প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমাৰ কেন্দ্ৰীয় কেবিনেট কমিটীয়ে সোনপ্ৰয়াগৰ পৰা উত্তৰাখণ্ডৰ কেদাৰনাথলৈ ১২.৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰ’পৱে নিৰ্মাণত অনুমোদন জনাইছে। এই প্ৰকল্পটো ডিজাইন, নিৰ্মাণ, বিত্ত, পৰিচালনা আৰু হস্তান্তৰ (ডিবিএফঅ’টি) পদ্ধতিৰ অধীনত মুঠ ৪,০৮১.২৮ কোটি টকা ব্যয়েৰে বিকাস সাধন কৰা হ’ব।

এই প্ৰকল্পটো ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ জৰিয়তে ৰূপায়ণৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ বাবে অত্যাধুনিক ট্ৰাই-কেবল ডিটাচেবল গণ্ডোলা (৩-এছ) প্ৰযুক্তি ব্যৱহাৰ কৰা হ’ব। ইয়াৰ প্ৰতি ঘণ্টাত ১৮০০ জন অৰ্থাৎ প্ৰতিদিনে ১৮,০০০ যাত্ৰী বহন কৰিব পৰা ক্ষমতা আছে।

 

এই ৰ’পৱে প্ৰকল্পটোৰ জৰিয়তে কেদাৰনাথ ভ্ৰমণলৈ অহা তীৰ্থযাত্ৰীসকল বিশেষভাৱে লাভৱান হ’ব। এই পৰিৱেশ অনুকূল, আৰামদায়ক আৰু দ্ৰুত পৰিবহণ পদ্ধতিয়ে যাত্ৰাৰ সময় বহু পৰিমাণে হ্ৰাস কৰিব। কেদাৰনাথলৈ যাবলৈ বা তাৰ পৰা নামিবলৈ ৮-৯ ঘণ্টা সময় লাগে। এতিয়া মাত্ৰ ৩৬ মিনিটতে অহা-যোৱা কৰিব পাৰিব।

এই ৰ’পৱে প্ৰকল্পই বৃহৎ নিয়োগৰ সুযোগ সৃষ্টি কৰিব। নিৰ্মাণ আৰু পৰিচালনাৰ ক্ষেত্ৰত চাকৰিৰ সুযোগৰ লগতে পৰ্যটন উদ্যোগ আৰু সংশ্লিষ্ট খণ্ডত বছৰজুৰি কৰ্মসংস্থাপনৰ সুযোগ থাকিব।

এই ৰ’পৱে প্ৰকল্পৰ নিৰ্মাণ আৰু পৰিচালনাই আতিথ্য, ভ্ৰমণ, খাদ্য আৰু পানীয় (এফএণ্ডবি) আৰু পৰ্যটনৰ দৰে খণ্ডত বছৰজুৰি উল্লেখযোগ্য নিয়োগৰ সুযোগ সৃষ্টি কৰিব।

ৰ’পৱে প্ৰকল্পৰ উন্নয়ন সুষম আৰ্থ-সামাজিক উন্নয়নক লাভান্বিত কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ। ইয়াৰ জৰিয়তে তীৰ্থযাত্ৰীসকলৰ সংযোগ বৃদ্ধি কৰাৰ লগতে অঞ্চলটোৰ দ্ৰুত অৰ্থনৈতিক বিকাশ সাধন নিশ্চিত কৰিব।

গৌৰীকুণ্ডৰ পৰা ১৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰত্যাহ্বানমূলক ঊৰ্ধগামী কেদাৰনাথ মন্দিৰৰ যাত্ৰা বৰ্তমান খোজকাঢ়ি বা ঘোঁৰা, পালংকিন আৰু হেলিকপ্টাৰৰ সহায়ত কৰা হৈছিল। মন্দিৰলৈ অহা তীৰ্থযাত্ৰীসকলক সুবিধা প্ৰদান কৰাৰ লগতে সোণপ্ৰয়াগ আৰু কেদাৰনাথৰ মাজত সকলো বতৰৰ সংযোগ সুনিশ্চিত কৰাৰ বাবে এই প্ৰস্তাৱিত ৰ’পৱেৰ পৰিকল্পনা কৰা হৈছে।

উত্তৰাখণ্ড ৰাজ্যৰ ৰুদ্ৰপ্ৰয়াগ জিলাৰ ৩,৫৮৩ মিটাৰ (১১৯৬৮ ফুট) উচ্চতাত অৱস্থিত ১২টা পবিত্ৰ জ্যোতিৰ্লিংগৰ ভিতৰত কেদাৰনাথ অন্যতম। অক্ষয় তৃতীয়াৰ পৰা (এপ্ৰিল-মে’)ৰ পৰা দীপাৱলী (অক্টোবৰ-নৱেম্বৰ)লৈকে বছৰত প্ৰায় ৬ৰ পৰা ৭ মাহলৈ তীৰ্থযাত্ৰীৰ বাবে খোলা থকা এই মন্দিৰ বছৰি প্ৰায় ২০ লাখ তীৰ্থযাত্ৰীয়ে দৰ্শন কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's services exports rise by 12.7 pc in April despite West Asia crisis: RBI

Media Coverage

India's services exports rise by 12.7 pc in April despite West Asia crisis: RBI
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 30 মে’ 2026
May 30, 2026

Viksit Bharat in Motion: How PM Modi is Building a Self-Reliant Global India”