প্ৰধানমন্ত্ৰীয়ে আয়ুস খণ্ডৰ বিস্তৃত পৰ্য্যালোচনা আৰু ইয়াৰ সম্পূৰ্ণ সম্ভাৱনাক ব্যৱহাৰ কৰিবলৈ কৌশলগত হস্তক্ষেপৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে
প্ৰধানমন্ত্ৰীয়ে বিশ্বজুৰি আয়ুষৰ গ্ৰহণযোগ্যতা বৃদ্ধি আৰু ইয়াৰ বহনক্ষম উন্নয়নক আগুৱাই নিয়াৰ সম্ভাৱনা সম্পৰ্কে আলোচনা কৰে
প্ৰধানমন্ত্ৰীয়ে নীতিগত সমৰ্থন, গৱেষণা আৰু উদ্ভাৱনৰ জৰিয়তে আয়ুষ খণ্ডক সুদৃঢ়কৰণৰ বাবে চৰকাৰৰ অংগীকাৰৰ কথা পুনৰবাৰ উল্লেখ কৰে
প্ৰধানমন্ত্ৰীয়ে যোগ, নেছাৰ’পেথী আৰু ফাৰ্মাচী খণ্ডত সামগ্ৰিক আৰু সংহত স্বাস্থ্য তথা মানক প্ৰট’কলক প্ৰসাৰিতকৰণৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭ লোক কল্যাণ মাৰ্গত আয়ুষ খণ্ডৰ পৰ্য্যালোচনাৰ বাবে এখনি উচ্চ-পৰ্য্যায়ৰ বৈঠকত পৌৰহিত্য কৰি সামগ্ৰিক সুস্থতা আৰু স্বাস্থ্যসেৱা, পৰম্পৰাগত জ্ঞানৰ সংৰক্ষণ আৰু ৰাষ্ট্ৰৰ সুস্থতা ব্যৱস্থাত অৰিহণা যোগোৱাৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকাত আলোকপাত কৰে।

২০১৪ত আয়ুষ মন্ত্ৰালয় প্ৰতিষ্ঠাৰেপৰা প্ৰধানমন্ত্ৰীয়ে ইয়াৰ বিস্তৃত সম্ভাৱনাক স্বীকৃতি জনাই ইয়াৰ বিকাশৰ বাবে এক স্পষ্ট ৰোডমেপৰ পৰিকল্পনা কৰিছে। খণ্ডটোৰ অগ্ৰগতিৰ এক বিস্তৃত পৰ্য্যালোচনাত প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াৰ সম্পূৰ্ণ সম্ভাৱনাক ব্যৱহাৰ কৰিবলৈ কৌশলগত হস্তক্ষেপৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। এই পৰ্য্যালোচনাত পদক্ষেপসমূহক সুশৃংখলিতকৰণ, সম্পদসমূহক অনুকূলকৰণ আৰু আয়ুষৰ বিশ্বজুৰি উপলব্ধতাৰ বৰ্ধনৰ বাবে এক দূৰদৰ্শী পথ নিৰ্ধাৰণত গুৰুত্ব আৰোপ কৰা হয়।

পৰ্য্যালোচনা বৈঠকত প্ৰধানমন্ত্ৰীগৰাকীয়ে এই খণ্ডৰ উল্লেখযোগ্য অৱদানত গুৰুত্ব আৰোপ কৰে। ইয়াত প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাক প্ৰসাৰিতকৰণ, ঔষধি উদ্ভিদৰ কৃষিৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতিৰ বৰ্ধন, পৰম্পৰাগত চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত ভাৰতৰ বৈশ্বিক স্থানৰ উন্নীতকৰণ আদি ভূমিকাও অন্তৰ্ভুক্ত হৈছে। তেখেতে এই খণ্ডটোৰ স্থিতিস্থাপকতা আৰু বিকাশত আলোকপাত কৰে, বিশ্বজুৰি ইয়াৰ ক্ৰমবৰ্ধমান গ্ৰহণযোগ্যতা আৰু বহনক্ষম উন্নয়ন তথা নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত ইয়াৰ সম্ভাৱনাৰ কথা উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে চৰকাৰ নীতিগত সমৰ্থন, গৱেষণা আৰু উদ্ভাৱনৰ জৰিয়তে আয়ুস খণ্ডক সুদৃঢ়কৰণৰ বাবে অংগীকাৰবদ্ধ। তেখেতে যোগ, নেছাৰ’পেথী আৰু ফাৰ্মাচী খণ্ডত সামগ্ৰিক আৰু সংহত স্বাস্থ্য তথা মানক প্ৰট’কলক প্ৰসাৰিতকৰণৰ প্ৰয়োজনীয়তাতো গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰৰ ভিন্ন খণ্ডৰ সকলো কাম-কাজত স্বচ্ছতা অক্ষুণ্ণ থাকিব লাগিব। তেখেতে সকলো অংশীদাৰকে সততাৰ সৰ্বোচ্চ মানদণ্ড অক্ষুণ্ণ ৰাখিবলৈ নিৰ্দেশনা প্ৰদান কৰে, যাতে তেওঁলোকৰ কাৰ্য্যপন্থা কেৱল আইনৰ শাসনৰদ্বাৰা পৰিচালিত হয় আৰু জনসাধাৰণৰ মংগলৰ বাবে হয়।

আয়ুষ খণ্ড দ্ৰুতগতিত ভাৰতৰ স্বাস্থ্যসেৱা বাতাবৰণত এক চালিকা শক্তিলৈ বিকশিত হৈছে। শিক্ষা, গৱেষণা, জনস্বাস্থ্য, আন্তঃৰাষ্ট্ৰীয় সহযোগিতা, বাণিজ্য, ডিজিটেলাইজেচন আৰু বিশ্ব সম্প্ৰসাৰণৰ ক্ষেত্ৰত উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জন কৰিছে। চৰকাৰৰ প্ৰচেষ্টাৰ জৰিয়তে এই খণ্ডই কেইবাটাও গুৰুত্বপূৰ্ণ সাফল্য লাভ কৰিছে, বৈঠকত এই সম্পৰ্কে প্ৰধানমন্ত্ৰীগৰাকীক অৱগত কৰা হয়।

• আয়ুস খণ্ডই ব্যাপক অৰ্থনৈতিক বিকাশ প্ৰদৰ্শন কৰে, ২০১৪ত উৎপাদন বজাৰৰ আকাৰ ২.৮৫ বিলিয়ন মাৰ্কিন ডলাৰৰপৰা ২০২৩ত ২৩ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি পাইছে।

• প্ৰমাণ-ভিত্তিক পৰম্পৰাগত চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত ভাৰতে নিজকে বিশ্বৰ আগশাৰীৰ দেশ হিচাপে প্ৰতিষ্ঠা কৰিছে, আয়ুষ গৱেষণা পৰ্টেলত এতিয়া ৪৩,০০০ৰো অধিক অধ্যয়ন আছে।

• যোৱা ১০ বছৰৰ গৱেষণামূলক প্ৰকাশনে পূৰ্বৰ ৬০ বছৰৰ প্ৰকাশনক অতিক্ৰম কৰিছে।

• আয়ুষ ভিছাই চিকিৎসা পৰ্যটনক অধিক উন্নীত কৰিব, সামগ্ৰিক স্বাস্থ্যসেৱাৰ সমাধান বিচৰা আন্তঃৰাষ্ট্ৰীয় ৰোগীসকলক আকৰ্ষণ কৰিব।

• ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰধান প্ৰতিষ্ঠানসমূহৰ সৈতে সহযোগিতাৰে আয়ুষ খণ্ডই উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে।

• আয়ুষ গ্ৰীডৰ অধীনত আন্তঃগাঁথনি শক্তিশালী আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ একত্ৰীকৰণত নৱীকৃত মনোনিৱেশ কৰা হৈছে।

• যোগৰ প্ৰসাৰৰ বাবে ডিজিটেল প্ৰযুক্তিৰ প্ৰয়োগ কৰিব লাগিব।

• iGot প্লেটফৰ্মত অধিক সামগ্ৰিক ৱাই-ব্ৰেক যোগ উপলব্ধ হ’ব

• গুজৰাটৰ জামনগৰত ডব্লিউএইচঅ’ৰ গ্ল’বেল ট্ৰেডিচনেল মেডিচিন চেন্টাৰ স্থাপন কাৰ্য্য এক উল্লেখযোগ্য কৃতিত্ব, যিয়ে পৰম্পৰাগত চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত ভাৰতৰ নেতৃত্বক সুদৃঢ় কৰি তুলিছে।

• বিশ্ব স্বাস্থ্য সংস্থাৰ আন্তঃৰাষ্ট্ৰীয় ৰোগ শ্ৰেণীবিভাজন (ICD)-১১ ত পৰম্পৰাগত চিকিৎসাক অন্তৰ্ভুক্তি।

• এই খণ্ডৰ আন্তঃগাঁথনি আৰু উপলব্ধতাৰ বৰ্ধনত ৰাষ্ট্ৰীয় আয়ুষ মিছনে এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

• ২০২৪ৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস (IDY)ত ২৪.৫২ কোটিৰো অধিক লোকে অংশগ্ৰহণ কৰিছিল, যি এতিয়া এক বিশ্বজোৰা উপলক্ষত পৰিণত হৈছে।

• আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস (IDY), ২০২৫ অৰ্থাৎ ইয়াৰ দশম বৰ্ষত সমগ্ৰ বিশ্বৰ লোকৰ অধিক অংশগ্ৰহণেৰে এক উল্লেখযোগ্য মাইলৰ খুঁটি স্থাপন হ’ব।

এই বৈঠকত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী শ্ৰী জগত প্ৰকাশ নাড্ডা, আয়ুষ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (IC) তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী প্ৰতাপৰাও যাদৱ, প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ডঃ পি. কে. মিশ্ৰ, প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব-২ শ্ৰী শক্তিকান্ত দাস, প্ৰধানমন্ত্ৰীৰ উপদেষ্টা শ্ৰী অমিত খাৰে আৰু জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
1 in 4 iPhones are now made in India as Apple ramps up production by 53 per cent

Media Coverage

1 in 4 iPhones are now made in India as Apple ramps up production by 53 per cent
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 11 মাৰ্চ 2026
March 11, 2026

From Silent Medical Revolution to Global Manufacturing Hub: Salute to PM Modi's Relentless Push for a Stronger, Self-Reliant India