প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিল এণ্ড মেলিণ্ডা ফাউণ্ডেচনৰ সহঃঅধ্যক্ষ শ্ৰীমান বিল গেটছক সাক্ষাৎ কৰে৷ তেওঁ সম্প্ৰতি তিনিদিনীয়া ভাৰত ভ্ৰমণত ব্যস্ত আছে৷ মোদী আৰু বিল গেটছে যোৱা ছেপ্তেম্বৰত নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকৰ আজৰি সময়ত অন্তিমবাৰৰ বাবে সাক্ষাৎ হৈছিল৷

ভাৰত চৰকাৰৰ বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত শ্ৰীমান বিল গেটছে বিশেষকৈ স্বাস্থ্য, পুষ্টিকৰণ, অনাময় আৰু কৃষি ক্ষেত্ৰত মনোনিৱেশ কৰি চৰকাৰক পাৰ্যমানে সহযোগ কৰিব বুলি উল্লেখ কৰে৷

শ্ৰীমান গেটছে পুষ্টিকৰণৰ ওপৰত প্ৰধানমন্ত্ৰীৰ গুৰুত্বক প্ৰশংসা কৰাৰ লগতে ৰাষ্ট্ৰীয় পুষ্টিকৰণ অভিযানৰ অধীনত চলি থকা কাৰ্যসূচীৰো শলাগ লয়৷

তেওঁ লগতে এনে কিছুমান নতুন ধাৰণা প্ৰদৰ্শন কৰে, যিয়ে কৃষি উৎপাদনশীলতা আৰু ছিষ্টেমৰ কৰ্মক্ষমতা বৃদ্ধিত সহায় কৰিব পাৰে৷

প্ৰধানমন্ত্ৰীয়ে বিল এণ্ড মেলিণ্ডা ফাউণ্ডেচনৰ প্ৰচেষ্টাক প্ৰশংসা কৰে আৰু চৰকাৰে কিদৰে তেওঁলোকৰ প্ৰচেষ্টাক গুৰুত্ব সহকাৰে গ্ৰহণ কৰি কাৰ্যৰূপায়ন কৰি আছে সেয়া বৰ্ণনা কৰে৷

বিল গেটছক তেওঁৰ ভাৰতীয় লীডাৰশ্বিপ দলৰ মুখ্য সদস্যসকলে সংগ দিছিল৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre releases Rs 1.09 lakh crore tax devolution; Uttar Pradesh gets biggest share to accelerate development spending

Media Coverage

Centre releases Rs 1.09 lakh crore tax devolution; Uttar Pradesh gets biggest share to accelerate development spending
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Jharkhand meets Prime Minister
August 03, 2026