডেইৰী মন্ত্ৰীৰ সৈতে এক উচ্চ স্তৰীয় অন্তৰ-মন্ত্ৰালয় সমিতি (আইএমচি) গঠন কৰা হৈছে, য'ত সংশ্লিষ্ট সচিব; অধ্যক্ষ নাবাৰ্ড, এনডিডিবি আৰু এনএফডিবিৰ মুখ্য কাৰ্যবাহীক সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। এই সমিতিক যোজনাৰ সুচাৰু ৰূপায়ণৰ বাবে সমন্বয় সাধনৰ হেতু চিহ্নিত যোজনাসমূহৰ দিশনিৰ্দেশত উপযুক্ত সংশোধনসহ আৱশ্যকীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ অধিকাৰ প্ৰদান কৰা হৈছে। কাৰ্য যোজনাৰ মূল আৰু ফলপ্ৰসু ৰূপায়ণ সুনিশ্চিত কৰিবলৈ ৰাষ্ট্ৰীয়, ৰাজ্য আৰু জিলা স্তৰতো সমিতি গঠন কৰা হৈছে।

 

মন্ত্ৰালয়ৰ দ্বাৰা সকলো হিতধাৰকৰ সৈতে পৰামৰ্শ কৰাৰ পাছত পিএচিএছৰ আদৰ্শ উপবিধি প্ৰস্তুত কৰা হৈছে, যাতে পিএচিএছৰ ব্যৱহাৰ বঢ়োৱা আৰু পঞ্চায়ত স্তৰত তাক জীৱন্ত অৰ্থনৈতিক সংস্থাত পৰিণত কৰিবলৈ তাৰ ব্যাৱসায়িক গতিবিধিলৈ বিবিধতা আনিব পৰা যায়। পিএচিএছৰ এই আদৰ্শ উপবিধিয়ে তাক ২৫ৰো অধিক ব্যাৱসায়িক গতিবিধি কৰাত সক্ষম কৰিব, য'ত অন্য কথাৰ লগতে ডেইৰী, মৎস্য পালন, গুদাম স্থাপন, খাদ্যান্ন, উৰ্বৰক, বীজ ক্ৰয় কৰা, এলপিজি/চিএনজি/পেট্ৰোল/ডিজেল বিতৰক, অল্পৱধি আৰু দীৰ্ঘকালীন ঋণ, কাষ্টম হায়াৰিং চেণ্টাৰ, কমন ছাৰ্ভিচ চেণ্টাৰ, উচিত মূল্যৰ দোকান, সামুদায়িক জলসিঞ্চন, বিজনেছ কৰেস্পণ্ডেঞ্চ সম্পৰ্কীয় গতিবিধি আদি অন্তৰ্ভুক্ত আছে। এই মডেল উপবিধি ৫ জানুৱাৰী, ২০২৩ত সকলো ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশলৈ প্ৰেৰণ কৰা হৈছে, যাতে পিএচিএছৰ দ্বাৰা সংশ্লিষ্ট ৰাজ্য সহকাৰী অধিনিয়মৰ অনুসৰি পৰিৱৰ্তন কৰাৰ পাছত তাক স্বীকাৰ কৰিব পাৰে।

 

সহযোগিতা মন্ত্ৰালয়ৰ দ্বাৰা এটা ৰাষ্ট্ৰীয় সহকাৰী ডেটাবেছো প্ৰস্তুত কৰি থকা হৈছে, য'ত ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশৰ সহকাৰী সমিতিসমূহৰ পঞ্জীয়কৰ সহযোগত পঞ্চায়ত আৰু গাঁও স্তৰত সহকাৰী সমিতিসমূহৰ দেশজুৰি মেপিং কৰি থকা হৈছে। পিএচিএছৰ ব্যাপক ডেটাবেছ জানুৱাৰী, ২০২৩ত বিকশিত কৰা হৈছে আৰু প্ৰাথমিক ডেইৰী/মৎস্য সহকাৰী সমিতিসমূহৰ ডেটাবেছ ফেব্ৰুৱাৰীৰ শেষলৈকে বিকশিত কৰা হ'ব। ইয়াৰ জৰিয়তে এনেধৰণৰ পঞ্চায়ত আৰু গাঁৱৰ তালিকা প্ৰস্তুত হ'ব পাৰিব, য'ত পিএচিএছ, ডেইৰী আৰু মৎস্য সহকাৰী সমিতিসমূহৰ সেৱা উপলব্ধ নহয়। নতুন সহকাৰী সমিতিৰ গঠনৰ বাস্তৱিক সময়ত নিৰীক্ষণৰ বাবে ৰাষ্ট্ৰীয় সহকাৰী ডেটাবেছ আৰু অনলাইন কেন্দ্ৰীয় পৰ্টেলৰ ব্যৱহাৰ কৰা হ'ব।

 

পিএচিএছ/ডেইৰী/মৎস্য সহকাৰী সমিতিসমূহক সিবিলাকৰ সংশ্লিষ্ট জিলা আৰু ৰাজ্য স্তৰৰ সংঘৰে সংযুক্ত কৰা হ'ব। এই সমিতিসমূহে 'সম্পূৰ্ণ-চৰকাৰ' দৃষ্টিভংগীৰ সুযোগ গ্ৰহণ কৰি দুগ্ধ পৰীক্ষণ প্ৰয়োগশালা, বাল্ক মিল্ক কুলাৰ, দুগ্ধ প্ৰক্ৰিয়াকৰণ সংস্থা, বায়োফ্লক পণ্ডৰ নিৰ্মাণ, ফিছ কিয়স্ক, হেচাৰিজৰ বিকাশ, গভীৰ পানীত মাছ ধৰা নাও অন্তৰ্ভুক্ত কৰা আদিৰ দৰে নিজৰ গতিবিধিলৈ বিবিধতা আনিবলৈ আৱশ্যকীয় বুনিয়াদী আন্তঃগাঁথনি স্থাপন আৰু আধুনিকীকৰণ কৰাত সক্ষম হ'ব।

 

প্ৰাথমিক কৃষি ঋণ সমিতিসমূহ (পিএচিএছ)ৰ সংখ্যা প্ৰায় ৯৮,৯৯৫ আৰু ইয়াৰ সদস্যৰ সংখ্যা ১৩ কোটি, দেশত অল্পকালীন সহকাৰী ঋণ (এছটিচিচি) আন্তঃগাঁথনিৰ সবাতোকৈ তলৰ স্তৰ, যি সদস্য কৃষকক অল্পকালীন আৰু মধ্যম অৱধিৰ ঋণ আৰু বীজ, উৰ্বৰক, কীটনাশক বিতৰণ আদিৰ দৰে অন্য ইনপুট সেৱা, প্ৰদান কৰে। ইয়াক নাবাৰ্ডৰ দ্বাৰা ৩৫২খন জিলা কেন্দ্ৰীয় সহকাৰী বেংক (ডিচিচিবি) আৰু ৩৪খন ৰাজ্য সহকাৰী বেংক (এছটিচিবি)ৰ মাধ্যমত পুনঃ বিত্ত পোষিত কৰা হৈছে।

 

প্ৰাথমিক ডেইৰী সহকাৰী সমিতিৰ সংখ্যা প্ৰায় ১,৯৯,১৮২ আৰু ইয়াৰ সদস্যৰ সংখ্যা প্ৰায় ১.৫ কোটি, আৰু ই কৃষকৰ পৰা গাখীৰ ক্ৰয় কৰা, সদস্যসকলক গাখীৰ পৰীক্ষাৰ সুবিধা, পশু খাদ্য বিক্ৰী, বিস্তাৰ সেৱা আদি প্ৰদান কৰাত সংলগ্ন।

 

প্ৰাথমিক মৎস্য সহকাৰী সমিতিৰ সংখ্যা প্ৰায় ২৫,২৯৭ আৰু ইয়াৰ সদস্যৰ সংখ্যা প্ৰায় ৩৮ লাখ, আৰু ই সমাজৰ সবাতোকৈ পিছপৰা শ্ৰেণীৰ এটাৰ প্ৰয়োজন সম্পূৰ্ণ কৰে, তেওঁলোকক বিপণন সুবিধা প্ৰদান কৰে, মাছ ধৰা সঁজুলি, মাছৰ পোণা আৰু খাদ্যৰ ক্ৰয়ত সহায় কৰে তথা সদস্যসকলক সীমিত পৰিসৰত ঋণ সুবিধাও প্ৰদান কৰে।

 

এতিয়ালৈকে ১.৬ লাখ পঞ্চায়তত এতিয়ালৈকে পিএচিএছ নাই আৰু প্ৰায় ২ লাখ পঞ্চায়তত ডেইৰী সহকাৰী সমিতি নাই। দেশৰ গ্ৰামীণ অৰ্থব্যৱস্থাক সুচল কৰি ৰখাত এই প্ৰাথমিক স্তৰৰ সহকাৰী সমিতিসমূহৰ গুৰুত্বপূৰ্ণ ভূমিকা প্ৰদৰ্শন কৰি দেশত সহকাৰী আন্দোলনক শক্তিশালী কৰা, তৃণমূল পৰ্যায়লৈ ইয়াৰ গমনক ব্যাপক কৰা আৰু বিতৰণ সম্পৰ্কীয় সমস্যাৰ সমাধানৰ বাবে সকলো পঞ্চায়ত/গাঁৱক যথাযথ ৰূপত এই সমিতিসমূহৰ পৰিসৰলৈ অনাৰ দিশত বিশেষ প্ৰয়াস কৰাৰ প্ৰয়োজন।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How NEP 2020 is building future-ready schools through 14 AI initiatives

Media Coverage

How NEP 2020 is building future-ready schools through 14 AI initiatives
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the passing of Father Amir of State of Qatar HH Sheikh Hamad bin Khalifa Al Thani
July 12, 2026

The Prime Minister, Shri Narendra Modi, has expressed deep grief over the passing of the Father Amir of the State of Qatar, HH Sheikh Hamad bin Khalifa Al Thani.

The Prime Minister described him as a visionary leader who led Qatar to great levels of development and prosperity. Shri Modi also remembered him as a true friend whom he had the honour of meeting during his visit to Qatar in February 2024.

The Prime Minister conveyed his sincere condolences to the Amir of Qatar, HH Sheikh Tamim bin Hamad Al Thani, the entire royal family and the people of Qatar.

The Prime Minister wrote on X;

“We deeply mourn the passing of Father Amir of State of Qatar, HH Sheikh Hamad bin Khalifa Al Thani. A visionary leader who led Qatar to great levels of development and prosperity, we remember him also as a true friend whom I had the honour of meeting during my last visit to Qatar in February 2024. I convey my sincere condolences to the Amir of Qatar, HH Sheikh Tamim bin Hamad Al Thani and the entire royal family and people of Qatar. May the departed soul rest in eternal peace.

@TamimBinHamad”