১. প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ৪ মে’ পেৰিছ ভ্ৰমণকালত ৰাষ্ট্রপতি শ্ৰীযুত ইমানুৱেল মেক্ৰ’ক সাক্ষাৎ কৰে। তেওঁলোকে বিভিন্ন বিষয়ত মত বিনিময় কৰে৷

২. ১৯৯৮ চনৰ পৰা ভাৰত আৰু ফ্রান্সৰ মাজত কৌশলগত অংশীদাৰিত্বৰ সম্পর্ক গঢ় লৈ উঠিছে৷ দুয়োখন দেশৰ মাজত দৃঢ় পাৰস্পৰিক বিশ্বাস, কৌশলগত স্বায়ত্বশাসনৰ নিয়ম মানি চলা, আন্তঃৰাষ্ট্ৰীয় আইন মানি চলাৰ ক্ষেত্রত প্ৰতিশ্ৰুতিবদ্ধ হোৱা, বিভিন্ন সংস্কাৰসাধন আৰু বহুপাক্ষিক ব্যৱস্থাপনাৰ জৰিয়তে এই অংশীদাৰিত্ব নিয়ন্ত্রিত হয়। দুয়োখন দেশেই গণতান্ত্রিক মূল্যবোধ, মৌলিক স্বাধীনতা, আইনৰ শাসন মানি চলা আৰু মানৱাধিকাৰৰ প্রতি সন্মান জনোৱাক লৈ প্ৰতিশ্ৰুতিবদ্ধ।

৩. মহামাৰীৰ পিছত বিশ্বত বিভিন্ন ভূ-ৰাজনৈতিক সংকটৰ মাজতে ভাৰত আৰু ফ্রান্সে বিভিন্ন বিষয়ত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে নিজৰ প্ৰতিশ্ৰুতি পুনৰ দোঁহাৰিছে৷ নতুন নতুন সমস্যাৰ মোকাবিলা কৰাৰ বাবে দুয়োখন দেশে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্রত অংশীদাৰিত্বক প্রসাৰিত কৰিছে।

ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চল

৪. ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলত শান্তি, সুস্থিতিৰতা আৰু সমৃদ্ধিৰ বাবে ভাৰত আৰু ফ্রান্সে গুৰুত্বপূর্ণ কৌশলগত অংশীদাৰিত্ব গঢ়ি তুলিছে। দুয়োখন দেশেই বিশ্বাস কৰে যে ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলত স্বাধীনভাবে আৰু নিয়ম মানি বিভিন্ন প্ৰচেষ্টা বাস্তবায়িত হ’ব৷ আন্তঃৰাষ্ট্ৰীয় আইন আৰু সার্বভৌমত্বৰ প্রতি সন্মান প্রদর্শন আৰু ভৌগোলিক অখণ্ডতা, সমুদ্রপথত চলাচলত স্বাধীনতা নিশ্চিত কৰা হ’ব৷ এই অঞ্চলক উত্তেজনা আৰু সংঘাতমুক্ত অঞ্চল হিচাপে গঢ়ি তুলিব লাগিব।

৫. ভাৰত-ফ্রান্স প্রতিৰক্ষা আৰু নিৰাপত্তা, ব্যৱসায়-বাণিজ্য, বিনিয়োগ, যোগাযোগ ব্যৱস্থা, স্বাস্থ্য আৰু সুস্থিতিৰতাৰ ক্ষেত্ৰত এখনে আনখন দেশৰ অংশীদাৰ৷ দ্বিপাক্ষিক সহযোগিতাৰ লগতে সমানে বিভিন্ন ৰাষ্ট্রৰ সৈতে অংশীদাৰিত্ব গঢ়ি তুলিবলৈ দুয়োখন দেশে প্ৰচেষ্টা হাতত লৈছে৷ ২০২২ৰ ফেব্রুৱাৰীত পেৰিছত ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলৰ সন্দৰ্ভত মন্ত্রী পর্যায়ৰ এখনি বৈঠক অনুষ্ঠিত হয়। সেইসময়ত সংশ্লিষ্ট অঞ্চলত সহযোগিতাৰ বাবে ইউৰোপীয় ইউনিয়নৰ কৌশল ৰূপায়ণৰ পদক্ষেপ লোৱা হয়।

৬. ভাৰত আৰু ফ্রান্সে ইউৰোপীয় ইউনিয়ন আৰু ভাৰতৰ মাজত পাৰস্পৰিক যোগাযোগ বজাই ৰাখি চলাৰ প্ৰতিশ্ৰুতি দোঁহাৰিছে৷ ২০২১ৰ মে’ মাহত পোর্তোত ভাৰত-ইইউ নেতৃবৃন্দৰ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি যোগাযোগ সংক্রান্তীয় অংশীদাৰিত্ব ৰূপায়ণৰ বাবে দুয়োখন দেশে একেলগে কাম কৰাৰ সিদ্ধান্ত লৈছে। বৰ্তমান ভাৰত-ইইউ বাণিজ্য আৰু প্রযুক্তি পৰিষদৰ শুভাৰম্ভ কৰা হৈছে। ইয়াৰ জৰিয়তে ব্যৱসায়-বাণিজ্য, প্রযুক্তি, নিৰাপত্তা, ভাৰত-ইইউৰ মাজত ব্যৱসায়-বাণিজ্য বিনিয়োগ আৰু ভৌগোলিক সূচক সংক্রান্তীয় আলোচনা আৰম্ভ কৰাৰ ক্ষেত্রত উচ্চপর্যায়ৰ সহযোগিতা নিশ্চিত হ’ব৷

ইউক্রেইন

৭. ইউক্রেইনত ৰুছ বাহিনীৰ অবৈধ আৰু অহেতুক আগ্রাসনক ফ্রান্সে পুনৰ গৰিহণা দিছে৷

৮. ইউক্রেইনত সংঘাত আৰু মানৱ সভ্যতাৰ সংকটৰ বিষয়ত ভাৰত আৰু ফ্রান্সে উদ্বেগ প্রকাশ কৰিছে। দেশখনত অসামৰিক লোকৰ মৃত্যুৰ বিষয়ত গৰিহণা দি দুয়োখন দেশে শীঘ্ৰে অস্ত্র বিৰতি কার্যকৰী কৰি দুয়োখন পক্ষক কূটনৈতিক আলোচনাত বহাৰ দাবী জনাইছে। ইয়াৰ জৰিয়তে সংশ্লিষ্ট অঞ্চলটোৰ জনতাৰ দুর্দশা দূৰ হ’ব। ৰাষ্ট্রসংঘৰ চনদ, আন্তঃৰাষ্ট্ৰীয় আইন, সার্বভৌমত্ব আৰু ৰাষ্ট্রসমূহৰ ভৌগোলিক অখণ্ডতাৰ প্রতি দুয়োখন দেশেই সন্মান প্রদর্শন কৰিছে। দুয়োগৰাকী নেতাই ইউক্রেইনত সংঘর্ষেৰফলত সৃষ্টি হোৱা আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিভিন্ন বিষয়ক লৈ মত বিনিময় কৰে আৰু এই ক্ষেত্রত পাৰস্পৰিক সহযোগিতা বৃদ্ধি কৰিব সহমত পোষণ কৰে৷

৯. ভাৰত আৰু ফ্রান্সে ক’ভিড-১৯ মহামাৰীৰ ফলত বিশ্বজুৰি খাদ্য নিৰাপত্তা বিঘ্নিত হোৱা আৰু অপুষ্টিৰ বিষয়ক লৈ উদ্বেগ প্রকাশ কৰিছে। ইয়াৰ প্রভাৱ উন্নয়নশীল ৰাষ্ট্রসমূহৰ ওপৰত পৰিছে। ইউক্রেইনত সৃষ্টি হোৱা পৰিস্থিতিৰ বাবে খাদ্য সংকট বৃদ্ধি হোৱাৰ যি আশংকাই দেখা দিছে তাৰ মোকাবিলা কৰিবলৈ দুয়োখন দেশে বহুস্তৰীয় ক্ষেত্রত সহযোগিতা বজাই ৰাখি চলাৰ সিদ্ধান্ত লৈছে। এই ক্ষেত্ৰত ফুড এণ্ড এগ্রিকালচাৰ ৰেজিলিয়েন্স মিচন (ফার্ম)ৰ দৰে প্ৰচেষ্টাৱলীক সহায় কৰিব লাগিব।

১০. আফগানিস্তানৰ প্ৰসংগত ভাৰত আৰু ফ্রান্সে দেশখনত মানৱীয় সংকট আৰু মানৱাধিকাৰ উলংঘনৰ বিষয়ত উদ্বেগ প্রকাশ কৰিছে। দুয়োখন দেশে আফগানিস্তানত শান্তিপূর্ণ আৰু সুস্থিৰ পৰিৱেশ গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। এই ক্ষেত্রত সার্বভৌমত্ব, ঐক্য, ভৌগোলিক অখণ্ডতা বজাই ৰাখি আফগানিস্তানৰ অভ্যন্তৰীণ বিষয়ত বাহিৰৰ কোনো দেশৰ হস্তক্ষেপ যাতে নহয়, সেই বিষয়টো নিশ্চিত কৰিব লাগিব। তেওঁলোকে আফগানিস্তানত এক সৰ্বাংগীন আৰু প্রতিনিধিত্বমূলক চৰকাৰ গঢ়াৰ আহ্বান জনায় যি চৰকাৰে আফগানিস্তানৰ মহিলা, শিশু আৰু সংখ্যালঘু সম্প্রদায়ৰ অধিকাৰ ৰক্ষাত সচেষ্ট হ’ব। দুয়োগৰাকী নেতাই ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ ২৫৯৩ (২০২১) সিদ্ধান্তৰ প্রতি আস্থা জ্ঞাপন কৰিছে আৰু আফগান ভূখণ্ডৰ পৰা যাতে পৃথিৱীৰ অন্য প্রান্তলৈ সন্ত্রাসবাদক সহায় কৰা নহয় তাৰ বাবে শূন্য সহনশীলতা নীতি মানি চলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ এই ক্ষেত্ৰত ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ সৈতে একেলগে কাম কৰাৰ ক্ষেত্রত দুয়োখন দেশে সহমতত উপনীত হয়৷

কৌশলগত সহযোগিতা


১১. প্রতিৰক্ষা খণ্ডত ক্রমৱর্ধমান সহযোগিতাক উভয় পক্ষই আদৰণি জনাইছে। শক্তি, বৰুণ, পেগাছে, ডেজার্ট নাইট, গৰুড়ৰ দৰে যুটীয়া অনুশীলনৰ জৰিয়তে দুয়ো বাহিনীৰ মাজত সমন্বয় আৰু অধিক বৃদ্ধিৰ প্রয়োজনীয় পদক্ষেপ লোৱা হ’ব। সামুদ্রিক ব্যৱসায়-বাণিজ্যত ভাৰত আৰু ফ্রান্সে আস্থাৰ নতুন স্তৰত উপনীত হৈছে। ভৱিষ্যতে ভাৰত মহাসাগৰত বিভিন্ন অনুশীলন আৰু যুটীয়া কাৰ্যসূচীৰ জৰিয়তে দুয়োখন দেশে সহযোগিতা আৰু অধিক বৃদ্ধি কৰিব৷

১২. উভয় পক্ষৰ মাজত পাৰস্পৰিক আস্থা বজাই ৰাখি ভাৰত আৰু ফ্রান্সে সামৰিক ক্ষেত্রত সহযোগিতা বজাই ৰখাৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে। মুম্বাইত এমডিএলত ৬টা স্কৰপেন ছাবমেৰিন নিৰ্মাণ কৰা হৈছে। ফ্রান্সৰ পৰা ইয়াৰ বাবে প্রয়োজনীয় প্রযুক্তি হস্তান্তৰ কৰা হৈছে। আনহাতে ইয়াৰ ফলত মেক ইন ইণ্ডিয়া কাৰ্যসূচী ৰূপায়ণৰ পথত আৰু এখোজ আগুৱাই যোৱাটো সম্ভৱ হ’ব। মহামাৰী সত্ত্বেও নির্দিষ্ট সময়ত ৰাফেল যুদ্ধ বিমান হস্তান্তৰ কৰা হৈছে। ইয়াৰ জৰিয়তে দুয়োখন দেশৰ মাজত প্রতিৰক্ষা ক্ষেত্রত সহযোগিতা বৃদ্ধি পাব। আত্মনির্ভৰ ভাৰত অভিযানত ফ্রান্সৰ আৰু অধিক অংশগ্রহণ নিশ্চিত কৰাৰ বাবে উন্নত প্রতিৰক্ষা প্রযুক্তি, উৎপাদন, ৰপ্তানিকে ধৰি বিভিন্ন ক্ষেত্রত উদ্যোগ সংস্থাসমূহৰ মাজত অংশীদাৰিত্ব বৃদ্ধি কৰিব লাগিব৷

১৩. বিগত ৬০বছৰ ধৰি প্রযুক্তি আৰু বিজ্ঞানৰ বিভিন্ন শাখাত দুয়োখন দেশৰ মাজত সহযোগিতাৰ এক ঐতিহ্য গঢ় লৈ উঠিছে৷ বর্তমান মহাকাশ ক্ষেত্রত নতুন নতুন প্ৰত্যাহ্বান দেখা যাচ্ছে। মহাকাশ যাতে সকলে ব্যৱহাৰ কৰিব পাৰে সেয়া নিশ্চিত কৰাৰ বাবে ভাৰত আৰু ফ্রান্সে মহাকাশৰ বিষয়ক লৈ এক দ্বিপাক্ষিক কৌশলগত আলোচনা আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে। এই আলোচনাত মহাকাশ আৰু প্রতিৰক্ষা সংস্থাসমূহৰ বিশেষজ্ঞসকলে মহাকাশত বিভিন্ন অভিযানৰ বাবে যিসমূহ নিৰাপত্তা আৰু অর্থনৈতিক প্ৰত্যাহ্বানে দেখা দিছে সেইবোৰৰ মোকাবিলা কৰাৰ বাবে আলোচনা কৰিব। ইয়াৰ জৰিয়তে মহাকাশকে ধৰি নতুন নতুন ক্ষেত্রত সহযোগিতাৰ পৰিৱেশ গঢ়ি উঠিব। উভয় পক্ষই চলিত বৰ্ষত এই সন্দৰ্ভত আলোচনা আৰম্ভ কৰাৰ ক্ষেত্রত সহমত পোষণ কৰিছে।

১৪. বিশ্বজুৰি ডিজিটেল পদ্ধতিত কাম-কাজ বৃদ্ধি পোৱাত ভাৰত আৰু ফ্রান্সে নিজ নিজ দেশৰ চাইবাৰ নিৰাপত্তা সংক্রান্তীয় সংস্থাসমূহৰ মাজত সহযোগিতা বৃদ্ধিৰ সিদ্ধান্ত লৈছে। চাইবাৰ সংক্রান্তীয় যিকোনো অপৰাধৰ মোকাবিলা কৰিবলৈ প্রয়োজনীয় নীতি অনুসৰণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াৰ জৰিয়তে শান্তিপূর্ণ, নিৰাপদ আৰু মুক্ত চাইবাৰ জগৎ গঢ়ি তোলাত দ্বিপাক্ষিক চাইবাৰ সংক্রান্তীয় আলোচনাৰ ব্যৱস্থা কৰা হ’ব।

১৫. উভয় পক্ষই তেওঁলোকৰ নতুন উদ্যোগ ব্যৱস্থাপনাক যুক্ত কৰিবলৈ কেতবোৰ প্ৰচেষ্টা আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে। এই ক্ষেত্ৰত চৰকাৰী-বেচৰকাৰী অংশীদাৰিত্বৰ সাফল্যৰ ওপৰত ভিত্তি কৰি জনতাৰ জীৱনযাত্রাৰ মান উন্নয়নৰ বাবে মুক্ত, সমন্বিত, উদ্ভাৱনমূলক প্ৰচেষ্টা গ্রহণত এটা প্রট’কল প্ৰস্তুত কৰিব লাগিব। পেৰিছত অনুষ্ঠিত ইউৰোপৰ বৃহত্তম ডিজিটেল মেলা ভিভাটেকত এইবছৰ ভাৰতে ‘বৰ্ষটোৰ শ্ৰেষ্ঠ দেশ’ৰ মর্যাদা পোৱাৰ দিশে অগ্ৰসৰ হৈছে।

১৬. চাইবাৰ নিৰাপত্তা আৰু ডিজিটেল প্রযুক্তিৰ ক্ষেত্রত ভাৰত আৰু ফ্রান্সে পৰিকল্পনা অনুসৰি বিভিন্ন সিদ্ধান্ত ৰূপায়ণ কৰিছে৷ দুয়োখন দেশে চি-ডিএচি আৰু এটিঅ’এছৰ মাজত ফলপ্রসূ সহযোগিতাৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ সহযোগিতা ভৱিষ্যতে আৰু অধিক বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে। এই প্ৰচেষ্টাৰ অধীনত ভাৰতত ছুপাৰ কম্পিউটাৰ নিৰ্মাণ কৰা হ’ব। ফাইভ-জি/ছিক্স-জি দূৰসংযোগ ব্যৱস্থাপনাক আৰু অধিক নিৰাপদ কৰি তুলিবলৈ উভয় পক্ষই একেলগে কাম কৰিব৷

১৭. জৈতাপুৰত কৌশলগত ইপিআৰ প্রকল্প সফল কৰিবলৈ উভয় পক্ষই তেওঁলোকৰ প্ৰতিশ্ৰুতি পুনৰ দোঁহাৰিছে। ইয়াৰ জৰিয়তে নির্ভৰযোগ্য, কম মূল্য আৰু কম কার্বন নিৰ্গমণ হয় তেনে ধৰণৰ শক্তি উৎপাদন কৰা হ’ব। বিগত মাহত এই প্রকল্পত যি সাফল্য অর্জন কৰিছে তাক উভয় পক্ষই আদৰণি জনাইছে। অনাগত দিনত এই সন্দৰ্ভত যোগাযোগ ৰাখি বিভিন্ন সিদ্ধান্ত লোৱা হ’ব।

১৮. ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলত ভাৰত আৰু ফ্রান্সৰ মাজত কৌশলগত অংশীদাৰিত্বত সন্ত্রাসবাদবিৰোধী কার্যকলাপ এক অতি গুৰুত্বপূর্ণ বিষয়। দুয়োখন দেশেই সন্ত্রাসবাদীৰ নকল যুদ্ধ আৰু সীমান্তৰ সীমান্তৰ সন্ত্ৰাসবাদীক সহায় কৰাৰ দৰে সমস্যাসমূহৰ তীব্র গৰিহণা দিছে। বিশ্বজুৰি সন্ত্ৰাসবাদীৰ তৎপৰতাৰ বিৰুদ্ধে তেওঁলোকে একেলগে কাম কৰিব৷ সন্ত্ৰাসবাদীসকলৰ অর্থ সাহায্য বন্ধ কৰা, সন্ত্রাসবাদৰ মোকাবিলা আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে প্রয়োজনীয় ব্যৱস্থা ল’বলৈ দুয়োখন দেশ একেলগে কাম কৰাৰ সিদ্ধান্ত লৈছে। ইণ্টাৰনেটৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ প্রয়োজনীয় ব্যৱস্থা লোৱা হ’ব। চলিত বৰ্ষত ভাৰতত ‘ন মানি ফৰ টেৰৰ’ শীর্ষক আন্তঃৰাষ্ট্ৰীয় সন্মিলন ভাৰতত অনুষ্ঠিত হ’ব। সন্মিলনখন সফল কৰি তুলিবলৈ উভয় পক্ষই সকলো ধৰণৰ সহযোগিতাৰ আশ্বাস দিছে।


জলবায়ুপৰিৱেশ অনুকূল ইন্ধন আৰু বহনক্ষম উন্নয়ন

১৯. পেৰিছ চুক্তিক বাস্তবায়িত কৰাৰ ৭ বছৰ পাছত আৰু আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ শুভাৰম্ভ কৰাৰ জৰিয়তে ভাৰত আৰু ফ্রান্সে জলবায়ু পৰিৱর্তন সংক্রান্তীয় সমস্যাৰ সমাধানত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপত নবীকৰণযোগ্য ইন্ধন অত্যন্ত গুৰুত্বপূর্ণ। ভাৰত আৰু ফ্রান্সে আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ ক্ষেত্রত তেওঁলোকৰ সহযোগিতা বজাই ৰখাৰ সিদ্ধান্ত লৈছে। জি৭কে ধৰি যিকোনো বৈঠকত দুয়োখন দেশে একেলগে কাম কৰিব৷ জলবায়ু পৰিৱর্তনৰ ফলত সৃষ্টি হোৱা সমস্যাৰ সমাধান কৰাৰ বাবে ভাৰত আৰু ফ্রান্সে যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ইয়াৰ অধীনত ভাৰত পৰিৱেশ অনুকূল হাইড্র’জেন হাব গঢ দিয়া হ’ব। উভয় পক্ষই কার্বন নিৰ্গমণ দূৰ কৰিবলৈ তেওঁলোকৰ সহযোগিতা বজাই ৰখাৰ সিদ্ধান্ত লৈছে। দুয়োপক্ষই সৌৰশক্তিৰ উৎপাদনত তেওঁলোকৰ ক্ষমতা বৃদ্ধিৰ বাবে উদ্যোগ সংস্থাসমূহৰ মাজত অংশীদাৰিত্ব গঢ়ি তোলাত সহমতত উপনীত হৈছে। তদুপৰি, হাইড্র’জেন ইন্ধনৰ ব্যৱহাৰ বৃদ্ধিৰ নির্দিষ্ট পদ্ধতি প্ৰস্তুত কৰা হ’ব।

২০. ভাৰত আৰু ফ্রান্সে ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলত বহনক্ষম অর্থনীতিৰ বাবে এএফডি আৰু ইণ্ডিয়া এক্সিম বেংকৰ প্ৰচেষ্টাৰ আদৰণি জনাইছে। ‘ভাৰত-প্ৰশান্ত মহাসাগৰীয় উদ্যান অংশীদাৰিত্ব’ প্ৰচেষ্টা গ্রহণ কৰা হৈছে। ইয়াৰ ফলত সংশ্লিষ্ট অঞ্চলত সংৰক্ষিত স্থানত আৰু প্রাকৃতিক উদ্যানসমূহত দুয়োখন দেশে বহনক্ষম বিভিন্ন উদ্যোগত অন্তৰ্ভূক্ত হ’ব।

২১. ভাৰত আৰু ফ্রান্সে প্লাষ্টিকৰ ফলত সৃষ্টি হোৱা পৰিৱেশ প্ৰদূষণ প্রতিৰোধ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত ইউএনইএৰ প্রচেষ্টাৰ সৈতে দুয়োখন দেশেই জড়িত৷ প্লাষ্টিক প্ৰদূষণ ৰোধ কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় আইন প্রয়োগৰ জৰিয়তে প্লাষ্টিকৰ সামগ্ৰী সম্পূর্ণ ব্যৱহাৰৰ বিৰুদ্ধে গুৰুত্ব আৰোপ কৰা হৈছে৷ প্লাষ্টিকৰ বাবে সৃষ্টি হোৱা প্ৰদূষণ ৰোধত এটা কঠোৰ ব্যৱস্থাপনা গ্রহণত ভাৰত আৰু ফ্রান্সে একেলগে কাম কৰিব৷ সেয়েহে এই ক্ষেত্ৰত জাতীয় প্রেক্ষাপটসমূহ বিবেচনা কৰা হ’ব। প্লাষ্টিক প্ৰদূষণ প্রতিহত কৰিবলৈ উভয় পক্ষই স্বেচ্ছাই বিভিন্ন পদক্ষেপ গ্রহণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

২২. ভাৰতৰ চহৰাঞ্চলৰ বহনক্ষম উন্নয়ন, জৈৱ-বৈচিত্র্য ৰক্ষা, ইন্ধনৰ ব্যৱহাৰ পৰিৱর্তনকে ধৰি জলবায়ু সংক্রান্তীয় বিভিন্ন প্রকল্পত এএফডি আৰু অন্যান্য গোষ্ঠীসমূহৰ অংশগ্রহণক ভাৰত আৰু ফ্রান্সে আদৰণি জনাইছে।

২৩. নীলা অৰ্থনীতি আৰু মহাসাগৰীয় অঞ্চলৰ প্রশাসনিক ব্যৱস্থাপনাত যি দ্বিপাক্ষিক পৰিকল্পনা গ্রহণ কৰা হৈছে সেয়া ৰূপায়ণত গতি আনিবলৈ ভাৰত আৰু ফ্রান্সে সন্তোষ প্রকাশ কৰিছে।

২৪. সমুদ্রৰ জৈৱ-বৈচিত্র্যক সংৰক্ষণ কৰা আৰু ইয়াৰ বহনক্ষম ব্যৱহাৰৰ লক্ষ্যৰে যি আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাপনা ইউএনচিএলঅ’এছৰ অধীনত গঢ় লৈ উঠিছে, সেইটোক ভাৰত আৰু ফ্রান্সে পূর্ণ সমর্থন জনাইছে৷ ইয়াৰ ফলত যিকোনো ৰাষ্ট্রৰ এক্টিয়াৰভুক্ত অঞ্চলৰ বাহিৰত গভীৰ সমুদ্রত জৈৱ বৈচিত্র্য ৰক্ষা কৰা নিশ্চিত হয়।

২৫. জি-২০ গোষ্ঠীভুক্ত দেশসমূহৰ মাজত নিবিড় সহযোগিতা গঢ়ি তোলাৰ ক্ষেত্ৰত উভয় পক্ষই সহমত পোষণ কৰিছে। ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী সদস্য হিচাপে আৰু নিউক্লিয়াৰ চাপ্লাইজ গ্রুপৰ সদস্য হোৱাৰ ভাৰতৰ দাবীক ফ্রান্সে পুনৰবাৰ সমর্থন জনাইছে।

২৬. এখন দেশৰ পৰা অন্য দেশলৈ অহা-যোৱাৰ ক্ষেত্রত যি অংশীদাৰিত্বৰ চুক্তি বাস্তবায়িত হৈছে, সেয়া মানি চলাৰ ক্ষেত্রত ভাৰত আৰু ফ্রান্সে প্ৰতিশ্ৰুতিবদ্ধ হৈছে। এই চুক্তি ২০২১ৰ ১ অক্টোবৰৰ পৰা কার্যকৰী হৈছে।

২৭. ছাত্র-ছাত্রী, বৃত্তিধাৰী আৰু দক্ষ কর্মীসকলে যাতে এখন দেশৰ পৰা আনখন দেশলৈ আৰু অধিক হাৰত অহা-যোৱা কৰিব পাৰে সেই ক্ষেত্রত উভয় পক্ষই একেলগে কাম কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ ফলত এখন দেশৰ পৰা আন এখন দেশলৈ অনিয়ন্ত্রিতভাবে যোৱাৰ সমস্যা সমাধান হ’ব৷ দুয়োখন দেশৰ ছাত্র-ছাত্রীসকলৰ অহা-যোৱাৰ সুবিধাৰ কথা উল্লেখ কৰি ফ্রান্সে ২০২৫ চনত ভিতৰত ২০ হাজাৰ ভাৰতীয় শিক্ষাৰ্থীক সেই দেশলৈ যোৱাৰ অনুমতি প্ৰদান কৰিছে। ইয়াৰ ফলত দুয়োখন দেশৰ মাজত ব্যৱসায়-বাণিজ্য, ষ্টার্টআপ আৰু উদ্ভাৱন ক্ষেত্রত নতুন নতুন সুযোগ সৃষ্টি হ’ব।

২৮. কলা আৰু সংস্কৃতিত দুয়োখন দেশৰ পাৰস্পৰিক আগ্রহ উল্লেখযোগ্যভাবে বৃদ্ধি পাইছে। বিভিন্ন উৎসৱ আৰু কাৰ্যসূচীত দুয়োখন দেশৰ শিল্পীসকলে একেলগে কাম কৰিবলৈ আগ্রহী। ভাৰতৰ ৭৫সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ অংশ হিচাপে চলিত বৰ্ষৰ মার্চ মাহৰ পৰা বনজৌৰ ইণ্ডিয়া মহোৎসৱৰ জৰিয়তে দেশৰ বিভিন্ন প্রান্তত বৰ্ণাঢ্য অনুষ্ঠানৰ আয়োজন কৰা হৈছে। প্ৰথমবাৰলৈ ভাৰতে নমস্তে ফ্রান্স মহোৎসৱৰ আয়োজন কৰিছে। ২০২২ৰ পেৰিছ গ্ৰন্থ মেলায় গেষ্ট অফ অনাৰ হিচাপে ভাৰতে অংশ লৈছে। একেদৰে নতুন দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় গ্ৰন্থমেলাত ফ্রান্সে গেষ্ট অফ অনাৰ হিচাপে অংশগ্ৰহণ কৰিব৷

২৯. ২০২০চনৰ ২৮ জানুৱাৰীত সংগ্রহালয় আৰু ঐতিহ্য সংৰক্ষণৰ বাবে স্বাক্ষৰিত ইচ্ছাপত্রৰ জৰিয়তে ভাৰত আৰু ফ্রান্সে বিভিন্ন সম্ভাৱনাক কাম লগাব। দিল্লীত এক নতুন ৰাষ্ট্ৰীয় সংগ্রহালয় নিৰ্মাণত ফ্রান্স সহায় কৰিব৷

৩০. ৰাষ্ট্রপতি মেক্ৰ’ক সুবিধা হ’লে ভাৰতলৈ অহাৰ বাবে প্রধানমন্ত্রী আমন্ত্রণ জনাইছে৷ ভাৰত ভ্ৰমণকালত তেওঁলোকে সহযোগিতাৰ বিভিন্ন বিষয়ক লৈ বিস্তৃতভাৱে আলোচনা কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
DBT transfers top Rs 2 lakh crore so far in FY27

Media Coverage

DBT transfers top Rs 2 lakh crore so far in FY27
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends greetings on Samvatsari
September 15, 2026

The Prime Minister, Shri Narendra Modi, has extended his greetings to the people on the sacred occasion of Samvatsari. Shri Modi said that Samvatsari reminds us that forgiveness and compassion strengthen every bond. He called upon everyone to embrace humility and let kindness and goodwill guide their actions.

The Prime Minister posted on X:

Samvatsari reminds us that forgiveness and compassion strengthen every bond.

On this sacred occasion, may humility guide us and may kindness and goodwill shape our every action.

Michhami Dukkadam!