প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে উপকূলীয় অঞ্চলৰ উন্নয়ন আৰু কঠোৰ পৰিশ্ৰমী মাছমৰীয়াসকলৰ কল্যাণ সাধন কৰাটো চৰকাৰৰ অন্যতম প্ৰাধান্যৰ বিষয়। উপকূলীয় অঞ্চলৰ উন্নয়ন, উপকূলীয় আন্তঃগাথনিৰ উন্নয়ন আৰু সমুদ্ৰীয় পৰিৱেশতন্ত্ৰ ৰক্ষাৰ ক্ষেত্ৰত এক বহুমুখী পৰিক্লপনাৰ কথা তেওঁ আলোকপাত কৰে। আজি এক ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে কোচী-মাংগালুৰু নেচনেল গেছ পাইপলাইন ৰাষ্ট্ৰৰ বাবে মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে।

দুখন উপকূলীয় ৰাজ্য কেৰালা আৰু কৰ্ণাটকক লক্ষ্য কৰি প্ৰধানমন্ত্ৰীয়ে উপকূলীয় অঞ্চলৰ দ্ৰুত আৰু ভাৰসাম্য উন্নয়নক লৈ তেওঁৰ লক্ষ্য আৰু দৃষ্টিভংগীসমূহ বিস্তৃতভাৱে প্ৰকাশ কৰে। তেওঁ কয় যে কৰ্ণাটক, কেৰালা আৰু অন্যান্য দক্ষিণ ভাৰতীয়ৰাজ্যসমূহৰ নীলা অৰ্থনীতিৰ বিকাশ সাধনৰ বাবে এখ বিস্তৃত আঁচনি শীঘ্ৰেই ৰূপায়ন কৰা হ’ব। অনাগত দিনসমূহত নীলা অৰ্থব্যৱস্থা আত্মনিৰ্ভৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ উৎস হ’ব বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে বহুমুখী যোগাযোগ ব্যৱস্থা নিশ্চিত কৰিবলৈ বন্দৰ আৰু উপকূলীয় পথসমূহ সংযুক্ত কৰা হ’ব। দেশৰ উপকূলীয় অঞ্চলসমূহক ইজ অৱ লিভিং আৰু ইজ অৱ বিজনেছৰ এক আদৰ্শ স্থান হিচাপে ৰূপান্তৰিত কৰি তোলাৰ লক্ষ্যৰে চৰকাৰে কাম কৰি আছে।

প্ৰধানমন্ত্ৰীয়ে মাছমৰীয়া সম্প্ৰদায়ৰ প্ৰসংগ উত্থাপন কৰি কয় যে উপকূলীয় অঞ্চলৰ মাছমৰীয়াসকল সমুদ্ৰৰ ওপৰত কেৱল নিৰ্ভৰশীলে নহয়, ইয়াৰ অভিভাৱকো। সেইবাবে চৰকাৰে উপকূলীয় পৰিৱেশতন্ত্ৰৰ সুৰক্ষা আৰু সমৃদ্ধিৰ বাবে বহুতো পদক্ষেপ গ্ৰহণ কৰিছে। বৰ্ধিত প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি উপকূলীয় আন্তঃগাথনি উন্নত কৰা হ’ব। 

প্ৰধানমন্ত্ৰীয়ে লগতে শেহতীয়াকৈ মুকলি হোৱা ২০ হাজাৰ কোটিৰ মৎস্য সম্পদা যোজনাৰ কথা উল্লেখ কৰে, যিয়ে কেৰালা আৰু কৰ্ণাটকৰ লাখ লাখ মাছমৰীয়াক উপকৃত কৰিব। ভাৰতে মীন পালন সম্পৰ্কীয় ৰপ্তানিত দিনক দিনে অগ্ৰগতি লাভ কৰিছে। ভাৰতক উন্নত মানবিশিষ্ট ছী-ফুড হাবত পৰিণত কৰিবলৈ সকলো পদক্ষেপ গ্ৰহণ কৰা হ’ব।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indonesia To Dubai, IITs And IIMs Are Going Global: The Strategy Behind India's Overseas Campuses

Media Coverage

Indonesia To Dubai, IITs And IIMs Are Going Global: The Strategy Behind India's Overseas Campuses
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 9 জুলাই 2026
July 09, 2026

PM Modi Leading India's Economic, Cultural & Diplomatic Renaissance