প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে অযোধ্যা বিমানবন্দৰক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হিচাপে ঘোষণা আৰু “মহৰ্ষি বাল্মীকি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, অযোধ্যাধাম” নামেৰে নামাকৰণৰ প্ৰস্তাৱত অনুমোদন জনাইছে।

অযোধ্যা বিমানবন্দৰক আন্তঃৰাষ্ট্ৰীয় মৰ্য্যাদালৈ উন্নীত কৰাটো অযোধ্যাৰ অৰ্থনৈতিক সম্ভাৱনা আৰু বৈশ্বিক তীৰ্থস্থান হিচাপে ইয়াৰ তাৎপৰ্য্য উপলব্ধিকৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ তথা এই পদক্ষেপে বিদেশৰ তীৰ্থযাত্ৰী আৰু পৰ্যটকৰ বাবে দুৱাৰ মুকলি কৰিব।

বিমানবন্দৰটোৰ নাম "মহৰ্ষি বাল্মিকী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, অযোধ্যাধাম" ৰখা কাৰ্য্যই মহাকাব্য ৰামায়ণ ৰচনা কৰা ঋষি মহৰ্ষি বাল্মিকীলৈ শ্ৰদ্ধাঞ্জলি জনাই বিমানবন্দৰটোৰ পৰিচয়ত সাংস্কৃতিক স্পৰ্শ যোগ কৰিছে।

গভীৰ সাংস্কৃতিক শিপাৰে সংপৃক্ত অযোধ্যাক কৌশলগতভাৱে এক মূল অৰ্থনৈতিক কেন্দ্ৰ আৰু তীৰ্থস্থান হিচাপে গঢ়ি তোলা হৈছে। আন্তঃৰাষ্ট্ৰীয় তীৰ্থযাত্ৰী আৰু ব্যৱসায়ীসকলক আকৰ্ষণৰ সম্ভাৱনা থকা বিমানবন্দৰটোয়ে চহৰখনৰ ঐতিহাসিক প্ৰাধান্যক প্ৰতিফলিত কৰিছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
E-Samudra: India’s digital push to reshape maritime governance

Media Coverage

E-Samudra: India’s digital push to reshape maritime governance
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 11 আগষ্ট 2026
August 11, 2026

Champions on the Podium, Capital Unlocked, Digital Seas Opened: New India’s Winning Streak Under PM Modi