প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ২৬ ডিচেম্বৰত দিনৰ প্ৰায় ১২.১৫ বজাত  নতুন দিল্লীৰ ভাৰত মণ্ডপমত ‘বীৰ বাল দিৱস’ উপলক্ষে আয়োজিত ৰাষ্ট্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে সমাৱেশকো সম্বোধন কৰিব।

বীৰ বাল দিৱস উপলক্ষে ভাৰত চৰকাৰে চাহিবজাদাসকলৰ অসাধাৰণ সাহস আৰু সৰ্বোচ্চ ত্যাগৰ বিষয়ে নাগৰিকসকলক অৱগত কৰোৱাৰ উদ্দেশ্যৰে সমগ্ৰ দেশতে ভাৰতৰ ইতিহাসৰ যুৱ নায়কসকলৰ অদম্য সাহস, ত্যাগ আৰু বীৰত্বক সন্মান আৰু স্মৰণ কৰাৰ উদ্দেশ্যৰে অংশগ্ৰহণমূলক কাৰ্যসূচীৰ আয়োজন কৰিছে। এই কাৰ্যসূচীসমূহৰ ভিতৰত থাকিব কাহিনী বৰ্ণনাৰ অধিৱেশন, আবৃত্তি, পোষ্টাৰ প্ৰস্তুতকৰণ আৰু ৰচনা-লিখন প্ৰতিযোগিতা আদি। এইবোৰ বিদ্যালয়, শিশু যত্ন প্ৰতিষ্ঠান, অঙ্গনৱাড়ী কেন্দ্ৰ আৰু অন্যান্য শৈক্ষিক মঞ্চৰ লগতে মাই গভ আৰু মাই ভাৰত প’ৰ্টেলত অনলাইন কাৰ্যকলাপৰ জৰিয়তে অনুষ্ঠিত কৰা হ’ব।

২০২২ চনৰ ৯ জানুৱাৰীত শ্ৰী গুৰু গোবিন্দ সিং জীৰ প্ৰকাশ পুৰব উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে ২৬ ডিচেম্বৰৰ দিনতো 'বীৰ বাল দিৱস' হিচাপে পালন কৰা হ'ব, যাৰ জৰিয়তে শ্ৰী গুৰু গোবিন্দ সিং জীৰ পুত্ৰ শ্বহীদ চাহিবজাদাস বাবা জোৰাৱাৰ সিং জী আৰু শ্বহীদ বাবা ফতেহ সিং জীক স্মৰণ কৰা হ'ব, যাৰ অতুলনীয় ত্যাগে প্ৰজন্মসমূহক অনুপ্ৰাণিত কৰি আহিছে।

প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বল পুৰস্কাৰ (পি এম আৰ বি পি)ৰ বঁটা বিজয়ীসকলো এই কাৰ্যসূচীত উপস্থিত থাকিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways to roll out the first rake of 20 LHB coaches for Bangladesh Railway on August 12

Media Coverage

Indian Railways to roll out the first rake of 20 LHB coaches for Bangladesh Railway on August 12
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 আগষ্ট 2026
August 12, 2026

India Rising on Every Front: Economic Strength, Global Recognition & Self-Reliance Under PM Modi’s Vision