প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাৰ অৰ্থনৈতিক বিষয়ক কেবিনেট কমিটিয়ে ২০২৪-২৫ বিপণন বৰ্ষৰ বাবে সকলো বাধ্যতামূলক ৰবি শস্যৰ ন্যূনতম সমৰ্থন মূল্য (এমএছপি) বৃদ্ধিত অনুমোদন জনাইছে।

চৰকাৰে ২০২৪-২৫ বৰ্ষৰ বিপণন বৰ্ষৰ বাবে ৰবি শস্যৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধি কৰিছে, যাতে উৎপাদকসকলক তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ লাভজনক মূল্য নিশ্চিত কৰিব পৰা যায়। ন্যূনতম সমৰ্থন মূল্যৰ সৰ্বাধিক বৃদ্ধি মচুৰ দাইলৰ বাবে প্ৰতি কুইন্টলত ৪২৫ টকা হোৱাৰ বিপৰীতে ৰেপচিড আৰু সৰিয়হৰ বাবে প্ৰতি কুইন্টলত ২০০ টকাত অনুমোদন জনোৱা হৈছে। ঘেঁহু আৰু বেলিফুলৰ বাবে প্ৰতি কুইন্টলত ১৫০ টকা বৃদ্ধি অনুমোদন জনোৱা হৈছে। বাৰ্লি আৰু বুটৰ বাবে প্ৰতি কুইন্টলত ক্ৰমে ১১৫ টকা আৰু ১০৫ টকা বৃদ্ধি অনুমোদন জনোৱা হৈছে।

Minimum Support Prices for all Rabi crops for Marketing Season 2024-25

২০২৪-২৫ বিপণন বৰ্ষৰ বাবে সকলো ৰবি শস্যৰ বাবে ন্যূনতম সমৰ্থন মূল্য

(প্ৰতি কুইণ্টলত)

ক্ৰমিক নং

শস্য

এমএছপি

আৰএমএছ

২০১৪-১৫

এমএছপি

আৰএমএছ ২০২৩-২৪

এমএছপি

আৰএমএছ ২০২৪-২৫

উত্পাদন মূল্য আৰএমএছ ২০২৪-২৫

এমএছপি বৃদ্ধি

ব্যয়ৰ  বিপৰীতে লাভ (শতাংশ হাৰত)

ঘেঁহু

১৪০০

২১২৫

২২৭৫

১১২৮

১৫০

১০২

বাৰ্লি

১১০০

১৭৩৫

১৮৫০

১১৫৮

১১৫

৬০

বুট

৩১০০

৫৩৩৫

৫৪৪০

৩৪০০

১০৫

৬০

মচুৰ দাইল

২৯৫০

৬০০০

৬৪২৫

৩৪০৫

৪২৫

৮৯

ৰেপচিড আৰু সৰিয়হ

৩০৫০

৫৪৫০

৫৬৫০

২৮৫৫

২০০

৯৮

বেলিফুল

৩০০০

৫৬৫০

৫৮০০

৩৮০৭

১৫০

৫২

*ব্যয়ৰ অৰ্থ হৈছে সকলো পৰিশোধিত ব্যয় যেনে ভাড়াত অনা শ্ৰমিকগোধন/যন্ত্ৰপাতিলীজত দিয়া ভূমিবীজসাৰসাৰজলসিঞ্চন মাচুলকাৰ্যকৰী মূলধনৰ ওপৰত মূল্যহ্ৰাসপাম্প ছেট পৰিচালনাৰ বাবে ডিজেল/বিদ্যুত আদিৰ দৰে সামগ্ৰীৰ ইনপুট ব্যৱহাৰৰ বাবে হোৱা ব্যয়। অন্যান্য ব্যয় আৰু পাৰিবাৰিক শ্ৰমৰ মূল্য।

২০১৮-১৯ বৰ্ষৰ কেন্দ্ৰীয় বাজেটৰ সৈতে সামঞ্জস্য ৰাখি সৰ্বভাৰতীয় ওজনযুক্ত উৎপাদন ব্যয়ৰ কমেও ১.৫ গুণ হাৰত ২০২৪-২৫ বিপণন বৰ্ষত বাধ্যতামূলক ৰবি শস্যৰ বাবে ন্যূনতম সমৰ্থন মূল্য বৃদ্ধি হৈছে। সৰ্বভাৰতীয় ওজনযুক্ত গড় উৎপাদন ব্যয় ঘেঁহুৰ বাবে ১০২ শতাংশ আৰু ৰেপচিড আৰু সৰিয়হৰ বাবে ৯৮ শতাংশ; মচুৰ দাইলৰ বাবে ৮৯ শতাংশ; বুটৰ বাবে ৬০ শতাংশ; বাৰ্লিৰ বাবে ৬০ শতাংশ; আৰু বেলিফুলৰ বাবে ৫২ শতাংশ ধাৰ্য কৰা হৈছে। ৰবি শস্যৰ এই বৰ্ধিত ন্যূনতম সমৰ্থন মূল্যই কৃষকসকলৰ বাবে লাভজনক মূল্য সুনিশ্চিত কৰিব আৰু শস্যৰ বৈচিত্ৰ্যকৰণক উৎসাহিত কৰিব।

চৰকাৰে খাদ্য সুৰক্ষা বৃদ্ধি, কৃষকৰ উপাৰ্জন বৃদ্ধি আৰু আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ বাবে তৈলবীজ, মাহজাতীয় শস্য আৰু শ্ৰী আন্না/বাজৰাৰ দিশত শস্যৰ বিবিধকৰণত উদগণি যোগই আহিছে। মূল্য নীতিৰ উপৰিও, চৰকাৰে কৃষকসকলক তৈলবীজ আৰু মাহজাতীয় শস্যৰ খেতি কৰিবলৈ উৎসাহিত কৰাৰ বাবে বিত্তীয় সাহায্য প্ৰদানৰ উদ্দেশ্যৰে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা মিছন (এনএফএছএম), প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনা (পিএমকেএছৱাই), আৰু তৈলবীজ আৰু তেল পামৰ ৰাষ্ট্ৰীয় মিছন (এনএমঅ'ওপি)ৰ দৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।

তদুপৰি, কিষাণ ক্ৰেডিট কাৰ্ড (কেচিচি) আঁচনিৰ লাভালাভ সমগ্ৰ দেশৰ প্ৰতিগৰাকী কৃষকলৈ সম্প্ৰসাৰিত কৰিবলৈ চৰকাৰে কৃষকসকলক তেওঁলোকৰ শস্য সম্পৰ্কীয় সিদ্ধান্ত সময়মতে লোৱাৰ বাবে সময়োপযোগী আৰু সঠিক বতৰৰ তথ্য প্ৰদান কৰাৰ লক্ষ্যৰে কিষাণ ঋণ পৰ্টেল (কেআৰপি), কিষাণ ক্ৰেডিট কাৰ্ড, ঘৰ ঘৰ অভিযান আৰু বতৰ তথ্য নেটৱৰ্ক ডাটা চিষ্টেম (ৱিণ্ডছ) মুকলি কৰিছে। এই পদক্ষেপসমূহৰ উদ্দেশ্য হৈছে কৃষিখণ্ডত বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰা, বিত্তীয় অন্তৰ্ভুক্তি বৃদ্ধি কৰা, তথ্য ব্যৱহাৰ অনুকূলিত কৰা আৰু সমগ্ৰ দেশৰ কৃষকসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰা।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Pyaaz Khaate Hai, Dimaag Nahi': PM Modi's Jhalmuri Video Breaks The Internet With 100M+ Views

Media Coverage

Pyaaz Khaate Hai, Dimaag Nahi': PM Modi's Jhalmuri Video Breaks The Internet With 100M+ Views
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays homage to Adi Shankaracharya
April 21, 2026

The Prime Minister, Shri Narendra Modi, paid tributes to one of India’s greatest spiritual luminaries, Adi Shankaracharya, on his Jayanti today. Shri Modi remarked that his profound teachings, thoughts and philosophy of Advaita Vedanta continue to guide innumerable people globally. And his efforts to revitalise spiritual thought and establish spiritual centres across the nation remain a lasting inspiration."May his wisdom continue to illuminate our path and strengthen our commitment to truth, compassion and collective well-being", Shri Modi added.

The Prime Minister posted on X:

"On the sacred occasion of Adi Shankaracharya Jayanti, paying homage to one of India’s greatest spiritual luminaries. His profound teachings, thoughts and philosophy of Advaita Vedanta continue to guide innumerable people globally. He emphasised harmony, discipline and the oneness of all existence. His efforts to revitalise spiritual thought and establish spiritual centres across the nation remain a lasting inspiration. May his wisdom continue to illuminate our path and strengthen our commitment to truth, compassion and collective well-being."