অনুমোদিত প্ৰকল্পটোৱে আটাইতকৈ চুটি ৰে'লপথৰ জৰিয়তে বাণিজ্যিক কেন্দ্ৰ মুম্বাই আৰু ইন্দোৰক সংযোগ কৰাৰ উপৰিও মহাৰাষ্ট্ৰ আৰু মধ্য প্ৰদেশৰ ২ খন জিলা আৰু মধ্য প্ৰদেশৰ ৪ খন জিলাৰ মাজৰ ৰে’লৰ সংযোগবিহীন অঞ্চলসমূহক সংযোগ কৰিব
প্ৰকল্পটোৰ মুঠ ব্যয় হ’ব ১৮,০৩৬ কোটি টকা আৰু ২০২৮-২৯ বৰ্ষৰ ভিতৰত প্ৰকল্পটো সম্পূৰ্ণ হ'ব
প্ৰকল্পটোৱে নিৰ্মাণৰ সময়ত প্ৰায় ১০২ লাখ ‘মানৱ-দিন’ৰ বাবে পোনপটীয়া নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত ‘অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটি’য়ে  ৰে'ল মন্ত্ৰালয়ৰ অধীনত মুঠ ১৮,০৩৬ কোটি টকা (প্ৰায়) ব্যয় সাপেক্ষ নতুন ৰে'লপথ নিৰ্মাণ প্ৰকল্পলৈ অনুমোদন জনাইছে। ইন্দোৰ আৰু মনমাড়ৰ মাজত প্ৰস্তাৱিত নতুন ৰে'লপথটোৱে প্ৰত্যক্ষ সংযোগ প্ৰদান কৰাৰ লগতে গতিশীলতা উন্নত কৰিব, ভাৰতীয় ৰে'লৰ বাবে বৰ্ধিত সামৰ্থ্য আৰু সেৱাৰ নিৰ্ভৰযোগ্যতা প্ৰদান কৰিব। এই প্ৰকল্পটো প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ নতুন ভাৰতৰ দৃষ্টিভংগীৰ সৈতে সামঞ্জস্যপূৰ্ণ, যি অঞ্চলটোৰ লোকসকলক অঞ্চলটোত ব্যাপক উন্নয়নৰ দ্বাৰা "আত্মনিৰ্ভৰ" কৰি তেওঁলোকৰ নিযুক্তি/স্ব নিয়োজনৰ সুযোগ বৃদ্ধি কৰিব।

 

‘প্ৰধানমন্ত্ৰী-গতি শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন’ৰ ফলস্বৰূপে বহুমুখী সংযোগৰ বাবে একত্ৰিত পৰিকল্পনাৰ জৰিয়তে সম্ভৱ হোৱা এই প্ৰকল্পটোৱে মানুহৰ যাতায়াত, সামগ্ৰী আৰু সেৱাৰ চলাচলৰ বাবে নিৰৱচ্ছিন্ন সংযোগ প্ৰদান কৰিব।

 

প্ৰকল্পটোৱে ২ খন ৰাজ্যৰ ৬ খন জিলা অৰ্থাৎ মহাৰাষ্ট্ৰ আৰু মধ্য প্ৰদেশক সামৰি ল'ব আৰু ভাৰতীয় ৰে'লৰ বৰ্তমানে থকা নেটৱৰ্কৰ পৰিসৰ প্ৰায় ৩০৯ কিলোমিটাৰৰে বৃদ্ধি কৰিব।

 

প্ৰকল্পটোৰ সৈতে ৩০টা নতুন ষ্টেশ্যন নিৰ্মাণ কৰা হ'ব, যাৰ ফলত উচ্চাকাংক্ষী জিলা বৰৱানীলৈ সংযোগ বৃদ্ধি পাব। নতুন ৰে’লপথ নিৰ্মাণ প্ৰকল্পই প্ৰায় ১,০০০খন গাঁও আৰু প্ৰায় ৩০ লাখ জনসংখ্যাক সংযোগ প্ৰদান কৰিব।

 

প্ৰকল্পটোৱে মধ্য ভাৰতৰ সৈতে দেশৰ পশ্চিম/দক্ষিণ-পশ্চিম অংশৰ মাজত চুটি পথ প্ৰদান কৰি অঞ্চলটোত পৰ্যটনক উত্সাহিত কৰিব। ইয়াৰ ফলত ‘শ্ৰী মহাকালেশ্বৰ জ্যোতিৰ্লিঙ্গ মন্দিৰ’কে ধৰি উজ্জয়িনী-ইন্দোৰ অঞ্চলৰ বিভিন্ন পৰ্যটক/ধৰ্মীয় স্থানলৈ পৰ্যটকৰ সংখ্যা বৃদ্ধি পাব।

প্ৰকল্পটোৱে ‘জেএনপিএ’ আৰু অন্যান্য ৰাজ্যিক বন্দৰৰ গে’টৱে’ বন্দৰৰ পৰা ‘পিথামপুৰ অটো ক্লাষ্টাৰ’ (৯০ টা ডাঙৰ একক আৰু ৭০০ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ)লৈ পোনপটীয়া সংযোগ প্ৰদান কৰিব। প্ৰকল্পটোৱে মধ্য প্ৰদেশ আৰু পিয়াঁজ উৎপাদক জিলাসমূহক মহাৰাষ্ট্ৰৰ ‘বাজ্ৰা উৎপাদক জিলা’সমূহৰ সৈতে পোনপটীয়া সংযোগ প্ৰদান কৰিব যিয়ে দেশৰ উত্তৰ আৰু দক্ষিণ অংশলৈ ইয়াৰ বিতৰণত অধিক সহায় কৰিব।

কৃষিজাত সামগ্ৰী, সাৰ, ‘কণ্টেইনাৰ’, লৌহ আকৰিক, তীখা, চিমেণ্ট, ‘পিঅ’এল’ আদিৰ দৰে সামগ্ৰী পৰিবহনৰ বাবে ই হৈছে এক অত্যাৱশ্যকীয় পথ। সামৰ্থ্য বৰ্দ্ধন সম্পৰ্কীয় কামৰ ফলত প্ৰায় ২৬ এমটিপিএ (বছৰি নিযুত টন) পৰিমাণৰ অতিৰিক্ত মালবাহী যাতায়ত সম্ভৱ হ'ব। ৰে'লৱে পৰিৱেশ অনুকূল আৰু শক্তি দক্ষ পৰিবহন পদ্ধতি হোৱাৰ ফলত জলবায়ু লক্ষ্য প্ৰাপ্ত কৰা আৰু দেশৰ ল’জিষ্টিক ব্যয় হ্ৰাস কৰা, তেলৰ আমদানি (১৮ কোটি লিটাৰ) হ্ৰাস কৰা আৰু ৫.৫ কোটি গছ ৰোপণৰ সমান ‘কাৰ্বন ডাই অক্সাইড’ৰ নিৰ্গমন (১৩৮ কোটি কিলোগ্ৰাম) হ্ৰাস কৰাত সহায় কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India develops first indigenous expendable turbo jet engine in 350 kg thrust class

Media Coverage

India develops first indigenous expendable turbo jet engine in 350 kg thrust class
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 জুলাই 2026
July 27, 2026

Viksit Bharat in Motion: Indigenous Warships, Deepwater Energy, Transparent Exams & Cultural Revival