Oxygen Generation Plants to be set in Government hospitals in district head-quarters across the country
These plants are to be made functional as soon as possible: PM
These oxygen plants will ensure uninterrupted supply of oxygen in hospitals at district head-quarters

চিকিৎসালয়সমূহত অক্সিজেনৰ উপলব্ধতা বৃদ্ধিৰ অৰ্থে প্ৰধানমন্ত্ৰীৰ নিৰ্দেশনাৰ সৈতে সংগতি ৰাখি, পিএম কেয়াৰ্ছ ফাণ্ডে দেশখনৰ জন স্বাস্থ্য ব্যৱস্থাসমূহৰ চৌহদত ৫৫১ সমৰ্পিত প্ৰেছাৰ চুইং এডচৰ্পশ্যন (PSA) মেডিকেল অক্সিজেন জেনেৰেশ্যন প্লান্ট স্থাপনৰ অৰ্থে পুঁজি আবন্টনৰ বাবে নীতিগত অনুমোদন জনালে। প্ৰধানমন্ত্ৰীয়ে এই প্লান্টসমূহ যিমান সম্ভৱ সিমান সোনকালে কাৰ্যকৰী কৰি তুলিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে। তেখেতে কয় যে এই প্লান্টসমূহে জিলা পৰ্যায়ত অক্সিজেনৰ উপলব্ধতা বৃদ্ধিৰ অৰ্থে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ জিলা সদৰস্থিত চিনাক্ত কৰা চৰকাৰী চিকিৎসালয়সমূহত এই সমৰ্পিত প্লান্টসমূহ স্থাপন কৰা হ’ব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ জৰিয়তে এই কাম ৰূপায়ণ কৰা যাব।

এই বৰ্ষৰ আৰম্ভণিতে পিএম কেয়াৰ্ছ ফাণ্ডে দেশখনৰ জন স্বাস্থ্য ব্যৱস্থাসমূহৰ চৌহদত অতিৰিক্ত ১৬২ সমৰ্পিত প্ৰেছাৰ চুইং এডচৰ্পশ্যন (PSA) মেডিকেল অক্সিজেন জেনেৰেশ্যন প্লান্ট স্থাপনৰ অৰ্থে ২০১.৫৮ কোটি টকা আবন্টন দিছিল।

জিলা সদৰস্থিত চৰকাৰী চিকিৎসালয়সমূহত পিএছএ অক্সিজেন জেনেৰেশ্যন প্লান্ট স্থাপনৰ আঁৰৰ মূল লক্ষ্য হৈছে জন স্বাস্থ্য ব্যৱস্থাটোক সুদৃঢ় কৰি তোলা আৰু এনে প্ৰতিখন চিকিৎসালয়তে নিজা অক্সিজেন জেনেৰেশ্যন ব্যৱস্থা থকাটো নিশ্চিত কৰা। এনে নিজা অক্সিজেন জেনেৰেশ্যন ব্যৱস্থাই এই চিকিৎসালয় আৰু সংশ্লিষ্ট জিলাখনৰ দৈনন্দিন মেডিকেল অক্সিজেনৰ প্ৰয়োজনীয়তা পূৰণ কৰিব। তদুপৰি, এনে নিজা অক্সিজেন উৎপাদনত লিকুইড মেডিকেল অক্সিজেন (LMO) এ “টপ আপ” ৰ ভূমিকা পালন কৰিব। এনে এটা ব্যৱস্থাই জিলাসমূহত অৱস্থিত চৰকাৰী চিকিৎসালয়ত হঠাৎ অক্সিজেন যোগান ব্যাহত নোহোৱাটো আৰু ক’ভিড-১৯ ত আক্ৰান্ত ৰোগী আৰু এনে সহায়তাৰ প্ৰয়োজন হোৱা আন ৰোগীৰ চিকিৎসাৰ অৰ্থে পৰ্যাপ্ত অক্সিজেন যোগান লাভৰ সুনিশ্চিতকৰণত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
The Bill to replace MGNREGS simultaneously furthers the cause of asset creation and providing a strong safety net

Media Coverage

The Bill to replace MGNREGS simultaneously furthers the cause of asset creation and providing a strong safety net
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 22 ডিচেম্বৰ 2025
December 22, 2025

Aatmanirbhar Triumphs: PM Modi's Initiatives Driving India's Global Ascent