প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি ২০২৫-২০২৬ৰ বাবে ১৬০০ কোটি টকা প্ৰাৰম্ভিক মুঠ ব্যয় সাপেক্ষে প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনা (PMKSY)-ৰ উপ-আঁচনি হিচাপে কমাণ্ড এৰিয়া উন্নয়ন আৰু জল ব্যৱস্থাপনাৰ আধুনিকীকৰণ (M-CADWM)ত অনুমোদন জনায়।

এই আঁচনিৰ লক্ষ্য হৈছে জলসিঞ্চন পানী যোগান নেটৱৰ্কৰ আধুনিকীকৰণেৰে বৰ্তমানৰ খাল বা আন-আন উৎসৰপৰা নিৰ্দিষ্ট ক্লাষ্টাৰত জলসিঞ্চনৰ পানী যোগান ধৰা। ই মাটিৰ তলেদি চাপযুক্ত পাইপ জলসিঞ্চনেৰে প্ৰতিষ্ঠিত উৎসৰ পৰা ১ হেক্টৰ পৰ্য্যন্ত ফাৰ্ম গেটলৈকে ক্ষুদ্ৰ-জলসিঞ্চনৰ বাবে ব্যাপক বেকএণ্ড আন্তঃগাঁথনি গঢ়ি তুলিব। এছচিএডিএ, ইন্টাৰনেট অৱ থিংগছ প্ৰযুক্তিৰ ব্যৱহাৰেৰে পানীৰ হিচাপ আৰু পানী ব্যৱস্থাপনাক ফলপ্ৰসূ কৰি তোলা হ’ব। ইয়াৰ ফলত ফাৰ্ম পৰ্য্যায়ত পানী ব্যৱহাৰৰ দক্ষতা (WUE)ৰ বৰ্ধন ঘটিব, কৃষি উৎপাদন আৰু উৎপাদনশীলতা বৃদ্ধি পাব তথা কৃষকৰ আয় বৃদ্ধি হ’ব।

জলসিঞ্চনৰ সম্পত্তিৰ ব্যৱস্থাপনাৰ বাবে জল ব্যৱহাৰকাৰী সংস্থা (WUS)লৈ জলসিঞ্চন ব্যৱস্থাপনা স্থানান্তৰ (IMT)ৰ জৰিয়তে এই প্ৰকল্পসমূহক বহনক্ষম কৰি তোলা হ’ব। পানী ব্যৱহাৰকাৰী সমিতিসমূহক পাঁচ বছৰৰ বাবে এফপিঅ’ বা পেকছ-ৰ দৰে বৰ্তমানৰ অৰ্থনৈতিক ব্যৱস্থাৰ সৈতে সংযোগৰ অৰ্থে সহায় আগবঢ়োৱা হ’ব। ইয়াৰ পৰিপ্ৰেক্ষিতত কৃষি-কাৰ্য্যত জলসিঞ্চনৰ আধুনিক পদ্ধতিৰ অভিযোজনা কৰিবলৈ যুৱ সমাজো আকৰ্ষিত হ’ব।

দেশৰ ভিন্ন কৃষি জলবায়ু মণ্ডলত পাইলট প্ৰকল্প গ্ৰহণৰ বাবে উক্ত প্ৰাৰম্ভিক অনুমোদন জনোৱা হৈছে। এই প্ৰকল্পসমূহৰ ডিজাইন আৰু গঠনত শিক্ষণৰ ভিত্তিত ১৬ সংখ্যক বিত্ত আয়োগৰ সময়ছোৱাৰ বাবে ২০২৬-ৰ এপ্ৰিলৰ পৰা কমাণ্ড এৰিয়া উন্নয়ন আৰু জল ব্যৱস্থাপনাৰ অৰ্থে ৰাষ্ট্ৰীয় পৰিকল্পনা আৰম্ভ কৰা হ’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Mapping the subsurface: How ICAR’s ‘Soil Intelligence’ is reshaping India’s mega infrastructure boom

Media Coverage

Mapping the subsurface: How ICAR’s ‘Soil Intelligence’ is reshaping India’s mega infrastructure boom
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
আচাৰ্য বিনোবা ভাৱেক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
September 11, 2026

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আচাৰ্য বিনোবা ভাৱেক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আচাৰ্য বিনোবা ভাৱেৰ ‘জয় জগত’ৰ উজ্জীৱিত আহ্বানে প্ৰতিটো সীমা অতিক্ৰম কৰিছিল আৰু মানৱতাক সৰ্বোপৰি স্থান দিছিল।

শ্ৰী মোদীয়ে কয় যে বিভিন্ন প্ৰচেষ্টাৰ জৰিয়তে আচাৰ্য বিনোবা ভাৱে সকলোৰে কল্যাণ আৰু সবলীকৰণৰ দিশত কাম কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে সমতা, মৰ্যাদা আৰু সেৱাৰ ওপৰত তেওঁৰ অটল বিশ্বাসে আটাইতকৈ প্রান্তীয় লোকসকলকো শক্তি প্ৰদান কৰিছিল।

শ্ৰী মোদীয়ে এক্স-ত পোষ্ট কৰিছে;

‘আচাৰ্য্য বিনোবা ভাৱেক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো।

তেওঁৰ ‘জয় জগত’ আহ্বানে প্ৰতিটো সীমা অতিক্ৰম কৰিছিল আৰু মানৱতাক সৰ্বোপৰি স্থান দিছিল।

বিভিন্ন প্ৰচেষ্টাৰ জৰিয়তে তেওঁ সকলোৰে কল্যাণ আৰু সবলীকৰণৰ দিশত কাম কৰিছিল। সমতা, মৰ্যাদা আৰু সেৱাৰ ওপৰত তেওঁৰ অটল বিশ্বাসে আটাইতকৈ প্রান্তীয় লোকসকলকো শক্তি প্ৰদান কৰিছিল।’