প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে গুজৰাটৰ লোথালত ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য কমপ্লেক্স (এনএমএইচচি) উন্নয়নত অনুমোদন জনাইছে। প্ৰকল্পটো দুটা পৰ্যায়ত সম্পূৰ্ণ হ'ব।

 

কেবিনেটে মাষ্টাৰ প্লেন অনুসৰি স্বেচ্ছামূলক সম্পদ/বৰঙণিৰ জৰিয়তে পুঁজি সংগ্ৰহ কৰি ১বি পৰ্যায় আৰু দ্বিতীয় পৰ্যায়ৰ কাৰ্যকৰীকৰণৰ বাবে নীতিগত অনুমোদনো জনাইছে

 

১বি পৰ্যায়ৰ অধীনত লাইট হাউচ সংগ্ৰহালয় নিৰ্মাণৰ বাবে লাইটহাউচ আৰু লাইটশ্বিপ সঞ্চালকালয়ৰ (ডিজিএলএল) দ্বাৰা পুঁজিৰ যোগান ধৰা হ'ব।

 

গুজৰাটৰ লোথালত এনএমএইচচিৰ ৰূপায়ন, উন্নয়ন, পৰিচালনা আৰু কাৰ্যকৰীকৰণৰ অৰ্থে ভৱিষ্যতৰ পৰ্যায়ৰ উন্নয়নৰ বাবে পঞ্জীয়ন আইন ১৮৬০ৰ অধীনত বন্দৰ, জাহাজ আৰু জলপৰিবহন মন্ত্ৰীৰ নেতৃত্বত এখন পৃথক সমাজ গঠন কৰা হ'ব।

 

প্ৰকল্পটোৰ ১এ পৰ্যায় ৰূপায়ন হৈ আছে আৰু ৬০% ৰো অধিক কাম সম্পন্ন হৈছে তথা ইয়াক ২০২৫ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰা হৈছে। প্ৰকল্পটোৰ ১এ আৰু ১বি পৰ্যায় ইপিচি মোডত বিকাশ ঘটোৱা হ'ব আৰু এনএমএইচচিক বিশ্বমানৰ ঐতিহ্য সংগ্ৰহালয় হিচাপে প্ৰতিষ্ঠা কৰিবলৈ ভূমি উপ-লীজিং/পিপিপিৰ জৰিয়তে প্ৰকল্পটোৰ দ্বিতীয় পৰ্যায়ৰ বিকাশ ঘটোৱা হ'ব।

 

নিযুক্তি সৃষ্টিৰ সম্ভাৱনাকে ধৰি গুৰুত্বপূৰ্ণ প্ৰভাৱ:

এন এম এইচ চি প্ৰকল্পৰ উন্নয়নৰ জৰিয়তে প্ৰায় ২২,০০০ নিয়োগ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে, ইয়াৰে ১৫,০০০ প্ৰত্যক্ষ নিয়োগ আৰু ৭,০০০ পৰোক্ষ নিয়োগ।

 

হিতাধিকাৰীৰ সংখ্যা:

এনএমএইচচিৰ কাৰ্যকৰীকৰণে স্থানীয় সম্প্ৰদায়, পৰ্যটক আৰু দৰ্শনাৰ্থী, গৱেষক আৰু পণ্ডিত, চৰকাৰী সংস্থা, শিক্ষানুষ্ঠান, সাংস্কৃতিক সংগঠন, পৰিৱেশ আৰু সংৰক্ষণ গোট, ব্যৱসায়ত যথেষ্ট সহায় কৰিব।

 

পৃষ্ঠভূমি:

ভাৰতৰ ৪,৫০০ বছৰ পুৰণি সামুদ্ৰিক ঐতিহ্য প্ৰদৰ্শনৰ বাবে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী অনুসৰি, বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে লোথালত বিশ্বমানৰ ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য কমপ্লেক্স (এনএমএইচচি) স্থাপন কৰি আছে।

এনএমএইচচিৰ মাষ্টাৰপ্লেনখন প্ৰখ্যাত স্থাপত্য প্ৰতিষ্ঠান এম/এছ আৰ্কিটেক্ট হাফিজ কনট্ৰেক্টৰে প্ৰস্তুত কৰিছে আৰু ১এ পৰ্যায়ৰ নিৰ্মাণৰ দায়িত্ব টাটা প্ৰজেক্টছ লিমিটেডক অৰ্পণ কৰা হৈছে।

এনএমএইচচি বিভিন্ন পৰ্যায়ত বিকাশ ঘটোৱাৰ পৰিকল্পনা কৰা হৈছে, য'ত:

  • পৰ্যায় ১এ-ত ৬টা গেলেৰীৰ সৈতে এনএমএইচচি সংগ্ৰহালয় থাকিব, য'ত বাহ্যিক নৌ-শিল্পকলা (আইএনএছ নিশাংক, চি হেৰিয়াৰ যুদ্ধ বিমান, ইউএইচ৩ হেলিকপ্টাৰ ইত্যাদি), মুকলি জলজ গেলেৰী আৰু জেটি ৱাকৱেৰে আৱৰি থকা লোথাল টাউনশ্বিপৰ ৰেপ্লিকা মডেলৰ সৈতে দেশৰ অন্যতম বৃহৎ নৌ সেনা আৰু উপকূলৰক্ষী বাহিনীৰ গেলেৰীও অন্তৰ্ভুক্ত হ’ব।
  • পৰ্যায় ১বি-ত আৰু ৮টা গেলেৰীৰ সৈতে এনএমএইচচি সংগ্ৰহালয়, লাইট হাউচ সংগ্ৰহালয় থাকিব যিটো বিশ্বৰ আটাইতকৈ ওখ, বাগিচা কমপ্লেক্স (প্ৰায় ১৫০০খন গাড়ী ৰখাৰ সুবিধা, খাদ্য হ’ল, চিকিৎসা কেন্দ্ৰ আদিৰ সুবিধাৰ সৈতে)হ'ব।
  • পৰ্যায় ২-ত উপকূলীয় ৰাজ্যৰ পেভিলিয়ন (সংশ্লিষ্ট উপকূলীয় ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ দ্বাৰা বিকাশ ঘটোৱা হ'ব), আতিথ্য ক্ষেত্ৰ (সামুদ্ৰিক থীম, ইকো ৰিজৰ্ট আৰু মিউজিউটেলৰ সৈতে), প্ৰকৃত সময়ৰ লোথাল চহৰৰ পুনৰ সৃষ্টি, সামুদ্ৰিক প্ৰতিষ্ঠান আৰু হোষ্টেল আৰু ৪খন থীম আধাৰিত উদ্যান (সামুদ্ৰিক আৰু নৌ সেনাৰ থীম পাৰ্ক, জলবায়ু পৰিৱৰ্তন থীম পাৰ্ক, মনুমেণ্ট পাৰ্ক আৰু দুঃসাহসিক তথা বিনোদন পাৰ্ক) থাকিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How GST 2.0 changed India’s car market and boosted small car sales

Media Coverage

How GST 2.0 changed India’s car market and boosted small car sales
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 মে’ 2026
May 19, 2026

Exports Up, Economy Strong, World Collaborating: PM Modi's Reforms Delivering Jobs, Growth & Green Future