প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ত্ৰিপুৰাৰ আগৰতলাৰ বিমানবন্দৰৰ নাম পৰিৱৰ্তন কৰি মহাৰাজা বীৰ বিক্ৰম মাণিক্য কিশোৰ বিমানবন্দৰ, আগৰতলা হিচাপে নামাকৰণ কৰাত অনুমোদন প্ৰদান কৰিছে৷ এই সিদ্ধান্ত ত্ৰিপুৰাৰ জনসাধাৰণৰ দীৰ্ঘদিন ধৰি চলি অহা দাবী তথা ত্ৰিপুৰা চৰকাৰৰ দ্বাৰা মহাৰাজা বীৰ বিক্ৰম মাণিক্য কিশোৰক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা হৈছে৷

পৃষ্ঠভূমিঃ

মহাৰাজা বীৰ বিক্ৰম মাণিক্য কিশোৰ ১৯২৩ চনত ত্ৰিপুৰা ৰাজ্যৰ ৰজা হয়৷ তেওঁ এজন বিদ্বান আৰু বিক্ৰমী শাসক আছিল৷ মহাৰাজা বীৰ বিক্ৰম মাণিক্য কিশোৰৰ দ্বাৰা দান কৰা ভূমিত ১৯৪২ চনত আগৰতলা বিমানবন্দৰৰ নিৰ্মাণ কৰা হৈছিল৷ তেওঁ এজন দূৰদৃষ্টিসম্পন্ন শাসক আছিল আৰু সমগ্ৰ বিশ্বৰ যাত্ৰা কৰিছিল তথা ত্ৰিপুৰাৰ বিকাশৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল৷ তেওঁৰ প্ৰয়াসৰ ফলতেই আগৰতলাত এক এৰোড্ৰ’মৰ নিৰ্মাণ হ’ল যি বৰ্তমান পূৰ্বোত্তৰ ক্ষেত্ৰৰ দ্বিতীয় সৰ্বব্যস্ত বিমানবন্দৰ৷ ই ত্ৰিপুৰাক আকাশী পথেৰে সংযোজিত কৰিছে৷ সেইবাবে তেওঁৰ নামানুসৰি আগৰতলা বিমানবন্দৰৰ নাম ৰখা হৈছে আৰু ইয়াৰ জৰিয়তে মহাৰাজা বীৰ বিক্ৰম মাণিক্য কিশোৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হৈছে৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
National Technology Day Special: India’s patent boom is rewiring the auto industry

Media Coverage

National Technology Day Special: India’s patent boom is rewiring the auto industry
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 মে’ 2026
May 12, 2026

Building a Trusted India: Modi's Leadership in Finance, Manufacturing, and Global Partnerships