যোৱা ১১ বছৰত আমাৰ চৰকাৰৰ প্ৰতিটো পদক্ষেপেই দৰিদ্ৰ লোকসকলৰ সেৱা, সুশাসন আৰু কল্যাণৰ বাবে উৎসৰ্গিত : প্ৰধানমন্ত্ৰী
সৰ্বাংগীন উন্নয়নৰ দিশত আমাৰ চৰকাৰৰ প্ৰচেষ্টাই পৰিৱৰ্তনশীল ফলাফলৰ সূচনা কৰিছে আৰু দৰিদ্ৰ আৰু প্ৰান্তীয় লোকসকলক উপকৃত কৰিছে : প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশখনে পৰিৱৰ্তনশীল আৰু সামগ্ৰিক প্ৰশাসনৰ ১১ বছৰ উদযাপন কৰাৰ সময়ত গৰিব কল্যাণৰ প্ৰতি এন. ডি. এ. চৰকাৰৰ অটল দায়িত্ববদ্ধতা পুনৰ উল্লেখ কৰে। তেওঁ কয় যে সবলীকৰণ, আন্তঃগাঁথনি আৰু অন্তৰ্ভুক্তিৰ ওপৰত গুৰুত্ব দিয়া এখন সহানুভূতিশীল চৰকাৰে ২৫ কোটিৰো অধিক লোকক দৰিদ্ৰতাৰ পৰা উন্নীত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা, প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা, জন ধন যোজনা আৰু আয়ুষ্মান ভাৰতৰ দৰে পৰিৱৰ্তনশীল আঁচনিসমূহৰ প্ৰভাৱৰ ওপৰতো আলোকপাত কৰে, যিয়ে গৃহ, পৰিষ্কাৰ ৰন্ধন ইন্ধন, বেংকিং আৰু স্বাস্থ্যসেৱাৰ সুবিধা সম্প্ৰসাৰিত কৰিছে। তেওঁ এই সুবিধাসমূহৰ স্বচ্ছ আৰু কাৰ্যক্ষমতা নিশ্চিত কৰাৰ ক্ষেত্ৰত প্ৰত্যক্ষ লাভ হস্তান্তৰ (ডিবিটি), ডিজিটেল অন্তৰ্ভুক্তি আৰু গ্ৰাম্য আন্তঃগাঁথনিৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে ;

"গৰিব কল্যাণৰ প্ৰতি সমৰ্পিত এখন সহানুভুতিশীল চৰকাৰ!

বিগত দশকত এন. ডি. এ. চৰকাৰে সৱলীকৰণ, আন্তঃগাঁথনি আৰু অন্তৰ্ভুক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰি কেইবাজনো লোকক দৰিদ্ৰতাৰ পৰা উন্নীত কৰাৰ বাবে যুগান্তৰকাৰী পদক্ষেপ গ্ৰহণ কৰিছে। আমাৰ সকলো মূল আঁচনিয়ে দৰিদ্ৰ লোকসকলৰ জীৱন সলনি কৰিছে। প্ৰধানমন্ত্ৰী আৱাস যোজনা, প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা, জন ধন যোজনা আৰু আয়ুষ্মান ভাৰতৰ দৰে পদক্ষেপে গৃহ, পৰিষ্কাৰ ৰন্ধন ইন্ধন, বেংকিং আৰু স্বাস্থ্যসেৱাৰ সুবিধা সম্প্ৰসাৰিত কৰিছে। ডিবিটি, ডিজিটেল অন্তৰ্ভুক্তি আৰু গ্ৰাম্য আন্তঃগাঁথনিৰ প্ৰচেষ্টাই অন্তিম মাইললৈকে স্বচ্ছতা আৰু সুবিধাসমূহৰ দ্ৰুতগতিত লাভালাভ সুনিশ্চিত কৰিছে।

ইয়াৰ বাবেই ২৫ কোটিৰো অধিক লোকে দৰিদ্ৰতাক পৰাভূত কৰিছে। এন ডি এ সৰ্বাংগীন আৰু আত্মনিৰ্ভৰ এখন ভাৰত গঢ়ি তোলাৰ বাবে দায়বদ্ধ হৈ আছে, য’ত প্ৰতিজন নাগৰিকে মৰ্যাদাসহকাৰে জীয়াই থকাৰ সুযোগ পাব।

#11YearsOfGaribKalyan"

 

"যোৱা ১১ বছৰত আমাৰ চৰকাৰৰ প্ৰতিটো পদক্ষেপ সেৱা, সুশাসন আৰু গৰিব কল্যাণৰ বাবে উৎসৰ্গিত হৈ আহিছে। এই সময়ছোৱাত আমাৰ সাফল্য কেৱল অভূতপূৰ্ব নহয়, ই ১৪০ কোটি দেশবাসীৰ জীৱনকো সহজ কৰি তুলিব। মই নিশ্চিত যে দেশখনক আগুৱাই নিয়াৰ এই প্ৰচেষ্টাসমূহৰ দ্বাৰা আমি নিশ্চিতভাৱে এখন উন্নত আৰু আত্মিনৰ্ভৰশীল ভাৰতৰ লক্ষ্যত উপনীত হ'ম।

#11YearsOfGaribKalyan"

 

"সৰ্বাংগীন উন্নয়নৰ দিশত আমাৰ চৰকাৰৰ প্ৰচেষ্টাই পৰিৱৰ্তনশীল ফলাফলৰ সূচনা কৰিছে আৰু দৰিদ্ৰ তথা প্ৰান্তীয় লোকসকলক উপকৃত কৰিছে।

#11YearsOfGaribKalyan"

 

 

"बीते 11 साल में हमारी सरकार का हर कदम सेवा, सुशासन और गरीब कल्याण को समर्पित रहा है। इस दौरान हमारी उपलब्धियां ना सिर्फ अभूतपूर्व हैं, बल्कि 140 करोड़ देशवासियों के जीवन को आसान बनाने वाली हैं। मुझे पूरा विश्वास है कि देश को आगे ले जाने के अपने इन प्रयासों के साथ हम विकसित और आत्मनिर्भर भारत के लक्ष्य को जरूर हासिल करेंगे।

11YearsOfGaribKalyan"

 

 

"Our Government’s efforts towards all round development have led to transformative outcomes and benefitted the poor and marginalised.

11YearsOfGaribKalyan"

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Can we have a picture? BRICS delegates gather around PM Modi for candid photo op

Media Coverage

Can we have a picture? BRICS delegates gather around PM Modi for candid photo op
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends greetings on Rosh Hashanah to PM Netanyahu, people of Israel and Jewish communities worldwide
September 12, 2026

The Prime Minister, Shri Narendra Modi has extended greetings on the occasion of Rosh Hashanah to Prime Minister of Israel, Benjamin Netanyahu, the people of Israel and Jewish communities across the globe.

The Prime Minister wished that the new year be filled with peace, hope, good health and continued progress for all.

In a post on X, Shri Modi wrote;

“‎Shana Tova!

‎Wishing a very happy Rosh Hashanah to Prime Minister Netanyahu, the people of Israel and Jewish communities across the globe.

‎May the new year be filled with peace, hope, good health and continued progress for all.

‎שנה טובה!

 

‎ מאחל שנה טובה ושמחה לראש הממשלה נתניהו, לעם ישראל ולקהילות היהודיות ברחבי העולם.

 

‎ מי ייתן והשנה החדשה תביא עמה שלום, תקווה, בריאות טובה וקדמה לכולם.


‎ ⁦‪@netanyahu‬⁩”