২৫ এপ্ৰিলৰ সন্ধিয়া চৰ্দাৰ প্ৰকাশ সিং বাদল জীৰ দেহাৱসানৰ দুঃসংবাদটো পাওঁতে মই মৰ্মান্তিক আঘাত পাইছিলোঁ। তেওঁৰ বিয়োগত মই এজন পিতৃতুল্য ব্যক্তিক হেৰুৱাবলগীয়া হয়। তেওঁ মোক কেইবা দশক ধৰি মাৰ্গ দৰ্শন কৰি আহিছে। একাধিক পন্থাৰে তেওঁ ভাৰত আৰু পঞ্জাৱৰ ৰাজনীতিক গঢ় দিছিল যাক অতুলনীয় বুলি ক'ব পাৰি।

বাদল চাহাবৰ নেতৃত্বৰ বিশালতা বহুলভাৱে সমাদৃত। কিন্তু, তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল তেওঁ এজন বহল অন্তৰৰ লোক আছিল। এজন ডাঙৰ নেতা হোৱাটো সহজ, কিন্তু এজন বিশাল হৃদয়ৰ লোক হ’বলৈ বহু চেষ্টাৰ প্ৰয়োজন। সমগ্ৰ পঞ্জাৱৰ লোকে কয় - বাদল চাহাবৰ কথা বহুত বেলেগ! (‘বাদল চাহাব কী বাত অলগ থী’)

 
নিশ্চিতভাৱে এটা কথা ক’ব পাৰি যে চৰ্দাৰ প্ৰকাশ সিং বাদল চাহাব আমাৰ সময়ৰ অন্যতম শীৰ্ষস্থানীয় কিষাণ নেতা। কৃষি আছিল তেওঁৰ প্ৰকৃত আবেগ। যিকোনো অনুষ্ঠানত যেতিয়াই তেওঁ বক্তব্য ৰাখে, তেতিয়াই তেওঁৰ কথা সত্য, শেহতীয়া তথ্য আৰু বহু ব্যক্তিগত অন্তৰ্দৃষ্টিৰে পৰিপূৰ্ণ হৈ থাকে।


১৯৯০ত উত্তৰ ভাৰতত দলৰ কামৰে জড়িত হৈ থকাৰ সময়ত বাদল চাহাবৰে মোৰ ঘনিষ্ঠ সম্পৰ্ক গঢ় লৈ উঠিছিল। তেতিয়াই বাদল চাহাবৰ সুনাম বিয়পি পৰিছিল - তেওঁ আছিল এজন ৰাজনৈতিক অগ্ৰদূত যিয়ে পঞ্জাৱৰ সৰ্বকনিষ্ঠ মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী হিচাপে দায়িত্ব পালনৰ লগতে সমগ্ৰ বিশ্বৰ কোটি-কোটি পাঞ্জাৱী লোকৰ হৃদয়ত স্থান লাভ কৰিছিল। মই তেতিয়া এজন সাধাৰণ কাৰ্য্যকৰ্তা আছিলোঁ। তথাপিও, স্বকীয় স্বভাৱৰে তেওঁ কেতিয়াও ইয়াৰ বাবে আমাৰ মাজত ব্যৱধান সৃষ্টি হ’বলৈ নিদিছিল। তেওঁৰ মন সস্নেহ আৰু দয়াৰে ভৰি আছিল। এয়া তেওঁৰ অন্তিমকণ উশাহ থকালৈকে বিদ্যমান আছিল। বাদল চাহাবৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰা প্ৰতিজন ব্যক্তিয়ে তেওঁৰ বৈদগ্ধ্য আৰু হাস্যৰসৰ কথা স্মৰণ কৰিব।

১৯৯০ৰ মাজভাগ আৰু শেষৰফালে পঞ্জাৱৰ ৰাজনৈতিক পৰিবেশ বহুখিনি বেলেগ হৈ পৰিছিল। ৰাজ্যখনত নানা অস্থিৰতাই দেখা দিছিল আৰু ইয়াৰ মাজতে ১৯৯৭ত নিৰ্বাচন অনুষ্ঠিত হৈছিল। আমাৰ দলসমূহ একেলগে ৰাইজৰ ওচৰলৈ গৈছিল আৰু তেতিয়া বাদল চাহাব আমাৰ নেতা আছিল। তেওঁৰ গ্ৰহণযোগ্যতাৰ বাবে ৰাইজে আমাক জয়ৰ আশীৰ্বাদ দিছিল। কেৱল সেয়াই নহয়, চণ্ডীগড় পৌৰসভাৰ নিৰ্বাচনত আমাৰ মিত্ৰজোঁটে সফলতাৰে জয়লাভ কৰাৰ লগতে মহানগৰখনৰ লোকসভাৰ আসনতো জয়লাভ কৰিছিল। তেওঁৰ ব্যক্তিত্বৰ বলত আমাৰ মিত্ৰজোঁটে ১৯৯৭ ৰপৰা ২০১৭লৈ ১৫ বছৰে ৰাজ্যখনৰ সেৱা কৰিছিল!


মই এটা কথা কেতিয়াও পাহৰিব নোৱাৰিম। মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পিছত বাদল চাহাবে মোক কৈছিল, আমি একেলগে অমৃতসৰলৈ যাম, তাত এৰাতি কটাই পিছদিনা প্ৰাৰ্থনা কৰি লংগৰ কৰিম। মই এটা অতিথিশালাত মোৰ কোঠাত আছিলো। তেওঁ এই কথা গম পোৱা মাত্ৰেকে তেওঁ মোৰ কোঠালৈ আহি মোৰ বয়-বস্তুসমূহ দঙা-পৰা কৰিছিল। মই তেওঁক কিয় এনে কৰিছে বুলি সোধাত তেওঁ মোক কৈছিল যে মই তেওঁৰ লগত তেওঁৰ বাবে নিৰ্ধাৰিত কোঠাটোলৈ যাব লাগিব আৰু তাতেই থাকিব লাগিব। মই তেওঁক নালাগে বুলি কোৱা সত্বেও তেওঁ জোৰ দি থাকিল। অৱশেষত বাদল চাহাব আন এটা কোঠালৈ গ’ল। মোৰ দৰে এজন অতি সাধাৰণ কাৰ্য্যকৰ্তাৰ প্ৰতি তেওঁৰ এই মনোভাৱক মই সদায় মনত ৰাখিম।


গোশালাসমূহৰ প্ৰতি বাদল চাহাবৰ বিশেষ আগ্ৰহ আছিল আৰু ভিন্ন জাতৰ গাই পালন কৰিছিল। আমাৰ এখন সভাত তেওঁ মোক কৈছিল যে তেওঁৰ গিৰৰপৰা গো প্ৰজননৰ ইচ্ছা আছে। মই তেওঁৰ বাবে ৫ জনী গাইৰ ব্যৱস্থা কৰিছিলো আৰু তাৰ পিছত আমি লগ হ’লে গাইবোৰৰ বিষয়ে মোৰ সৈতে কথা পাতিছিল আৰু লগতে ধেমালি কৰি কৈছিল যে সেই গৰুবোৰৰ সৈতে ল’ৰা-ছোৱালীয়ে খেলা-ধূলা কৰিলেও কেতিয়াও নুখুচে। তেওঁ এনেদৰেও কৈছিল যে গুজৰাটীসকলৰ মন ইমান কোমল হোৱাৰ অন্যতম কাৰণ হৈছে তেওঁলোকে গিৰ গাইৰ গাখীৰ সেৱন কৰে।


২০০১ৰ পাছত মই বাদল চাহাবৰ সৈতে এক সুকীয়া দায়িত্বৰে মত-বিনিময়ৰ সুযোগ লাভ কৰিছিলো – তেতিয়া আমি আছিলো নিজ-নিজ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত।


মই জল সংৰক্ষণ, পশুপালন আৰু দুগ্ধ উৎপাদনকে প্ৰমুখ্য কৰি কৃষি-কাৰ্য্যৰে জড়িত নানা বিষয়ত বাদল চাহাবৰ পৰামৰ্শ লাভেৰে ধন্য হৈছিলোঁ। তেওঁ বহিঃৰাষ্ট্ৰত বসবাস কৰা ভালে সংখ্যক কঠোৰ পৰিশ্ৰমী পাঞ্জাৱী লোকৰ সম্ভাৱনা অন্বেষণক বিশ্বাস কৰিছিল।


এবাৰ মোক আলং শ্বিপয়াৰ্ড সম্পৰ্কে জানিবলৈ তেওঁৰ আগ্ৰহৰ কথা কৈছিল। তাৰ পিছত তেওঁ আলং শ্বিপয়াৰ্ডলৈ গৈ তাত গোটেই দিনটো কটায় পুনঃব্যৱহাৰ (recycling) সম্পৰ্কে বুজি উঠিছিল। পঞ্জাৱ উপকূলীয় ৰাজ্য নোহোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ বাবে শ্বিপয়াৰ্ডৰ প্ৰত্যক্ষ অভিজ্ঞতা গ্ৰহণৰ আৱশ্যকতা নাছিল যদিও নিত্য-নতুন কথা শিকিবলৈ তেওঁৰ ইমানেই ইচ্ছা আছিল যে তেওঁ দিনটো তাতেই কটাইছিল আৰু খণ্ডটোৰ ভিন্ন দিশ সম্পৰ্কে বুজিবলৈ চেষ্টা কৰিছিল।

২০০১ৰ ভূমিকম্পত ক্ষতিগ্ৰস্ত হোৱা কচ্ছৰ পবিত্ৰ লখপট গুৰুদ্বাৰাৰ মেৰামতি আৰু পুনৰুদ্ধাৰৰ প্ৰচেষ্টাৰ বাবে গুজৰাট চৰকাৰৰ প্ৰতি তেওঁৰ প্ৰশংসাসূচক বাক্যৰাজিক মই সদায় লালন-পালন কৰি থাকিম।


২০১৪ত কেন্দ্ৰত এনডিএ চৰকাৰ অধিষ্ঠিত হোৱাৰ পিছত তেওঁ পুনৰবাৰ স্বকীয় বিশাল চৰকাৰী অভিজ্ঞতাৰ ভিত্তিত মূল্যৱান অন্তৰ্দৃষ্টি আগবঢ়াইছিল। তেওঁ ঐতিহাসিক জিএছটিকে ধৰি একাধিক সংস্কাৰ সাধনৰ ক্ষেত্ৰত পূৰ্ণ সমৰ্থন আগবঢ়াইছিল।

তেতিয়া আমাৰ মত-বিনিময়ৰ কেইটামান দিশ সম্পৰ্কে ব্যক্ত কৰিব খুজিছো। এক বিস্তৃত পৰিসৰত আমাৰ ৰাষ্ট্ৰলৈ তেওঁৰ অৱদান অতুলনীয়। জৰুৰীকালীন সময়ৰ অন্ধকাৰাচ্ছন্ন দিনসমূহত গণতন্ত্ৰৰ পুনৰুদ্ধাৰৰ বাবে তেওঁ অন্যতম অগ্ৰদূতৰ ভূমিকা পালন কৰিছিল। এই অভিজ্ঞতাই গণতন্ত্ৰৰ প্ৰতি তেওঁৰ বিশ্বাসক অধিক সুদৃঢ় কৰি তুলিছিল।


১৯৭০-১৯৮০ৰ অশান্তজৰ্জৰ সময়ছোৱাত পঞ্জাৱত বাদল চাহাবে পঞ্জাৱক প্ৰথম আৰু ভাৰতক প্ৰথম স্থান দিছিল। ভাৰতক দুৰ্বল কৰি তোলা বা পঞ্জাৱৰ জনসাধাৰণৰ স্বাৰ্থৰে আপোচ কৰা সকলো পৰিকল্পনাক দৃঢ়তাৰে বিৰোধিতা কৰিছিল।


তেওঁ মহান গুৰু চাহিবসকলৰ আদৰ্শৰাজি পৰিপূৰণৰ বাবে গভীৰভাৱে দায়বদ্ধ আছিল। তেওঁ শিখ ঐতিহ্যৰ সংৰক্ষণ আৰু উদযাপনৰ বাবেও উল্লেখযোগ্য প্ৰচেষ্টা গ্ৰহণ কৰিছিল। ১৯৮৪ৰ দাঙ্গাৰ বলি হোৱা লোকসকলৰ ন্যায় নিশ্চিতকৰণৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা যুগমীয়া হৈ ৰ’ব।


বাদল চাহাব এগৰাকী জনতাক সংগঠিত কৰা লোক আছিল। তেওঁ সকলো মতাদৰ্শৰ নেতাৰ সৈতে কাম কৰিব পাৰিছিল। বাদল চাহাবে কেতিয়াও ৰাজনৈতিক লাভ-লোকচানৰ সৈতে কোনো সম্পৰ্কক জড়িত কৰা নাছিল। বিশেষকৈ ৰাষ্ট্ৰীয় ঐক্যৰ মনোভাৱক আগুৱাই নিয়াৰ ক্ষেত্ৰত এই মনোভাৱ উপযোগী হৈ উঠিছিল।


বাদল চাহাবৰ বিয়োগে সৃষ্টি কৰা শূন্যতা পূৰণ কৰাটো কঠিন হ’ব। তেওঁ এনে এগৰাকী ৰাষ্ট্ৰনেতা আছিল, যাৰ জীৱনলৈ বহু প্ৰত্যাহ্বান অহা সত্বেও তেওঁ এইসমূহ অতিক্ৰমেৰে ফিনিক্স পক্ষীৰ দৰে জীয়াই আছিল। তেওঁলৈ মনত পৰাৰ সমান্তৰালকৈ তেওঁ আমাৰ হৃদয়তে থাকিব আৰু তেওঁ বহু দশক ধৰি কৰা অসাধাৰণ কৰ্মৰাজিয়েও তেওঁক জীয়াই ৰাখিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Vikas Bhi, Virasat Bhi: How JATAN, AI and Digital Archives are revolutionising India’s cultural heritage preservation

Media Coverage

Vikas Bhi, Virasat Bhi: How JATAN, AI and Digital Archives are revolutionising India’s cultural heritage preservation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
ভাৰতৰ ঐক্য আৰু প্ৰগতিৰ প্ৰতি নিবেদিত এটি জীৱন
July 06, 2026

আজি ৬ জুলাই। আজিৰ এই দিনটো জাতীয়তাবাদ আৰু নিঃস্বাৰ্থ সেৱাৰ আদৰ্শক হৃদয়ত ৰোপণ কৰা অগণন লোকৰ বাবে এক বিশেষ দিন। মা ভাৰতীৰ প্ৰতি সাহস আৰু অদম্য দায়বদ্ধতাৰ পৰিচয় দি কালজয়ী নিদৰ্শন হৈ পৰা ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ ১২৫ সংখ্যক জন্ম জয়ন্তী আমি পালন কৰিছো। এই দিনটোত আমি তেওঁক স্মৰণ কৰিছো। আধুনিক ভাৰতৰ কমসংখ্যক নেতাইহে ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ দৰে ব্যক্তিৰ লেখীয়াকৈ বুদ্ধিমত্তা, জনসেৱা আৰু নৈতিক প্ৰত্যয়ক গভীৰভাৱে মূৰ্ত কৰি তুলিব পাৰিছে ।

শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে এনে এক পৰিৱেশৰ মাজত জন্মগ্ৰহণ কৰিছিল যিটো পৰিৱেশত তেওঁ এক সুৰক্ষিত আৰু আৰামদায়ক জীৱন কটাব পাৰিলেহেঁতেন। তেওঁৰ পিতৃ ছাৰ আশুতোষ মুখাৰ্জী সেই সময়ৰ আগশাৰীৰ শিক্ষাবিদ আৰু বুদ্ধিজীৱীসকলৰ ভিতৰত অন্যতম আছিল। ভাগ্যই শ্যামা প্ৰসাদ মুখাৰ্জীৰ সন্মুখত বিশেষ সুবিধাৰ পথ মুকলি কৰি দিলেও তেওঁৰ বিবেকে তেওঁক ত্যাগ আৰু জাতীয় সেৱাৰ দিশলৈহে আকৰ্ষণ কৰিছিল। তেওঁ নিশ্চিত হৈছিল যে তেওঁ আৰ্তজনৰ দুখ দেখি বোবা দৰ্শক হৈ থাকিব নোৱাৰে। সেয়া লাগিলে ঔপনিৱেশিকতাবাদ, সাম্প্ৰদায়িকতাবাদ, মানৱীয় প্ৰত্যাহ্বান আদিৰ বিৰুদ্ধে যুঁজ দিয়াই হওক। তেওঁৰ এই যাত্ৰাত তেওঁ কেইবাটাও দুখজনক ঘটনাৰ সন্মুখীন হবলগীয়া হৈছিল, প্ৰথমে তেওঁ হেৰুৱাইছিল নিজৰ কেঁচুৱা সন্তানটিক আৰু পিছলৈ হেৰুৱাইছিল পত্নীক । তথাপিও এই ঘটনাসমূহে তেওঁৰ সংকল্পক অধিক গভীৰ কৰি তুলিছিল আৰু সেৱাৰ প্ৰতি তেওঁৰ অটল দায়বদ্ধতাক অধিক শক্তিশালী কৰিছিল ।

ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ ৰাজহুৱা জীৱনক সংজ্ঞায়িত কৰা এক বিশেষ আদৰ্শ আছিল, সেয়া আছিল ভাৰতৰ অবিভাজ্যতা। দেশ বিভাজনৰ উত্তাল পৰিস্থিতিৰ সময়ত তেওঁ দৃঢ়তাৰে থিয় দিছিল যাতে পশ্চিমবংগ ভাৰতৰ অবিচ্ছেদ্য অংগ হৈ থাকে। কেইবছৰমানৰ পাছত সেই প্ৰত্যয়ৰেই তেওঁ জম্মু-কাশ্মীৰলৈ আকৰ্ষিত হৈছিল। কাৰাদণ্ডই তেওঁৰ মনোবল ভাঙিব পৰা নাছিল আৰু অকশৰীয়া হৈ পৰা অৱস্থায়ো তেওঁক হতাশ কৰা নাছিল। তেওঁৰ জীৱনৰো হঠাৎ অন্ত পৰিছিল কাৰাবন্দিত্বৰ মাজতেই । যিসকল মানুহক তেওঁ নিজৰ কৰি লৈছিল, তেওঁলোকৰ পৰা বহু দূৰত তেওঁ অকশৰীয়া অৱস্থাতে চিৰদিনৰ বাবে চকু মুদিছিল। ইতিহাসৰ এনে কিছুমান মুহূৰ্ত আছে যেতিয়া ব্যক্তি এগৰাকীৰ চূড়ান্ত ত্যাগে ৰাজনীতিক অতিক্ৰম কৰি জাতীয় ভাবনাৰ ক্ষেত্ৰখনক উজ্জীৱিত কৰি তোলে । ডাঃ মুখাৰ্জীৰ শেষ যাত্ৰাও তেনে এক মুহূৰ্ত হৈয়েই আছে। আচাৰ্য বিনোৱা ভাৱেই কৈছিল যে ড° মুখাৰ্জীয়ে যি কামত বিশ্বাস কৰিছিল সেই কামৰ বাবে নিজকে বলিদান দিছিল। বহু বছৰৰ পিছত ২০১৯ চনত কাশ্মীৰৰ পৰা ৩৭০ আৰু ৩৫(ক) অনুচ্ছেদ বাতিল কৰাটোৱেই আছিল তেওঁৰ বলিদানৰ উপযুক্ত শ্ৰদ্ধাঞ্জলি।

ড° মুখাৰ্জীয়ে ভাৰত প্ৰথম আৰু ভাৰতীয় মূল্যবোধক প্ৰথম স্থান দিছিল। এনে কৰিবলৈ যাওঁতে তেওঁ সেই সময়ৰ গতানুগতিক মানসিকতাৰে পৰিচালিত হৈ থকা বহু অনুষ্ঠান পুনৰ নতুনকৈ গঢ় দিছিল। তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ কনিষ্ঠতম উপাচাৰ্য হিচাপে পৰিগণিত হৈছিল। অনন্য শৈলীৰে তেওঁ বিশ্ববিদ্যালয়খনলৈ দেশপ্ৰেমমূলক ভাবনাৰে আৰু ভৱিষ্যতৰ উত্তৰণৰ চিন্তাৰে ইতিবাচক পৰিৱৰ্তন আনিছিল। শিক্ষাবিদসকলৰ এখন সন্মিলনত ভাষণ দি ড০ মুখাৰ্জীয়ে কৈছিল “শিক্ষানুষ্ঠানসমূহক সম্ভাৱ্য কেৰাণী আৰু কম দৰমহা পোৱা কৰ্মচাৰী উৎপাদনৰ বাবে কাৰখানা হিচাপে চোৱাটো উচিত নহয়।আমি এনে ছাত্ৰ-ছাত্ৰীক উলিয়াই আনিব লাগিব, যিয়ে আমাৰ স্ব-শাসিত প্ৰতিষ্ঠানসমূহ, যেনে পৌৰ নিগম, প্ৰাদেশিক আৰু কেন্দ্ৰীয় বিধায়িনী প্ৰতিষ্ঠানসমূহক নেতৃত্ব প্ৰদান কৰিবলৈ সক্ষম হোৱাৰ লগতে বিত্ত, বাণিজ্য আৰু উদ্যোগ আদি জীৱনৰ বিভিন্ন ক্ষেত্ৰত কাম-কাজ পৰিচালনা কৰিবলৈ সক্ষম হ’ব লাগিব ।”

তেওঁৰ নেতৃত্বতে কলিকতা বিশ্ববিদ্যালয়ে পুথিভঁৰালৰ আন্তঃগাঁথনি উন্নত কৰা, বিজ্ঞানৰ গৱেষণাক উন্নীত কৰা, শিল্পকৰ্মৰ অধ্যয়নক উৎসাহিত কৰা আৰু কৃষিৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ দৰে অনন্য প্ৰচেষ্টা হাতত লৈছিল। ইয়াত মাত্ৰ কেইটামানৰ কথাহে উল্লেখ কৰিলো। তেওঁ ক্ৰীড়া, শিক্ষক প্ৰশিক্ষণ আৰু ছাত্ৰ কল্যাণৰ দৰে ক্ষেত্ৰসমূহৰ প্ৰতি গুৰুত্ব আৰোপ কৰিছিল। ছাত্ৰ-ছাত্ৰী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ মাজত মিলা-প্ৰীতি তথা সমন্বয়ৰ ভাব জগাই তুলিবলৈ তেওঁ ২৪ জানুৱাৰীৰ দিনটোক বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰাৰ এক প্ৰথা আৰম্ভ কৰিছিল। তেওঁ গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰক বিশ্ববিদ্যালয়খনৰ বাবে এটা গীত ৰচনা কৰিবলৈ অনুৰোধ কৰিছিল।

তেওঁৰ উদ্যমী মনোভাবৰ আন এক উদাহৰণ তেওঁৰ জীৱনৰ পিছৰ অংশত দেখা যায়, যেতিয়া তেওঁ ভাৰতীয় জনসংঘ গঠনৰ সিদ্ধান্ত লৈছিল। যিটো সময়ত কংগ্ৰেছ পাৰ্টি সৰ্বব্যাপী আছিল, সেই সময়ত তেওঁ অনুভৱ কৰিছিল যে আমাৰ সাংস্কৃতিক শিপাৰ লগত সংলগ্ন হৈ থাকি ভাৰতৰ প্ৰগতিৰ বাবে মাত মাতিবলৈ বিকল্প কণ্ঠৰ প্ৰয়োজন আছে। জনসংঘৰ প্ৰতীক আছিল এটা চাকি , মাটিৰ চাকিক প্ৰতীক হিচাবে ব্যৱহাৰ কৰাৰ সিদ্ধান্তটো নিঃসন্দেহে উপযুক্ত আছিল। এগচি মাটিৰ চাকি দেখিবলৈ সামান্য যেন লাগিব পাৰে, তথাপিও ইয়াৰ নিজৰ পৰা বহু দূৰৈৰ আন্ধাৰ নাশ কৰাৰ শক্তি থাকে । জনসংঘই সক্ৰিয় হৈ থকা বছৰবোৰত আৰু তাৰ পাছৰ বছৰবোৰতো ঠিক তেনে কামেই কৰিছিল।

ভাৰতৰ প্ৰথম উদ্যোগ আৰু যোগান মন্ত্ৰী হিচাপে ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ কাৰ্যকালত দেশে এগৰাকী প্ৰকৃত ৰাষ্ট্ৰনেতাক আৱিষ্কাৰ কৰিছিল। যিগৰাকী ব্যক্তিৰ উন্নয়নৰ ধাৰণা উল্লেখযোগ্যভাৱে ব্যাপক আৰু মানৱীয় আছিল। নতুনকৈ স্বাধীনতা লাভ কৰা দেশ এখনৰ বাবে তেওঁ উদ্যোগক মৰ্যাদা, সুযোগ আৰু আত্মবিশ্বাস ঘূৰাই অনাৰ মাধ্যম হিচাপে গ্ৰহণ কৰিছিল । তেওঁ সম্পদ সৃষ্টি আৰু মূল্য সংযোজনৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছিল। দামোদৰ উপত্যকা নিগম, সিন্দ্ৰি সাৰ উদ্যোগ আৰু এক শক্তিশালী ঔদ্যোগিক নীতিৰ দৰে অগ্ৰণী পদক্ষেপৰ জৰিয়তে তেওঁ আধুনিক ভাৰতৰ ঔদ্যোগিক ভেটি স্থাপন কৰিছিল। তেওঁ একেসময়তে ভাৰতৰ পৰম্পৰাগত শক্তিসমূহ অৱহেলিত হৈ নাথাকে সেয়াও নিশ্চিত কৰিছিল। হস্ততাঁত, কুটিৰ উদ্যোগ, শিল্প আৰু বস্ত্ৰশিল্পৰ শ্ৰমিকসকলে তেওঁৰ মাজত সকলোৰে বাবে সমানে দায়বদ্ধ এগৰাকী ব্যক্তিক বিচাৰি পাইছিল।

ইয়াত মই ব্যক্তিগত অভিজ্ঞতাৰ এটাৰ বিষয়ে ক’ব বিচাৰিছো। ড° মুখাৰ্জীয়ে স্বাৱলম্বীতাৰ দৃষ্টিভংগীৰে প্ৰতিষ্ঠা কৰা সিন্দ্ৰি উদ্যোগটোক কেইবা দশক ধৰি দেশ পৰিচালনা কৰাসকলে অৱহেলা কৰিছিল। আমাৰ চৰকাৰে ইয়াৰ পুনৰুজ্জীৱনত অৰিহণা যোগোৱাৰ সুযোগ পোৱাত মই সন্মানিত অনুভৱ কৰিছো। সেই অনুষ্ঠানৰ বাবে তাত উপস্থিত হোৱাটো সঁচাকৈয়ে মোৰ বাবে এক বিশেষ মুহূৰ্ত আছিল।

ভাৰতৰ সভ্যতাৰ পৰম্পৰাই দীৰ্ঘদিন ধৰি আলোচনাৰ বিষয়টোত গুৰুত্ব দি আহিছে। ড° মুখাৰ্জীয়ে এই গণতান্ত্ৰিক মনোভাৱক মূৰ্ত কৰি তুলিছিল। তেওঁ পণ্ডিত নেহৰুৰ কেবিনেটত যোগদান কৰিছিল, প্ৰথম বছৰবোৰত দেশ গঠনৰ কামত ৰাজনৈতিক মতানৈক্যক অতিক্ৰম কৰিব লাগিব বুলি তেওঁ বিশ্বাস কৰিছিল। তেওঁ আন্তৰিকতা আৰু গঠনমূলক মনোভাৱেৰে সেৱা আগবঢ়াইছিল। কিন্তু যেতিয়া তেওঁ অনুভৱ কৰিছিল যে জাতীয় স্বাৰ্থ জড়িত হৈ থকা প্ৰশ্নবোৰে এক বেলেগ পথ দাবী কৰে, তেতিয়া তেওঁ মৰ্যাদাৰে পদত্যাগ কৰি দেশৰ বাবে প্ৰয়োজন বুলি বিশ্বাস কৰা ৰাজনৈতিক কাম-কাজত নিজকে উৎসৰ্গা কৰিছিল।

৭৫ বছৰ পূৰ্বে পণ্ডিত নেহৰুৱে এনে এক প্ৰথম সংশোধনী আনিছিল, যি আছিল বাক স্বাধীনতাৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ। নেহৰুৰ এনে পদক্ষেপৰ কঠোৰ সমালোচকৰ ভিতৰত ড° মুখাৰ্জী অন্যতম আছিল। কংগ্ৰেছে কি কৰিবলৈ সক্ষম সেই কথা তেওঁ সম্পূৰ্ণৰূপে বুজি পাইছিল। সময়ত তেওঁ কৰা ধৰাণাই সত্য বুলি প্ৰমাণিত হ’ল। ৭৫ বছৰ আগতে প্ৰথম সংশোধনী অনাসকলে ১৯৭৫ চনত জৰুৰীকালীন অৱস্থা জাপি দিছিল আৰু ৫০ বছৰ আগতে ৪২ সংখ্যক সংশোধনী আইন আনিছিল, যিয়ে পুনৰ উদাৰ গণতান্ত্ৰিক মূল্যবোধত আঘাত হানিছিল।

ড° মুখাৰ্জীয়ে মানৱীয় প্ৰচেষ্টা গ্ৰহণৰ পক্ষত বিশেষভাৱে থিয় দিছিল। ১৯৪৩ চনত যেতিয়া বংগত ভয়াৱহ দুৰ্ভিক্ষৰ সৃষ্টি হৈছিল, তেতিয়া ডাঃ মুখাৰ্জীয়ে ক্ষতিগ্ৰস্তসকলৰ সেৱাত নিজকে বিলীন কৰি দিছিল। তেওঁ কেইবাখনো কেণ্টিন আৰু সাহায্য কেন্দ্ৰ মুকলি কৰি মানুহক খাদ্য যোগান ধৰাৰ ব্যৱস্থা নিশ্চিত কৰিছিল । এফালে জনসাধাৰণৰ দুৰ্দশাই তেওঁক গভীৰভাৱে জোকাৰি গৈছিল, আনফালে ঔপনিৱেশিক শাসকসকলৰ সংবেদনহীনতাই তেওঁক মনোকষ্ট দিছিল। তেওঁ পঞ্চাশেৰ মন্বন্তৰ নামৰ এখন কিতাপ লিখিছিল, য’ত তেওঁ নিজৰ ক্ষোভ উজাৰি দিছিল। ১৯৪২ চনত যেতিয়া মেদিনীপুৰত ছুপাৰ চাইক্ল’ন হৈছিল , তেতিয়া তেওঁ স্বাভাৱিক অৱস্থা পুনৰ ঘূৰাই অনাৰ বাবে দিনে-ৰাতিয়ে দেহে কেহে খাটি প্ৰশংসিত হৈছিল।

কলকাতাৰ এখন মহাবিদ্যালয়ত ভাষণ দি ড০ মুখাৰ্জীয়ে যুৱক-যুৱতীসকলক আহ্বান জনাইছিল, “ তোমালোকে যি কামেই হাতত নোলোৱা কিয়, সেই কামটো গুৰুত্বসহকাৰে, পুংখানুপুংখভাৱে আৰু ভালদৰে কৰিবা”। ভাৰতবৰ্ষই বিকশিত ভাৰতৰ লক্ষ্যৰ দিশে আগবাঢ়ি যোৱাৰ লগে লগে আমি তেওঁক দিব পৰা আটাইতকৈ উত্তম শ্ৰদ্ধাঞ্জলি হ’ল- তেওঁ গভীৰভাৱে বিশ্বাস কৰা শক্তিশালী, সংহত, আত্মবিশ্বাসী আৰু উদাৰ ভাৰত গঢ়িবলৈ প্ৰতিদিনে চেষ্টা কৰি যোৱা। আজিৰ যুৱক-যুৱতীসকলক লৈ মই নিশ্চিত যে তেওঁলোকে সেয়া সঠিকভাবেই কৰিব।