On October 3, 2014, on the auspicious day of Vijay Dashami, we started the journey of 'Mann Ki Baat': PM Modi
‘Mann Ki Baat’ has become a festival of celebrating the goodness and positivity of the fellow citizens: PM Modi
The issues which came up during 'Mann Ki Baat' became mass movements: PM Modi
For me, 'Mann Ki Baat' has been about worshiping the qualities of the countrymen: PM Modi
'Mann Ki Baat' gave a platform to me to connect with the citizens of our country: PM Modi
Thank the colleagues of All India Radio who record ‘Mann Ki Baat’ with great patience. I am also thankful to the translators, who translate 'Mann Ki Baat' into different regional languages: PM Modi
Grateful to Doordarshan, MyGov, electronic media and of course, the people of India, for the success of ‘Mann Ki Baat’: PM Modi

মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ। আজি হ’ল 'মন কী বাত'ৰ শততম খণ্ড। মই আপোনালোক সকলোৰে পৰা হাজাৰ হাজাৰ চিঠি পাইছো, লাখ লাখ বাৰ্তা... আৰু মই যিমান সম্ভৱ সিমানবোৰ চিঠি পঢ়িবলৈ চেষ্টা কৰিছো, সেইবোৰ চাইছো আৰু বাৰ্তাবোৰ অলপ বুজিবলৈ চেষ্টা কৰিছো। বহুবাৰ আপোনালোকৰ চিঠিবোৰ পঢ়ি থাকোঁতে, মই আৱেগিক হৈ পৰিছিলো,মন আৱেগেৰে ভৰি পৰিছিল আৰু তাৰ পিছত নিজকে চম্ভালি লৈছিলো। আপোনালোকে মোক 'মন কী বাত'ৰ ১০০তম খণ্ডৰ বাবে অভিনন্দন জনাইছে, কিন্তু মই মোৰ হৃদয়ৰ পৰা কওঁ,... দৰাচলতে, আপোনালোক সকলোৱে, 'মন কী বাত'ৰ শ্ৰোতাসকল, আমাৰ দেশবাসীসকল অভিনন্দনৰ যোগ্য। 'মন কী বাত' হৈছে কোটি কোটি ভাৰতীয়ৰ 'মন কী বাত', এয়া তেওঁলোকৰ অনুভূতিৰ অভিব্যক্তি।

বন্ধুসকল, ২০১৪ চনক অক্টোবৰৰ ৩ তাৰিখে বিজয়া দশমীৰ উৎসৱ আছিল আৰু আমি সকলোৱে একেলগে বিজয়া দশমীৰ দিনা 'মন কী বাত'ৰ যাত্ৰা আৰম্ভ কৰিছিলো। বিজয়া দশমী হৈছে অনীতিৰ ওপৰত নীতিৰ বিজয়ৰ উৎসৱ। 'মন কী বাত' দেশবাসীৰ মংগলময়তা আৰু ইতিবাচকতাৰ এক অনন্য উৎসৱ হৈ পৰিছে। প্ৰতি মাহে এই উৎসৱ, আমি সকলোৱে আগ্ৰহেৰে ইয়াৰ অপেক্ষা কৰি আছো। আমি ইয়াত ইতিবাচকতা উদযাপন কৰো। আমি ইয়াত জনসাধাৰণৰ অংশগ্ৰহণো উদযাপন কৰো। কেতিয়াবা বিশ্বাস কৰা কঠিন হয় যে 'মন কী বাত' আৰম্ভ হোৱাৰ ইমান মাহ, ইমান বছৰ পাৰ হৈ গৈছে। প্ৰতিটো খণ্ডই একোটা অনন্য খণ্ড আছিল। প্ৰতিবাৰেই, নতুন উদাহৰণৰ নতুনত্ব, প্ৰতিবাৰেই দেশবাসীৰ নতুন সফলতাৰ সম্প্ৰসাৰণ। 'মন কী বাত'ত দেশৰ প্ৰতিটো প্ৰান্তৰ লোকসকলে যোগদান কৰিছিল। বেটি বচাও বেটি পঢ়াও বা স্বচ্ছ ভাৰত আন্দোলন, খাদীৰ প্ৰতি প্ৰেম বা প্ৰকৃতিৰ বিষয়েই হওক, আজাদী কা অমৃত মহোৎসৱ হওক বা অমৃত সৰোবৰেই হওক, যি বিষয়ৰ সৈতে 'মন কী বাত' জড়িত হৈছিল, প্ৰতিটোৱেই এক গণ আন্দোলনলৈ পৰিণত হৈছিল আৰু আপোনালোকে এয়া সম্ভৱ কৰি তুলিছে। যেতিয়া মই তদানীন্তন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি বাৰাক অ'বামাৰ সৈতে যুটীয়াভাৱে 'মন কী বাত' ভাগ-বতৰা কৰিছিলো, সমগ্ৰ বিশ্বতে ই চৰ্চাৰ বিষয় হৈ পৰিছিল।

বন্ধুসকল, মই, 'মন কী বাত'ক আনৰ গুণাগুণবোৰৰ উপাসনা কৰাৰ দৰে বিবেচনা কৰো। মোৰ এজন গাইড আছিল - শ্ৰী লক্ষ্মণৰাও জী ইনামদাৰ। আমি তেওঁক ৱকীল চাহেব বুলি সম্বোধন কৰিছিলো। তেওঁ সদায় কৈছিল যে আমি আনৰ গুণাগুণৰ উপাসনা কৰা উচিত। আপোনাৰ সৈতে যিয়েই মুখামুখি নহওক কিয়, আপোনাৰ সপক্ষে হওক বা আপোনাৰ প্ৰতিদ্বন্দী হওক, আমি তেওঁলোকৰ ভাল গুণবোৰৰ বিষয়ে জানিবলৈ চেষ্টা কৰা উচিত আৰু তেওঁলোকৰ পৰা শিকা উচিত। তেওঁৰ এই বিশেষত্বটোৱে মোক সদায় অনুপ্ৰাণিত কৰি আহিছে। 'মন কী বাত' আনৰ গুণাগুণৰ পৰা শিকাৰ বাবে এক মহান মাধ্যম হৈ পৰিছে।

মোৰ মৰমৰ দেশবাসীসকল, এই কাৰ্যসূচীয়ে মোক কেতিয়াও আপোনালোকৰ পৰা দূৰত ৰখা নাই। মোৰ মনত আছে, যেতিয়া মই গুজৰাটৰ মুখ্যমন্ত্ৰী আছিলোঁ, তেতিয়া তাত থকা সাধাৰণ লোকসকলক লগ কৰা আৰু বাৰ্তালাপ কৰাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া আছিল। মুখ্যমন্ত্ৰীৰ কাম আৰু কাৰ্যকাল এনেকুৱা..., একেসময়তে বহুতো সুযোগ আহে। কিন্তু ২০১৪ চনত দিল্লীলৈ অহাৰ পিছত, মই দেখিছিলো যে ইয়াত জীৱন বহুত বেলেগ আছিল। কামৰ প্ৰকৃতি পৃথক, দায়িত্ব পৃথক, পৰিস্থিতি, সুৰক্ষাৰ কঠোৰতা আৰু সময় সীমাৰ দ্বাৰা আৱদ্ধ। প্ৰাৰম্ভিক দিনবোৰত, কিবা এটা বেলেগ অনুভৱ হৈছিল, এটা শূন্যতা আহি পৰিছিল। পঞ্চাশ বছৰ আগতে, মই কেৱল মোৰ নিজৰ দেশৰ লোকসকলৰ সৈতে যোগাযোগ কৰাটো কঠিন হ'ব, এই ভাবি মোৰ ঘৰ এৰি যোৱা নাছিলো । সেই দেশবাসী যি মোৰ সকলো,... মই তেওঁলোকৰ পৰা পৃথক হৈ থাকিব নোৱাৰিলো। 'মন কী বাত'য়ে মোক এই প্ৰত্যাহ্বানৰ সমাধান দিছিল, সাধাৰণ মানুহৰ সৈতে সংযোগ স্থাপনৰ এটা উপায় দিছিল। পদ আৰু প্ৰটোকল প্ৰণালীটোত সীমাৱদ্ধ হৈ থাকিল আৰু কোটি কোটি লোকৰ অনুভূতি মোৰ আভ্যন্তৰীণ পৃথিৱীৰ এক অবিচ্ছেদ্য অংশ হৈ পৰিছিল। প্ৰতি মাহে মই দেশৰ জনসাধাৰণৰ হাজাৰ হাজাৰ বাৰ্তা পঢ়ো, প্ৰতি মাহে মই দেশবাসীৰ এটা বা আনটো আশ্চৰ্যকৰ বাৰ্তা জানিবলৈ পাওঁ। মই দেশবাসীৰ তপস্যা আৰু ত্যাগ দেখিছো আৰু অনুভৱ কৰিছো। মই আপোনালোকৰ পৰা দূৰত আছোঁ বুলি কেৱল অনুভৱ নকৰোঁ । মোৰ বাবে 'মন কী বাত' কোনো কাৰ্যসূচী নহয়, মোৰ বাবে ই বিশ্বাস, উপাসনা বা ব্ৰতৰ বিষয়। যিদৰে মানুহে ঈশ্বৰৰ উপাসনা কৰিবলৈ যায়, তেওঁলোকে লগত প্ৰসাদৰ থাল এখন লৈ আহে। মোৰ বাবে, 'মন কী বাত' জনতা-জনাৰ্দন, জনতাৰ ৰূপত ঈশ্বৰৰ চৰণৰ প্ৰসাদৰ থালৰ দৰে। 'মন কী বাত' মোৰ অস্তিত্বৰ এক আধ্যাত্মিক যাত্ৰা হৈ পৰিছে।

'মন কী বাত' হৈছে নিজৰ পৰা সমূহলৈ যাত্ৰা।

'মন কী বাত' মোৰ নিজৰ পৰা আমালৈ যোৱা এটা যাত্ৰা।

এয়া মই নহয়, কিন্তু আপোনালোক ইয়াৰ সংস্কাৰ সাধনা।

কল্পনা কৰক, আমাৰ কিছুসংখ্যক দেশবাসীয়ে ৪০বছৰ ধৰি নিৰ্জন পাহাৰ আৰু অনুৰ্বৰ ভূমিত গছপুলি ৰোপণ কৰি আহিছে, বহুলোকে ৩০ বছৰ ধৰি পানী সংৰক্ষণৰ বাবে ষ্টেপৱেল আৰু পুখুৰী খনন কৰি আহিছে, সেইবোৰ পৰিষ্কাৰ কৰি আছে। কিছুমানে ২৫-৩০ বছৰ ধৰি দুখীয়া শিশুসকলক শিক্ষাদান কৰি আহিছে, কিছুমানে দৰিদ্ৰ লোকসকলৰ চিকিৎসাত সহায় কৰি আহিছে। মন কী বাত'ত তেওঁলোকক বহুবাৰ উল্লেখ কৰোঁতে মই আৱেগিক হৈ পৰিছো। আকাশবাণীৰ বন্ধুসকলে ইয়াক বহুবাৰ পুনৰ ৰেকৰ্ড কৰিব লগীয়া হৈছিল। আজি, অতীতৰ বহুতো কথা মোৰ চকুৰ সন্মুখত আহিছে। দেশবাসীৰ এই প্ৰচেষ্টাই মোক নিৰন্তৰে কাৰ্য অব্যাহত ৰাখিবলৈ অনুপ্ৰাণিত কৰিছে ৷

বন্ধুসকল, আমি 'মন কী বাত'ত উল্লেখ কৰা লোকসকল হৈছে আমাৰ দেশৰ নায়ক যিয়ে এই কাৰ্যসূচীটো সজীৱ কৰি তুলিছে। আজি, যেতিয়া আমি শততম খণ্ডৰ মাইলৰ খুঁটিত উপনীত হৈছো, মই লগতে বিচাৰিছো যে আমি আকৌ এবাৰ এই সকলো নায়কৰ যাত্ৰাৰ বিষয়ে জানিবলৈ তেওঁলোকৰ ওচৰলৈ যাওঁ । আজি আমি কিছুমান সহকৰ্মীৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম। হাৰিয়ানাৰ ভাতৃ সুনীল জগলানে মোৰ সৈতে যোগাযোগ স্থাপন কৰিছে। সুনীল জগলানজীয়ে মোৰ মনত বিশেষ প্ৰভাৱ পেলাইছে কাৰণ হাৰিয়ানাত লিংগ অনুপাতৰ ওপৰত যথেষ্ট আলোচনা হৈছিল আৰু মই হাৰিয়ানাৰ পৰাই 'বেটি বচাও-বেটি পঢ়াও'ৰ প্ৰচাৰ আৰম্ভ কৰিছিলো। আৰু ইফালে যেতিয়া মই সুনীলজীৰ 'চেলফি উইথ ডটাৰ' অভিযানৰ বিষয়ে জানিব পাৰিছিলো, মই বৰ সুখী অনুভৱ কৰিছিলো। মই তেওঁৰ পৰাই শিকিছিলো আৰু ইয়াক 'মন কী বাত'ত অন্তৰ্ভুক্ত কৰিছিলো। মুহূৰ্ততে 'চেলফি উইথ ডটাৰ' গোলকীয় অভিযানলৈ ৰূপান্তৰিত হ'ল। আৰু ইয়াত বিষয়টো চেলফি বা প্ৰযুক্তি নাছিল,... কন্যা সন্তানক গুৰুত্ব দিয়া হৈছিল। এই অভিযানৰ জৰিয়তে জীৱনত এজনী কন্যা সন্তানৰ গুৰুত্বও সন্মুখলৈ আহিল। এনে বহুতো প্ৰচেষ্টাৰ ফলাফল স্বৰূপে আজি হাৰিয়ানাত লিংগ অনুপাত উন্নত হৈছে। আহক, সুনীলজীৰ সৈতে কথা পাতোঁ।

শ্ৰীযুত প্ৰধানমন্ত্ৰী - নমস্কাৰ সুনীলজী,

 

সুনীল- নমস্কাৰ ছাৰ, আপোনাৰ মাত শুনি মোৰ আনন্দ বাঢ়ি গৈছে মহোদয়।

 

প্ৰধানমন্ত্ৰী- সুনীলজী সকলোৱে 'চেলফি উইথ ডটাৰ'ৰ কথা মনত ৰাখিছে... এতিয়া পুনৰ আকৌ এবাৰ ইয়াক আলোচনা কৰাৰ সময়ত আপুনি কেনে অনুভৱ কৰিছে?

 

সুনীল – প্ৰধানমন্ত্ৰী মহোদয়, দৰাচলতে, আপুনি আমাৰ ৰাজ্য হাৰিয়ানাৰ কন্যাসকলৰ মুখলৈ হাঁহি আনিবলৈ আৰম্ভ কৰা পানীপথৰ চতুৰ্থখন যুদ্ধ, যাক সমগ্ৰ দেশে আপোনাৰ নেতৃত্বত জিকিবলৈ চেষ্টা কৰিছে, মোৰ বাবে, প্ৰতিজনী কন্যাৰ দেউতাক আৰু কন্যাক ভাল পোৱা সকলৰ বাবে সঁচাকৈয়ে গুৰুত্বপূৰ্ণ।

 

প্ৰধানমন্ত্ৰী- সুনীলজী, আপোনাৰ ছোৱালী এতিয়া কেনে আছে, তেওঁ আজিকালি কি কৰি আছে?

 

সুনীল- হয়, মোৰ ছোৱালী দুজনী হৈছে নন্দিনী আৰু য়াচিকা, এজনীয়ে ৭ম শ্ৰেণীত পঢ়ি আছে, আনজনীয়ে ৪র্থ শ্ৰেণীত পঢ়ি আছে আৰু দুয়োজনী আপোনাৰ ডাঙৰ অনুৰাগী। সিহঁতে আৰু সিহঁতৰ সহপাঠীসকলে আপোনালৈ ধন্যবাদ জনাই চিঠি লিখিছে ।

 

প্ৰধানমন্ত্ৰী – সুন্দৰ কথা! মোৰ হৈ আৰু মন কী বাতৰ শ্ৰোতাসকলৰ হৈ কন্যাদুজনীক বহুতো আশীৰ্বাদ দিছো।

 

সুনীল- আপোনাক অশেষ ধন্যবাদ। আপোনাৰ কাৰণে দেশৰ কন্যাসকলৰ মুখৰ হাঁহি নিৰন্তৰে বৃদ্ধি পাইছে।

 

প্ৰধানমন্ত্ৰী- অশেষ ধন্যবাদ সুনীলজী।

 

সুনীল- ধন্যবাদ ৷

 

এইটো মোৰ বাবে পৰিপূৰ্ণতাৰ বিষয় যে 'মন কী বাত'ত আমি দেশৰ নাৰী শক্তিৰ শ শ অনুপ্ৰেৰণাদায়ক কাহিনী উল্লেখ কৰিছো। আমাৰ সেনাই হওক বা ক্ৰীড়া জগত, যেতিয়াই মই মহিলাসকলৰ কৃতিত্বৰ বিষয়ে কথা পাতিছো, ইয়াক যথেষ্ট প্ৰশংসা কৰা হৈছে। যেনেকৈ আমি ছত্তীশগড়ৰ ডেউৰ গাঁৱৰ মহিলাসকলৰ বিষয়ে আলোচনা কৰিছিলো। এই মহিলাসকলে আত্মসহায়ক গোটৰ জৰিয়তে গাঁৱৰ ৰাস্তা আৰু মন্দিৰ পৰিষ্কাৰ কৰিবলৈ অভিযান চলায়। একেদৰে, দেশবাসীয়ে তামিলনাডুৰ জনজাতীয় মহিলাসকলৰ পৰাও যথেষ্ট অনুপ্ৰেৰণা লাভ কৰিছিল যিয়ে হাজাৰ হাজাৰ পৰিৱেশ-অনুকূল টেৰাকোটা কাপ ৰপ্তানি কৰিছিল। তামিলনাডুত, ভেলোৰৰ নাগ নদী পুনৰুজ্জীৱিত কৰিবলৈ ২০ হাজাৰ মহিলা একত্ৰিত হৈছিল। এনে ধৰণৰ বহুতো অভিযান আমাৰ নাৰী শক্তিৰ দ্বাৰা পৰিচালিত হৈছে আৰু 'মন কী বাত'য়ে তেওঁলোকৰ প্ৰচেষ্টাক আগুৱাই অনাৰ বাবে এক মঞ্চ হিচাপে কাম কৰিছে।

 

বন্ধুসকল, আমাৰ ফোন লাইনত আৰু এজন ভদ্ৰলোক জড়িত হৈছে। তেওঁৰ নাম মনজুৰ আহমেদ। 'মন কী বাত'ত, জম্মু আৰু কাশ্মীৰৰ পেঞ্চিল শ্লেটৰ বিষয়ে কোৱাৰ সময়ত মনজুৰ আহমেদজীৰ কথা উল্লেখ কৰা হৈছিল।

 

প্ৰধানমন্ত্ৰী – মনজুৰ জী, আপুনি কেনে আছে?

মনজুৰ জী - ধন্যবাদ মহোদয়... খুব ভাল।

প্ৰধানমন্ত্ৰী- মন তী বাতৰ এই শততম খণ্ডত আপোনাৰ সৈতে কথা পাতি বৰ আনন্দিত হৈছো।

মনজুৰ জী - ধন্যবাদ মহোদয়।

প্ৰধানমন্ত্ৰী- আচ্ছা, পেঞ্চিল-শ্লেটৰ কাম কেনে চলি আছে?

মনজুৰ জী – এই কাম খুব ভালদৰে চলি আছে মহোদয়। মন কী বাত কাৰ্যসূচীত আমাৰ মনৰ কথা উল্লেখ কৰাৰ পিছৰে পৰা মহোদয়, তেতিয়াৰ পৰা কাম যথেষ্ট বৃদ্ধি পাইছে আৰু এই কামত আনৰ বাবে নিযুক্তিও যথেষ্ট বৃদ্ধি পাইছে।

প্ৰধানমন্ত্ৰী- এতিয়া কিমান জন লোকে নিযুক্তি লাভ কৰিছে?

মনজুৰ জী - এতিয়া ২০০ত কৈও অধিক আছে...

প্ৰধানমন্ত্ৰী - সুন্দৰ! মই খুব সুখী হৈছো।

মনজুৰ জী – হয় মহোদয়... এতিয়া মই ইয়াক কেইমাহমানৰ ভিতৰত সম্প্ৰসাৰিত কৰিম ৷ তেতিয়া আৰু ২০০ জন লোকৰ বাবে নিযুক্তি বৃদ্ধি পাব মহোদয়।

প্ৰধানমন্ত্ৰী – আচ্ছা সুন্দৰ! মনজুৰ জী চাওক...

মনজুৰ জী - হয় মহোদয়...

প্ৰধানমন্ত্ৰী- মোৰ ভালদৰে মনত আছে আৰু সেইদিনা আপুনি মোক কৈছিল যে এইটো এনে এক কাম যাৰ কোনো পৰিচয় নাই, কোনো আত্ম-স্বীকৃতি নাই আৰু আপুনি যথেষ্ট হতাশ হৈছিল, ইয়াৰ বাবে আপুনি যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিল। কিন্তু এতিয়া স্বীকৃতি লাভ কৰিছে আৰু আপুনি ২০০তকৈও অধিক লোকক নিযুক্তি দি আছে।

মনজুৰ জী - হয় মহোদয়...

প্ৰধানমন্ত্ৰী- আৰু আপুনি আমাক নতুন সম্প্ৰসাৰণৰ খবৰ দিছে আৰু ২০০ জন নতুন লোকক নিযুক্তি দিয়াৰ আনন্দদায়ক বাতৰি দিছে।

মনজুৰ জী- আনকি মহোদয়, ইয়াৰ কৃষকসকল ইয়াৰ পৰা যথেষ্ট লাভান্বিত হৈছে। পূৰ্বে ২০০০ টকাত একোডাল গছ বিক্ৰী হৈছিল, এতিয়া একেডাল গছৰ দাম ৫০০০ হৈছে। তেতিয়াৰে পৰা ইয়াত চাহিদা যথেষ্ট বৃদ্ধি পাইছে... আৰু ই নিজৰ পৰিচয়ো লাভ কৰিছে। মহোদয়, মোৰ ওচৰত ইয়াৰ বাবে বহুতো অৰ্ডাৰ আছে, এতিয়া মই এক বা দুই মাহত আৰু অধিক সম্প্ৰসাৰিত কৰিম আৰু দুখনৰ পৰা চাৰিখন গাওঁ সামৰি ল'ম, ২০০ৰ পৰা ২৫০ জন ল'ৰা-ছোৱালী ল’ম যাতে তেওঁলোকে তেওঁলোকৰ জীৱিকা অব্যাহত ৰাখিব পাৰে মহোদয়।

প্ৰধানমন্ত্ৰী- মনজুৰ জী চাওক, লোকেলৰ বাবে ভোকেলৰ শক্তি কিমান প্ৰচণ্ড..., আপুনি ইয়াক প্ৰকাশ কৰিছে।

মনজুৰ জী - হয় মহোদয়।

প্ৰধানমন্ত্ৰী- আপোনালোক আৰু গাওঁখনৰ সকলো কৃষক তথা আপোনাৰ সৈতে কাম কৰা সকলো সহকৰ্মীলৈ অশেষ শুভকামনা থাকিল, ধন্যবাদ ভাই।

মনজুৰ জী - ধন্যবাদ মহোদয়।

বন্ধুসকল, আমাৰ দেশত এনে বহুতো প্ৰতিভাশালী লোক আছে যিয়ে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে সফলতাৰ শীৰ্ষত উপনীত হৈছে। মোৰ মনত আছে, বিশাখাপত্তনমৰ ভেংকট মুৰলী প্ৰসাদজীয়ে এখন আত্মনিৰ্ভৰ ভাৰত তালিকা প্ৰস্তুত কৰিছিল। তেওঁ আমাক কৈছিল যে তেওঁ কেনেকৈ কেৱল ভাৰতীয় সামগ্ৰীৰ সৰ্বাধিক ব্যৱহাৰ কৰিব। যেতিয়া বেতিয়াহৰ প্ৰমোদজীয়ে এলইডি বাল্ব তৈয়াৰ কৰিবলৈ এটা সৰু গোট স্থাপন কৰিছিল বা গড়মুক্তেশ্বৰৰ সন্তোষজীয়ে মেট বনাবলৈ আৰম্ভ কৰিছিল, 'মন কী বাত' তেওঁলোকৰ সামগ্ৰীবোৰ সকলোৰে সন্মুখত প্ৰস্তুত কৰাৰ এক মাধ্যম হৈ পৰিছিল। আমি 'মন কী বাত'ত মেক ইন ইণ্ডিয়াৰ পৰা মহাকাশ ষ্টাৰ্ট-আপলৈকে বহুতো কথা আলোচনা কৰিছো।

বন্ধুসকল, আপোনালোকৰ হয়তো মনত আছে যে কেইটামান খণ্ডৰ পূৰ্বে মই মণিপুৰৰ ভগ্নী বিজয়শান্তি দেৱীৰ বিষয়েও উল্লেখ কৰিছিলো। বিজয়শান্তিজীয়ে পদুমৰ আঁহৰ পৰা কাপোৰ তৈয়াৰ কৰে। তেওঁৰ এই অনন্য পৰিৱেশ-অনুকূল ধাৰণাটো 'মন কী বাত'ত আলোচনা কৰা হৈছিল আৰু তেওঁৰ কাম অধিক জনপ্ৰিয় হৈ পৰিছিল। আজি বিজয়শান্তিজী আমাৰ লগত ফোনত আছে।

প্ৰধানমন্ত্ৰীঃ- নমস্তে বিজয়শান্তিজী! আপোনাৰ ভাল নে?

বিজয়শান্তি জী :- মহোদয়, মই ভালে আছো।

প্ৰধানমন্ত্ৰী :- আৰু আপোনাৰ কাম কেনে চলি আছে?

বিজয়শান্তি জী :- মহোদয়, এতিয়াও মই ৩০ গৰাকী মহিলাৰ সৈতে কাম কৰি আছো

প্ৰধানমন্ত্ৰীঃ- ইমান কম সময়ৰ ভিতৰত আপুনি ৩০ জনীয়া দল গঠন কৰিছে!

বিজয়শান্তি জী :- হয় মহোদয়, এই বছৰতেই মোৰ এলেকাত ১০০গৰাকী মহিলাৰ সৈতে অধিক সম্প্ৰসাৰিত হ'ব

প্ৰধানমন্ত্ৰী :- গতিকে আপোনাৰ লক্ষ্য হৈছে ১০০গৰাকী মহিলা ৷

বিজয়শান্তি জী :- হয়! ১০০ গৰাকী মহিলা

প্ৰধানমন্ত্ৰী :- আৰু এতিয়া জনসাধাৰণ এই পদুমৰ আঁহৰ সৈতে পৰিচিত

বিজয়শান্তি জী :- হয় মহোদয়, সমগ্ৰ ভাৰততে 'মন কী বাত' কাৰ্যসূচীৰ পৰা ইয়াক সকলোৱে জনা হৈছে।

প্ৰধানমন্ত্ৰী :- গতিকে এতিয়া ই অতি জনপ্ৰিয়

বিজয়শান্তি জী :- হয় মহোদয়, প্ৰধানমন্ত্ৰীৰ 'মন কী বাত' কাৰ্যসূচীৰ পৰা সকলোৱে পদুম আঁহৰ বিষয়ে জানে

প্ৰধানমন্ত্ৰীঃ- তেন্তে এতিয়া আপুনি বজাৰখনো পাইছে?

বিজয়শান্তি জী :- হয়, মই আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰাও এখন বজাৰ লাভ কৰিছো, তেওঁলোকে বৃহৎ পৰিমাণে ক্ৰয় কৰিব বিচাৰে, কিন্তু মই এই বছৰৰ পৰাই আমেৰিকা যুক্তৰাষ্ট্ৰলৈ পঠিয়াব বিচাৰো।

প্ৰধানমন্ত্ৰী :- গতিকে, এতিয়া আপুনি এজন ৰপ্তানিকৰ্তা?

বিজয়শান্তি জী :- হয় মহোদয়, এই বছৰৰ পৰা মই ভাৰতত নিৰ্মিত আমাৰ সামগ্ৰী পদুম আঁহ ৰপ্তানি কৰিছো

প্ৰধানমন্ত্ৰী :- গতিকে, যেতিয়া মই ভোকেল ফৰ লোকেল বুলি কওঁ, এতিয়া লোকেল ফৰ গ্লোবেল বুলি ক’ব লাগিব

বিজয়শান্তি জী :- হয় মহোদয়, মই গোটেই পৃথিৱীত মোৰ সামগ্ৰী উপলব্ধ কৰিব বিচাৰো

প্ৰধানমন্ত্ৰী :- গতিকে অভিনন্দন আৰু আপোনাক শুভকামনা জনাইছো

বিজয়শান্তি জী :- ধন্যবাদ মহোদয়

প্ৰধানমন্ত্ৰীঃ- ধন্যবাদ, ধন্যবাদ বিজয়শান্তি

বিজয়শান্তি জী :- ধন্যবাদ মহোদয়

বন্ধুসকল, 'মন কী বাত'ৰ আন এটা বিশেষত্ব আছে। 'মন কী বাত'ৰ জৰিয়তে বহুতো গণ আন্দোলনৰ সৃষ্টি হৈছে আৰু গতি লাভ কৰিছে। উদাহৰণ স্বৰূপে, আমাৰ পুতলা উদ্যোগ পুনৰ প্ৰতিষ্ঠা কৰাৰ অভিযানটো 'মন কী বাত'ৰ সৈতে আৰম্ভ হৈছিল। ভাৰতীয় প্ৰজাতিৰ কুকুৰ, আমাৰ থলুৱা কুকুৰবোৰৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ আৰম্ভণিও কেৱল 'মন কী বাত'ৰেই আৰম্ভ কৰা হৈছিল। আমি আন এটা অভিযান আৰম্ভ কৰিছিলো যে আমি দৰিদ্ৰ ক্ষুদ্ৰ দোকানীসকলৰ সৈতে দৰদাম নকৰো,... আমি তেওঁলোকৰ সৈতে দৰদাম নকৰো। আনকি যেতিয়া 'হৰ ঘৰ তিৰংগা' অভিযান আৰম্ভ হৈছিল, 'মন কী বাত'য়ে দেশবাসীক এই সংকল্পৰ সৈতে সংযোগ কৰাত এক ডাঙৰ ভূমিকা পালন কৰিছিল। এনে প্ৰতিটো উদাহৰণ সমাজত পৰিৱৰ্তনৰ কাৰক হৈ পৰিছে। প্ৰদীপ চাংৱানজীয়েও সমাজক অনুপ্ৰাণিত কৰিবলৈ এনে কাম হাতত লৈছে। 'মন কী বাত'ত আমি প্ৰদীপ চাংৱানজীৰ 'হিলিং হিমালয়' অভিযানৰ বিষয়ে আলোচনা কৰিছিলো। তেওঁ ফোন লাইনত আমাৰ সৈতে আছে।

মোদীজী – প্ৰদীপ জী নমস্কাৰ!

প্ৰদীপ জী - মহোদয় জয় হিন্দ!

মোদীজী - জয় হিন্দ, জয় হিন্দ, ভাতৃ! আপোনাৰ ভাল নে?

প্ৰদীপ জী - বৰ ভাল মহোদয়। আপোনাৰ মাতটো শুনি আৰু ভাল লাগিছে।

মোদীজী - আপুনি হিমালয় আৰোগ্য কৰাৰ কথা ভাবিছিল।

প্ৰদীপ জী - হয় মহোদয়।

মোদীজী - লগতে এটা প্ৰচাৰ অভিযান আৰম্ভ কৰিছিল। আজিকালি আপোনাৰ প্ৰচাৰ কেনেকুৱা চলি আছে?

প্ৰদীপ জী - মহোদয় এইটো খুব ভালদৰে চলি আছে। ২০২০ চনৰ পৰা, কল্পনা কৰক যে আমি পাঁচ বছৰত যি পৰিমাণৰ কাম কৰিছিলো সেয়া এতিয়া এবছৰত কৰা হৈছে।

মোদীজী – এইটো বৰ ভাল কথা হৈছে!

প্ৰদীপ জী - হয়, হয়, মহোদয়। আৰম্ভণিতে, মই অতি শংকিত হৈ পৰিছিলো, মই খুব ভয় খাইছিলো যে মই গোটেই জীৱন এইটো কৰিব পাৰিম নে নোৱাৰোঁ, কিন্তু কিছু সমৰ্থন পাইছিলো আৰু ২০২০ চনলৈকে, আমি যথেষ্ট সততাৰে সংগ্ৰাম কৰি আছিলো। বহুতো লোকে যোগদান কৰা নাছিল..., এনে বহুতো লোক আছিল যি সমৰ্থন কৰিবলৈ সক্ষম হোৱা নাছিল। তেওঁলোকে আনকি আমাৰ প্ৰচাৰৰ প্ৰতিও ইমান মনোযোগ দিয়া নাছিল। কিন্তু ২০২০ চনৰ পিছত, যেতিয়া ইয়াক 'মন কী বাত'ত উল্লেখ কৰা হৈছিল, বহুতো পৰিৱৰ্তন হৈছিল। অৰ্থাৎ, আগতে আমি এবছৰত ৬-৭ টা ক্লিনিং ড্ৰাইভ বা ১০ টা ক্লিনিং ড্ৰাইভ কৰিছিলো। আজি, আমি বিভিন্ন স্থানৰ পৰা দৈনিক পাঁচ টন আৱৰ্জনা সংগ্ৰহ কৰোঁ।

মোদীজী- অতি সুন্দৰ!

প্ৰদীপজী - 'মন কী বাত'ত উল্লেখ কৰাৰ পিছত, বিশ্বাস কৰক মহাশয়, যে মই সেই সময়ত প্ৰায় এৰি দিয়াৰ পৰ্যায়ত আছিলো আৰু তাৰ পিছত মোৰ জীৱনলৈ যথেষ্ট পৰিৱৰ্তন আহিছিল আৰু তাৰ পিছত ই ইমান দ্ৰুত গতিত আগবাঢ়িছিল যিটো আমাৰ বোধগম্যতাৰ বাহিৰত আছিল। আপুনি আমাৰ দৰে মানুহক কেনেকৈ বিচাৰি উলিয়ায়, তাৰবাবে মই সঁচাকৈয়ে কৃতজ্ঞ। ইমান দূৰৱৰ্তী এলেকাত কোনে কাম কৰে, আমি হিমালয় অঞ্চলত বহি কাম কৰি আছো। আমি এই উচ্চতাত কাম কৰি আছো। আপুনি আমাক তাত পাইছিল। আপুনি আমাৰ কাম পৃথিৱীৰ সন্মুখলৈ আনিছিল। গতিকে তেতিয়াও আৰু আজিও এইটো মোৰ বাবে এক অতি আৱেগিক মুহূৰ্ত আছিল যে মই আমাৰ দেশৰ প্ৰধান সেৱকৰ সৈতে কথা পাতিবলৈ সক্ষম হৈছো। মোৰ বাবে ইয়াতকৈ বেছি ভাগ্যৱান একো হ'ব নোৱাৰে।

মোদীজী – প্ৰদীপজী! আপুনি হিমালয়ৰ শৃংগত প্ৰকৃত অৰ্থত সাধনা কৰি আছে আৰু মই নিশ্চিত যে এতিয়া আপোনাৰ নাম শুনি মানুহে মনত ৰাখিছে যে আপুনি কেনেদৰে পৰ্বতৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযানত জড়িত হৈ আছে।

প্ৰদীপ জী - হয় মহোদয়।

মোদীজী – আৰু আপুনি আমাক কোৱাৰ দৰে এতিয়া এটা বিশাল দল গঠন কৰা হৈছে আৰু আপুনি দৈনিক ইমান বৃহৎ পৰিমাণৰ কাম কৰি আছে।

প্ৰদীপ জী - হয় মহোদয়।

মোদীজী – আৰু মোৰ সম্পূৰ্ণ বিশ্বাস যে আপোনাৰ প্ৰচেষ্টা আৰু এই বিষয়ে আলোচনাৰ জৰিয়তে এতিয়া বহুতো পৰ্বতাৰোহীয়ে পৰিষ্কাৰ-পৰিচ্ছন্নতা সম্পৰ্কীয় ফটো পোষ্ট কৰা আৰম্ভ কৰিছে।

প্ৰদীপ জী - হয় মহোদয়! যথেষ্ট সংখ্যক।

মোদীজী – এইটো খুব ভাল কথা। আপোনাৰ দৰে বন্ধুবৰ্গৰ প্ৰচেষ্টাৰ জৰিয়তে, আৱৰ্জনাও এতিয়া মানুহৰ মনত এক স্থিৰ সম্পদ হৈ পৰিছে আৰু পৰিৱেশ এতিয়া সুৰক্ষিত হৈ পৰিছে  ৷ আমি গৌৰৱান্বিত যে হিমালয়ৰ যত্ন লোৱা হৈছে আৰু ইয়াক সংৰক্ষণ কৰা হৈছে... সাধাৰণ মানুহেও জড়িত হৈছে। প্ৰদীপজী মই এইটো খুব ভাল পাইছো। আপোনাক বহুত ধন্যবাদ ভাই।

প্ৰদীপ জী - ধন্যবাদ মহোদয় আপোনাক অশেষ ধন্যবাদ ৷ জয় হিন্দ ৷

বন্ধুসকল, আজি দেশত পৰ্যটন অতি দ্ৰুতগতিত বৃদ্ধি পাইছে। আমাৰ প্ৰাকৃতিক সম্পদেই হওক, নদী, পৰ্বত, পুখুৰী হওক বা আমাৰ তীৰ্থস্থানেই হওক, সেইবোৰ পৰিষ্কাৰ কৰি ৰখাটো অতি গুৰুত্বপূৰ্ণ। ই পৰ্যটন উদ্যোগক যথেষ্ট সহায় কৰিব। পৰ্যটনৰ ক্ষেত্ৰত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ লগতে আমি প্ৰায়ে অতুলনীয় ভাৰত আন্দোলনৰ বিষয়েও আলোচনা কৰিছো। এই আন্দোলনৰ জৰিয়তে প্ৰথমবাৰৰ বাবে মানুহে এনে ঠাইবোৰৰ বিষয়ে জানিব পাৰিছিল যিবোৰ কেৱল তেওঁলোকৰ চুবুৰীয়া অঞ্চলত আছিল। মই সদায় কওঁ যে পৰ্যটনৰ বাবে বিদেশলৈ যোৱাৰ আগতে আমি আমাৰ দেশৰ কমেও ১৫টা পৰ্যটনস্থলী ভ্ৰমণ কৰিব লাগিব আৰু এই গন্তব্যস্থানবোৰ আপুনি বাস কৰা ৰাজ্যৰ হ'ব নালাগে... সেইবোৰ আপোনাৰ ৰাজ্যৰ বাহিৰৰ আন যিকোনো ৰাজ্যৰ হ'ব লাগিব। একেদৰে, আমি নিৰন্তৰভাৱে ক্লীন ছিয়াচেন, এবাৰ ব্যৱহৃত প্লাষ্টিক আৰু ই-আৱৰ্জনাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ৰ বিষয়ে কথা পাতি আহিছো। আজি সমগ্ৰ বিশ্বৰ সৈতে সম্পৰ্কিত পাৰিপাৰ্শ্বিক সমস্যা সমাধানৰ ক্ষেত্ৰত 'মন কী বাত'ৰ এই প্ৰচেষ্টা অতি গুৰুত্বপূৰ্ণ।

বন্ধুসকল, এইবাৰ মই ইউনেস্কোৰ ডিজি অড্ৰে আজোলেৰ পৰা 'মন কী বাত' সন্দৰ্ভত আন এটা বিশেষ বাৰ্তা পাইছো। তেওঁ শততম খণ্ডৰ এই আশ্চৰ্যকৰ যাত্ৰাৰ বাবে সকলো দেশবাসীলৈ শুভেচ্ছা জনাইছে। লগতে, তেওঁ কিছুমান প্ৰশ্নও শুধিছে। প্ৰথমে আমি ইউনেস্কোৰ ডিজিৰ মন কী বাত শুনো আহক।

#Audio (ইউনেস্কো ডিজি) #

ডিজি ইউনেস্কোঃ ইউনেস্কোৰ হৈ শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ নমস্কাৰ, মহামান্য গৰাকীয়ে 'মন কী বাত' ৰেডিঅ' সম্প্ৰচাৰৰ শততম খণ্ডত জড়িত হোৱাৰ এই সুযোগ দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছো। ইউনেস্কো আৰু ভাৰতৰ এক দীঘলীয়া উমৈহতীয়া ইতিহাস আছে। আমাৰ নিৰ্দেশনাৰ সকলো ক্ষেত্ৰতে আমাৰ একত্ৰিতভাৱে যথেষ্ট শক্তিশালী অংশীদাৰীত্ব আছে - শিক্ষা, বিজ্ঞান, সংস্কৃতি আৰু তথ্য এই বিষয়সমূহত আৰু মই আজি এই সুযোগতে শিক্ষাৰ গুৰুত্বৰ বিষয়ে কথা পাতিব বিচাৰো। ইউনেস্কোৱে ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰ সৈতে কাম কৰি আছে যাতে ২০৩০ চনৰ ভিতৰত বিশ্বৰ সকলোৱে মানদণ্ডৰ শিক্ষা প্ৰাপ্ত কৰিব পাৰে। বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ সৈতে আপুনি অনুগ্ৰহ কৰি এই উদ্দেশ্যত উপনীত হোৱাৰ বাবে ভাৰতীয় উপায়সমূহ ব্যাখ্যা কৰিব পাৰিবনে? ইউনেস্কোৱে সংস্কৃতিক সমৰ্থন কৰা আৰু ঐতিহ্য সুৰক্ষিত কৰাৰ বাবেও কাম কৰে আৰু ভাৰতে এই বছৰ জি-২০ৰ অধ্যক্ষতা কৰি আছে। বিশ্বৰ নেতাসকলে এই অনুষ্ঠানটোৰ বাবে দিল্লীলৈ আহিব। মহামান্য, ভাৰতে সংস্কৃতি আৰু শিক্ষাক আন্তৰ্জাতিক কাৰ্যসূচীৰ শীৰ্ষত কেনেকৈ ৰাখিব বিচাৰে? এই সুযোগৰ বাবে মই আপোনাক আকৌ এবাৰ ধন্যবাদ জনাইছো আৰু ভাৰতৰ জনসাধাৰণক আপোনাৰ জৰিয়তে মোৰ শুভেচ্ছা জ্ঞাপন কৰিছো। সোনকালে দেখা হ'ম। অশেষ ধন্যবাদ।

মহামান্যৰ ধন্যবাদ। মই শততম 'মন কী বাত' কাৰ্যসূচীত আপোনাৰ সৈতে বাৰ্তালাপ কৰি সুখী হৈছো। মই সুখী কিয়নো আপুনি শিক্ষা আৰু সংস্কৃতিৰ গুৰুত্বপূৰ্ণ বিষয়বোৰ উত্থাপন কৰিছে।

বন্ধুসকল, ইউনেস্কোৰ ডিজিয়ে শিক্ষা আৰু সাংস্কৃতিক সংৰক্ষণ সম্পৰ্কে ভাৰতৰ প্ৰচেষ্টাৰ বিষয়ে জানিব বিচাৰিছে। এই দুয়োটা বিষয়েই 'মন কী বাত'ৰ প্ৰিয় বিষয় হৈ আহিছে।

শিক্ষা বা সংস্কৃতিৰ বিষয়েই হওক, ইয়াৰ সংৰক্ষণ বা প্ৰচাৰৰ বিষয়েই হওক, এইটো ভাৰতৰ এক প্ৰাচীন পৰম্পৰা হৈ আহিছে। দেশখনে আজি এই দিশত যি কাম কৰি আছে সেয়া সঁচাকৈয়ে প্ৰশংসনীয়। ৰাষ্ট্ৰীয় শিক্ষা নীতি হওক বা আঞ্চলিক ভাষাত অধ্যয়ন কৰাৰ বিকল্প হওক বা শিক্ষাৰ ক্ষেত্ৰত প্ৰযুক্তিৰ একত্ৰীকৰণেই হওক, আপোনালোকে এনে বহুতো প্ৰচেষ্টা লক্ষ্য কৰিব। বহু বছৰ আগতে, 'গুণোৎসৱ আৰু শালা প্ৰৱেশোৎসৱ'ৰ দৰে কাৰ্যসূচীবোৰ উন্নত শিক্ষা প্ৰদান আৰু ড্ৰপআউটৰ হাৰ হ্ৰাস কৰাৰ বাবে গুজৰাটত জনসাধাৰণৰ অংশগ্ৰহণৰ এক আশ্চৰ্যকৰ উদাহৰণ হৈ পৰিছিল। 'মন কী বাত'ত আমি এনে বহুলোকৰ প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰিছো যিসকলে নিস্বাৰ্থভাৱে শিক্ষাৰ বাবে কাম কৰি আছে। আপোনালোকৰ মনত থাকিব পাৰে, এবাৰ আমি ওড়িশাৰ এজন চাহ বিক্ৰেতা স্বৰ্গীয় ডি. প্ৰকাশ ৰাওৰ বিষয়ে আলোচনা কৰিছিলো যি দৰিদ্ৰ শিশুসকলক শিক্ষাদানৰ অভিযানত নিয়োজিত আছিল। ঝাৰখণ্ডৰ গাওঁবোৰত ডিজিটেল পুথিভঁৰাল পৰিচালনা কৰা সঞ্জয় কাশ্যপ হওক, হেমলতা এন.কে. যিয়ে ক’ভিডৰ সময়ত ই-লাৰ্ণিংৰ জৰিয়তে বহুতো শিশুক সহায় কৰিছিল। হয়, আমি 'মন কী বাত'ত এনে বহুতো শিক্ষকৰ উদাহৰণ উল্লেখ কৰিছো। আমি 'মন কী বাত'ত সাংস্কৃতিক সংৰক্ষণৰ প্ৰচেষ্টাকো নিয়মীয়া স্থান প্ৰদান কৰিছো।

লাক্ষাদ্বীপৰ কুমেল ব্ৰাদাৰ্ছ চেলেঞ্জাৰ্ছ ক্লাব হওক, বা কৰ্ণাটকৰ 'কুৱেমশ্ৰী' জীৰ 'কালা চেতনা'ৰ দৰে প্লেটফৰ্ম হওক, দেশৰ প্ৰতিটো প্ৰান্তৰ মানুহে মোক চিঠিৰ জৰিয়তে এনে উদাহৰণ প্ৰেৰণ কৰিছে। আমি দেশপ্ৰেমৰ ওপৰত গান, নিচুকনি গীত আৰু 'ৰংগোলী'ৰ সৈতে সম্পৰ্কিত তিনিটা প্ৰতিযোগিতাৰ বিষয়েও কথা পাতিছিলো। আপোনালোকৰ হয়তো মনত আছে, এবাৰ আমি সমগ্ৰ দেশৰ ষ্টৰী টেলাৰৰ সৈতে সাধু কোৱাৰ জৰিয়তে ভাৰতীয় শিক্ষাৰ প্ৰকাৰৰ বিষয়ে আলোচনা কৰিছিলো। মোৰ অটল বিশ্বাস যে আটাইতকৈ ডাঙৰ পৰিৱৰ্তনটো সামূহিক প্ৰচেষ্টাৰ দ্বাৰাহে আনিব পাৰি। এই বছৰ য'ত আমি আজাদী কা অমৃতকালৰ দিশত আগবাঢ়িছো, আমি জি-২০ৰ অধ্যক্ষতা কৰি আছো, শিক্ষাৰ লগতে বিভিন্ন গোলকীয় সংস্কৃতিক সমৃদ্ধ কৰাৰ আমাৰ সংকল্প শক্তিশালী হোৱাৰ এইটোও এটা কাৰণ।

মোৰ মৰমৰ দেশবাসীসকল, আমাৰ উপনিষদৰ এটা মন্ত্ৰই বহু শতাব্দী ধৰি আমাৰ সামূহিক চিন্তাধাৰাক অনুপ্ৰেৰণা যোগাই আহিছে।

চৰৈৱতী চৰৈৱতী চৰৈৱতী

আগবাঢ়ি যাওক - আগবাঢ়ি যাওক - আগবাঢ়ি যাওক

আজি আমি চৰৈৱতী চৰৈৱতীৰ একেই সত্বাৰ সৈতে 'মন কী বাত'ৰ শততম খণ্ডটো সম্পূৰ্ণ কৰিছো। ভাৰতৰ সামাজিক গাঁথনি শক্তিশালী কৰাৰ ক্ষেত্ৰত, 'মন কী বাত' হৈছে জপমালাৰ সূতাৰ দৰে য’ত প্ৰতিটো মণি একেলগে ধৰি ৰাখে। প্ৰতিটো খণ্ডতে দেশবাসীৰ সেৱা আৰু সামৰ্থ্যৰ মনোভাৱে আনক অনুপ্ৰাণিত কৰিছে। এই কাৰ্যসূচীত প্ৰতিজন দেশবাসী আন দেশবাসীৰ বাবে অনুপ্ৰেৰণা হৈ পৰে। এক প্ৰকাৰে, মন কী বাতৰ প্ৰতিটো খণ্ডই পৰৱৰ্তী খণ্ডৰ বাবে মঞ্চ প্ৰস্তুত কৰে। 'মন কী বাতে' সদায় সদিচ্ছা, সেৱা-মনোভাৱ আৰু কৰ্তব্যবোধৰ সৈতে আগবাঢ়ি আহিছে। এই ইতিবাচকতাই আজাদী কা অমৃতকালত দেশক আগুৱাই নিব...  এক নতুন উচ্চতালৈ লৈ যাব আৰু মই সুখী যে 'মন কী বাত'ৰ দ্বাৰা কৰা আৰম্ভণি আজি দেশত এক নতুন পৰম্পৰা হৈ পৰিছে। এক পৰম্পৰা য'ত আমি সকলোৰে প্ৰচেষ্টাৰ সত্বা দেখিছো।

বন্ধুসকল, আজি মই আকাশবাণীৰ কৰ্মচাৰীসকলকো ধন্যবাদ জনাইছো যিসকলে এই সমগ্ৰ কাৰ্যসূচীটো অতি ধৈৰ্য্যৰে ৰেকৰ্ড কৰে। মই অনুবাদকসকলৰ প্ৰতিও কৃতজ্ঞ, যিয়ে অতি কম সময়ৰ ভিতৰতে 'মন কী বাত'ক বিভিন্ন আঞ্চলিক ভাষালৈ অনুবাদ কৰে। মই দূৰদৰ্শন আৰু মাইগভৰ কৰ্মচাৰীসকলকো ধন্যবাদ জনাইছো। মই সকলো টিভি চেনেল, সমগ্ৰ দেশৰ ইলেক্ট্ৰনিক মাধ্যমৰ লোকসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো যিসকলে বাণিজ্যিক বিৰতি অবিহনে 'মন কী বাত' প্ৰদৰ্শন কৰে আৰু শেষত মই তেওঁলোকলৈও কৃতজ্ঞতা জ্ঞাপন কৰিম যিসকলে 'মন কী বাত'ৰ আৱৰণ প্ৰস্তুত কৰে- ভাৰতৰ জনসাধাৰণ, ভাৰতৰ ওপৰত বিশ্বাস থকা লোকসকলৰ প্ৰতি। এই সকলোবোৰ কেৱল আপোনালোকৰ অনুপ্ৰেৰণা আৰু শক্তিৰ বাবেহে সম্ভৱ হৈছে।

বন্ধুসকল, অৱশ্যে, আজি মোৰ বহুত কথা আছিল, কিন্তু সময় আৰু শব্দ দুয়োটাই কম হৈ আহিছে। কিন্তু মই নিশ্চিত যে আপোনালোক সকলোৱে মোৰ অভিব্যক্তি বুজি পাব, মোৰ অনুভূতি বুজি পাব। আপোনালোকৰ পৰিয়ালৰ এজন সদস্য হিচাপে, মই 'মন কী বাত'ৰ সহায়ত আপোনালোকৰ মাজত আছো, আপোনালোকৰ মাজত থাকিম। আমি অহা মাহত পুনৰ লগ পাম। আমি পুনৰ নতুন বিষয় আৰু নতুন তথ্যৰ সৈতে দেশবাসীৰ সফলতা উদযাপন কৰিম, তেতিয়ালৈকে মই আপোনালোকৰ পৰা বিদায় লৈছো। নিজৰ আৰু আপোনালোকৰ প্ৰিয়জনৰ যত্ন ল'ব।

নমস্কাৰ, আপোনালোকলৈ অশেষ ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Startup India recognises 2.07 lakh ventures, 21.9 lakh jobs created

Media Coverage

Startup India recognises 2.07 lakh ventures, 21.9 lakh jobs created
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi addresses a grand public rally in Guwahati, Assam
February 14, 2026
This year’s Budget places strong emphasis on making the North East economically self-reliant: PM Modi in Assam
Assam will continue to move ahead on the path of peace, security and rapid development: PM Modi
The Congress, frustrated after being out of power for ten years, wants to push Assam back into instability: PM’s strong jibe at the opposition
In 70 years of Congress rule, only 3 bridges were built over the Brahmaputra; in the last 10 to 11 years, BJP NDA has completed 5 major bridges: PM in Assam rally

PM Modi addressed a massive public rally in Guwahati, where he said the recent Union Budget has further strengthened the vision of the BJP-NDA for the development of Assam and the North East. Calling the North East “Ashtalakshmi,” he said the region was ignored for decades by Congress but is now being served with dedication.

He said this year’s Budget places strong emphasis on making the North East economically self-reliant. Assam will receive nearly fifty thousand crore rupees as its share of taxes this year, compared to only ten thousand crore rupees during the Congress era. He questioned whether a party that hesitated to give funds for Assam’s development could ever truly develop the state.

The Prime Minister said the Budget has further boosted connectivity in the region, noting that improved highways and road projects worth thousands of crores will expand employment and tourism. Referring to Pariksha Pe Charcha held aboard a cruise on the Brahmaputra, he said river tourism will be expanded further with provisions made in the Budget.

Highlighting a historic moment, PM Modi said the landing of an Air Force aircraft on a highway in Moran reflects Assam’s growing strength. He said there was a time when the North East was associated with broken roads, but today, highways are being built where even aircraft can land. He credited the BJP government in Assam and the spirit of “Mera Booth Sabse Majboot” for this transformation. He urged workers to safeguard every vote at every booth.

On national security, the PM said the new emergency landing strip symbolises a New India that is fully prepared to defend itself. Paying tribute to the brave soldiers martyred in the Pulwama attack, he said the world has seen how India responds firmly to terrorism. He stated that Congress never prioritised national security and kept the North East in fear and instability.

Contrasting development under BJP and Congress, PM Modi said that in seventy years of Congress rule, only three bridges were built over the Brahmaputra. In the last ten to eleven years, BJP-NDA has completed five major bridges. He said Congress gave Assam problems while BJP delivered solutions. He added that several more bridges are under construction, which will accelerate growth across Assam and the North East.

PM Modi said that the BJP ensures that every major national initiative benefits Assam and the North East simultaneously. Assam was connected early to Vande Bharat trains and recently became the starting point of the country’s first Vande Bharat sleeper train. He said Assam is emerging as a growth engine in the semiconductor sector.

On digital connectivity, he said, while Congress failed to expand 3G and 4G effectively to the region, the BJP ensured 5G reached villages across Assam and the North East through a saturation approach. Guwahati youth are now benefiting from high-speed internet, and the new NIC Data Centre will create further opportunities.

In healthcare, PM Modi said that in 2014, India had only six AIIMS, but today there are more than twenty, including AIIMS Guwahati. Several medical colleges and cancer hospitals have also been established in Assam. He announced approval of the PM Relief Scheme.

He highlighted the expansion of higher education institutions such as IIM Palashbari, the modernisation of IIT Guwahati, and the establishment of IARI in Assam, which will create new technology leaders.

Speaking about peace and stability, PM Modi said Congress kept Assam disturbed for decades with violence, blockades and unrest. He said the BJP NDA has restored peace, with several groups, including Bodo, Karbi, Adivasi, DNLA and ULFA, choosing the path of the Constitution over violence. He warned that Congress, frustrated after being out of power for ten years, wants to push Assam back into instability and hand it over to infiltrators. He said the people must remain alert and protect Assam’s identity.

Concluding his address, PM Modi thanked the people of Assam for their continued trust and said with Modi ki Guarantee and a strong BJP NDA government, Assam will continue to move ahead on the path of peace, security and rapid development.