PM-CARES Fund to procurement 1,50,000 units of Oxycare System at a cost of Rs 322.5 Crore.
Comprehensive system developed by DRDO to regulate oxygen being administrated to patients based on the sensed values of their SpO2 levels.
DRDO has transferred the technology to multiple industries in India who will be producing the Oxycare Systems for use all across India.
Oxycare system reduces the work load and exposure of healthcare providers by eliminating the need of routine measurement and manual adjustments of Oxygen flow

পিএম-কেয়াৰ্ছ ফাণ্ডৰ পৰা ১,৫০,০০০ইউনিট অক্সিকেয়াৰ প্ৰণালী ক্ৰয়ৰ বাবে ৩২২.৫ কোটি টকা অনুমোদন জনোৱা হৈছে। এইটো ডিআৰডিঅ’ৰ দ্বাৰা বিকশিত এক বিস্তৃত প্ৰণালী। অক্সিকেয়াৰ হৈছে SpO2-ভিত্তিক অক্সিজেন সৰবৰাহ ব্যৱস্থাপনা। ৰোগীৰ শৰীৰত SpO2ৰ মাত্ৰা নিৰ্ধাৰণ কৰি এই ব্যৱস্থাপনাৰ জৰিয়তে অক্সিজেন সৰবৰাহ কৰা হয়।

দুইধৰণৰ অক্সিকেয়াৰ পোৱা যায়। মৌলিক সংস্কৰণটোত আছে ১০ লিটাৰৰ অক্সিজেন চিলিণ্ডাৰ, এটা প্ৰেচাৰ ৰেগুলেটৰ তথা ফ্ল’ কণ্ট্ৰ’লাৰ, এটা হিউমিডিফায়াৰ আৰু এটা নাকৰ কেনুলা সম্বলিত যিবোৰ অক্সিকেয়াৰ হস্তচালিত, সেইসমূহত অক্সিজেনৰ প্ৰবাহ SpO2-ৰ মাত্ৰা অনুযায়ী নিয়ন্ত্ৰণ কৰা হয়।

স্বয়ংক্ৰিয় অক্সিকেয়াৰৰ ক্ষেত্ৰত অক্সিজেন চিলিণ্ডাৰৰ সৈতে এটি বৈদ্যুতিক নিয়ন্ত্ৰণ ব্যৱস্থা জড়িত হৈ থাকে। ইয়াৰ সহায়ত শৰীৰত অক্সিজেনৰ মাত্ৰা অনুযায়ী সেয়া দিয়া হয়।

ৰোগীৰ SpO2ৰ মাত্ৰাৰ ওপৰত ভিত্তি কৰি SpO2 ভিত্তিক অক্সিজেন নিয়ন্ত্ৰণ ব্যৱস্থাৰ সৰ্বোচ্চ প্ৰয়োগ কৰা হয়। পোৰ্টেবল অক্সিজেন চিলিণ্ডাৰত এই ব্যৱস্থাপনা প্ৰয়োগৰ ফলত ৰোগীৰ সুবিধা হয়। স্বাস্থ্যকৰ্মীসকলে SpO2ৰ মাত্ৰা সময়ে সময়ে জুখি নিব পাৰে, কাৰণ এই বিষয়ক যাৱতীয় তথ্য অক্সিকেয়াৰৰ ডিচপ্লে ব’ৰ্ডত দেখা যায়। ইয়াৰ ফলত অক্সিজেনৰ সৰবৰাহ নিয়ন্ত্ৰণ কৰাৰ বাবে হস্তচালিত ব্যৱস্থাপনাৰ প্ৰয়োজন নহয়। বৈদ্যুতিক এই পদ্ধতিত টেলিফোনৰ জৰিয়তে পৰামৰ্শ প্ৰদান কৰা সম্ভৱ। শৰীৰত SpO2 হ্ৰাস পালে অক্সিমিটাৰৰ পৰা এটি শব্দই সংশ্লিষ্ট সকলোকে সতৰ্ক কৰি দিয়ে। এই অক্সিকেয়াৰ ব্যৱস্থাপনাটি ঘৰ, কোৱাৰেণ্টাইন চেণ্টাৰ, কোভিড কেয়াৰ চেণ্টাৰ আৰু হাস্পতালত ব্যৱহাৰ কৰা হয়।

অক্সিকেয়াৰ প্ৰণালীৰ সৈতে নন-ৰিব্ৰেথাৰ মাস্ক (এনআৰএম) একত্ৰিত কৰা হয় কাৰণ এইধৰণৰ মাস্ক পৰিধান কৰিলে ৩০-৪০% অক্সিজেন সঞ্চয় হয়।

ডিআৰডিঅ’-এ প্ৰযুক্তিটো ভাৰতৰ একাধিক উদ্যোগলৈ হস্তান্তৰ কৰিছে যিয়ে সমগ্ৰ ভাৰতত ব্যৱহাৰৰ বাবে অক্সিকেয়াৰ প্ৰণালী প্ৰস্তুত কৰিব।

বৰ্তমানৰ চিকিৎসা ব্যৱস্থাই সকলো গুৰুতৰভাৱে আক্ৰান্ত আৰু যিসকলৰ জীৱনৰ আশংকা আছে তেনে কোভিড-১৯ ৰোগীৰ বাবে অক্সিজেন থেৰাপীৰ পৰামৰ্শ দিয়ে। অক্সিজেন উৎপাদন, পৰিবহন আৰু সঞ্চয়ৰ সকলো তথ্য অক্সিকেয়াৰত লাভ কৰাৰ ফলত এইধৰণৰ চিলিণ্ডাৰ কাৰ্যকৰী প্ৰমাণিত হৈছে।দেশত বৰ্তমান কোভিড মহামাৰীৰ পৰিস্থিতিৰ বাবে বহু ব্যক্তিক অক্সিজেন থেৰাপীৰ প্ৰয়োজন হৈছে। যিহেতু সকলো অক্সিজেন উৎপাদক কাৰখানাত সৰ্বাধিক ক্ষমতাত অক্সিজেন উৎপাদন হৈ আছে, এনে পৰিস্থিতত এটা মাত্ৰ ব্যৱস্থাৰ জৰিয়তে বহু ব্যক্তিৰ ওচৰত অক্সিজেন উপলব্ধ কৰাটো বাস্তৱসন্মত নহয়। সেয়ে বিভিন্ন ব্যৱস্থাপনা প্ৰয়োগ কৰিলে ই অধিক কাৰ্যকৰী হ’ব। দেশত কাৰ্বন-মেংগানিজ ষ্টীল চিলিণ্ডাৰৰ উৎপাদন ক্ষমতা সীমিত হোৱাত বিকল্প চিলিণ্ডাৰৰ প্ৰয়োজনে দেখা দিছে। সাধাৰণ অক্সিজেন চিলিণ্ডাৰৰ পৰিৱৰ্তে ডিআৰডিঅ’-ই পাতল ধাতুৰ বহনযোগ্য চিলিণ্ডাৰ উদ্ভাৱন কৰিছে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s GDP To Grow 7% In FY26: Crisil Revises Growth Forecast Upward

Media Coverage

India’s GDP To Grow 7% In FY26: Crisil Revises Growth Forecast Upward
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 16 ডিচেম্বৰ 2025
December 16, 2025

Global Respect and Self-Reliant Strides: The Modi Effect in Jordan and Beyond