‘আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা’ (এবি পিএম-জেএৱাই)ৰ অধীনত উপাৰ্জন নিৰ্বিশেষে ৭০ বছৰ বা তাতকৈ অধিক বয়সৰ সকলো জ্যেষ্ঠ নাগৰিকক স্বাস্থ্য বীমাৰ সুবিধাৰে সামৰি লোৱাৰ প্ৰস্তাৱলৈ অনুমোদন জনাইছে কেবিনেটে
৪.৫ কোটি পৰিয়াল উপকৃত হ'ব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ‘আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা’ (এবি পিএম-জেএৱাই)ৰ অধীনত উপাৰ্জন নিৰ্বিশেষে ৭০ বছৰ বা তাতকৈ অধিক বয়সৰ সকলো জ্যেষ্ঠ নাগৰিকক স্বাস্থ্য বীমাৰ সুবিধাৰে সামৰি লোৱাৰ প্ৰস্তাৱলৈ অনুমোদন জনাইছে।

ইয়াৰ লক্ষ্য হৈছে পৰিয়ালৰ ভিত্তিত ৫ লাখ টকাৰ বিনামূলীয়া স্বাস্থ্য বীমা আৱৰণৰ সৈতে ছয় (৬) কোটি জ্যেষ্ঠ নাগৰিকৰ লগতে প্ৰায় ৪.৫ কোটি পৰিয়ালক উপকৃত কৰা।

এই অনুমোদনৰ আধাৰত ৭০ বছৰ বা তাতকৈ অধিক বয়সৰ সকলো জ্যেষ্ঠ নাগৰিকেই তেওঁলোকৰ আৰ্থ-সামাজিক স্থিতি নিৰ্বিশেষে ‘এবি পিএম-জেএওৱাই’-ৰ লাভ প্ৰাপ্ত কৰিবলৈ যোগ্য হ'ব। যোগ্য জ্যেষ্ঠ নাগৰিকসকলক ‘এবি পিএম-জেএওৱাই’-ৰ অধীনত এখন নতুন পৃথক কাৰ্ড জাৰী কৰা হ'ব। ‘এবি পিএম-জেএওৱাই’-ৰ অধীনত ইতিমধ্যে সামৰি লোৱা পৰিয়ালৰ ৭০ বছৰ বা তাতকৈ অধিক বয়সৰ জ্যেষ্ঠ নাগৰিকসকলে নিজৰ বাবে প্ৰতি বছৰে ৫ লাখ টকালৈকে অতিৰিক্ত ‘টপ-আপ কভাৰেজ’ লাভ কৰিব (যিটো তেওঁলোকে ৭০ বছৰৰ কম বয়সৰ পৰিয়ালৰ আন সদস্যসকলৰ সৈতে ভাগ বাটোৱাৰা কৰিব নালাগিব)। ৭০ বছৰ বা তাতকৈ অধিক বয়সৰ আন সকলো জ্যেষ্ঠ নাগৰিকে পাৰিয়াল ভিত্তিত প্ৰতি বছৰে ৫ লাখ টকালৈকে স্বাস্থ্য বীমা কৱচ লাভ কৰিব। ৭০ বছৰ বা তাতকৈ অধিক বয়সৰ জ্যেষ্ঠ নাগৰিক যি ইতিমধ্যে অন্যান্য ৰাজহুৱা স্বাস্থ্য বীমা আঁচনি যেনে ‘কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আঁচনি’ (চিজিএইচএছ), ‘প্ৰাক্তন সৈনিক অৱদানকাৰী স্বাস্থ্য আঁচনি’ (ইচিএইচএছ), ‘আয়ুষ্মান কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী’ (চিএপিএফ)ৰ সুবিধা লাভ কৰি আছে তেওঁলোকে হয় তেওঁলোকৰ বিদ্যমান আঁচনি বাছনি কৰিব পাৰিব বা ‘এবি পিএমজেএওৱাই’ বাছনি কৰিব পাৰিব।  এইটো স্পষ্ট কৰা হৈছে যে ‘ব্যক্তিগত খণ্ডৰ স্বাস্থ্য বীমা আঁচনি’ বা ‘কৰ্মচাৰী ৰাজ্যিক বীমা আঁচনি’-ৰ অধীনত থকা ৭০ বছৰ বা তাতকৈ অধিক বয়সৰ জ্যেষ্ঠ নাগৰিকসকল ‘এবি পিএম-জেএওৱাই’ৰ অধীনতো লাভ প্ৰাপ্ত কৰিবলৈ যোগ্য হ'ব।

‘এবি পিএমজেএওৱাই’ হৈছে বিশ্বৰ সৰ্ববৃহৎ ৰাজহুৱা ভাৱে পুঁজি যোগান ধৰা স্বাস্থ্য নিশ্চয়তা আঁচনি যি ১২.৩৪ কোটি পৰিয়ালৰ সৈতে সম্পৰ্কিত ৫৫ কোটি ব্যক্তিক ‘মাধ্যমিক’ আৰু ‘তৃতীয় পৰ্যায়’ৰ সেৱাযুক্ত চিকিৎসালয়ত ভৰ্তি কৰাৰ বাবে প্ৰতি বছৰে প্ৰতি পৰিয়ালৰ বাবে ৫ লাখ টকাৰ স্বাস্থ্য বীমা প্ৰদান কৰে। বয়স নিৰ্বিশেষে যোগ্য পৰিয়ালৰ সকলো সদস্য আঁচনিৰ অধীনত অন্তৰ্ভুক্ত হ’ব। আঁচনিখনে ৪৯ শতাংশ মহিলা হিতাধিকাৰীকে ধৰি ৭.৩৭ কোটি চিকিৎসালয়ত ভৰ্তি হোৱা লোকক সামৰি লৈছে। আঁচনিখনৰ অধীনত জনসাধাৰণে ১ লাখ কোটি টকাৰো অধিক লাভান্বিত হৈছে।

ইয়াৰ পূৰ্বে ২০২৪ চনৰ এপ্ৰিলমাহত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭০ বছৰ বা তাতকৈ অধিক বয়সৰ জ্যেষ্ঠ নাগৰিকসকলৰ বাবে স্বাস্থ্য বীমাৰ আওতা সম্প্ৰসাৰণৰ কথা ঘোষণা কৰিছিল।

  ‘এবি পিএম-জেএওৱাই’ আঁচনিত হিতাধিকাৰীৰ আধাৰ নিৰন্তৰ সম্প্ৰসাৰিত হোৱা দেখা গৈছে। আৰম্ভণিতে, ভাৰতৰ জনসংখ্যাৰ ৪০% অন্তৰ্ভুক্ত ১০.৭৪ কোটি দৰিদ্ৰ আৰু দুৰ্বল পৰিয়ালক আঁচনিখনৰ অধীনত সামৰি লোৱা হৈছিল। পৰৱৰ্তি সময়ত ভাৰত চৰকাৰে ২০২২ চনৰ জানুৱাৰী মাহত ‘এবি পিএম-জেএওৱাই’ৰ অধীনত হিতাধিকাৰীৰ আধাৰ ২০১১ চনৰ জনসংখ্যাতকৈ ভাৰতৰ ‘দশকীয় জনসংখ্যা বৃদ্ধিৰ হাৰ’ ১১.৭% বুলি বিবেচনা কৰি ১০.৭৪ কোটিৰ পৰা ১২ কোটি পৰিয়াললৈ সংশোধন কৰে। বিনামূলীয়া স্বাস্থ্যসেৱা সুবিধাৰ বাবে সমগ্ৰ দেশত কাম কৰা ৩৭ লাখ আশা/এডব্লিউডব্লিউ/এডব্লিউএইচ সামৰি লবলৈ আঁচনিখন অধিক সম্প্ৰসাৰিত কৰা হৈছিল।  এই অভিযানক আগুৱাই লৈ, ‘এবি পিএম-জেএওৱাই’-য়ে এতিয়া সমগ্ৰ দেশত ৭০ বছৰ বা তাতকৈ অধিক বয়সৰ সকলো নাগৰিকক ৫ লাখ টকাৰ বিনামূলীয়া স্বাস্থ্যসেৱা কৱচ প্ৰদান কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'We'll provide AI skill training to 1 crore youth': PM Modi's big announcement on Independence Day 2026

Media Coverage

'We'll provide AI skill training to 1 crore youth': PM Modi's big announcement on Independence Day 2026
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 আগষ্ট 2026
August 15, 2026

Azadi Ka Amrit Mahotsav Continues: PM Modi’s Independence Day Vision Unites Growth, Youth Power & National Pride