প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে চুৰাট বিমানবন্দৰক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হিচাপে ঘোষণাৰ প্ৰস্তাৱত অনুমোদন জনাইছে।

চুৰাট বিমানবন্দৰ কেৱল আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীৰ বাবেই এক দুৱাৰমুখ হোৱাই নহয়, বৰঞ্চ বহুমূলীয়া হীৰা আৰু বস্ত্ৰশিল্প - উদ্যোগৰ বাবে নিৰৱচ্ছিন্ন ৰপ্তানি-আমদানি কাৰ্য্যকলাপৰো সুবিধা হৈ উঠিব। এই কৌশলগত পদক্ষেপে অভূতপূৰ্ব অৰ্থনৈতিক সম্ভাৱনা মুকলিৰ অংগীকাৰ কৰিছে, যাৰ ফলশ্ৰুতিত চুৰাট; আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ ব্যৱস্থাৰ এক কেন্দ্ৰ হিচাপে পৰিগণিত হ’ব আৰু অঞ্চলটোত সমৃদ্ধিৰ এক নতুন যুগৰ সূচনা কৰিব।

ভাৰতৰ দ্ৰুত-বৰ্ধমান চহৰ চুৰাটে উল্লেখযোগ্য অৰ্থনৈতিক দক্ষতা আৰু ঔদ্যোগিক বিকাশ প্ৰদৰ্শন কৰিছে। অৰ্থনৈতিক বিকাশ, বৈদেশিক বিনিয়োগক প্ৰলুব্ধকৰণ আৰু কূটনৈতিক সম্পৰ্ক সুদৃঢ়কৰণৰ বাবে চুৰাট বিমানবন্দৰক আন্তঃৰাষ্ট্ৰীয় মৰ্য্যাদালৈ উন্নীত কৰাটো গুৰুত্বপূৰ্ণ কথা হিচাপে বিবেচিত হৈছে। যাত্ৰীৰ পৰিবহণ আৰু মাল সৰবৰাহৰ উত্থানৰ লগে-লগে বিমানবন্দৰটোৰ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিয়ে আঞ্চলিক উন্নয়নক এক গুৰুত্বপূৰ্ণ গতি প্ৰদান কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
IIT Delhi tops India in QS Rankings 2027; 52 Indian institutions feature

Media Coverage

IIT Delhi tops India in QS Rankings 2027; 52 Indian institutions feature
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 18 জুন 2026
June 18, 2026

PM Modi’s Leadership Delivers: Electronic Interlocking, Semiconductor Push & Tariff-Free UK Access