প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ফছফেটিক আৰু পটাছিক (P&K) সাৰৰ ক্ষেত্ৰত ৰবি ঋতু, ২০২৩-২৪ (০১-১০-২০২৩ ৰপৰা ৩১-০৩-২০২৪লৈ)ৰ বাবে পুষ্টিভিত্তিক ৰাজসাহায্য (NBS) হাৰ নিৰ্ধাৰণৰ অৰ্থে সাৰ বিভাগৰ প্ৰস্তাৱত অনুমোদন জনাইছে।

 

বৰ্ষ

টকা/প্ৰতি কিলোগ্ৰাম

ৰবি, ২০২৩-২৪

(০১-১০-২০২৩ ৰপৰা ৩১-০৩-২০২৪লৈ)

এন (N)

পি (P)

কে (K)

এছ (S)

৪৭.০২

২০.৮২

২.৩৮

১.৮৯

 

আগন্তুক ৰবি ঋতু, ২০২৩-২৪ত এনবিএছত ২২,৩০৩ কোটি টকা ব্যয়ৰ সম্ভাৱনা আছে।

এই পিএণ্ডকে সাৰৰ সুলভ মূল্যত কৃষকসকলৰ সহজ উপলব্ধতা নিশ্চিতকৰণৰ অৰ্থে ৰবি, ২০২৩-২৪ (০১-১০-২০২৩ ৰপৰা ৩১-০৩-২০২৪লৈ প্ৰযোজ্য)ত অনুমোদিত হাৰৰ ভিত্তিত সাৰসমূহত ৰাজসাহায্য প্ৰদান কৰা হ’ব।

লাভা-লাভঃ

  1. ৰাজসাহায্যযুক্ত, সুলভ আৰু যুক্তিসংগত মূল্যত কৃষকলৈ সাৰৰ উপলব্ধতা নিশ্চিতকৰণ।

  2. সাৰ আৰু ইনপুটৰ আন্তঃৰাষ্ট্ৰীয় মূল্যৰ শেহতীয়া প্ৰৱণতাসমূহৰ প্ৰতি লক্ষ্য ৰাখি পিএণ্ডকে সাৰত ৰাজসাহায্যৰ যুক্তিসংগতকৰণ।

 

পটভূমিঃ

চৰকাৰে সাৰ উৎপাদনকাৰী/আমদানিকাৰীৰ জৰিয়তে কৃষকক ৰাজসাহায্যযুক্ত মূল্যত ২৫ গ্ৰেডৰ পিএণ্ডকে সাৰ উপলব্ধ কৰি তুলিছে। পিএণ্ডকে সাৰত এই ৰাজসাহায্য ০১-০৪-২০১০ ৰপৰা কাৰ্য্যকৰী হোৱা এনবিএছ আঁচনিৰদ্বাৰা আগবঢ়োৱা হৈছে। কৃষক অনুকূল পন্থা অনুসৰি, চৰকাৰ কৃষকসকলৰ বাবে সুলভ মূল্যত পিএণ্ডকে সাৰ উপলব্ধ হোৱাটো নিশ্চিতকৰণৰ অৰ্থে অংগীকাৰবদ্ধ। সাৰ আৰু ইনপুট অৰ্থাৎ ইউৰিয়া, ডিএপি, এমঅ’পি আৰু চালফাৰৰ আন্তঃৰাষ্ট্ৰীয় মূল্যৰ শেহতীয়া প্ৰৱণতাসমূহৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ফছফেটিক আৰু পটাছিক (P&K) সাৰত ০১-১০-২৩ ৰপৰা ৩১-০৩-২৪লৈ কাৰ্য্যকৰী হোৱাকৈ ৰবি, ২০২৩-২৪ৰ বাবে এনবিএছ হাৰত অনুমোদন জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অনুমোদিত আৰু অধিসূচিত হাৰ অনুসৰি সাৰ কোম্পানীসমূহক এই ৰাজসাহায্য প্ৰদান কৰা হ’ব যাতে কৃষকসকললৈ সুলভ মূল্যত সাৰ উপলব্ধ হয়। 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Commendable performance of India’s marine exports amid uncertain times

Media Coverage

Commendable performance of India’s marine exports amid uncertain times
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 2 মে’ 2026
May 02, 2026

Viksit Bharat Unfolding: PM Modi Delivers Jobs, Clean Energy, Digital Justice & Economic Firepower