প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৩৬সংখ্যক প্ৰগতি বৈঠকৰ অধ্যক্ষতা কৰে।

বৈঠকত পৰ্যালোচনাৰ বাবে ১০টা বিষয় গ্ৰহণ কৰা হয়। ইয়াৰ ভিতৰত আছিল পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়, ৰেলৱে’ মন্ত্ৰালয়, শক্তি মন্ত্ৰালয়, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয় আৰু গৃহ মন্ত্ৰালয়ৰ বিভিন্ন প্ৰকল্প। ৪৪,৫৪৫ কোটি টকা ব্যয় সাপেক্ষ এই ৮টা প্ৰকল্পৰ কাম চলি আছে পশ্চিম বংগ, অসম, তামিলনাডু, ওড়িশা, ঝাৰখণ্ড, ছিকিম, উত্তৰ প্ৰদেশ, মিজোৰাম, গুজৰাট, মধ্য প্ৰদেশ, বিহাৰ আৰু মেঘালয়।

একাংশ প্ৰকল্পৰ ৰূপায়নত বিলম্ব হোৱাত উদ্বিগ্নতা ব্যক্ত কৰি প্ৰধানমন্ত্ৰীয়ে বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে যে আধৰুৱা হৈ থকা সকলো প্ৰকল্প এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সম্পূৰ্ণ হ’ব লাগিব।

মতবিনিময়ত প্ৰধানমন্ত্ৰীয়ে এবাৰ ব্যৱহৃত প্লাষ্টিক পৰিহাৰৰ বাবে মুকলি কৰা কাৰ্যসূচী পৰ্যালোচনা কৰে। প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা সম্পৰ্কীয় অভাৱ-অভিযোগসমূহৰো তেওঁ বুজ লয়। প্ৰধানমন্ত্ৰীয়ে সকলো বিষয়াক আহ্বান জনায় যে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মাণ হোৱা পথসমূহৰ মানদণ্ড যাতে উন্নত হয়, তাৰ প্ৰতি তেওঁলোকে বিশেষভাৱে মনোযোগ দিয়া উচিত।

বিগত ৩৫খন প্ৰগতি বৈঠকত প্ৰায় ১৩.৬০ লাখ কোটিৰ ব্যয় সাপেক্ষ ২৯০টা প্ৰকল্প, ৫১টা প্ৰ’গ্ৰেম/আঁচনি আৰু ১৭টা বিভিন্ন খণ্ডৰ সৈতে জড়িত অভাৱ-অভিযোগৰ পৰ্যালোচনা কৰিছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Budget 2026 aims to build job-ready, formal talent base, say experts

Media Coverage

Budget 2026 aims to build job-ready, formal talent base, say experts
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 3 ফেব্ৰুৱাৰী 2026
February 03, 2026

Modi Hai Toh Mumkin Hai: India Gains Competitive Boost in US Market, Slamming Doubters