মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক বিষয়ৰ কেবিনেট কমিটিয়ে আজি লাডাখত ১৩ গিগাৱাট নৱীকৰণযোগ্য শক্তি প্ৰকল্পৰ বাবে সেউজ শক্তি কৰিডৰ (জিইচি) দ্বিতীয় পৰ্যায়ৰ আন্তঃৰাজ্যিক পৰিবহন প্ৰণালী (আইএছটিএছ) প্ৰকল্পত অনুমোদন জনায়।

প্ৰকল্পটো ২০,৭৭৩.৭০ কোটি টকাৰ মুঠ আনুমানিক ব্যয় সাপেক্ষে ২০২৯-৩০ বিত্তীয় বৰ্ষৰ ভিতৰত স্থাপনৰ লক্ষ্য হাতত লোৱা হৈছে আৰু প্ৰকল্পটোৰ ব্যয়ৰ ৪০ শতাংশ অৰ্থাৎ ৮,৩০৯.৪৮ কোটি টকাৰ কেন্দ্ৰীয় বিত্তীয় সাহায্য (চিএফএ) আগবঢ়োৱা হব।

 

জটিল ভূখণ্ড, প্ৰতিকূল বতৰৰ পৰিস্থিতি আৰু লাডাখ অঞ্চলৰ প্ৰতিৰক্ষা সংবেদনশীলতাৰ প্ৰতি লক্ষ্য ৰাখি, পাৱাৰ গ্ৰিড কৰ্পোৰেচন অফ ইণ্ডিয়া লিমিটেড (পাৱাৰগ্ৰিড) এই প্ৰকল্পটোৰ বাবে কাৰ্যকৰী সংস্থা হ'ব। অত্যাধুনিক ভল্টেজ ছ’ৰ্চ কনভাৰ্টাৰ (ভিএছচি) আধাৰিত হাই ভল্টেজ ডাইৰেক্ট কাৰেণ্ট (এইচভিডিচি) প্ৰণালী আৰু অতিৰিক্ত হাই ভল্টেজ অল্টাৰনেটিং কাৰেণ্ট (ইএইচভিএচি) প্ৰণালী স্থাপন কৰা হ'ব।

 

বিজুলী ট্ৰেন্সমিচন লাইন হিমাচল প্ৰদেশ আৰু পাঞ্জাৱৰ মাজেৰে হাৰিয়ানাৰ কাইথাললৈ যাব, য'ত ইয়াক ৰাষ্ট্ৰীয় গ্ৰিডৰ সৈতে একত্ৰিত কৰা হ'ব। লেহৰ এই প্ৰকল্পৰ পৰা বৰ্তমানৰ লাডাখ গ্ৰিডলৈ এটা আন্তঃসংযোগৰ পৰিকল্পনা কৰা হৈছে যাতে লাডাখলৈ নিৰ্ভৰযোগ্য বিদ্যুৎ যোগান সুনিশ্চিত কৰিব পাৰি। জম্মু-কাশ্মীৰক বিদ্যুৎ যোগান ধৰাৰ বাবে ইয়াক লেহ-আলুষ্টেং-শ্ৰীনগৰ লাইনৰ সৈতেও সংযোগ কৰা হ'ব। এই প্ৰকল্পটোত পাং (লাডাখ) আৰু কৈথাল (হাৰিয়ানা)ত ৭১৩ কিলোমিটাৰ ট্ৰেন্সমিচন লাইন (৪৮০ কিলোমিটাৰ এইচভিডিচি লাইন সহ) আৰু এইচভিডিচি টাৰ্মিনেলৰ ৫ গিগাৱাট ক্ষমতা স্থাপন কৰা হ'ব।

 

এই প্ৰকল্পটোৱে ২০৩০ চনৰ ভিতৰত অ-জীৱাশ্ম ইন্ধনৰ পৰা ৫০০ গিগাৱাট স্থাপিত বিদ্যুৎ ক্ষমতাৰ লক্ষ্য প্ৰাপ্তিত অৰিহণা যোগাব। এই প্ৰকল্পটোৱে দেশৰ দীৰ্ঘম্যাদী শক্তি সুৰক্ষা বিকাশত সহায় কৰিব আৰু কাৰ্বন ফুটপ্ৰিণ্ট হ্ৰাস কৰি পাৰিপাৰ্শ্বিকভাৱে বহনক্ষম বিকাশত সহায় কৰিব। ই শক্তি আৰু অন্যান্য সম্পৰ্কিত খণ্ডত, বিশেষকৈ লাডাখ অঞ্চলত দক্ষ আৰু অদক্ষ সকলো কৰ্মচাৰীৰ বাবে বৃহৎ প্ৰত্যক্ষ আৰু পৰোক্ষ নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব।

 

এই প্ৰকল্পটো আন্তঃৰাজ্যিক ট্ৰেন্সমিচন চিষ্টেম সেউজ শক্তি কৰিডৰ দ্বিতীয় পৰ্যায়ৰ (ইনএছটিএছ জিইচি-২)ৰ অতিৰিক্ত, যি ইতিমধ্যে গুজৰাট, হিমাচল প্ৰদেশ, কৰ্ণাটক, কেৰালা, ৰাজস্থান, তামিলনাডু আৰু উত্তৰ প্ৰদেশত গ্ৰীড একত্ৰীকৰণ আৰু বিদ্যুৎ স্থানান্তৰৰ বাবে কাৰ্যকৰী হৈ আছে। ২০২৬ চনৰ ভিতৰত প্ৰায় ২০গিগাৱাট নৱীকৰণযোগ্য শক্তি লাভৰ সম্ভাৱনা আছে। 

 

পৃষ্ঠভূমিঃ

প্ৰধানমন্ত্ৰীয়ে ১৫.০৮.২০২০ তাৰিখে স্বাধীনতা দিৱস উপলক্ষে দিয়া ভাষণত লাডাখত ৭.৫ গিগাৱাট সৌৰ উদ্যান স্থাপনৰ কথা ঘোষণা কৰিছিল। বিস্তৃত ক্ষেত্ৰ জৰীপৰ পিছত, নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়ে লাডাখৰ পাঙত ১২জিডব্লিউএইচ বেটাৰী শক্তি সঞ্চয় প্ৰণালীৰ (বিইএছএছ) সৈতে ১৩ গিগাৱাট নৱীকৰণযোগ্য শক্তি (আৰই) উৎপাদন ক্ষমতা স্থাপন কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰে। বিদ্যুতৰ এই বৃহৎ মাত্ৰা বাহিৰ কৰাৰ বাবে, এক আন্তঃৰাজ্যিক সৰবৰাহ আন্তঃগাঁথনি সৃষ্টি কৰাটো আৱশ্যক হ'ব।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Defence ministry inks Rs 5,083 cr pact for acquisition of six Mk-III light helicopters and missiles

Media Coverage

Defence ministry inks Rs 5,083 cr pact for acquisition of six Mk-III light helicopters and missiles
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 মাৰ্চ 2026
March 04, 2026

Citizens Celebrate Colours of Confidence: PM Modi's Vision Powers Holi Joy, Jobs, Security, and Global Trust