A new Centrally Sponsored Scheme with a special focus on the North east region and the Andaman and Nicobar Islands
A financial outlay of Rs.11,040 crore out of which Rs.8,844 crore is the share of Government of India
Focus on increasing area and productivity of oilseeds and Oil Palm
Assistance to seed gardens specially for North-East and Andaman regions
Price Assurance to Oil Palm farmers for Fresh Fruit Bunches

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত বীজৰ তেলৰ (পাম অইল) বাবে এক নতুন মিছনৰ আৰম্ভণিক মঞ্জুৰী দিয়া হৈছে, যাৰ নাম হৈছে ৰাষ্ট্ৰীয় খাদ্য তেল- পাম অইল মিছন (এনএমইঅ'-অ'পি)। ই কেন্দ্ৰৰ দ্বাৰা পৰিকল্পিত এটা নতুন যোজনা আৰু ইয়াৰ ফ'কাছ উত্তৰ-পূৰ্বাঞ্চল তথা আন্দামান আৰু নিকোবাৰ দ্বীপপুঞ্জ। খাদ্য তেলৰ নিৰ্ভৰতা বৃহৎ পৰিমাণৰ আমদানিৰ ওপৰত চলি আছে, সেয়ে এইটো আৱশ্যকীয় যে দেশতে খাদ্য তেলৰ উৎপাদনত গতি আনিব লাগে। ইয়াৰ বাবে পাম অইলৰ কৃষি ক্ষেত্ৰ আৰু উৎপাদন বৃদ্ধি কৰা দৰকাৰ।

 

এই যোজনাৰ বাবে ১১,০৪০ কোটি টকাৰ বিত্তীয় ব্যয় নিৰ্ধাৰণ কৰা হৈছে, যাৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে ৮,৮৪৪ কোটি টকা বহন কৰিব। ইয়াত ২,১৯৬ কোটি টকা ৰাজ্যসমূহে বহন কৰিব লাগিব। ইয়াত আয়তকৈ অধিক ব্যয় হোৱাৰ স্থিতিত উক্ত ঘাটিৰ পূৰণ কৰাৰো ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে।

 

এই যোজনাৰ জৰিয়তে, প্ৰস্তাৱ কৰা হৈছে যে ২০২৫-২৬ চনলৈকে পাম অইলৰ কৃষি ক্ষেত্ৰ ৬.৫ লাখ হেক্টৰ বৃদ্ধি কৰা হ'ব আৰু এনেকৈ ১০ লাখ হেক্টৰ কৃষি ক্ষেত্ৰৰ লক্ষ্য পূৰণ কৰা হ'ব। আশা কৰা হৈছে যে কেচা পাম অইল (চিপিঅ')ৰ উৎপাদন ২০২৫-২৬লৈকে ১১.২০ লাখ টন আৰু ২০২৯-৩০লৈকে ২৮ লাখ টন পৰ্যন্ত হ'বগৈ।

 

এই যোজনাৰ ফলত পাম অইলৰ কৃষকৰ যথেষ্ট লাভ হ'ব, পুঁজি বিনিয়োগ বৃদ্ধি পাব, কৰ্ম সংস্থাপন সৃষ্টি হ'ব, আমদানিৰ ওপৰত নিৰ্ভৰশীলতা কম হ'ব আৰু কৃষকৰ উপাৰ্জনো বৃদ্ধি পাব।

 

১৯৯১-৯২ বৰ্ষৰ পৰা ভাৰত চৰকাৰে তৈলবীজ আৰু পাম অইলৰ উৎপাদন বৃদ্ধি কৰাৰ অনেক প্ৰয়াস কৰিছিল। ২০১৪-১৫ বৰ্ষত ২৭৫ লাখ টন তৈলবীজৰ উৎপাদন হৈছিল, যি ২০২০-২১ বৰ্ষত বৃদ্ধি পাই ৩৬৫.৬৫ লাখ টন হয়গৈ। পাম অইলৰ উৎপাদনৰ ক্ষমতাৰ প্ৰতি লক্ষ্য ৰাখি ২০২০ বৰ্ষত ইণ্ডিয়ান ইনষ্টিটিউট অফ অইল পাম ৰিছাৰ্চ (আইআইঅ'পিআৰ)য়ে পাম অইলৰ খেতিৰ বাবে এটা বিশ্লেষণ কৰিছিল। তেওঁলোকে প্ৰায় ২১ লাখ হেক্টৰত পাম অইলৰ খেতিৰ বিষয়ে নিজৰ চিন্তা ব্যক্ত কৰিছিল। এইদৰে অইল পামৰ গছ ৰোপন কৰাৰ অপাৰ ক্ষমতা মজুত আছে, যাৰ আধাৰত কেচা পামৰ তেলৰ উৎপাদনো বৃদ্ধি কৰিব পৰা যায়। বৰ্তমান পাম অইলৰ খেতিৰ জৰিয়তে কেৱল ৩.৭০ লাখ হেক্টৰৰ কৃষি ক্ষেত্ৰহে আছে। অন্য তৈলবীজৰ তুলনাত প্ৰতি হেক্টৰৰ হিচাপত পাম অইলৰ উৎপাদন প্ৰতি হেক্টৰত ১০ৰ পৰা ৪৬গুণ অধিক হয়। তদুপৰি, এক হেক্টৰৰ ফচলৰ পৰা প্ৰায় চাৰি টন তেল ওলায়। এনেদৰে, ইয়াৰ খেতিত যথেষ্ট সম্ভাৱনা আছে।

 

ওপৰোক্ত বিষয়ৰ ওপৰত মনোযোগ দিয়াৰ লগতে এই তথ্যও চোৱা হয় যে আজিও প্ৰায় ৯৮% কেচা পাম অইল আমদানি কৰা হয়। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি যোজনা আৰম্ভ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে, যাতে দেশত পাম অইলৰ খেতিৰ ক্ষেত্ৰ আৰু উৎপাদন বৃদ্ধি কৰিব লাগে। প্ৰস্তাৱিত যোজনাত বৰ্তমানৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা মিছন-তেল পাম কাৰ্যক্ৰমক অন্তৰ্ভুক্ত কৰা হ'ব।

 

এই যোজনাত দুটা প্ৰধান ক্ষেত্ৰৰ ওপৰত বিশেষ মনোযোগ দিয়া হৈছে। পাম অইলৰ কৃষকে সতেজ ফলৰ থোপা (এফএফবি) প্ৰস্তুত কৰে, যাৰ বীজৰ পৰা তেল উদ্যোগে তেল উলিয়ায়। এই সময়ত এই এফএফবিৰ দাম চিপিঅ'ৰ আন্তঃৰাষ্ট্ৰীয় মূল্যৰ উত্থান-পতনৰ আধাৰত নিৰ্ধাৰণ হয়। প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে এই এফএফবিৰ দামৰ বাবে কৃষকক আশ্বাস দিছে। ইয়াক ব্যৱহাৰিক মূল্য (ভিপি) বোলা হ'ব, অৰ্থাৎ কৃষকৰ কোনো হানি হ'বলৈ দিয়া নহয়। ইয়াৰ জৰিয়তে চিপিঅ'ৰ আন্তঃৰাষ্ট্ৰীয় মূল্যৰ উত্থান-পতনৰ পৰা কৃষকৰ হিতক ৰক্ষা কৰা হ'ব। এই ব্যৱহাৰিক মূল্য যোৱা পাঁচ বছৰত বাৰ্ষিক গড় চিপিঅ' দামৰ আধাৰত হ'ব তথা পাইকাৰী মূল্য সূচকাংকত দিয়া পাম অইলৰ পৰিসংখ্যাই ১৪.৩%ৰ ব্যৱস্থা কৰা হ'ব। অৰ্থাৎ ব্যৱহাৰিক মূল্য এই দুয়োটা মিলাই নিৰ্ধাৰিত হ'ব। ইয়াক নিৰ্ধাৰণ কৰাৰ আৰম্ভণি ১ নৱেম্বৰৰ পৰা হ'ব আৰু অহা বছৰৰ ৩১ অক্টোবৰ পৰ্যন্ত জাৰি থাকিব, যাক 'পাম অইল বৰ্ষ' বোলা হয়। এই আশ্বাসত ভাৰতৰ পামৰ খেতি কৰা কৃষকৰ মাজত বিশ্বাস সৃষ্টি হ'ব আৰু তেওঁলোকে কৃষি ক্ষেত্ৰ বৃদ্ধি কৰিব। এনেদৰে পাম অইলৰ উৎপাদনো বৃদ্ধি পাব। ফৰ্মুলা মূল্য (এফপি)ও নিৰ্ধাৰিত কৰা হ'ব, যাৰ জৰিয়তে ক্ৰেতা-বিক্ৰেতাই আগতীয়াকৈ দামৰ ওপৰত সন্মত হ'ব। ই মাহৰ আধাৰত চিপিঅ'ৰ ১৪.৩% হ'ব। যদি আৱশ্যক হয় তেন্তে ব্যৱহাৰিক মূল্য বা ফৰ্মুলা মূল্যৰ আধাৰত আয়-ব্যয়ৰ মূল্যৰ পাৰ্থক্য পূৰণ কৰিব পৰা যাব, যাতে কৃষকৰ লোকচান নহয়। এই ধনৰাশি ডিবিটিৰ ৰূপত পোনপটীয়াকৈ কৃষকৰ একাউণ্টলৈ পঠিয়াই দিয়া হ'ব।

 

কৃষকক ব্যৱহাৰিক পাৰ্থক্য পূৰণৰ ৰূপত আশ্বাস দিয়া হৈছে। উদ্যোগে চিপিঅ' দামৰ ১৪.৩%ৰ যোগান ধৰিব, যি ১৫.৩%লৈকে বৃদ্ধি পাব পাৰে। যোজনাত এই ব্যৱস্থাও কৰা হৈছে যে এক নিশ্চিত সময়ৰ পিছত নিয়ম-কানুন নিজেনিজে সমাপ্ত হৈ যাব। ইয়াৰ তাৰিখ ১ নৱেম্বৰ, ২০৩৭লৈকে কৰা হৈছে। উত্তৰ-পূব আৰু আন্দামানত এই ক্ষেত্ৰত দ্ৰুততা আনিবলৈ কেন্দ্ৰীয় চৰকাৰে চিপিঅ'ৰ দুই শতাংশ লগ্নি অতিৰিক্ত ৰূপত বহন কৰিব, যাতে ইয়াৰ কৃষকে দেশৰ অন্যান্য ঠাইৰ কৃষকৰ সৈতে সমানে আয় কৰিব পাৰে। কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰস্তাৱিত পদ্ধতি প্ৰয়োগ কৰা ৰাজ্যসমূহে যোজনাত উল্লিখিত ব্যৱহাৰিক পাৰ্থক্য আহৰণৰ সুবিধা পাব। ইয়াৰ বাবে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ সৈতে বুজাবুজি চুক্তিত চহী কৰিব লাগিব।

 

যোজনাৰ আন এটা প্ৰধান পদক্ষেপ হৈছে, বিভিন্ন ধৰণৰ ভূমিকা আৰু কাৰ্যকলাপত দ্ৰুততা অনা। পামৰ খেতিৰ বাবে সহায়ৰ ক্ষেত্ৰত যথেষ্ট বৃদ্ধি কৰা হৈছে। আগতে প্ৰতি হেক্টৰত ১২ হাজাৰ টকা দিয়া হৈছিল, যাক বৃদ্ধি কৰি প্ৰতি হেক্টৰত ২৯ হাজাৰ টকা কৰা হৈছে। ইয়াৰ উপৰিও, তত্বাৱধান আৰু ফচলৰ সময়তো সহায় বৃদ্ধি কৰা হৈছে। পুৰণি বাগিছা আকৌ আৰম্ভ কৰিবলৈ প্ৰতিজোপা গছৰ হিচাপে ২৫০ টকাৰ বিশেষ সহায় দিয়া হৈছে, অৰ্থাৎ এজোপা গছ ৰোপন কৰিলে ২৫০ টকা পাব। দেশত বৃক্ষ ৰোপনৰ মান-সন্মান দূৰ কৰিবলৈ, বীজ উৎপাদন কৰা বাগিছাক সাহায্য দিয়া হ'ব। ইয়াৰ জৰিয়তে ভাৰতৰ অন্য ঠাইত ১৫ হেক্টৰৰ বাবে ৮০ লাখ টকালৈকে সাহায্য দিয়া হ'ব, য'ত উত্তৰ-পূৰ্বাঞ্চল তথা আন্দামান অঞ্চলত এই সাহায্যৰ ধনৰাশি ১৫ হেক্টৰত এক কোটি টকা নিৰ্দ্ধাৰিত কৰা হৈছে। ইয়াৰ উপৰিও ভাৰতৰ বাকী অংশত বীজৰ বাগিছাৰ বাবে ৪০ লাখ টকা আৰু উত্তৰ-পূব তথা আন্দামান অঞ্চলৰ বাবে ৫০ লাখ টকা ধাৰ্য কৰা হৈছে। উত্তৰ-পূব আৰু আন্দামানক বিশেষ সাহায্যৰো ব্যৱস্থা আছে, যাৰ জৰিয়তে পাহাৰত খলপীয়া অৰ্ধ চন্দ্ৰাকাৰ খেতি, বায়'-ফেন্সিং আৰু মাটিক কৃষিৰ উপযোগী কৰাৰ লগতে একত্ৰিত কৃষকৰ বাবে বন্দোৱস্তি কৰা হৈছে। উত্তৰ-পূবৰ ৰাজ্য আৰু আন্দামানৰ বাবে উদ্যোগসমূহক পুঁজি সাহায্য সন্দৰ্ভত পাঁচ মেট্ৰিক টন প্ৰতি ঘণ্টা হিচাপে পাঁচ কোটি টকাৰ ব্যৱস্থা কৰা হৈছে। ইয়াত এই কথাও লক্ষ্য কৰা হ'ব যে অমূক সময়ত কিমান কাম হ'ল আৰু সেই হিচাপত ক্ষমতা বঢ়োৱাৰ ব্যৱস্থাও অন্তৰ্ভুক্ত কৰা হৈছে। এই পদক্ষেপৰ ফলত এই ক্ষেত্ৰসমূহৰ প্ৰতি উদ্যোগ আকৰ্ষিত হ'ব।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
The Calcutta that once was, the city that can resume its journey again

Media Coverage

The Calcutta that once was, the city that can resume its journey again
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the valour and duty of the Indian Armed Forces
May 08, 2026

The Prime Minister, Shri Narendra Modi, said that the courage and valour of the Indian Armed Forces in protecting the honour and dignity of the nation make every citizen proud. He noted that their spirit of sacrificing everything for Mother India is a source of inspiration for all.

The Prime Minister shared a Sanskrit verse-

“स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि |
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ||”

The verse conveys that When one becomes aware of one’s duty, there should be no hesitation or fear of any kind in the mind, because the struggle undertaken to protect religion and honour on the altar of justice is the most excellent and most glorious path to self-welfare for a warrior.