প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটিয়ে আজি গংগা নদীৰ ওপৰেৰে (বৰ্তমানৰ দীঘা-সোণেপুৰ ৰেল আৰু পথ সেতুৰ পশ্চিমফালে সমান্তৰালভাৱে) নতুন ৪৫৫৬ মিটাৰ দীঘল, ৬-লেন হাই লেভেল/এক্সট্ৰা ড’জড কেবল ষ্টেড দলং নিৰ্মাণ আৰু ইয়াৰ দুয়োপাৰে বিহাৰৰ পাটনা আৰু সাৰণ জিলাত (NH-139W) ইপিচি ম’ডত সংযোগী পথ নিৰ্মাণত অনুমতি জনায়।

 

ইয়াৰ ব্যয়ঃ

প্ৰকল্পটোত মুঠ ব্যয় হ’ব ৩,০৬৪.৪৫ কোটি টকা। ইয়াৰে চিভিল নিৰ্মাণ ব্যয় ২,২৩৩.৮১ কোটি টকা অন্তৰ্ভুক্ত হৈছে।

 

দলংখনে যাতায়ত দ্ৰুত আৰু সহজ কৰি তুলিব যাৰ ফলত ৰাজ্যখনৰ বিশেষকৈ উত্তৰ বিহাৰৰ সামগ্ৰিক উন্নয়ন সাধন হ’ব।

 

সবিশেষঃ

দীঘা (পাটনাত আৰু গংগা নদীৰ দক্ষিণ পাৰত অৱস্থিত) আৰু সোণেপুৰ (সাৰণ জিলাত গংগা নদীৰ উত্তৰ পাৰ) বৰ্তমান কেৱল লঘু বাহনৰ চলাচলৰ বাবে ৰেল আৰু পথ দলঙেৰে সংযুক্ত হৈ আছে। যাৰ বাবে বৰ্তমানৰ পথটোক সামগ্ৰী সৰবৰাহৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰা কাৰ্য্য এক বৃহৎ অৰ্থনৈতিক প্ৰত্যাহ্বান সদৃশ আছিল। দীঘা আৰু সোণেপুৰৰ মাজত দলংখন নিৰ্মাণ হোৱাৰ পিছত সামগ্ৰী সৰবৰাহ কৰিবপৰা যাব আৰু ইয়াৰ ফলশ্ৰুতিত অঞ্চলটোৰ অৰ্থনৈতিক সম্ভাৱনা মুকলি হ’ব। 

এই দলংখনে পাটনাৰপৰা বিহাৰৰ উত্তৰ দিশৰ ঔৰংগাবাদ আৰু সোণেপুৰ (ৰাষ্ট্ৰীয় ঘাইপথ ৩১), ছাপৰা, মতিহাৰী (পূব-পশ্চিম কৰিডৰ পুৰণি ৰাষ্ট্ৰীয় ঘাইপথ-২৭), বেটিয়া (ৰাষ্ট্ৰীয় ঘাইপথ-৭২৭)ত থকা ১৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গ’ল্ডেন চতুৰ্ভুজ কৰিডৰলৈ পোনপটীয়া যোগাযোগ ব্যৱস্থা প্ৰশস্ত কৰিব। এই প্ৰকল্পটো বুদ্ধ চাৰ্কিটৰ এটা অংশ। ই বৈশালী আৰু কেশৰীয়াত বুদ্ধ স্তুপৰ সৈতে উন্নত যোগাযোগ ব্যৱস্থা প্ৰশস্ত কৰিব। লগতে, ১৩৯ডব্লিউ-ৰাষ্ট্ৰীয় ঘাইপথে পূব সম্পাৰণ জিলাৰ কেশৰীয়াত বিখ্যাত আৰেৰাজ সোমেশ্বৰ নাথ মন্দিৰ আৰু প্ৰস্তাৱিত বিৰাট ৰামায়ণ মন্দিৰ (বিশ্বৰ সৰ্ববৃহৎ ধৰ্মীয় স্মৃতিসৌধ)ৰ সৈতে যোগাযোগ প্ৰশস্ত কৰিব।

এই প্ৰকল্পটো পাটনাত ৰূপায়ণ কৰা হ’ব আৰু ৰাজ্যিক ৰাজধানীৰ জৰিয়তে উত্তৰ বিহাৰ আৰু বিহাৰৰ দক্ষিণ অংশলৈ উন্নত যোগাযোগ প্ৰশস্ত কৰিব। এই দলংখনে যান-বাহনৰ চলাচল দ্ৰুত আৰু সহজ কৰি তুলিব যাৰ ফলত অঞ্চলটোৰ সামগ্ৰিক উন্নয়ন হ’ব। 

 

ৰূপায়ণৰ কৌশল আৰু লক্ষ্যসমূহঃ

নিৰ্মাণ আৰু পৰিচালনাৰ মানদণ্ড নিশ্চিত কৰিবলৈ ৫ডি-বিল্ডিং ইনফৰ্মেচন মডেলিং (BIM), ব্ৰীজ হেল্থ মনিটৰিং চিষ্টেম (BHMS), মাহেকীয়া ড্ৰোন মেপিঙৰ দৰে শেহতীয়া প্ৰযুক্তিৰ ব্যৱহাৰেৰে ইপিচি ম’ডত এই কাম ৰূপায়ণ কৰা হ’ব।

নিৰ্ধাৰিত তাৰিখৰপৰা ৪২ মাহত কাম সম্পূৰ্ণৰ লক্ষ্য লোৱা হৈছে।

 

নিয়োগ সৃষ্টিৰ সম্ভাৱনাকে ধৰি বিশেষ প্ৰভাৱঃ

  1. এই প্ৰকল্পৰ লক্ষ্য হৈছে দ্ৰুত যাতায়াতৰ ব্যৱস্থা কৰা আৰু বিহাৰৰ উত্তৰ আৰু দক্ষিণ অংশৰ মাজত উন্নত যোগাযোগ স্থাপন কৰা। এইদৰে সমগ্ৰ অঞ্চলটোৰ আৰ্থ-সামাজিক বৃদ্ধিক প্ৰোৎসাহিত কৰা হ’ব।

  2. প্ৰকল্পটোৰ নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণৰ সময়ছোৱাত সম্পন্ন কৰা ভিন্ন কামে দক্ষ আৰু অদক্ষ শ্ৰমিকৰ বাবে প্ৰত্যক্ষ কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।

 

সামৰি লোৱা ৰাজ্য/জিলাসমূহঃ

এই দলংখনে বিহাৰৰ গংগা নদীৰ সিপাৰে দক্ষিণ দিশৰ দীঘাত পাটনা আৰু উত্তৰ দিশৰ সাৰণ নামৰ দুখন জিলাক সংযোগ কৰিব।

 

পটভূমিঃ

২০২১ৰ ৮ জুলাইত গেজেট অধিসূচনাৰ জৰিয়তে চৰকাৰে এই অংশটোক, “পাটনা (এইমছ)ৰ ওচৰৰ ১৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সংযোগস্থলৰপৰা আৰম্ভ কৰি বাকৰপুৰ, মাণিকপুৰ, চাহেবগঞ্জ, আৰেৰাজ হৈ বিহাৰৰ বেটিয়াহৰ ওচৰৰ ৰাষ্ট্ৰীয় ঘাইপথ-৭২৭ত শেষ হোৱা ঘাইপথটো”ক ১৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ (পশ্চিম) হিচাপে ঘোষণা কৰিছিল।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Make in India' radar programme to help Tejas track targets gets Rs 2,205 crore boost

Media Coverage

'Make in India' radar programme to help Tejas track targets gets Rs 2,205 crore boost
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 01 আগষ্ট 2026
August 01, 2026

Aatmanirbhar Bharat Delivers: Indigenous Power, Farmer Prosperity & Blue Economy