প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি টেলিকম খণ্ডটোত বহুসংখ্যক গাঁথনিগত আৰু প্ৰক্ৰিয়ামূলক সংস্কাৰত অনুমোদন জনাইছে। এই সংস্কাৰৰাজিয়ে নিয়োগৰ সুযোগ সুৰক্ষিতকৰণ আৰু নিয়োগ সৃষ্টিত সহায় কৰিব। এই সংস্কাৰে সুস্থ প্ৰতিযোগিতালৈ উৎসাহ যোগাব যাৰ ফলত উপভোক্তাৰ স্বাৰ্থ সুৰক্ষিত হ’ব। ই লগতে লিকুইডিটিৰ সঞ্চাৰ, বিনিয়োগক উৎসাহ যোগোৱাৰ লগতে আৰু টেলিকম সেৱা প্ৰদানকাৰী (TSP) ৰ নিয়ামক বোজা লাঘৱ কৰিব বুলি আশা কৰা হৈছে।

ক’ভিড-১৯ ৰ প্ৰত্যাহ্বানৰাজিৰে মোকাবিলাত টেলিকম খণ্ডটোৱে উৎকৃষ্ট প্ৰদৰ্শন কৰিছিল। এই সময়ছোৱাত ডাটাৰ ব্যৱহাৰ বৃদ্ধি পালে, অনলাইন শিক্ষাৰ প্ৰসাৰ হ’ল, ৱৰ্ক ফ্ৰম হ’ম, সামাজিক মাধ্যম, ভাৰ্চুৱেল মিটিং ইত্যাদিৰ জৰিয়তে পাৰস্পৰিক সংযোগ বৃদ্ধি পালে। গতিকে এই পৰিপ্ৰেক্ষিতত, এই সংস্কাৰ ব্যৱস্থাই ব্ৰডবেণ্ড আৰু টেলিকম সংযোগৰ প্ৰসাৰত অধিক উদ্দীপনা যোগাব। কেবিনেটৰ এই সিদ্ধান্তই প্ৰধানমন্ত্ৰীগৰাকীৰ এটি বলিষ্ঠ টেলিকম খণ্ডৰ ভিশ্যনক শক্তিশালী কৰিছে। প্ৰতিযোগিতা বৃদ্ধিৰে উপভোক্তাক অধিক বিকল্পৰ সুবিধা প্ৰদান কৰাৰ লগতে, ই সৰ্বাংগীন উন্নয়নৰ অৰ্থে অন্ত্যোদয়াৰ সপোন সফল কৰিব আৰু প্ৰত্যন্ত অঞ্চলসমূহক মুখ্যধাৰালৈ অনা আৰু সংযোগবিহীনসকলক সংযোগ কৰিবলৈ সৰ্বজনীন ব্ৰডবেণ্ড সুগম কৰিব। এই পেকেজে তদুপৰি ৪জিৰ প্ৰসাৰ, লিকুইডিটিৰ সঞ্চাৰত উদ্দীপনা যোগান আৰু ৫জি নেটৱৰ্কসমূহত বিনিয়োগৰ অৰ্থে এটি উপযোগী পৰিবেশ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।

টেলিকম সেৱা প্ৰদানকাৰীৰ অৰ্থে নটা গাঁথনিগত সংস্কাৰ আৰু পাঁচটা প্ৰক্ৰিয়াগত সংস্কাৰ তথা সাহায্য ব্যৱস্থা তলত উল্লেখ কৰা হ’লঃ

গাঁথনিগত সংস্কাৰৰাজি

1.       সমন্বিত মুঠ ৰাজহৰ যুক্তিসংগতকৰণঃ এজিআৰৰ সংজ্ঞাৰপৰা সম্ভাৱ্য ভিত্তিত অনা-টেলিকম ৰাজহ বাদ পৰিব।

2.       বেংক জামিন (BG) যুক্তিসংগতকৰণঃ অনুজ্ঞা ব্যয় (LF) আৰু আন সমজাতীয় শুল্কৰ বিপৰীতে বিজি প্ৰয়োজনীয়তাৰ বৃহৎ হ্ৰাস (৮০%)। দেশখনৰ ভিন্ন অনুজ্ঞাপ্ৰাপ্ত পৰিসেৱা এলেকা (LSA) মণ্ডলত একাধিক বিজিৰ প্ৰয়োজনীয়তা নাই। বিপৰীতে, এক বিজিয়েই যথেষ্ট হ’ব।

3.       সুতৰ হাৰ যুক্তিসংগতকৰণ / ক্ষতিপূৰণ অপসাৰণঃ ২০২১ ৰ ১ অক্টোবৰৰপৰা, অনুজ্ঞা ব্যয় (LF) ৰ বিলম্বিত পৰিশোধ / স্পেকট্ৰাম ইউজেচ চাৰ্জ (SUC) এ এমচিএলআৰ প্লাছ ৪% ৰ বিপৰীতে এছবিআইৰ এমচিএলআৰ প্লাছ ২% সুতৰ হাৰ প্ৰলুব্ধ কৰিব। মাহিলীৰ পৰিৱৰ্তে বাৰ্ষিকভাৱে সুত মিশ্ৰিত হৈছে; ক্ষতিপূৰণ আৰু ক্ষতিপূৰণত সুত অপসাৰণ কৰা হৈছে।

4.       এতিয়াৰেপৰা নিলামৰ অৰ্থে, কিস্তি পৰিশোধ সুৰক্ষিতকৰণৰ অৰ্থে বিজিৰ প্ৰয়োজন নহ’ব। উদ্যোগ পৰিপক্ক হোৱা আৰু বিজিৰ পূৰ্ব পন্থা আৰু প্ৰয়োজনীয় নহ’ব।

5.       স্পেকট্ৰাম কাৰ্য্যকালঃ ভৱিষ্যতে নিলামৰ ক্ষেত্ৰত, স্পেকট্ৰামৰ কাৰ্য্যকাল ২০ ৰপৰা ৩০ বছৰলৈ বৃদ্ধি কৰা হৈছে।

6.       ভৱিষ্যতে নিলামসমূহৰ বাবে অধিগত স্পেকট্ৰামৰ ক্ষেত্ৰত ১০ বছৰৰ পাছত স্পেকট্ৰামৰ সমৰ্পণৰ অনুমতি প্ৰদান কৰা হ’ব।

7.       ভৱিষ্যতে স্পেকট্ৰাম নিলামসমূহত অধিগত স্পেকট্ৰামৰ ক্ষেত্ৰত স্পেকট্ৰাম ইউজেচ চাৰ্জ (SUC) নাই।

8.       স্পেকট্ৰাম শ্বেয়াৰিঙক উৎসাহিত কৰা হৈছে – স্পেকট্ৰাম শ্বেয়াৰিং অপসাৰণৰ ক্ষেত্ৰত ০.৫% অতিৰিক্ত এছইউচি।

9.       বিনিয়োগক উৎসাহিত কৰিবলৈ, টেলিকম খণ্ডত অনুমোদিত অট’মেটিক ৰুটৰ অধীনত ১০০% প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ (FDI)। সকলো ৰক্ষাকৱচ প্ৰযোজ্য হ’ব।

পদ্ধতিগত সংস্কাৰৰাজি

1.       নিলাম কেলেণ্ডাৰ নিৰ্ধাৰণ – প্ৰতিটো বিত্তীয় বৰ্ষৰ অন্তিম ত্ৰৈমাসিকটোত স্পেকট্ৰাম নিলামসমূহ সাধাৰণতে অনুষ্ঠিত হ’ব।

2.       ইজ অৱ ডুয়িং বিজনেছক প্ৰোৎসাহিত কৰা হৈছে – ৱাৰলেছ সা-সৰঞ্জামৰ অৰ্থে ১৯৫৩ শুল্ক অধিসূচনাৰ অধীনত অনুজ্ঞাৰ কষ্টকৰ প্ৰয়োজনীয়তা অপসাৰণ কৰা হৈছে। ইয়াৰ ঠাইত স্ব-ঘোষণা প্ৰৱৰ্তন কৰা হৈছে।

3.       ন’ ইয়’ৰ কাষ্টমাৰ (KYC) সংস্কাৰঃ স্ব - কেৱাইচি (এপ আধাৰিত) ৰ অনুমোদন জনোৱা হৈছে। ই – কেৱাইচি দৰ মাত্ৰ এটকালৈ সংশোধিত কৰা হৈছে। প্ৰিপেইডৰপৰা প’ষ্ট-পেইডলৈ স্থানান্তৰ বা প’ষ্ট-পেইডৰপৰা প্ৰিপেইডলৈ স্থানান্তৰৰ ক্ষেত্ৰত নতুন কেৱাইচিৰ প্ৰয়োজনীয়তা নাই।

4.       পেপাৰ কাষ্টমাৰ একুইজিশ্যন ফৰ্ম (CAF) ৰ ঠাইত ডাটাৰ ডিজিটেল ষ্ট’ৰেজ প্ৰতিস্থাপন কৰা হ’ব। টিএছপিসমূহৰ ভিন্ন ৱেৰহাউছত পৰি ৰোৱা প্ৰায় ৩০০-৪০০ কোটি পেপাৰ চিএএফ প্ৰয়োজনীয় নহ’ব। চিএএফৰ ৱেৰহাউছ অ’ডিটৰ প্ৰয়োজন নহ’ব।

5.       টেলিকম টাৱাৰসমূহৰ অৰ্থে এছএচিএফএ ক্লিয়াৰেন্স সহজ কৰা হৈছে। স্ব-ঘোষণা ধৰণ আধাৰিত এটি পৰ্টেলত ডিঅ’টিয়ে ডাটা গ্ৰহণ কৰিব। আন সংস্থাসমূহ (অসামৰিক বিমান পৰিবহণ) ৰ পৰ্টেলসমূহ ডিঅ’টি পৰ্টেলৰ সৈতে সংযুক্ত কৰা হ’ব।

টেলিকম সেৱা প্ৰদানকাৰীৰ লিকুইডিটি প্ৰয়োজনীয়তালৈ সঁহাৰি

সকলো টেলিকম সেৱা প্ৰদানকাৰী (TSP) ৰ অৰ্থে কেবিনেটে নিম্ন উল্লেখিত প্ৰসংগসমূহত অনুমোদন জনালেঃ

1.       পৰিশোধ কৰিবলগীয়া ৰাশিৰ নেট প্ৰেজেন্ট ভেল্যু (NPV) সুৰক্ষিতকৰণৰদ্বাৰা এজিআৰ সিদ্ধান্তৰপৰা উদ্ভূত মাচুলৰ বাৰ্ষিক পৰিশোধৰ চাৰি বছৰ পৰ্য্যন্ত মৰেটৰিয়াম/ স্থগন, সুৰক্ষিত কৰা হৈছে।

2.       সুতৰ হাৰত এনপিভি সুৰক্ষিতকৰণেৰে চাৰি বছৰ পৰ্য্যন্ত পূৰ্বৰ নিলামসমূহত (২০২১ ৰ নিলামক বাদ দি) ক্ৰয় হোৱা স্পেকট্ৰামৰ পৰিশোধ কৰিবলগীয়া ৰাশিত মৰেটৰিয়াম/ স্থগন সংশ্লিষ্ট নিলামসমূহত নিৰ্ধাৰণ কৰা হৈছে।

3.       ইকুইটিৰ মাধ্যমেৰে উল্লেখিত পৰিশোধৰ বিলম্বৰ পৰিপ্ৰেক্ষিতত সৃষ্ট সুতৰ ৰাশি পৰিশোধৰ অৰ্থে টিএছপিলৈ বিকল্প।

4.       চৰকাৰখনৰ ক্ষেত্ৰত, মৰেটৰিয়াম/ স্থগনৰ সময়ছোৱাৰ শেষান্তত ইকুইটিৰ মাধ্যমেৰে উল্লেখিত পৰিশোধৰ বিলম্বৰ পৰিপ্ৰেক্ষিতত পৰিশোধ কৰিবলগীয়া ৰাশি ৰূপান্তৰৰ অৰ্থে, বিত্ত মন্ত্ৰালয়ে নীতি-নিৰ্দেশনা চূড়ান্ত কৰিব।

সকলো টিএছপিৰ অৰ্থে উল্লেখিত সংস্কাৰৰাজি প্ৰযোজ্য হ’ব আৰু লিকুইডিটি আৰু নগদ প্ৰৱাহ সহজ কৰি সকাহ প্ৰদান কৰিব। টেলিকম খণ্ডটোলৈ উল্লেখযোগ্য এক্সপ’জাৰ থকা ভিন্ন বেংকসমূহকো ই সহায় কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Sacred relics of Buddha from National Museum reach Ladakh as Leh marks Buddha Purnima

Media Coverage

Sacred relics of Buddha from National Museum reach Ladakh as Leh marks Buddha Purnima
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
উৎসাহ আৰু ইতিবাচক শক্তিয়ে কেনেদৰে সফলতা লাভ কৰে তাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীৰ এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ
April 30, 2026

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰে য'ত উল্লেখ কৰা হৈছে যে উৎসাহ আৰু ইতিবাচক শক্তিয়ে এজন ব্যক্তিক তেওঁলোকৰ কামত নিৰন্তৰ সক্ৰিয় হৈ থাকিবলৈ অনুপ্ৰাণিত কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই অটল উৎসাহে সেই সকলো প্ৰচেষ্টাক সফলতাৰ দিশে লৈ যায়, যিবোৰ এজন ব্যক্তিয়ে সম্পূৰ্ণ কৰাৰ সংকল্প লয়।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছেঃ

কঠোৰ পৰিশ্ৰমী আৰু উদ্যমী দেশবাসীসকল হৈছে দেশৰ আটাইতকৈ ডাঙৰ শক্তি, যাৰ কঠোৰ পৰিশ্ৰমে উন্নয়নৰ নতুন পথ প্ৰশস্ত কৰে। তেওঁলোকৰ প্ৰচেষ্টাত দেশখনে সমৃদ্ধি, আত্মনিৰ্ভৰশীলতা আৰু প্ৰগতিৰ শিখৰ স্পৰ্শ কৰে।

अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः।

करोति सफलं जन्तोः कर्म यच्च करोति सः॥"

উৎসাহ আৰু ইতিবাচক শক্তিয়ে এজন ব্যক্তিক তেওঁলোকৰ কৰ্মত নিৰন্তৰ সক্ৰিয় হৈ থাকিবলৈ অনুপ্ৰাণিত কৰে। এই অটল উৎসাহে সেই সকলো প্ৰচেষ্টাক সফলতাৰ দিশে লৈ যায় যাক এজন ব্যক্তিয়ে সম্পূৰ্ণ কৰাৰ সংকল্প লয়।