প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সভাপতিত্বত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে আজি ‘ভাৰতীয় চাৰ্টাৰ্ড একাউণ্টেণ্ট প্ৰতিষ্ঠান’ (আইচিএআই) আৰু ‘মালদ্বীপৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট’(চিএ মালদিভছ)ৰ মাজত সম্পাদিত বুজাবুজিৰ চুক্তিখনলৈ অনুমোদন জনাইছে।

বিৱৰণ:

‘আইচিএআই’ আৰু ‘চিএ মালদিভছ’-য়ে সম্পাদন কৰা বুজাবুজিৰ চুক্তিখনৰ জৰিয়তে গণনা সম্পৰ্কীয় জ্ঞান, পেছাদাৰী আৰু বৌদ্ধিক বিকাশৰ উন্নতিৰ বাবে পাৰস্পৰিক সহযোগিতা স্থাপন কৰা, তেওঁলোকৰ সম্ভাৱ্য সদস্যসকলৰ আগ্ৰহ আগবঢ়োৱা আৰু মালদ্বীপ আৰু ভাৰতত ‘একাউণ্টেন্সী’ বৃত্তিৰ বিকাশত সম্ভাৱ্য অৰিহণা যোগোৱাৰ লক্ষ্য সাৰোগত কৰা হৈছে।

প্ৰভাৱ:

‘চিএ মালদ্বীপ’ক সহায় কৰাৰ উপৰিও এই বুজাবুজি চুক্তিয়ে ‘আইচিএআই’ৰ সদস্যসকলৰ চমুৰ পৰা দীৰ্ঘম্যাদী ভৱিষ্যতৰ বাবে মালদ্বীপত পেছাদাৰী সুযোগ লাভ কৰাৰ সম্ভাৱনাক অতিৰিক্ত গতি প্ৰদান কৰিব। এই বুজাবুজি চুক্তিৰ দ্বাৰা, ‘আইচিএআই’য়ে ‘একাউণ্টেন্সী’ বৃত্তিত সেৱাৰ ৰপ্তানি প্ৰদান কৰি মালদ্বীপৰ সৈতে সহযোগিতা শক্তিশালী কৰাত সহায় কৰিব পাৰিব, ‘আইচিএআই’-ৰ সদস্যসকল সমগ্ৰ দেশৰ বিভিন্ন সংগঠনত মধ্যমৰ পৰা শীৰ্ষ পৰ্যায়ৰ পদত অধিষ্ঠিত হৈ আছে আৰু এখন দেশৰ সংশ্লিষ্ট সংগঠনৰ সিদ্ধান্ত/নীতি নিৰ্ধাৰণ ৰণনীতি প্ৰভাৱিত কৰিব পাৰে।

লাভালাভসমূহ:

চুক্তিখনে ‘আইচিএআই’-ৰ সদস্যসকলক তেওঁলোকৰ পেছাদাৰী দিগন্ত সম্প্ৰসাৰিত কৰাৰ আৰু স্থানীয় নাগৰিকসকলৰ সামৰ্থ্য বৰ্দ্ধনত সহায় কৰিবলৈ ‘আইচিএআই’ক গতি প্ৰদান কৰিব। চুক্তিখনে ভাৰত আৰু মালদ্বীপৰ মাজত শক্তিশালী কাৰ্যকৰী সম্পৰ্ক গঢ়ি তুলিব। চুক্তিখনে দুয়োটা মূৰত পেছাদাৰসকলৰ গতিশীলতা বৃদ্ধিৰ লগতে বিশ্ব ব্যৱসায়ৰ বাবে এক নতুন মাত্ৰাৰ সূচনা কৰিব। 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India among Asia-Pacific's most AI-ready healthcare markets: Report

Media Coverage

India among Asia-Pacific's most AI-ready healthcare markets: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi arrives in Paris
June 18, 2026

PM Modi arrived in Paris, France, to a warm welcome by the Indian diaspora.

During the visit, PM Modi will attend the VivaTech 2026 alongside President Macron. India will have the largest national pavilion at this edition, a fitting symbol of the enormous potential for partnership between Indian and European innovation ecosystems. The PM will also meet the members of the vibrant Indian community in Paris.