প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি কেন্দ্ৰীয় কেবিনেটে খনি আৰু খনিজ (উন্নয়ন আৰু নিয়ন্ত্ৰণ) আইন, ১৯৫৭ (‘MMDR Act’’)ৰ দ্বিতীয় অনুসূচীৰ সংশোধনত অনুমোদন জনায়। এই সংশোধনৰ লক্ষ্য হৈছে ৩টা গুৰুত্বপূৰ্ণ আৰু কৌশলগত খনিজ যথাঃ লিথিয়াম, নাইবিয়াম আৰু ৰেয়াৰ আৰ্থ এলিমেন্টৰ (REE) খননৰ ক্ষেত্ৰত ৰয়েল্টিৰ হাৰ নিৰ্দিষ্ট কৰা।

শেহতীয়াকৈ খনি আৰু খনিজ (উন্নয়ন আৰু নিয়ন্ত্ৰণ) সংশোধনী আইন, ২০২৩ সংসদত গৃহীত হৈছে। এয়া ১৭ আগষ্ট, ২০২৩ ৰপৰা বলবৎ হৈছে। এই সংশোধনীয়ে পাৰমাণৱিক খনিজৰ তালিকাৰপৰা লিথিয়াম আৰু নাইবিয়ামকে প্ৰমুখ্য কৰি ছটা খনিজক তালিকাৰপৰা আঁতৰাই এই খনিজসমূহৰ ক্ষেত্ৰত নিলামৰ জৰিয়তে ব্যক্তিগত খণ্ডক ৰেহাই প্ৰদানৰ পথ প্ৰশস্ত কৰিছে। ইয়াৰোপৰি, উক্ত সংশোধনীত উল্লেখ কৰা হৈছে যে লিথিয়াম, নাইবিয়াম আৰু আৰইই (ইউৰেনিয়াম আৰু থ’ৰিয়াম নথকা)কে ধৰি ২৪টা গুৰুত্বপূৰ্ণ আৰু কৌশলগত খনিজ (যিসমূহ আইনখনৰ প্ৰথম অনুসূচীৰ ডি অংশত তালিকাভুক্ত কৰা হৈছে)ৰ খনন পট্টা আৰু কম্প’জিট অনুজ্ঞাপত্ৰ কেন্দ্ৰীয় চৰকাৰৰদ্বাৰা নিলাম কৰা হ’ব।

আজি কেন্দ্ৰীয় কেবিনেটৰ ৰয়েল্টিৰ হাৰ নিৰ্দিষ্টকৰণত অনুমোদনে কেন্দ্ৰীয় চৰকাৰে দেশত প্ৰথমবাৰৰ বাবে লিথিয়াম, নাইবিয়াম আৰু আৰইইৰ ক্ষেত্ৰত ব্লক নিলামৰ পথ প্ৰশস্ত কৰিব। খনিজৰ ক্ষেত্ৰত ৰয়েল্টি ৰেট হৈছে ব্লকৰ নিলামত নিলামকাৰীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ আৰ্থিক বিবেচনা। ইয়াৰোপৰি, এই খনিজৰ গড় বিক্ৰী মূল্য (ASP) গণনাৰ পদ্ধতিও খনি মন্ত্ৰালয়ে যুগুত কৰিছে যিয়ে নিবিদাৰ পৰিমাপ নিৰ্ধাৰণৰ পথ প্ৰশস্ত কৰিব।

এমএমডিআৰ আইনৰ দ্বিতীয় অনুসূচীত ভিন্ন খনিজ পদাৰ্থৰ ৰয়েল্টিৰ হাৰৰ উল্লেখ কৰা হৈছে। দ্বিতীয় অনুসূচীৰ ৫৫ নং দফাত উল্লেখ আছে যে যিসমূহ খনিজৰ ৰয়েল্টিৰ হাৰ বিশেষভাৱে উল্লেখ কৰা হোৱা নাই, সেইসমূহৰ ক্ষেত্ৰত ৰয়েল্টিৰ হাৰ গড় বিক্ৰী মূল্যৰ (ASP) ১২% হ’ব। এইদৰে যদি লিথিয়াম, নাইবিয়াম আৰু আৰইইৰ বাবে ৰয়েল্টিৰ হাৰ বিশেষভাৱে উল্লেখ কৰা নহয়, তেন্তে এইসমূহৰ ক্ষেত্ৰত ডিফল্ট ৰয়েল্টিৰ হাৰ এএছপিৰ ১২% হ’ব, যি আন-আন গুৰুত্বপূৰ্ণ আৰু কৌশলগত খনিজৰ তুলনাত যথেষ্ট বেছি। লগতে এই ১২% ৰয়েল্টিৰ হাৰ অন্যান্য খনিজ উৎপাদনকাৰী দেশৰ সৈতে তুলনাযোগ্য নহয়। এইদৰে লিথিয়াম, নাইবিয়াম আৰু আৰইইৰ যুক্তিসংগত ৰয়েল্টিৰ হাৰৰ ক্ষেত্ৰত নিম্ন-উল্লেখিত সিদ্ধান্তৰাজি গ্ৰহণ কৰা হৈছেঃ

(i) লিথিয়াম – লণ্ডন মেটেল এক্সচেঞ্জ মূল্যৰ ৩%,

(ii) নাইবিয়াম – গড় বিক্ৰী মূল্যৰ ৩% (প্ৰাথমিক আৰু গৌণ উভয় উৎসৰ বাবে),

(iii) আৰইই - ৰেয়াৰ আৰ্থ অক্সাইডৰ গড় বিক্ৰী মূল্যৰ ১%

দেশখনৰ অৰ্থনৈতিক উন্নয়ন আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে গুৰুত্বপূৰ্ণ খনিজ অপৰিহাৰ্য্য হৈ উঠিছে। ২০৭০ৰ ভিতৰত শক্তি পৰিৱৰ্তন আৰু নিকা-শূন্য নিৰ্গমন লাভৰ দিশত ভাৰতৰ দায়বদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি লিথিয়াম আৰু আৰইইৰ দৰে গুৰুত্বপূৰ্ণ খনিজসমূহ তাৎপৰ্য্যপূৰ্ণ হৈ উঠিছে। লিথিয়াম, নাইবিয়াম আৰু আৰইইসমূহে ব্যৱহাৰ আৰু ভূ-ৰাজনৈতিক পৰিস্থিতিৰ বাবে কৌশলগত উপাদান হিচাপে আত্মপ্ৰকাশ কৰিছে। থলুৱা খননক উৎসাহিত কৰিলে আমদানি হ্ৰাস পাব আৰু আনুষংগিক উদ্যোগ আৰু আন্তঃগাঁথনি প্ৰকল্প স্থাপন হ’ব। এই প্ৰস্তাৱে খনন খণ্ডতো কৰ্মসংস্থাপন সৃষ্টি বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।

  শেহতীয়াকৈ ভাৰতীয় ভূতাত্ত্বিক জৰীপ বিভাগে (GSI) আৰইই আৰু লিথিয়াম ব্লকৰ অন্বেষণৰ প্ৰতিবেদন দাখিল কৰিছে। ইয়াৰোপৰি, জিএছআই আৰু অন্যান্য অন্বেষণ সংস্থাসমূহে দেশৰ গুৰুত্বপূৰ্ণ আৰু কৌশলগত খনিজসমূহৰ বাবে অন্বেষণ অব্যাহত ৰাখিছে। কেন্দ্ৰীয় চৰকাৰে লিথিয়াম, আৰইই, নিকেল, প্লেটিনাম গ্ৰুপ অৱ এলিমেন্ট, পটাছ, গ্ল’কনাইট, ফচফৰাইট, গ্ৰেফাইট, মলিবডিনাম আদি গুৰুত্বপূৰ্ণ আৰু কৌশলগত খনিজ পদাৰ্থৰ নিলামৰ প্ৰথমটো প্ৰক্ৰিয়া অতি সোনকালে আৰম্ভ কৰিবলৈ কাম কৰি আছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
After Modi's Push For Domestic Tourism, Here Are 8 Places Seeing A Surge

Media Coverage

After Modi's Push For Domestic Tourism, Here Are 8 Places Seeing A Surge
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the transformative power of true knowledge
May 26, 2026

The Prime Minister, Shri Narendra Modi, said that true knowledge paves the way for the welfare of the nation, society and the entire humanity. He noted that it is important that our knowledge and actions become a source of inspiration for all humankind.

The Prime Minister shared a Sanskrit Subhashitam-

“आत्मा शुद्धः सदा नित्यः सुखरूपः स्वयम्प्रभः।

अज्ञानान्मलिनो भाति ज्ञानाच्छुद्धो भवत्ययम्‌।। ”

The Subhashitam conveys that the the Ātman is by nature always pure, eternal, blissful, and self-luminous. However, because of ignorance, it appears impure; through true knowledge, it once again reveals its pure nature.

The Prime Minister wrote on X;

“सच्चा ज्ञान देश, समाज और समस्त मानवता के कल्याण का मार्ग प्रशस्त करता है। इसलिए यह जरूरी है कि हमारा ज्ञान और हमारे कर्म पूरी मानवता के लिए प्रेरणा बनें।

आत्मा शुद्धः सदा नित्यः सुखरूपः स्वयम्प्रभः।

अज्ञानान्मलिनो भाति ज्ञानाच्छुद्धो भवत्ययम्‌।।”